Logo
image

গৃহযুদ্ধ, মিজোৰ নিৰ্বিচাৰ গুলীত ৬জন জোৱান নিহত, এছপি গুলীবিদ্ধ

আমাৰ অসম, ২৭ জুলাইঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ সামৰি উভতি যোৱাৰ পাছমুহূৰ্ততে সোমবাৰে ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হয় কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত৷ মিজোৰামৰ আৰক্ষী আৰু ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়নৰ নিৰ্বিচাৰ গুলীচালনাৰ ফলত নিহত হয় অসম আৰক্ষীৰ ছয়জন জোৱান৷ গুৰুতৰভাৱে আহত হয় প্ৰায় ৬৫জন লোক৷ আহত লোকসকলৰ ভিতৰত অসমৰ ৩০জন সাধাৰণ লোক আৰু আৰক্ষীৰ ৩৫জন জোৱানো আছে৷ আনহাতে, কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকৰো গুলীবিদ্ধ হয়৷ ভৰিত গুলী লগাৰ ফলত গুৰুতৰভাৱে আহত আৰক্ষী অধীক্ষকজনক ততাতৈয়াকৈ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়৷ মিজো দুৰ্বৃত্তই ঘটনাস্থলীত উপস্থিত কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীৰ গাড়ীক লক্ষ্য কৰি ধাৰাষাৰ গুলীচালনা কৰাৰ উপৰিও গাড়ীখনৰ বিস্তৰ ক্ষতি সাধন কৰে৷ উল্লেখ্য, ড॰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ আবকাৰী, বন আদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সমষ্টি ধলাইৰ অসম-মিজোৰাম সীমান্তত সুদীৰ্ঘ ছমাহ ধৰি গৃহযুদ্ধসদৃশ পৰিস্থিতি বিৰাজ কৰি আছে৷ কাছাৰ জিলাৰ ধলাই সমষ্টিৰ অন্তৰ্গত হাৱাই থাং ফৰেষ্টৰ লায়লাপুৰত সোমবাৰে দিনৰ ১১মান বজাত কাছাৰ জিলা প্ৰশাসনৰ বৃহৎ দল এটা উপস্থিত হয় অসমৰ সীমাৰ ভিতৰত একাংশ মিজো লোকে কৰা বেদখল উচ্ছেদ কৰাৰ বাবে৷ ইতিমধ্যে অসমৰ ভূমিত মিজোৰামৰ আৰক্ষীয়ে বাংকাৰ স্থাপন কৰি শিবিৰ নিৰ্মাণ কৰিছে৷ মিজো দুবৃৰ্ত্তই লাইলাপুৰৰ এখন বিদ্যালয়ত বোমা বিস্ফোৰণ সংঘটিত কৰি সম্পূৰ্ণৰূপে ধবংস কৰিছে৷ মিজোৰামৰ একাংশ লোকে অসমৰ ভূমিত শিবিৰ পাতি ৰাস্তা নিৰ্মাণ কৰি থকাত ইয়াক বাধা দি উচ্ছেদ চলাবলৈ আজি সীমান্তত সদলবলে উপস্থিত হয় কাছাৰ প্ৰশাসনৰ উচ্ছপদস্থ বিষয়া৷ কাছাৰ প্ৰশাসনে উক্ত স্থানত উপস্থিত হৈ উচ্ছেদ চলাবলৈ আৰম্ভ কৰোঁতেই মিজোৰামৰ আৰক্ষী আৰু স্থানীয় লোকে তীব্ৰ বাধা দিয়ে আৰু হাতে হাতে জাঠি-জোং লৈ অসমৰ আৰক্ষী-প্ৰশাসনৰ লোকৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়৷ এই অতৰ্কিত আক্ৰমণৰ সমান্তৰালভাৱে মিজোৰাম আৰক্ষী আৰু ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়নৰ জোৱানে উচ্ছেদ চলাবলৈ যোৱা অসমৰ লোকৰ ওপৰত পাহাৰৰ ওপৰৰ পৰা নিৰ্বিচাৰ গুলী চলাবলৈ আৰম্ভ কৰে৷ সেই সময়ত ঘটনাস্থলীত কাছাৰৰ উপায়ুক্ত কীৰ্তি জল্লী, আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকৰ, দক্ষিণ অসম ৰেঞ্জৰ ডি আই জি দেবজ্যোতি মুখাৰ্জী আৰু বন বিভাগৰ উচ্ছ পদস্থ বিষয়াৰ দল এটা উপস্থিত আছিল৷ অসম আৰক্ষীও এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে৷ প্ৰায় দুঘণ্টা ধৰি মিজোৰাম আৰক্ষী, ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন আৰু একাংশ স্থানীয় মিজো লোকে অসম আৰক্ষীৰ ওপৰত আক্ৰমণ চলায়৷ পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শিলচৰৰ পৰা আৰক্ষীৰ বিশাল বাহিনী এটা সীমান্তত উপস্থিত হয়৷ মিজোৰামৰ এই নিৰ্বিচাৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহতসকলক ততাতৈয়াকৈ ধলাই প্ৰাথমিক স্বাস্থ্যকৈন্দ্ৰলৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে তেওঁলোকক শিলচৰৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়৷ মিজো আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত ছয় আৰক্ষী জোৱানৰ পিছত মৃত্যু হয়৷ লায়লাপুৰত মিজো লোকে নিৰ্মাণ কৰা শিবিৰ উচ্ছেদ কৰিবলৈ যোৱাৰ ফলত মিজোৰামৰ আৰক্ষী, স্থানীয় লোক আৰু ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়নৰ নিৰ্বিচাৰ আৰু ৰক্তাক্ত আক্ৰমণৰ ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সীমান্তলৈ ৰাওনা হৈছে মন্ত্ৰী পীয়ূষ হাজৰিকা৷ পৰৱৰ্তী সময়ত সীমান্তৰ যুদ্ধসদৃশ পৰিস্থিতিৰ শাম কাটে যদিও বৰ্তমানো তীব্ৰ উত্তেজনা বিৰাজ কৰিছে৷ আজিৰ ঘটনাটোত মিজোৰাম আৰক্ষীৰ গুলীত লিটন শুক্লবৈদ্য [এছ পি অ’, আৰক্ষী অধীক্ষক, কাছাৰ], স্বপন ৰয় [২১ নম্বৰ বেটেলিয়ন], ছামচুল হক বৰলস্কৰ [বেটেলিয়ন], মজুৰুল হুছেইন [বেটেলিয়ন], ছামচুল জামান [বেটেলিয়ন] আৰু নজৰুল হুছেইন লস্কৰ [বেটেলিয়ন] নিহত হয়৷ আহত ৬৫জনৰ ভিতৰত ৩৫জনেই অসম আৰক্ষীৰ জোৱান৷ বাকীসকল সাধাৰণ লোক৷ আৰক্ষীৰ অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকৰৰ অৱস্থা গুৰুতৰ বুলি চিকিৎসালয়ৰ সূত্ৰত প্ৰকাশ৷ সম্প্ৰতি ডিমা হাচাও ভ্ৰমণত থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা মঙলবাৰে কাছাৰ জিলাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’ব৷ আজিৰ ঘটনাৰ প্ৰতিবাদ জনাই বুধবাৰে পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ বৰাক বন্ধৰ আহ্বান জনাইছে বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে৷ আনহাতে, ধলাই সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দাবী কৰি কয়– মিজোৰাম আৰক্ষীয়ে আমাৰ আৰক্ষীলৈ আধা ঘণ্টা গুলীয়ালে৷ আমি শিল গুটি এটাও মাৰি নাপালোঁ৷

