Logo
image

টকিঅ’ত চানু, মেৰী কমৰ সফলতাক লৈ ভাৰতত ৰাজনৈতিক মল্লযুদ্ধ

আমাৰ অসম, ২৬ জুলাইঃ দেশৰ খেলুৱৈয়ে টকিঅ’ত মূৰৰ ঘাম মাটিত পেলাই মাথোঁ এটা অলিম্পিক পদক কিম্বা শৌৰ্যৰ বাবে অবিশ্বাস্য পৰিশ্ৰম কৰিছে আৰু এইপিনে দেশৰ ভিতৰতে ৰাজনীতিবিদে  খেলুৱৈৰ সাফল্যৰ ক্ষেত্ৰত কাগজৰ গদা ঘূৰাই কৃতিত্ব অৰ্জন আৰু প্ৰচাৰৰ মায়াত বন্দী হৈ নিৰৰ্থক পৰিশ্ৰম কৰিছে৷ দেশৰ ৰাজনীতিবিদ, মন্ত্ৰী-মদাগৰে ভাৰতীয় খেলুৱৈয়ে অলিম্পিকত অৰ্জন কৰা সফলতাৰ কৃতিত্ব ল’বলৈ এনেদৰে জপিয়াই পৰিছে যে, হাংগেৰীত কেডেট শাখাত মল্লযুদ্ধত সোণৰ পদক লাভ কৰা প্ৰিয়া মালিককে অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী বুলি অভিহিত কৰি অভিনন্দন জনোৱাৰ প্ৰতিযোগিতাত নামি পৰিছে৷ ভুলকৈ হ’লেও কোনে আগতে অভিনন্দন বাৰ্তা ছ’চিয়েল মিডিয়াৰ পেজত প্ৰতিফলিত কৰিব পাৰিব সেই লৈ দেশৰ ৰাজনীতিবিদৰ মাজত নিগনি দৌৰ আৰম্ভ হৈ গৈছে আৰু খেলৰ বিষয়ে অ আ ক খ জনাসকলে ৰাজনীতিবিদৰ নিগনি দৌৰৰ প্ৰতিযোগিতা দেখি মুখ টিপি হাঁহিছে৷ হাংগেৰীৰ বুডাপেষ্টত মল্লযুঁজৰ কেডেট শাখাত সোণৰ পদক কঢ়িয়াই অনা প্ৰিয়া মালিকৰ অৱশ্যে অভিনন্দন প্ৰাপ্য, পিছে হাৰিয়ানাৰ ক্ৰীড়ামন্ত্ৰীয়ে সেই পদককে অলিম্পিকৰ ভাৰতৰ প্ৰথমটো স্বৰ্ণপদক বিজয় বুলি টুইট কৰাত তেওঁ হাঁহিয়াতৰ পাত্ৰত পৰিণত হয়৷ বলীউডৰ তাৰকা মিলিন্দ সুমন, পশ্চিমবংগৰ অভিনেত্ৰী তনুশ্ৰী চক্ৰৱৰ্তীয়েও প্ৰিয়া মালিকক অলিম্পিকত পদক পোৱা বুলি অভিনন্দন জনোৱাত নেটিজেনে তেওঁলোকক ঠাট্টা-বিদ্ৰুপেৰে ওপচাই পেলায়৷ ৰাজনীতিবিদৰ এই কৃতিত্ব অৰ্জন আৰু প্ৰচাৰৰ দৌৰত পিছ পৰি নাথাকিল খেলৰ ‘খ’টোকে বুজি নোপোৱা অগপৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা৷ তেওঁৰ অৱস্থা আদাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা-ৰ দৰে৷ অনেকেই প্ৰিয়া মালিকক অভিনন্দন জনোৱা দেখি ধৰফৰণি লগা ৰমেন্দ্ৰ নাৰায়ণ কলিতা ৰ’বই নোৱাৰিলে৷ তেওঁ ফেচবুকত প্ৰিয়া মালিকক ৰিঙত দুজন ভাৰতীয় কৰ্মকৰ্তাই দাঙি লৈ থকা ফটো এখন আপলোড কৰি লিখিলে– ‘ফাষ্টৰ্ গ’ল্ড মেডেল ফৰ ইণ্ডিয়া ইন ৰেছলিং৷ কংগ্ৰেছুলেচন প্ৰিয়া মালিক৷ টকিঅ’ ২০২১৷’ কোৱা বাহুল্য মাথোঁ, প্ৰিয়া মালিকে এই পদক অৰ্জন কৰিছিল দুদিন পূৰ্বে অৰ্থাৎ ২৩ জুলাইত৷ প্ৰিয়াৰ এই সাফল্যক অলিম্পিকৰ সফলতা বুলি দুজন এআইইউডিএফ-ৰ বিধায়কেও