Logo
image

গেম্‌ছ ভিলেজ পালেগৈ গামোচা

আমাৰ অসম, ২৫ জুলাইঃ অলিম্পিকত অংশগ্ৰহণ কৰা অসমীয়াৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰা৷ দীপাংকৰ ভট্টাচাৰ্য, জয়ন্ত তালুকদাৰ আৰু শিৱ থাপা৷ অলিম্পিকত ভাগ লোৱা এই আটাইকেইজনেই পুৰুষ৷ এই তালিকাত সংযোজন ঘটিল আন এটা নাম– লাভলীনা বৰগোহাঁই৷ তেওঁ অলিম্পিকত ভাগ লোৱা প্ৰথম আৰু একমাত্ৰ মহিলা অসমীয়া৷ টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা লাভলীনা অসমবাসীৰ বাবে এতিয়া নয়নৰ মণি৷ চৰ্চাৰ কেন্দ্ৰবিন্দু৷ পোনপটীয়াকৈ টকিঅ’ অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলিবলগীয়া লাভলীনালৈ ৰাজ্যবাসীৰ শুভেচ্ছাৰে উপচাই পেলাইছে৷ সকলোৰে প্ৰত্যাশা– পদক হাতত লৈ টকিঅ’ৰ পৰা উভতি আহক লাভলীনা৷ স্বাক্ষৰসম্বলিত গামোচা তৈয়াৰ কৰি, এগচি বন্তি জ্বলাই, বাইক ৰেলী আদিৰ দৰে লাভলীনাক শুভেচ্ছা জনাবলৈ ভিন্ন পন্থা অৱলম্বন কৰিছে ৰাজ্যবাসীয়ে৷ সকলোৰে মাজত বক্সাৰ লাভলীনাক লৈ এতিয়া উছাহৰ ঢল৷ লাভলীনাৰ লগতে টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় এথলীটসকলক উৎসাহ যোগাবৰ বাবে অসম অলিম্পিক সন্থাৰ সদস্যই অসমৰ ক্ৰীড়াবিদ আৰু শুভাকাংক্ষীৰ স্বাক্ষৰ সম্বলিত এখন গামোচা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নৰিন্দৰ ধ্ৰুৱ বাট্ৰা আৰু ভাৰতীয় দলৰ চেফ ডে মিছন বীৰেন্দৰ কুমাৰ বৈশ্যৰ হাতত অৰ্পণ কৰে৷ এই গামোচাখন অলিম্পিক গেম ভিলেজতো ভাৰতীয় এথলীটসকলৰ মাজত প্ৰদৰ্শন কৰা হয়৷ অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ আৰু উপ-সভাপতি হেমন্ত কুমাৰ কলিতাই এই গামোচাখন নৰিন্দৰ ধ্ৰুব বাট্ৰা আৰু বীৰেন্দ্ৰ কুমাৰ বৈশ্যৰ হাতত অৰ্পণ কৰে৷ আনহাতে, সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা স্মৃতি সংঘৰ উদ্যোগত লাভলীনা বৰগোহাঁইৰ বিজয় কামনাৰে গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পত শনিবাৰে সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই লাভলীনা বৰগোহাঁইৰ বিজয় কামনা কৰি সমগ্ৰ অসমবাসীক বন্তি প্ৰজ্বলনৰ বাবে যি আহ্বান জনাইছিল, সেই আহ্বানক সঁহাৰি জনাই আৰ জি বৰুৱা প্ৰকল্পত তিনিশ গছি বন্তি প্ৰজ্বলন কৰা হয়৷

আমিনগাঁৱত সমূহীয়া দৌৰ

নেহৰু যুৱ কেন্দ্ৰ সংগঠন উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগত আৰু নেহৰু যুৱ কেন্দ্ৰ, কামৰূপৰ ব্যৱস্থাপনাত কামৰূপৰ সংহত জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা আই আই টি, গুৱাহাটী খেলপথাৰলৈ ‘চিয়েৰ্ছ ফৰ ইণ্ডিয়া ৰাণ টকিঅ’ অলিম্পিক ২০২০’ শীৰ্ষক শুভেচ্ছামূলক দৌৰ অনুষ্ঠিত কৰা হয়৷

নিজৰ শিল্প কৰ্মৰে লাভলীনা বৰগোহাঁইক শুভেচ্ছা ভাস্কৰ্যৰ পূৰ্ণ গায়নৰ

নগাঁও জিলাৰ পুৰণিগুদামৰ গায়ন বৈৰাগী গাঁৱৰ এজন যুৱ-চিত্ৰ শিল্পীৰ এক অভিনৱ প্ৰয়াস৷ অসমৰ পৰা পোন প্ৰথমবাৰৰ বাবে লাভলীনা বৰগোহাঁয়ে টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰি অলিম্পিকত অংশগ্ৰহণ কৰাৰ বাবে ব্যতিক্ৰমীভাৱে খেলুৱৈগৰাকীলৈ নিজৰ শিল্পকৰ্মৰ জৰিয়তে শুভেচ্ছাবাৰ্তা প্ৰেৰণ কৰিছে পুৰণিগুদাম ড॰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ভাস্কৰ্য পূৰ্ণ গায়নে৷ ছাত্ৰগৰাকীয়ে নিজৰ হাতৰ তলোৱাত জাতীয় পতাকাৰ লগত লাভলীনা বৰগোহাঁইৰ প্ৰতিচ্ছবি অংকন কৰি তেওঁ জয়ী হৈ অহাৰ মানসেৰে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে৷

অসম সেনাৰ শুভেচ্ছা

টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা অসম কন্যা লাভলীনা বৰগোহাঁইক শুভেচ্ছা জনাইছে অসম সেনাই৷ অসম সেনাৰ শোণিতপুৰ জিলা সমিতিৰ মুখ্য আহ্বায়ক ৰাজনীশ শইকীয়াই লাভলীনাক অভিনন্দন ও শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ সফলতা কামনা কৰে৷

হাওৰাঘাটত লাভলীনাৰ বাবে বাইক ৰেলী

শনিবাৰে হাওৰাঘাটত স্থানীয় ক্ৰীড়া সন্থাই লাভলীনাৰ সমৰ্থনত উলিয়ালে বাইক ৰেলী৷ হাওৰাঘাট নগৰৰ মাজেদি উলিওৱা হাওৰাঘাট ক্ৰীড়া সন্থাৰ এই ক্ৰীড়া সজাগতামূলক বাইক ৰেলীত বিভিন্নজন ক্ৰীড়াপ্ৰেমী লোক তথা যুৱ-প্ৰজন্মৰ প্ৰতিনিধিয়ে স্বেচ্ছাই অংশগ্ৰহণ কৰি লাভলীনালৈ অলেখ-অযুত শুভকামনা জ্ঞাপন কৰে৷ প্ৰখৰ ৰ’দকো নেওচি হাওৰাঘাট ক্ৰীড়া সন্থাই বাহিৰ কৰা এই বাইক ৰেলীয়ে সমগ্ৰ হাওৰাঘাট অঞ্চল পৰিভ্ৰমণ কৰে৷ লাভলীনালৈ শুভেচ্ছা জনাইছে হাওৰাঘাটৰ অন্যতম বেচৰকাৰী সংস্থা নেতাজী ৱেলফেয়াৰ ছ’চাইটিয়েও৷