Logo
image

বাথাৰ আঁৰত কাৰ ‘মাথা’

আমাৰ অসম, ২৬ জুলাইঃ নৱগঠিত বড়ো উগ্ৰপন্থী সংগঠন এনএলএফবিৰ মুৰব্বী এম বাথাসহ ২৩ নেতা কেডাৰে যুদ্ধ বিৰতি ঘোষণা কৰাৰ পাছতেই এতিয়া ৰাজকীয় আতিথ্য প্ৰদান কৰিছে অসম আৰক্ষীয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাথাসহ সকলো কেডাৰকে ঘৰৰ ল’ৰাৰ দৰে ভাল ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতেই বৰ্তমান কামৰূপৰ মান্দাকাটাৰ কামাণ্ডো বেটেলিয়নৰ শীত-তাপ নিয়ন্ত্ৰিত অতিথিশালাত ৰখা হৈছে আটাইকেইজন নেতা-কেডাৰকে৷ আনকি আৰক্ষীৰ কোনো বিষয়াই বৰ্তমানলৈ বাথা তথা আন কেডাৰসকলক এবাৰলৈও ন্যূনতম সোধা-পোছাও কৰা নাই৷ নতুন বিদ্ৰোহী সংগঠনটোৰ মুঠ কেডাৰৰ সংখ্যা আৰু অস্ত্ৰ-শস্ত্ৰ মজুত থকা শক্তি সামৰ্থ্যৰ উমান লোৱাও চেষ্টা কৰা নাই ‘এনকাউণ্টাৰ স্পেচিয়েলিষ্ট’ অসম আৰক্ষীয়ে৷ স্বাভাৱিকতেই বাথা বাহিনীয়ে যুদ্ধ বিৰতি ঘোষণা কৰিলেও দুদিন আগলৈ শত্ৰুৰ ভূমিকা গ্ৰহণ কৰা উগ্ৰপন্থী নেতা কেইজনৰ প্ৰতি অসম আৰক্ষীৰ এই ৰহস্যজনক ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো এম বাথাই সংবাদ মাধ্যমৰ আগত তেওঁলোকে আত্মসমৰ্পণ কৰা নাই বুলি স্পষ্ট কৰি দিয়াৰ লগতে বৰ্তমান ২০০ কেডাৰ জংঘলতে থকা বুলি প্ৰকাশ কৰিছে৷ তদুপৰি সংগঠনটোৰ তিনি শীৰ্ষ নেতাসহ মাত্ৰ ২৩জনে শান্তি আলোচনাৰ বাবেহে ওলাই আহিছে আৰু ইয়াৰ বিপৰীতে মাত্ৰ ৫টা এ কে-৪৭ ৰাইফলছ জমা দিছে৷ আনহাতে বড়ো ভূমিৰ একাংশ লোকে দাবী কৰা মতে এনএলএফবিত অতি কমেও ৫০০ কেডাৰ আছে৷ কিন্তু সংবাদ মাধ্যমৰ আগত মুখ্য সেনাধ্যক্ষ বাথাই ২০০ কেডাৰ থকা বুলিহে প্ৰকাশ কৰাত সমগ্ৰ বিষয়টোক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ কিয়নো বাথা বাহিনীয়ে যুদ্ধ বিৰতি কৰিলেও বাকী কেডাৰসকলক জংঘল এৰিবলৈ নিৰ্দেশ দিয়া নাই বুলিও চৰ্চা লাভ কৰিছে৷ যাতে চৰকাৰে দাবী পূৰণ নকৰিলে বা আন ৰাজনৈতিক কাৰণত জংঘলত থকাসকলে প্ৰয়োজন সাপেক্ষে সশস্ত্ৰ কাৰ্যকলাপ অব্যাহত ৰাখিব পাৰে৷ আনহাতে পূৰ্বতে বিটিএডিৰ আইজিপি এল আৰ বিষ্ণই সংবাদ মাধ্যমৰ আগত এনএলএফবি কেডাৰসকলৰ হাতত প্ৰতিজনেৰে দুটাকৈ হাথিয়াৰ থকাৰ তথ্য লাভ কৰা বুলিও প্ৰকাশ কৰিছিল৷ তেনেস্থলত