Logo
image

বান, সীমা সমস্যাৰ নিদান দি আজি গুৱাহাটীত শ্বাহ

আমাৰ অসম, ২৫ জুলাইঃ দুদিনীয়া উত্তৰ-পূব ভ্ৰমণ কাৰ্যসূচীৰে শনিবাৰে চুবুৰীয়া ৰাজ্য মেঘালয়ত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেইবাটাও চৰকাৰী কাৰ্যসূচী লৈ দেওবাৰে দুপৰীয়া শ্বিলঙত উপস্থিত হয়৷ বিমান কোঠাতে মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমা, কেন্দ্ৰীয় মন্ত্ৰী ড॰ জিতেন্দ্ৰ সিং আদিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনায়৷ প্ৰথমটো চৰকাৰী কাৰ্যসূচী হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাবিয়াঙত এটা আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছ মুকলি কৰে৷ এই অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূবৰ সকলো ৰাজ্যৰ ৰাজধানী ২০২৪ চনৰ ভিতৰত ৰে’ল আৰু বিমানেৰে সংযোগ কৰা হ’ব৷ সমান্তৰালভাৱে পথ যোগাযোগৰ ক্ষেত্ৰতো সৰ্বাধিক গুৰুত্ব দিয়া হৈছে৷ এই কাৰ্যসূচীৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উমিয়ামৰ উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰত উপস্থিত হয় আৰু উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ [এন ই এছ এ চি] ছ’চাইটিৰ বিশেষ বৈঠকত অংশগ্ৰহণ কৰে৷ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে উত্তৰ-পূবৰ কেউখন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকল উপস্থিত থকা এই বৈঠকত বান নিয়ন্ত্ৰণ, আদ্ৰৰ্ভূমি ব্যৱস্থাপনা, অঞ্চলটোত বনাঞ্চল সংৰক্ষণ আদিৰ বাবে মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰা হয়৷ অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এনইএছএচি আৰু ভাৰতীয় মহাকাশ গাৱেষণা সংস্থা [ইছৰো] ই অসমত বানপানীৰ এক যুটীয়া অধ্যয়ন চলাই ৫০০০ বৰ্গ কিলোমিটাৰৰো অধিক মাটিকালি আদ্ৰৰ্ভূমি বুলি চিনাক্ত কৰিছে৷ ৰাজ্যখনৰ বানপানী নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে বাৰিষাকালত ব্ৰহ্মপুত্ৰৰ অতিৰিক্ত পানী বোৱাই নিয়াৰ কামত এই আদ্ৰৰ্ভূমি ব্যৱহাৰ কৰিব পৰা যায় বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে জল শক্তি মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় জল আয়োগ আৰু ৰাজ্যখনৰ জলসম্পদ বিভাগক অন্তৰ্ভুক্ত কৰি বান নিয়ন্ত্ৰণৰ বাবে এটা পৰীক্ষামূলক প্ৰকল্প হাতত লোৱাৰ বিষয়ে বিবেচনা কৰিবলৈও পৰামৰ্শ আগবঢ়ায়৷ তেওঁ লগতে মহাকাশ প্ৰযুক্তি ব্যৱহাৰ কৰি আন্তঃৰাজ্যিক সীমান্তত বনাঞ্চল নিৰীক্ষণৰ বাবেও পৰামৰ্শ আগবঢ়ায়৷ কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় মহাকাশ মন্ত্ৰী ড॰ জিতেন্দ্ৰ সিং, ৰাজ্যিক ড’নাৰ মন্ত্ৰী বি এল বাৰ্মাৰ লগতে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলেও এই অনুষ্ঠানত ভাষণ প্ৰদান কৰে৷ বৈঠকত মহাকাশ বিভাগ আৰু ড’নাৰ মন্ত্ৰালয়ৰ সচিবসকল, ইছৰোৰ অধ্যক্ষ ডঃ কে শিৱন, এনইএছএচিৰ সঞ্চালক আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্য সচিবসকলো উপস্থিত আছিল৷ এই কাৰ্যসূচীৰ পাছত বিয়লি ৫.৩০ বজাত উমছাভাটিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ক্ৰায়োজেনিক অক্সিজেন প্লেণ্ট এণ্ড পেডিয়াট্ৰিক ৱাৰ্ড মুকলি কৰে৷ সন্ধিয়া ৫.৩০ বজাত শ্বিলঙৰ ৰাজ্যিক প্ৰশিক্ষণ কেন্দ্ৰত উত্তৰ-পূবৰ সকলো মুখ্যমন্ত্ৰীৰে বৈঠকত বহে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ এই বৈঠকত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্য সচিব সকল, আৰক্ষী সঞ্চালক প্ৰধান সকলো উপস্থিত আছিল৷ বৈঠকত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সীমা সমস্যা, ড্ৰাগছ, উগ্ৰপন্থীৰ সমস্যা আদি বিষয়সমূহে স্থান লাভ কৰে৷ বিশেষকৈ শেহতীয়াকৈ অসম-মিজোৰাম আৰু অসম নাগালেণ্ডৰ উত্তপ্ত সীমান্তৰ পৰিস্থিতিকলৈ উদ্বিগ্নতা প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সমস্যা সমাধানৰ গুৰুত্বপূৰ্ণ মন্ত্ৰণা দিয়া বুলি জানিব পৰা গৈছে৷ উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলক উদ্দেশ্যি দিয়া ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিজেপি চৰকাৰে উত্তৰ-পূবলৈ যোৱা ৬ বছৰত ২ লাখ ৬৫ হাজাৰ কোটি টকা আৱণ্টন দিছে৷ বিজেপি শাসনলৈ অহাৰ পাছতে উত্তৰ-পূবৰ প্ৰতি দৃষ্টিভংগী সলনি হৈছে৷ ক’ভিডৰ সময়ত সাহায্য প্ৰদানৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবক অগ্ৰাধিকাৰ দিছে৷