অভিনন্দন জনাবলৈ নেৰিলে৷ আনহাতে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে উত্তৰ-পূৰ্বাঞ্চলৰ খেলুৱৈয়ে অলিম্পিকত পদক লাভ কৰা আৰু সফলতাক ভাৰত বনাম উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিযোগিতা বুলি অভিহিত কৰি আন এক বিতৰ্কৰ সৃষ্টি কৰিছে৷  মমিনৰ মতে এই প্ৰতিযোগিতাত উত্তৰ-পূব বিজয়ী হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ অলিম্পিকলৈ ছেফ ডে মিছন হিচাপে যোৱাৰ সুযোগ লাভ কৰা ৰাজ্যসভাৰ সাংসদ, অগপৰ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই মীৰাবাঈ চানুৱে পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতিত্ব দি কৰা এটা টুইটে বিতৰ্কৰ সৃষ্টি কৰিছে৷ তেওঁ লিখিছে যে, মীৰাবাঈ চানুৱে পদক লাভৰ বাবে ২১ বছৰ অপেক্ষা কৰিবলগীয়া হ’ল৷ এই সাফল্যৰ বাবে আমি প্ৰধানমন্ত্ৰীৰ ওচৰত কৃতজ্ঞ৷ ভাৰতীয় দলৰ নেতাৰ এই মন্তব্য স্বাভাৱিকতে প্ৰধানমন্ত্ৰীৰ প্ৰতি স্পষ্ট তোষামোদ হিচাপে পৰিলক্ষিত হৈছে আৰু টুইটাৰত তেওঁক অনেকেই সমালোচনাৰে থকা-সৰকা কৰিছে৷ অসমৰ লাভলীনা বৰগোঁহাইক শেহতীয়াকৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপনৰ দৌৰত নমা ৰাজ্য চৰকাৰৰ কেতবোৰ কাৰ্যকলাপক লৈয়ো অসমত ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঘাইকৈ লাভলীনাক শুভেচ্ছা জনাবলৈ হৈ ৰাজ্য চৰকাৰে যিবোৰ হ’ৰ্ডিৰ্ং আঁৰিছে আৰু ‘ষ্টেণ্ডি’ লগাইছে, তাত লাভলীনাৰ ফটো কম, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়ামন্ত্ৰী বিমল বৰাৰ ফটোৰ বাহাৰ দেখি সকলোৱে ফিচিঙা-ফিচিঙি কৰিছে৷ হিমন্ত বিশ্ব শৰ্মা আৰু বিমল বৰাৰ ডাঙৰ ডাঙৰ ফটো আৰু কাষত সৰু সৰুকৈ লাভলীনাক শুভেচ্ছা জনোৱাৰ আখৰ দেখি অনেকেই ছ’চিয়েল মিডিয়াত প্ৰশ্ন কৰিছে– এই দুজনেও টকিঅ’ অলিম্পিকত খেলিব নেকি? অনাহক নিজা প্ৰচাৰৰ পৰা মুখ্যমন্ত্ৰী আৰু ক্ৰীড়ামন্ত্ৰী আঁতৰি থাকিব নোৱাৰাৰ ঘটনাই স্বাভাৱিকতে জনমানসত দুয়োৰে ভাৱমূৰ্তি ম্লান কৰিছে৷ দুয়োৰে ফটো দেখিলে এনে লাগে যেন, এইখন চৰকাৰেহে যোৱা দুমাহতে লাভলীনাক তৈয়াৰ কৰি অলিম্পিকলৈ পঠিয়াইছে৷  লাভলীনাই যোৱা ৯ বছৰে সীমাহীন পৰিশ্ৰমেৰে নিজকে প্ৰস্তুত কৰাৰ কৃতিত্বৰ অংশীদাৰ প্ৰকৃততে লাভলীনা আৰু ‘ছাই’ তথা বক্সিং সংস্থাহে, তদুপৰি  ত্যাগ আছিল কেৱল পৰিয়ালৰহে৷ কিন্তু সস্তীয়া প্ৰচাৰৰ পৰা আঁতৰি থাকিব নোৱাৰিলে ৰাজ্য