সংগঠনটোৱে মাত্ৰ ৫ বিধ অস্ত্ৰ জমা দিয়া কাৰ্যই তাৎপৰ্য বহন কৰিছে৷ অৰ্থাৎ উগ্ৰপন্থী সংগঠনটোৰ অধিকাংশ অস্ত্ৰ-বাৰুদেই বৰ্তমান জংঘলতে আছে৷ ইপিনে ২৩ জন নেতা-কেডাৰে আত্মপ্ৰকাশৰ তিনিদিন অতিক্ৰম কৰিলে যদিও বাথাই সদৰি কৰা আন ২০০ জন কেডাৰে এই মুহূৰ্তলৈ জংঘলৰ পৰা ওলাই নহা কাৰ্যইও সন্দেহৰ সৃষ্টি কৰিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে, এম বাথাই বিগত ৩ জানুৱাৰীত ৰুণীখাটা থানাৰ অ’ চি ৰাভাৰ নিৰ্দেশত পলায়ন কৰাৰ দিনচেৰেক পূৰ্বে ৰাজ্য কঁপোৱা চাঞ্চল্যকৰ প্ৰিয়া বসুমতাৰী হত্যাকাণ্ড গোচৰত ওদালগুৰিৰ আদালতে এম বাথা ওৰফে বিনোদ মুছাহাৰীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল৷ শেহতীয়াকৈ ‘নিয়া’ইও বাথাৰ সন্ধান দিওঁতালৈ ১০ লাখ টকা পুৰস্কাৰ ঘোষণা কৰিছিল৷ আনহাতে এনএলএফবিৰ উপাধ্যক্ষ বকো বসুমতাৰী ওৰফে ভবেন বসুমতাৰী এনএলএফবিত যোগদানৰ পূৰ্বে ওদালগুৰি সদৰ থানাত ৭০/২০২১ নম্বৰত জামিনবিহীন ধাৰাত গোচৰ ৰুজু হৈছিল৷ ইপিনে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথে বাথাসহিতে আন কেডাৰসকলৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহৰ ৰেহাইকৰণৰ বিবেচনাৰ সন্দৰ্ভত চৰকাৰে অচিৰেই সিদ্ধান্ত গ্ৰহণ কৰিব বুলিহে জানিবলৈ দিছে৷ অথচ প্ৰিয়া বসুমতাৰী হত্যাৰ দৰে জঘন্য ঘটনাত এম বাথাক গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজনীয়তা থকাই নহয় ‘নিয়া’ৰ গোচৰৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে জেৰা কৰাটো গুৰুত্বপূৰ্ণ আছিল৷ কিন্তু ইয়াৰ বিপৰীতে বাস্তৱক্ষেত্ৰত বাথা-বকোক কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ নিৰ্দেশত ৰাজ আতিথ্য দি ৰখা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে৷ এনে স্থিতিয়ে বাথাৰ নেতৃত্বত এনএলএফবি গঠনৰ আঁৰত যে শাসকীয় নেতাসকলৰ কূটিল ৰাজনীতি জড়িত আছিল, তাকে যেন প্ৰতীয়মান কৰিছে৷ কিয়নো বাথাই এনএলএফবি গঠনৰ বাবে তদানীন্তন বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে প্ৰৰোচিত কৰা বুলি খোদ হিমন্ত বিশ্ব শৰ্মাই নাম নোলোৱাকৈ অভিযোগ কৰিছিল৷ ইয়াক নিৰ্বাচনী ইচ্ছু্য কৰি ইউপিপিএল