Logo
image

বাথাক মূলসুঁতিলৈ অনাৰ আঁৰৰ কোন এই ‘ৰজা’

আমাৰ অসম, ২৩ জুলাইঃ কেন্দ্ৰৰে হোৱা শান্তি চুক্তিৰ প্ৰতি মোহভংগ হৈ পুনৰ সংগীসহ অৰণ্যত প্ৰৱেশ কৰি সশস্ত্ৰ পন্থা হাতত লৈছিল একালৰ এনডিএফবি [সংবিজিত]ৰ দুৰ্ধৰ্ষ নেতা এম বাথা ওৰফে বিনোদ মুছাহাৰীয়ে৷ জংঘলত প্ৰৱেশ কৰিয়েই এনএলএফবি নামৰ নতুন সংগঠন জন্ম দি এম বাথাই নিজকে মুখ্য সেনাধ্যক্ষ আৰু আই বি বংথিগৰাক সভাপতি, বকো বসুমতাৰীক উপ-মুখ্য সেনাধ্যক্ষৰ ঘোষণা কৰি কূটাঘাট আৰম্ভ কৰা চেষ্টা অব্যাহত ৰাখিছিল৷ এবছৰ পূৰ্বে মূল সূতিলৈ ঘূৰি অহা বিদ্ৰোহী নেতাজনৰ নেতৃত্বত প্ৰায় ২৫-৩০জনীয়া বড়ো যুৱকে বি টি চি নিৰ্বাচনৰ পাছতেই নতুন সংগঠনটোৰ জন্ম দিয়াত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীৰ প্ৰৰোচনাত এম বাথাই পুনৰ জংঘললৈ ঘূৰি গৈ উগ্ৰপন্থী সংগঠনটোৰ জন্ম দিয়া বুলিও ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছিল৷ আনকি বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত তদানিন্তন মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এম বাথাই সশস্ত্ৰ পন্থা হাতত লোৱাৰ অন্তৰালত হাগ্ৰামা মহিলাৰীৰ কূটিল ৰাজনীতি জড়িত বুলিও নাম নোলোৱাকৈ হাগ্ৰামাক সঁকীয়নি প্ৰদান কৰিছিল৷ কিন্তু শেহতীয়াকৈ নৱগঠিত এনএলএফবিৰ দুই-তিনিজন শীৰ্ষ নেতা আৰু কেডাৰ গ্ৰেপ্তাৰ হোৱাৰ পাছত ‘নিয়া’ই এম বাথাৰ সন্ধান দিওঁতাক ১০ লাখ টকা পুৰষ্কাৰো ঘোষণা কৰিছিল৷ কিন্তু ‘নিয়া’ৰ এই ঘোষণাৰ এসপ্তাহ নৌহওঁতেই অতি নাটকীয়ভাৱে বৃহস্পতিবাৰে এম বাথাৰ নেতৃত্বত এনএলএফবিৰ ২৩ জনীয়া নেতা- কেডাৰৰ দলটোৱে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷ ইপিনে অসম আৰক্ষীয়েও বিদ্ৰোহী সংগঠনটোৰ সকলো নেতা-কেডাৰ মূলসূঁতিলৈ ঘূৰি অহাৰ আঁৰত ৰাজনৈতিক নেতাকে কৃতিত্ব দিব বিচাৰিছে৷ অৱশ্যে, অসম আৰক্ষীয়ে ইয়াৰ আঁৰত কোন ৰাজনৈতিক নেতা জড়িত আছে সেয়া ৰাজহুৱা কৰা নাই৷ কিন্তু এম বাথাসহ কেডাৰসকলৰ মূলসূঁতিলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়াত মধ্যস্থতাকাৰী হিচাপে পুনৰ এজন যুৱকৰ নাম চৰ্চালৈ আহিছে৷ উক্ত যুৱকজনে বিগত বৰ্ষত এনডিএফডি [সংবিজিত]গোটকো মূলসুঁতিলৈ ঘূৰাই অনাত মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰিছিল৷ মধ্যস্থতাকাৰী এই যুৱকজন হৈছে ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ৷ নিজকে ৰজাৰ বংশধৰ বুলি দাবী কৰা ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে চৰকাৰৰ হৈ এম বাথা বাহিনীৰ সৈতে আলোচনাত মিলিত হৈ সংগঠনটোৰ নেতৃত্বক মূলসূঁতিলৈ ঘূৰাই অনাত সৈমান কৰোৱাইছিল৷ অৱশ্যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজকুমাৰে এই প্ৰচেষ্টা হাতত লোৱা বুলি সদৰী কৰিলেও  এই ক্ষেত্ৰত বি পি এফ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ প্ৰচেষ্টাও আছে বুলি বিটিএডিত চৰ্চা লাভ কৰিছে৷ কিয়নো প্ৰমোদ বড়োৰ নেতৃত্বত বি টি চি গঠন হোৱাৰ দিনৰে পৰা ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে প্ৰমোদ বড়োৰ বিৰোধিতা কৰি অহা দেখা গৈছিল৷ ইউ পি পি এলৰ একাংশ নেতাই দাবী কৰা মতে হাগ্ৰামা মহিলাৰীৰ মন্ত্ৰণাতে ৰাজকুমাৰে প্ৰমোদ বড়োৰ বিৰোধিতা কৰিছিল৷ হাগ্ৰামা মহিলাৰী আৰু ৰাজকুমাৰৰ গোপন বুজাবুজি থকা বুলিও অভিযোগ কৰিছিল৷ সেই সূত্ৰেই হাগ্ৰামা মহিলাৰীৰে থকা ঘনিষ্ঠতাৰ ভিত্তিত ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে বাথা বাহিনীক ঘূৰাই অনাৰ উদ্যোগ গ্ৰহণ কৰা বুলি কোৱা হৈছে৷ অৱশ্যে ইয়াৰ বিপৰীতে এনএলএফবিক মূল সুঁতিলৈ ঘূৰাই অনাত মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাৰ বাবেহে সম্ভৱ হোৱা বুলি বিশেষ এটা সূত্ৰই প্ৰকাশ কৰিছে৷ আনকি বিটিচি মূৰব্বী প্ৰমোদ বড়োৱেও এম বাথাই আত্মসমৰ্পণ কৰাৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰচেষ্টাক ধন্যবাদ দিছিল৷ এইবাৰৰ এনএলএফবিৰ ক্ষেত্ৰত ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে গৃহ বিভাগৰ পৰা আনুষ্ঠানিকভাৱে মধ্যস্থতাকাৰীৰ স্বীকৃতি নাপালেও বিদ্ৰোহী সংগঠটোৰ সৈতে যোগসূত্ৰ স্থাপনত মূল ভূমিকা লোৱা বুলিও বিশেষ সূত্ৰই প্ৰকাশ কৰিছে৷ সূত্ৰটোৱে দাবী কৰা মতে কিছুদিন পূৰ্বে ৰাজকুমাৰে বিটিচি চুক্তি কাৰ্যকৰীকৰণ আৰু বড়ো বিদ্ৰোহী সমস্যাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল৷ এই সাক্ষাততে মুখ্যমন্ত্ৰীয়ে ৰাজকুমাৰক এনএলএফ বি নেতা-কেডাৰ সকলক মূলসঁূতিলৈ ঘূৰাই অনাৰ বাবে উদ্যোগ লোৱাৰ বাবে পৰামৰ্শ দিয়া বুলিও সূত্ৰটোৱে দাবী কৰিছে৷ ইয়াৰ ভিত্তিতেই ৰাজকুমাৰে এম বাথা বাহিনীৰ সৈতে যোগাযোগ কৰিছিল৷ উক্ত যোগাযোগৰ ভিত্তিতেই বৃহস্পতিবাৰে বিদ্ৰোহী সংগঠনটোৰ সকলো নেতা-কেডাৰ আত্মসমৰ্পণ কৰে৷ আনকি অৰুণাচল সীমান্তৰ ঘন-জংঘলৰ পৰা বাথা সহিতে কেডাৰৰ দলটোক আদৰি আনিছিল ৰাজকুমাৰৰ লগতে তেওঁৰ সহযোগী থুলুংগা বসুমতাৰীয়ে৷