Logo
image

আজি অলিম্পিক আৰম্ভ লাভলীনা প্ৰি-কোৱাৰ্টাৰত

আমাৰ অসম, ২৩ জুলাইঃ অন্তহীন উৎকণ্ঠা আৰু উদ্বেগ৷ খোজে প্ৰতি প্ৰত্যাহ্বান৷ অনিশ্চয়তা৷ কিন্তু এনে এক পৰিৱেশৰ মাজতো আশাৰ চাকি জ্বলাই টকিঅ’ অলিম্পিক ২০২০ আয়োজনৰ অন্তিম ক্ষণত উপস্থিত হৈছে জাপান৷ মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই টকিঅ’ত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’৷ বিভিন্ন বাধা নিষেধ, ক’ভিডে সৃষ্টি কৰা জিটলতাৰ মাজেত ভাইৰাছৰ বিৰুদ্ধে মানুহৰ শক্তি আৰু সামৰ্থৰ জয় গান গাবলৈ সাজু টকিঅ’৷ ভাৰতীয় সময় মতে শুকুৰবাৰে বিয়লি ৪.৩০ মিনিটত অলিম্পিক ষ্টেডিয়ামত আৰম্ভ হ’ব টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান৷ টকিঅ’ অলিম্পিকত অসমৰ একমাত্ৰ খেলুৱৈ হিচাবে ভাৰতীয় দলৰ হৈ প্ৰতিদ্বন্দ্বিতাত নামিব বক্সাৰ লাভলীনা বৰগোহাঁই৷ স্বাভাৱিকতেই লাভলীনাক লৈ সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে বিশেষ পৰিৱেশৰ৷ অসম কন্যাই সগৌৰৱ প্ৰাপ্তিৰে  কঢ়িয়াই আনক অলিম্পিক পদক৷ টকিঅ’ত লাভলীনাই ৰচনা কৰক ইতিহাসৰ–এয়াই আশা ৰাজ্যখনৰ প্ৰতি গৰাকী ক্ৰীড়ানুৰাগী ব্যক্তিৰ৷ ক’ভিডৰ বাবেই এবছৰ স্থগিত হোৱাৰ পাছত অলিম্পিক আয়োজনৰ বাবে আগবাঢ়িছে জাপান৷ দেশখনত  ক’ভিডে সৃষ্টি কৰিছে উদ্বেগজনক পৰিৱেশৰ৷ জাপানৰ সাধাৰণ জনতাৰ অধিকাংশই অলিম্পিক আয়োজনৰ বিৰোধী৷ তেওঁলোকৰ মনত শংকা হৈছে অলিম্পিকৰ আয়োজনে দ্ৰুত কৰিব ক’ভিডৰ সংক্ৰমণ৷ জনতাৰ সমৰ্থনৰ অভাৱৰ বাবেই টয়টাৰ দৰে বিখ্যাত কোম্পানী আঁতৰি গৈছে অলিম্পিক সম্পৰ্কীয় টিভি  কমাৰ্চিয়েলৰ পৰা৷ আন ডাঙৰ ডাঙৰ কোম্পানীবোৰেও তেওঁলোকৰ ধাৰাবাহিক সমৰ্থন কিমান সময়লৈ আগবঢ়াই থাকিব তাৰ নিশ্চয়তা নাই৷ কিন্তু এনে বহুবোৰ প্ৰতিবন্ধকতা অতিক্ৰমী ক্ৰীড়া মহোৎসৱখন আয়োজনৰ অন্তিম ক্ষণত উপস্থিত হৈছে টকিঅ’ অলিম্পিকৰ আয়োজকসকল৷ ইয়াৰ মাজতেই অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ সঞ্চালক কেণ্টাৰো ক’বায়াশ্বিক বৰ্খাস্ত কৰা হৈছে৷ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে পুৰণা এটা ভিডিঅ’ ভাইৰেল হৈ পৰে৷ ভিডিঅ’টোত দেখা গৈছে হত্যাকাণ্ডক লৈ বিদ্ৰুপ কৰিছে ক’বায়াশ্বিকে৷ ভিডিঅ’টো ১৯৯৮ চনৰ বুলি দাবী কৰা হৈছে৷ টকিঅ’ অলিম্পিকৰ প্ৰধান ছেইকো হাছিমটোৱে প্ৰকাশ কৰা মতে এটা দুখজনক ঘটনাক লৈ বিদ্ৰুপ কৰাৰ বাবেই ক’বায়াশ্বিক বৰ্খাস্ত কৰা হয়৷