চৰকাৰখন৷ অৱশ্যে দুই মন্ত্ৰীৰ অনুমতিত তেওঁলোকৰ ফটোৰে চৰকাৰৰ বিভাগে হ’ৰ্ডিং নিৰ্মাণ কৰি লগাইছে নে তেওঁলোক এই বিষয়ত অজ্ঞাত সেয়া জনাতো কঠিন৷ মিডিয়াত প্ৰচাৰ আৰু কৃতিত্ব লোৱাৰ ক্ষেত্ৰত সাম্প্ৰতিক কেন্দ্ৰীয় চৰকাৰৰ কোনো যোৰৰো হ’ব নোৱাৰে, ফেৰৰো হ’ব নোৱাৰে৷ হকে-বিহকে কেমেৰাৰ কেন্দ্ৰবিন্দু হৈ থকাত সিদ্ধহস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এজন কেবিনেট সতীৰ্থৰ কাৰ্যত এতিয়া বাৰুকৈয়ে বিতুষ্ট ভাৰতীয় ক্ৰীড়াপ্ৰেমী৷ টকিঅ’ গেমছৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল এইজন প্ৰচাৰপ্ৰেমী কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰ৷ সেইদিনা যেতিয়া ভাৰতীয় দলটোৱে ষ্টেডিয়ামত প্ৰৱেশ কৰিছিল তেতিয়া ছনী টিভিয়ে ষ্ক্ৰীণখন দুভাগত ভগাই এখনত ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰক আৰু আনখন ‘লং শ্বট’ত ভাৰতীয় দলটোক দেখুৱাইছিল৷ উদ্বোধনী অনুষ্ঠানৰ প্ৰকৃত উপলক্ষ আছিল ভাৰতীয় দল, কিন্তু ততোধিক গুৰুত্ব দিয়া হ’ল গেলাৰীত উপস্থিত থকা এজন মন্ত্ৰীক৷ মোদী চৰকাৰৰ ভয়তে ছনীয়ে দল এৰি মন্ত্ৰীক প্ৰদৰ্শন কৰা বুলিও এই বিষয়ত চৰ্চা হৈছে৷ ভাৰতৰ মন্ত্ৰী-ৰাজনীতিকৰ এই অহেতুক প্ৰচাৰ প্ৰৱণতা দেখি দেশৰ ক্ৰীড়াপ্ৰেমী প্ৰকৃততে অতিষ্ঠ৷ খেলুৱৈয়ে অৰ্জন কৰা সফলতাত প্ৰজাৰ পৰা ৰজালৈ সকলো আনন্দিত হয়৷ কিন্তু মন্ত্ৰী-ৰাজনীতিকে সেই সফলতাৰ কৃতিত্ব নিজে ল’বলৈ ব্যগ্ৰ হৈ পৰে৷ টকিঅ’ অলিম্পিকৰ বাবে বছৰ বছৰ ধৰি সাধনা কৰি, সীমাহীন পৰিশ্ৰমৰ অন্তত খেলুৱৈয়ে প্ৰতিযোগিতাখনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ পাইছে আৰু নৰেন্দ্ৰ মোদী বাহিনীয়ে ইয়াত হাস্যকৰভাৱে ‘ভিক্টৰী পাঞ্চ’ নামৰ এবিধ অভিযান টিভিতে চলাইছে৷ যেন ইয়াত মোদী, অনুৰাগ ঠাকুৰে আলাসত ঘোচা মাৰিলে টকিঅ’ত মেৰী কমে পাঞ্চ নমৰাকৈয়ে জিকি যাব৷ প্ৰচাৰ লাভৰ কি যে হাস্যকৰ প্ৰতিযোগিতা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ, মোদী এই দিশত আগৰণুৱা৷ তেওঁ দেওবাৰে ‘মন কি বাত’ অনুষ্ঠানতো দেশৰ খেলুৱৈক ‘ভিক্টৰী পাঞ্চ’ অভিযানেৰে উদ্বুদ্ধ কৰিব লাগে বুলি দেশবাসীক আহ৩ান জনালে, যাতে ছ’চিয়েল মিডিয়াত প্ৰচাৰ চলাই টকিঅ’ত ভাৰতীয় খেলুৱৈক বিজয়ী হোৱাত সহায় কৰিব পাৰি৷ ঠিক যেন –‘ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগৈ শিপা’ৰ দৰে৷