Logo
image

‘কা’ আন্দোলনৰ বাবেই চলিছিল পেগাছাছৰ নজৰদাৰী

আমাৰ অসম, ২৩ জুলাইঃ ‘কা’বিৰোধী আন্দোলনৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰনেতাৰ ওপৰত পেগাছাছৰ নজৰদাৰী চলিছে৷ ‘কা’বিৰোধী আন্দোলন মষীমূৰ কৰিবলৈ পেগাছাছৰ জৰিয়তে চকু ৰাখিছে নৰেন্দ্ৰ মোদী চৰকাৰে৷ আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই অসম তথা উত্তৰ পূৰ্বাঞ্চলত ‘কা’বিৰোধী আন্দোলনৰ নেতৃত্ব দিয়া বাবে তেওঁৰ ওপৰত তীক্ষ্ণ নজৰ দিছে কেন্দ্ৰীয় চৰকাৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা হিচাপে দীৰ্ঘদিন ধৰি দায়িত্ব পালন কৰি থকা সমুজ্জ্বল ভট্টাচাৰ্যৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ সংঘাত দীৰ্ঘদিনীয়া৷ শেহতীয়াভাৱে ‘কা’বিৰোধী আন্দোলনত তেওঁ বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে মুৰৰ কামোৰণি হৈ পৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে ডঃ সমুজ্জ্বল ভট্টাচাৰ্যৰ ওপৰত পেগাছাছৰ নজৰদাৰী চলা বুলি গৃহ মন্ত্ৰণালয়ৰ এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্য, আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতীয়া তথা দিল্লীত থকা মণিপুৰৰ লেখক মাহেম নিংথৌজাৰ ফোন কলো পেগাছাছৰ জৰিয়তে ৰেকৰ্ডিং কৰা হৈছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰিত প্ৰকাশ পাইছে৷ অসমৰ ছাত্ৰ নেতা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য আৰু বিদ্ৰোহী সংগঠন আলফাৰ প্ৰাক্তন নেতা অনুপ চেতিয়াৰ ওপৰত ইজৰাইলী চোৰাংচোৱা ব্যৱস্থা পেগাছাছৰ জৰিয়তে নৰেন্দ্ৰ মোদী চৰকাৰে টেলিফোন বাৰ্তালাপ ৰেকৰ্ড কৰি নজৰদাৰী চলোৱা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ লগে লগে হাহাকাৰ লাগিছে অসমহসহ উত্তৰ-পূৰ্বাঞ্চলত৷ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য আৰু প্ৰাক্তন আলফা নেতা অনুপ চেতিয়ায়ো এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– ‘আমাৰ ওপৰত নজৰদাৰিত্ব চলোৱাৰ বাতৰিটো দেখি মই স্তম্ভিত৷ বাতৰিটো অত্যন্ত আশ্চৰ্যজনক৷ ইজৰাইল এখন বিদেশী ৰাষ্ট্ৰ৷ বিদেশী ৰাষ্ট্ৰ এখনে ভাৰত চৰকাৰৰ অনুমতি লৈ ভাৰতৰ নাগৰিকৰ ফোন টেপিং কৰিব আৰু চোৰাংচোৱাগিৰি কৰিব এই কথাটোৱে দেশৰ গণতন্ত্ৰক হত্যা কৰিছে৷ ব্যক্তি স্বাধীনতা হৰণ কৰিছে৷ সংবিধান উলংঘা কৰিছে৷ এয়া এটা ফেচিষ্ট আৰু ভয়ংকৰ কথা৷ যদি ভাৰত চৰকাৰে নজনাকৈ ঘটনাটো সংঘটিত হৈছে তেতিয়াহ’লে তাতোকৈ ভয়ংকৰ কথা৷ তেতিয়া হ’লে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতীৰক্ষামন্ত্ৰী সকলোৰে কাৰ্যালয়ৰ কথা বা দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ কথা সকলো গম পাই যাব৷ এয়া দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতাৰ প্ৰতি ভাবুকি৷ দেশৰ প্ৰতি ভাবুকি৷ এই দুয়োটা কথাই দেশৰ বাবে অপকাৰী৷ যদি ভাৰত চৰকাৰৰ অনুমতি মৰ্মে ভাৰতৰ নাগৰিকৰ ফোন টেপিং আৰু চোৰাংচোৱাগিৰি কৰিছে সেয়া দেশ বিৰোধী কাম৷ চৰকাৰে নজনাকৈ হ’লেও সেয়া দেশ বিৰোধী কাম৷ দুয়োটা কথাৰ কোনোবা এটা সত্য৷ সত্যটো কি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ৰাইজৰ পতিয়নযোগ্যভাৱে ক’ব লাগে৷ অসম, উত্তৰ-পূৰ্বাঞ্চল