‘নেডা’ চৰকাৰ থকা স্বত্বেও কিয় নিস্পত্তি হোৱা নাই অসম-মিজোৰাম সীমা সমস্যাঃ অজাপ

বৰাক উপত্যকাৰ মিজোৰাম সীমান্তত মিজোৰাম ৰাজ্যৰ আৰক্ষীৰ সহযোগিতাত দুষ্কৃতিকাৰীয়ে অসমৰ লোকৰ ওপৰত আক্ৰমণ কৰাৰ বাতৰিত অসম জাতীয় পৰিষদে উদ্বেগ প্ৰকাশ কৰিছে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই  এই সম্পৰ্কে  কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰি যোৱাৰ পিছদিনাই তথা কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ উপস্থিতিত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ মাজত সীমা সমস্যাক লৈ বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পাছতে এই ঘটনা সংঘটিত হোৱাটো তাৎপৰ্যপূৰ্ণ৷ কিয়নো অসম আৰু মিজোৰাম দুয়োখন ৰাজ্যত এন ডি এৰ চৰকাৰ চলি আছে৷ মিজোৰামৰ শাসনাধিষ্ঠিত মিজো নেচনেল ফ্ৰণ্ট অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নৰ্থ-ইষ্ট ডেম’ক্ৰেটিক এলায়েন্স [নেডা]ৰ অংশীদাৰ৷ সেয়ে একে মিত্ৰজোঁটৰ চৰকাৰ থকা দুখন ৰাজ্যৰ চৰকাৰে বিষয়টো নিস্পত্তি কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক৷ জাতীয় পৰিষদৰ নেতাদ্বয়ে সোঁৱৰাই দিয়ে যে সৌসিদিনা অসমৰ মুখ্যমন্ত্ৰীয়ে এনকাউণ্টাৰক বৈধতা দিবলৈ গৈ কৈছিল যে অসম আৰক্ষীক গুলি খাবলৈ এৰি দিব নোৱাৰি৷ কিন্তু আজি মিজোৰাম সীমান্তত চুবুৰীয়া ৰাজ্যৰ দুৰ্বৃত্তৰ গুলি খাই অসম আৰক্ষীৰ লোক আহত হ’বলগীয়া হয়৷ এই বিষয়টোক সমানে গুৰুত্ব দিবনে বুলি অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি প্ৰশ্ন নিক্ষেপ কৰি গগৈ আৰু ভূঞাই অসম আৰক্ষীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনায়৷ আনহাতে সীমা সমস্যাৰ বিষয়টোত মুখ্যমন্ত্ৰীয়ে নিজে হস্তক্ষেপ কৰা আৰু তৎকালীনভাৱে সমাধান কৰাৰ লগতে সীমান্তৱৰ্তী লোকসকলক নিৰাপত্তা প্ৰদান আৰু  সোমবাৰৰ এই ঘটনাত আহতসকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ জাতীয় পৰিষদে দাবী জনায়৷