অমিত শ্বাহৰ আগমন উপলক্ষে গুৱাহাটীত পানী নসৰকা নিৰাপত্তা

শ্বিলঙৰ এদিনীয়া ব্যস্ততাপূৰ্ণ চৰকাৰী ভ্ৰমণ সামৰি দেওবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ দেওবাৰে বিয়লি ৪ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী গুৱাহাটীত উপস্থিত হয়৷ গুৱাহাটীত প্ৰৱেশ কৰিয়েই তেওঁ পোনে পোনে কামাখ্যা মন্দিৰলৈ যায় আৰু ‘মা’ কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰিব৷ ৪.৫০ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উপস্থিত হ’ব আৰু গুৱাহাটী মেডিকেল কলেজৰ ৰাজ্যিক কেন্সাৰ ইনষ্টিটিউটৰ ৰেডিঅ’ থেৰাপী ব্লক আৰু নতুন লিনাক যন্ত্ৰ মুকলি কৰিব৷ সন্ধিয়া ৫.৫০ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হৈ ক’ভিডত প্ৰাণ হেৰুৱা পৰিয়ালক অৰ্থ সাহায্য প্ৰদান কৰিব৷ ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰা অনুসৰি ক’ভিডত নিহত ৰাজ্যৰ প্ৰতিটো পৰিয়ালক ১ লাখ টকাৰ অৰ্থ সাহায্য বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে৷ লগতে ৰিম’ট টিপি তেওঁ তামুলপুৰ মেডিকেল কলেজৰো শিলন্যাস কৰিব৷ ইয়াৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সমৱেত ভদ্ৰমণ্ডলীক উদ্দেশ্যি ভাষণ দিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটী ভ্ৰমণ উপলক্ষে সমগ্ৰ গুৱাহাটী মহানগৰীখনকে চূণতেল সানি চিকুনাই তুলিছে প্ৰশাসনে৷ গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে শাসকীয় বিজেপি দলৰ পতাকা, ফেষ্টুন আদি আঁৰি দিয়া হৈছে৷ ভঙাগড়কে ধৰি গুৱাহাটীৰ ফ্লাই অভাৰসমূহৰ তলৰ অংশত ব্যাপক চাফাই আৰু ৰং কৰা হৈছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনৰ উপলক্ষে তথা তেওঁ পাৰ হৈ যাবলগীয়া সমগ্ৰ পথচোৱাত আজিৰে পৰাই সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷ স্থানে স্থানে অসম আৰক্ষী, চি আৰ পি এফৰ জোৱানক নিয়োজিত কৰা হৈছে৷ অমিত শ্বাহে সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি খানাপাৰাৰ উৰণীয়া সেতুৰ মাছ, শাক-পাচলিকে ধৰি সকলো দোকান-পোহাৰ আৰক্ষী তথা প্ৰশাসনে বন্ধ কৰিছে৷ গুৱাহাটী মহানগৰীৰ মূল পথসমূহৰ কাষৰ ফুটপাথৰ অস্থায়ী দোকানবোৰো বন্ধ কৰি দিয়া হৈছে৷

আজি তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব

বিটিআৰ চুক্তিৰ আধাৰত প্ৰস্তাৱিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে৷ তামুলপুৰৰ কচুবাৰীত স্থাপন হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়খন গুৱাহাটীৰ কলাক্ষেত্ৰৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ উপস্থিতিত আবেলি ৫.৩০ বজাত আনুষ্ঠানিকভাৱে গৃহমন্ত্ৰীয়ে ডিজিটেল মাধ্যমেৰে ৰিমোট টিপি এই আধাৰশিলা স্থাপন কৰিব৷ ইতিমধ্যেই তামুলপুৰৰ কচুবাৰীত প্ৰস্তাবিত চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন উপলক্ষে লোকনিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু মহকুমা প্ৰশাসনে সকলোধৰণৰ প্ৰাৰম্ভিক কাম-কাজ চোৱাচিতা কৰি অনুষ্ঠানৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