Logo
image

প্ৰাক্তন মন্ত্ৰীকো চকী এখন দিয়া!

আমাৰ অসম, ২৪ জুলাইঃ কেইদিনমান আগলৈ তেওঁ আছিল ৰাজ্য চৰকাৰৰ মন্ত্ৰী৷ সকলোতে পাইছিল আগস্থান৷ সকলো সময়তে পৰিবেষ্টিত হৈ আছিল সমৰ্থক, বিষয়া-কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীৰে৷ কিন্তু আজি তেওঁৰ নাই মন্ত্ৰিত্ব৷ আনকি নাই বহিবলৈ এখন আসনো৷ ফলত মন্ত্ৰীৰ পিছফালে থিয় হৈ থাকিবলগীয়া হৈছে তেওঁ৷ এই লোকজন সোণোৱাল মন্ত্ৰীসভাৰ অন্যতম সদস্য নৱ কুমাৰ দলে৷ পঞ্চায়ত-গ্ৰামোন্নয়নকে আদি কৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী আছিল ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে৷ শেহতীয়াভাৱে এখন ফটো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ ফটোখনত দেখা গৈছে বিধানসভাৰ অধ্যক্ষকে ধৰি ড॰ হিমন্তবিশ্ব শৰ্মা মন্ত্ৰীসভাৰ একাংশ সদস্য সুসজ্জিত কোঠা এটাত বহি কাৰোবাৰ কথা অতি মনোযোগেৰে শুনি আছে৷ সেই কোঠাটোৰে এচুকত থিয় হৈ আছে প্ৰাক্তন মন্ত্ৰী নৱ কুমাৰ দলে৷ ক্ষমতা নাথাকিলে মানুহৰ কি হয় সেয়া স্পষ্ট হৈ পৰিছে এই ফটোখনৰ পৰা৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱত বুধবাৰে এটা কাৰ্যসূচীত অংশ ল’বলৈ শংকৰদেৱ কলাক্ষেত্ৰলৈ আহিছিল৷ কাৰ্যসূচী সফলভাৱে শেষ হোৱাৰ পাছত তেওঁ অসম চৰকাৰৰ একাংশ মন্ত্ৰী, বিধানসভাৰ অধ্যক্ষ আৰু বিশিষ্ট লোকৰ সৈতে বাৰ্তালাপ কৰে৷ এই বাৰ্তালাপ অনুষ্ঠিত হোৱা কোঠাটোৰ এটা চুকত থিয় হৈ থাকিবলগীয়া হ’ল প্ৰাক্তন মন্ত্ৰী দলে৷ অনুষ্ঠানটোত প্ৰাক্তন মন্ত্ৰী দলেৰ বাবে এখন চকী যোগাৰ নহ’ল যদিও আৰএছএছৰ শীৰ্ষ নেতাৰে হোৱা এই বাৰ্তালাপ অনুষ্ঠানত পূৰ্বৰে পৰা চকীৰ ব্যৱস্থা আছিল মন্ত্ৰীকে ধৰি আন বিশিষ্ট লোকসকলৰ বাবে৷