অমিত শ্বাহৰ অসম ভ্ৰমণ নিৰাশাজনকঃ বিৰোধী দলপতি

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ অসম ভ্ৰমণ অসমৰ বাবে নিৰাশাজনক৷ অসমলৈ তেওঁ বিজেপি দল চৰকাৰখনৰ ঢাক ঢোল পিটিলে কিন্তু অসমৰ ৰাইজে তেওঁৰ পৰা কোনো আঁচনি নাপালে৷ এই ভাষ্য অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শেহতীয়া অসম ভ্ৰমণ কাৰ্যসূচী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম বিধানসভাৰ বিৰোধী দলপতিজনে আৰু কয়– ভাষণত অমিত শ্বাহে যদিও বিজেপি দলৰ চৰকাৰখনৰ ঢাক-ঢোল পিটিলে, কিন্তু অসমৰ ৰাইজে ভালকৈ জানে যে, যোৱা সময়চোৱাত যদিও ৩৫জনতকৈও অধিক কেন্দ্ৰীয় মন্ত্ৰীয়ে অসম ভ্ৰমণ কৰিলে, অসমৰ ৰাইজে তেওঁলোকৰ পৰা বিশেষ কোনো আঁচনি বা অসমত বিশেষ কোনো উন্নতি হোৱা দেখা নাপালে৷ যিটো সময়ত সমগ্ৰ ৰাজ্যৰে জনসাধাৰণ ক’ভিড মহামাৰীৰ দুৰ্যোগত দিন অতিবাহিত কৰিবলগীয়া হৈছে, তেনে সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণে অসমলৈ কিছু আশাৰ বাতৰি আনিব বুলি ভাৱিছিলোঁ৷ বিশেষকৈ অইন ৰাজ্য সমূহৰ নিচিনাকৈ আৰ্থিক পেকেজ অসমলৈ লৈ আনিব বুলি ৰাইজে ভাবিছিল৷ আমি ভাৱিছিলোঁ, চাহ শ্ৰমিক সকলক দিয়া মজুৰি বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়াবলৈ আহিব, বানপানী নিয়ন্ত্ৰণৰ বাবে নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিব! কিন্তু মাত্ৰ তামুলপুৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰি কিম্বা কেন্সাৰৰ চিকিৎসাৰ বাবে এটা ব্লকৰ উদ্বোধন কৰিলে৷ যিটো প্ৰকল্প আগৰে পৰাই চলি আছিল৷ অৰ্থাৎ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি সমূহ এতিয়া ভুৱা প্ৰতিশ্ৰুতিলৈ ৰূপান্তৰিত হ’ল৷ থিক তেনেদৰেই তেওঁৰ ভাষণত যদিও ক’লে সৰ্বানন্দ সোণোৱাল এজন সফল মুখ্যমন্ত্ৰী আছিল, তেন্তে তেওঁক আঁতৰালে কিয়? বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কৈছে আগৰ চৰকাৰৰ দিনত হাজাৰ কোটি টকাৰ ছিণ্ডিকেট, গৰুৰ চোৰাং সৰবৰাহ তথা অবৈধ ড্ৰাগছৰ কেলংকাৰী হৈ আছিল৷ থিক তেনেদৰেই অসমৰ মুখ্যমন্ত্ৰীয়ে আজি কিছুদিন আগতে ৰাইজক দেখুওৱাবলৈ বাথা নামৰ এজন উগ্ৰপন্থী নেতাক আত্মসমৰ্পণ কৰাই ৱাহৱাহ লোৱাৰ প্ৰচেষ্টা কৰিছিল৷ কিন্তু তেওঁ নিজেই এক সাক্ষাৎকাৰত কৈছে যে যোৱা সময়চোৱাত তেওঁক অসম পুলিচে এৰি দিছিল৷ গতিকে অমিত শ্বাহৰ অসম ভ্ৰমণ তথা মুখ্যমন্ত্ৰীৰ বৰ্তমান ৰাইজক দেখুওৱাবলৈ কৰি থকা কামৰ উদ্দেশ্য এটাই অসমৰ ৰাইজৰ মন ভুলোৱা৷ যিহেতু অসমত উপ-নিৰ্বাচন সমাগত৷ইফালে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই দেশক ভাল পোৱা সকলো বিজেপিলৈ আহিব বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতিজনে কয়–বিজেপিৰ বিৰোধিতা কৰিলে দেশদ্ৰোহী হয় নেকি? হিমন্ত বিশ্ব শৰ্মাক মই প্ৰত্যাহ৩ান জনাইছো মোক দেশদ্ৰোহী বুলি প্ৰমাণ কৰক, মই ৰাজনীতি বাদ দিম৷