জাপানৰ সংস্কৃতি আৰু ইতিহাস প্ৰতিফলিত হ’বলগা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব সীমিত সংখ্যক লোকহে৷ বৰ্ণিল বিষয়বস্তু উপস্থাপন হ’ব শৈল্পিক ৰূপত৷ ইয়াৰ অধিক অনুষ্ঠানেই অৱশ্যে আগতেই ৰেকৰ্ড কৰা৷ সামাজিক দূৰত্ব মানি চলি পোনপটীয়া অনুষ্ঠানো উপস্থাপন কৰা হ’ব৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি টকিঅ’ অলিম্পিক ২০২০ উদ্বোধন কৰিব জাপানৰ সম্ৰাট নাৰুহিটোৱে৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব প্ৰায় ৯৫০ জন ব্যক্তি৷ এইসকল লোকৰ ভিতৰত থাকিব অফিচিয়েল আৰু সাংবাদিকো৷ কোনো সধাৰণ দৰ্শক উপস্থিত থাকিব নোৱাৰিব উদ্বোধনী অনুষ্ঠানত৷ শুকুৰবাৰৰ উদ্বোধনী অনুষ্ঠানত ২০তকৈ অধিক ভাৰতীয় এথলীট উপস্থিত নাথাকে৷ ছজন কৰ্মকৰ্তাসহ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলৰ সদস্য সংখ্য প্ৰায় ২৬ হোৱাৰ সম্ভাৱনা আছে৷ যিসকল ভাৰতীয় খেলুৱৈৰ ২৪ জুলাইত খেল আছে তেওঁলোকক উদ্বোধনী অনুষ্ঠানৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে৷ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলৰ পতাকা বহন কৰিব বক্সাৰ এম চি মেৰী কম আৰু হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙে৷ ‘ম’ভিং ফৰৱাৰ্ডঃ ইউনাইটেড বাই ইম’ছ’ন’–এয়া হৈছে টকিঅ’ অলিম্পিকৰ থীম৷ ক’ভিডে সৃষ্টি কৰা কঠিন পৰিৱেশত সকলো প্ৰতিকূলতা অতিক্ৰমী আগুৱাই যোৱাটোৱে লক্ষ্য টকিঅ’ অলিম্পিকৰ৷ অনাগত দিন কেইটাত নিশ্চয় বহু অভিলেখৰ ভঙা-পতা হ’ব টকিঅ’ত৷  ৰচনা হ’ব নতুন ইতিহাসৰ৷ স্বমহিমাৰে খিতাপ জিনি বিশ্ব ক্ৰীড়াংগনত চিনাকি নাম হৈ পৰিব কোনো অখ্যাত খেলুৱৈ৷
প্ৰথম ৰাউণ্ডত বাই লাভ লাভলীনাৰ
নেখেলাকৈয়ে টকিঅ’ অলিম্পিকৰ পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে  ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ লাভলীনা বৰগোঁহায়ে [৬৯ কেজি]৷ লাভলীনাসহ চাৰি ভাৰতীয় বক্সাৰে বাই লাভ কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ প্ৰি-কোৱাৰ্টাৰত লাভলীনা সন্মুখীন হ’ব জাৰ্মানীৰ নেডাইন আপেৎজৰ৷ জাৰ্মানীৰ বক্সাৰগৰাকীৰ বিৰুদ্ধে লাভলীনাই যুঁজিব ২৭ জুলাইত৷ পদক নিশ্চিত কৰিবলৈ কমপক্ষেও ছেমিফাইনেলত উপনীত হ’ব লাগিব লাভলীনা৷ শীৰ্ষ বাছনিৰ খেলুৱৈ ভাৰতৰ অমিত পাংগালেও [৫২ কেজি] প্ৰথম ৰাউণ্ডত বাই লাভ কৰিছে৷ বৃহস্পতিবাৰে ঘোষণা কৰা ড্ৰ অনুসৰি ভাৰতৰ সতীশ কুমাৰ [৯১ কেজি ঊধবৰ্] আৰু ছিমৰণজিৎ কৌৰেও [৬০ কেজি] প্ৰথম ৰাউণ্ডত বাই লাভ কৰিছে৷