আৰু বিজেপিয়ে বিটিচিৰ ক্ষমতাও হস্তগত কৰিলে৷ অৱশ্যে, শুকুৰবাৰে বাথাই গুৱাহাটীত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত স্পষ্ট কৰি দিয়ে যেঁ নতুন বিদ্ৰোহী সংগঠনটো গঠন কৰাৰ আঁৰত হাগ্ৰামা মহিলাৰী কোনো প্ৰকাৰে জড়িত নহয়৷ বিটিএডিৰ তদানীন্তন আই জি পি অনুৰাগ আগৰৱাল আৰু এছ পি ৰাকেশ ৰৌচনে নিশা কেম্পৰ পৰা বাৰে বাৰেমাতি নি কুকুৰৰ দৰে ব্যৱহাৰ কৰি গালি দিয়া বাবেহে এই সিদ্ধান্ত লোৱা বুলি চাঞ্চল্যকৰ মন্তব্য কৰিছিল৷ আনকি ৩ জানুৱাৰীৰ নিশা ১২ বজাত ৰুণীখাটা থানাৰ অ’ চি ৰাভাই তেওঁক পলাবলৈ সকলো ব্যৱস্থা কৰি দিয়া বুলিও প্ৰকাশ কৰিছিল৷ ইফালে আৰক্ষীৰ দুব্যৰ্ৱহাৰ আৰু পলায়নত আৰক্ষীয়েই সহযোগ কৰাৰ ভয়ংকৰ তথ্য সদৰি কৰা বিষয়টোৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় –বিদ্ৰোহী সংগঠনৰ নেতা-কেডাৰসকলৰ সৈতে আৰক্ষীয়ে কেনেদৰে ব্যৱহাৰ কৰিব লাগে বা কাৰ সৈতে কিদৰে কথা পাতিব লাগে সেয়া ৰাজনৈতিক নেতা সকলেহে নিৰ্ধাৰণ কৰে৷ এতিয়া ডিজিপিক মই তেওঁলোকক ভাল ব্যৱহাৰ কৰি ঘৰৰ ল’ৰাৰ দৰে ৰাখিবলৈ কৈছো৷’ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ বক্তব্যতে স্পষ্ট যে পূৰ্বতে বাথাক ৰাজনৈতিক নেতৃত্বৰ নিৰ্দেশতে আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰি নিৰ্বাচনৰ পূৰ্বে জংঘললৈ যোৱাৰ বাবে প্ৰৰোচিত কৰিছিল৷ অৱশ্যে আৰক্ষীক নিৰ্দেশ দিব পৰা কোন ৰাজনৈতিক নেতৃত্বৰ কথা মুখ্যমন্ত্ৰীয়ে ইংগিত দিছে সেয়া সৰ্বসাধাৰণ ৰাইজৰ বুজিবলৈ আৰু বাকী নাই৷ কিন্তু এতিয়া মান্দাকাটাৰ কামাণ্ডো বেটেলিয়নত শাসকীয় বিজেপি নেতৃত্বৰ নিৰ্দেশতে যে বাথা বাহিনীক ৰাজকীয় আতিথ্য দিছে সেয়া জল্‌জল্‌ পট্‌ পট্‌ হৈ পৰিছে৷ ইপিনে সমগ্ৰ প্ৰক্ৰিয়াটোৰ মধ্যস্থতাকাৰী পৃথ্বীৰাজ দেৱ মেছে অহা সপ্তাহতে বাথা তথা আন কেডাৰসকলৰ থকা মেলাৰ বাবে চৰকাৰে কোকৰাঝাৰ বা ওদালগুৰিত সু-ব্যৱস্থা কৰি দিব বুলি জানিবলৈ দিছে৷ অৰ্থাৎ এটা কথা নিশ্চিত যে এনএলএবি গঠন বা বাথাৰ অৰণ্য গমনৰ আঁৰত কোনো কোনো ৰাজনীতিকৰে ‘মাথা’  অন্তৰ্নিহিত হৈ আছে৷ অৱশ্যে এনে ৰাজনীতিয়ে বড়োভূমিৰ সমস্যা কিমান সমাধান কৰিব, সেয়া অনাগত দিনত লক্ষণীয় হ’ব৷