বা দেশৰ নাগৰিকে এই দেশবিৰোধী কাৰ্যৰ বিৰুদ্ধে বিৰোধিতা কৰি যাব৷ আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰি যাম৷ দ্বিতীয় কথা হৈছে আমি ফোনত যিবোৰ কথা পাতো সেইবোৰ স্বচ্ছ কথা৷ ফোনত পতা কথাবোৰ আমি ৰাইজক কও, সংবাদ মাধ্যমত কও৷ আমাৰ অভিভাৱক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যাৰ কাৰণে আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে একেলগে কাম কৰি আছোঁ৷ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নেছ’ৱে কাম কৰি আছে৷ মূল বিষয়টো হ’ল অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজন৷ এই প্ৰব্ৰজনৰ ফলত খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ প্ৰতি ভাবুকি আহিছে৷ অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে অসম আন্দোলন হৈছিল৷ ৮৬০গৰাকী শ্বহীদ হৈছে এই ঐতিহাসিক আন্দোলনত৷ ৰাইজে ত্যাগ কৰিছে৷ তাৰ ফলশ্ৰুতিত অসম চুক্তি হ’ল৷ চুক্তিখন কাৰ্যকৰী নকৰা বাবে সমস্যাৰ ভয়াৱহতা বাঢ়িল৷ চুক্তি ৰূপায়ন নকৰা কাৰণে বিদেশী সমস্যা বাঢ়িল আৰু শেহতীয়াভাৱে আমাৰ ওপৰত ‘কা’ জাপি দিলে৷ এইখন যিহেতু সাম্প্ৰদায়িক, অসাংবিধানিক, অসম চুক্তিবিৰোধী, খিলঞ্জীয়াবিৰোধী, উত্তৰ-পূৰ্বাঞ্চলবিৰোধী গতিকে অসমকেন্দ্ৰিক আৰু উত্তৰ-পূৰ্বাঞ্চলকেন্দ্ৰিক আন্দোলন চলিছে৷ ইয়াত আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠন আছে৷ এইকেইটা সংগঠনে অসমত আৰু নেছ’ৱে উত্তৰ-পূৰ্বাঞ্চলত ‘কা’ৰ বিৰুদ্ধে আন্দোলন চলাইছিল৷ অহিংসভাৱে চলাইছিল আন্দোলন৷ তাৰ মাজতে অসম চুক্তিৰ ৬নং দফাৰ কথা ক’লে৷ মূল কথাটো অসম চুক্তি৷ ৬নং দফাৰ কাৰ্যকৰীকৰণৰ বাবে কমিটী গঠন কৰিলে৷ কমিটীয়ে নিৰ্ধাৰিত সময়ত প্ৰতিবেদন দিলে৷ প্ৰতিবেদনখন এবছৰেও কাৰ্যকৰী কৰা নাই৷ দাড়ি-কমা সলনি নকৰাকৈ কাৰ্যকৰী কৰিম বুলি কৈছিল৷ কাৰ্যকৰী নকৰা বাবে দাবী-আন্দোলন হৈছে৷ গতিকে টেলিফোন টেপিং কৰি আমাৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত খিলঞ্জীয়াৰ প্ৰভূত্ব থাকিব লাগিব৷ খিলঞ্জীয়াৰ সৰ্বকালৰ কাৰণে নিৰ্ণায়ক ভূমিকা থাকিব লাগিব৷ তাৰ কাৰণে চলি থাকিব অহিংস সংগ্ৰাম৷ ‘কা’ৰ ক্ষেত্ৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত আন্দোলনৰ পন্থা দেশৰ আন ঠাইতকৈ বেলেগ৷ বিষয়টোও আমাৰ বেলেগ৷ বিষয়টো বেলেগ কাৰণে উচ্ছতম ন্যায়ালয়ে ‘কা’ সন্দৰ্ভত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কাৰণে বেলেগকৈ শুনানি লোৱাৰ কথা কৈছে৷ অৰ্থাৎ আমি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ বাবে অহিংসভাৱে আন্দোলন কৰি আহিছোঁ৷ এতিয়া আমাৰ টেলিফোন টেপিং কৰি বা চোৰাংচোৱাগিৰি কৰি যদি ভয় খুৱাব খোজে ভয় নাখাও৷ টেলিফোন টেপিঙৰ জৰিয়তে যদি ভাবিছে অসম তথা উত্তৰ-পূৰ্বাঞ্চৰ খিলঞ্জীয়া লোকৰ অহিংস আৰু প্ৰতিবাদী সত্তাক স্তব্ধ কৰিব পাৰিব বুলি তেওঁলোকে ভুল ভাবিছে৷ এই অহিংস প্ৰতিবাদী সত্তাক স্তব্ধ কৰিব নোৱাৰে৷ ইফালে, আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– মই কোনো ৰাষ্ট্ৰদ্ৰোহী কাম কৰা নাই৷ অসমৰ ৰাইজৰ বাবে মাত মাতি আহিছোঁ৷ ৰাইজৰ হৈ মাত মাতি যাম৷ কোনো ফোন টেপিঙে আমাৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে৷