দেৱাংগনাৰ জামিনৰ বিৰুদ্ধে ছুপ্ৰিম ক’ৰ্টত দিল্লী আৰক্ষী
আমাৰ অসম, ২৩ জুলাইঃ ‘কা’-বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰি মোদী চৰকাৰৰ ৰোষৰ সন্মুখীন হোৱা অসম তনয়া দেৱাংগনা কলিতাই লাভ কৰা জামিনৰ বিৰুদ্ধে পুনৰ উচ্ছতম ন্যায়ালয়ৰ কাষ চাপিছে দিল্লী আৰক্ষীয়ে৷ পিছে দিল্লী আৰক্ষীৰ এই চেষ্টাত একপ্ৰকাৰ চেঁচাপানী ঢালি দিছে ন্যায়ালয়ে৷ ন্যায়াধীশ এছ কে কৌল আৰু হেমন্ত গুপ্তাৰে গঠিত খণ্ড বিচাৰপীঠৰ মতে, উচ্ছ ন্যায়ালয়ে প্ৰদান কৰা জামিনৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে যিমানেই চেষ্টা নকৰক কিয় আদালতে নাভাবে যে জামিনৰ বিৰুদ্ধে তেওঁলোক [দিল্লী আৰক্ষী] উচ্ছতম ন্যায়ালয়ক পতিয়ন নিয়াব পাৰিব৷ উল্লেখ্য যে, যোৱা বছৰ দিল্লীত সংঘটিত সাম্প্ৰদায়িক হিংসাৰ গোচৰত দিল্লী আৰক্ষীয়ে দেৱাংগনাৰ লগতে তেওঁৰ সহযোগী নাতাশা নাৰৱাল আৰু আছিফ ইকবালৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও গোচৰৰ লগতে সন্ত্ৰাসবাদবিৰোধী আইনৰ [ইউএপিএ]ধাৰাত গোচৰো ৰজু কৰিছিল৷ পিছে যোৱা ১৫ জুলাইত দিল্লী উচ্ছ ন্যায়ালয়ে দিল্লী আৰক্ষীক কঠোৰ সমালোচনা কৰি দেৱাংগনাকে ধৰি তিনিওজনকেই জামিন প্ৰদান কৰিছিল৷ উল্লেখ্য যে, দিল্লী আৰক্ষীৰ হৈ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আজি জামিনৰ বিৰুদ্ধে বিচাৰপীঠৰ সন্মুখত মাত মাতিবলৈ আৰম্ভ কৰা মাত্ৰই ন্যায়াধীশ এছ কে কৌৰ বক্তব্য— আমি নাভাবো যে আপোনালোকে [আৰক্ষী] আমাক পতিয়ন নিব পাৰিব৷ পিছে আপুনি [মেহতা] চেষ্টা কৰি চাব পাৰে৷ জামিনক লৈ দিল্লী আৰক্ষীয়ে উচ্ছ ন্যায়ালয়ত যেনেদৰে এক দীঘলীয়া যুক্তি আগবঢ়াইছিল তাক লৈ ন্যায়াধীশ কৌলে আজি অসন্তুষ্টি প্ৰকাশ কৰি কয় যে, জামিনৰ শুনানীত এখন আইনত কি আছে তাক লৈ ব্যাখ্যাৰ কোনো প্ৰয়োজন নাই৷ দেৱাংগনা, নাতাশা আৰু আছিফৰ জামিনৰ বিৰুদ্ধে গ্ৰহণ কৰিবলগীয়া শুনানীত উচ্ছতম ন্যায়ালয়ে দিল্লী আৰক্ষীক দুঘণ্টাৰ বেছি সময় দিব নোৱাৰে বুলিও খণ্ড বিচাৰপীঠে আজি স্পষ্ট কৰি দিয়ে৷ উল্লেখ্য যে, দেৱাংগনা আৰু নাতাশাৰ হৈ আজি ন্যায়ালয়ত উপস্থিত আছিল জ্যেষ্ঠ অধিবক্তা কপিল চিবালে৷ চিবালৰ অনুৰোধৰ ভিত্তিত ন্যায়ালয়ে সমগ্ৰ বিষয়টোত চাৰি সপ্তাহ পাছতহে শুনানী গ্ৰহণ কৰিবলৈ সন্মতি ব্যক্ত কৰে৷