Logo
image

নিতৌ ধৰ্ষণৰ ঘটনাই কঁপাইছে মহানগৰী

আমাৰ অসম, ২৭ জুলাইঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এটাৰ পাছত আনটো অপৰাধজনিত ঘটনা৷ চুৰি-ডকাইতি ঘটনাৰ পাছত নিতৌ সংঘটিত ধৰ্ষণৰ ঘটনাই কঁপাইছে গুৱাহাটী মহানগৰী৷ মায়ানগৰী লৈ পৰিণত হোৱা গুৱাহাটী মহানগৰীত এনে জঘন্য ঘটনা সংঘটিত হোৱাত সচেতন ৰাইজ সচকিত হৈ পৰিছে৷ বিগত কিছুদিন ধৰি গুৱাহাটী মহানগৰীত বলাৎকাৰৰ দৰে ঘটনা সংঘটিত হোৱাত মহানগৰবাসী শংকিত হৈ পৰিছে৷ গুৱাহাটী মহানগৰীৰ পাশ্বৰ্ৱতী এলেকা ক্ষেত্ৰীত দেওবাৰে এগৰাকী ১২বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কাণ্ডই একপ্ৰকাৰ জোকাৰি গৈছে৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ চাৰি পাষণ্ডই এগৰাকী ১২বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰিছিল৷ ভুক্তভোগী কিশোৰীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ক্ষেত্ৰীৰ আৰক্ষীয়ে ৪ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰে৷ ধৃত ৪ধৰ্ষণকাৰীকেইজন হৈছে বকুল বৈশ্য[২৮], চিৰঞ্জিত সৰকাৰ [২৩], কেশৱ বিশ্বাস[২৩] আৰু বিকাশ সৰকাৰ[২০]৷ ইপিনে, যোৱা ২৯জুনত সাতগাঁৱত ১৬ বছৰীয়া কিশোৰীক বলাৎকাৰৰ ঘটনা পোহৰলৈ আহিছিল৷ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত যুবকজনক৷ ধৃত যুৱকজন সাতগাঁও নৱাপাৰাৰ মিলিজুলি পথৰ আমিনুল হক [২১]৷ ২৯জুনৰ নিশা ১২বজাত শৌচালয়ৰ পৰা যুৱতী গৰাকীক মুখত সোপা দি নিজৰ ঘৰলৈ কিশোৰীগৰাকীক আনি উপৰ্যুপৰি বলাৎকাৰ কৰিছিল৷ কিশোৰীগৰাকীৰ মাতৃয়ে ঘটনা সন্দৰ্ভত সাতগাঁও থানাত দাখিল কৰিছিল এজাহাৰ৷ সাতগাঁও আৰক্ষীয়ে নিশা সাতগাঁৱৰ মিলিজুলি পথৰ পৰা গ্ৰেপ্তাৰ কৰে লম্পট যুৱকজনক৷ ধৃত যুৱকজনৰ বিৰুদ্ধে সাতগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ অধীনত ৩৭৬ আৰু শিশু সুৰক্ষা আইনৰ ২০১২ এক্টৰ ৪ নং ধাৰাৰ অধীনত থানাত ১৮০/২১ নম্বৰত ৰুজু কৰিছিল গোচৰ৷ আনহাতে, অলপতে পিতৃৰ হাতত যৌন নিৰ্যাতনৰ বলি হ’ল নিজ কন্যা৷ এই লজ্জাজনক আৰু ঘৃণনীয় বলাৎকাৰৰ ঘটনা সংঘটিত হৈছিল গুৱাহাটী মহানগৰীৰ ঘোঁৰামৰা নিৰিবিলি পথত৷ এটা ভাড়াঘৰত পত্নী নথকাৰ সুযোগ গ্ৰহণ কৰি নিজ কন্যাৰ লগতে এনে ঘৃণনীয় ঘটনা সংঘটিত কৰে৷ ৬৯ বছৰীয়া ধৃত ব্যক্তিজন লখিমপুৰৰ ছফিয়াৰ আলি৷ ছফিয়াৰ আলিৰ আছে দুগৰাকীকৈ পত্নী৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত পত্নীয়ে বশিষ্ঠ থানাত গোচৰ ৰুজু কৰিছে৷ তদুপৰি, যোৱা ২১মাৰ্চত উত্তৰ গুৱাহাটী মধ্যম খণ্ড ফেৰীঘাটৰ কাষত বিয়লি মানৱ সমাজক লজ্জিত কৰা ভয়ংকৰ ঘটনা সংঘটিত হয়৷ ফেৰীঘাটটোৰ ঘন ঝাউবনৰ সুবিধা গ্ৰহণ কৰি এগৰাকী কিশোৰীক তিনি পাষণ্ডই চৰিতাৰ্থ কৰিছিল অসৎ কাৰ্য৷ উত্তৰ গুৱাহাটী থানাৰ আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি, মাৰ্চ মাহত গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা উত্তৰ গুৱাহাটীলৈ তিনিজন পাষণ্ডই ফেৰীৰে লৈ আহিছিল কিশোৰীগৰাকীক৷ ফেৰীঘাটৰ গহীন তথা ঘন ঝাউবনৰ সুযোগ লৈ তিনিও পাষণ্ডই কিশোৰীগৰাকীৰ মুখত সোপা দি অসৎ কাৰ্য চৰিতাৰ্থ কৰে৷ দিনত গা ধুবলৈ অহা এজন স্থানীয় ব্যক্তিৰ খবৰৰ ভিত্তিত মুমূৰ্ষু অৱস্থাত কিশোৰীগৰাকীক উত্তৰ গুৱাহাটী আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ লৈ আনে৷ ইফালে কিশোৰীগৰাকীক পাশৱিক অত্যাচাৰ কৰা তিনি পাষণ্ডই গহীন ঝাউবনৰ সুযোগ লৈ পলায়ন কৰে৷ পাছত আৰক্ষীয়ে তিনি পাষণ্ডক কৰায়ত্ত কৰিছিল৷

উত্তৰ গুৱাহাটীত ২৪ ঘণ্টাত নিৰ্যাতিত দুই কিশোৰী

ৰাজ্যত এটাৰ পাছত আনটো কিশোৰী নিৰ্যাতনৰ ঘটনাই ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ [গৌৰীপুৰ] অন্তৰ্গত চিলা আৰু চন্দ্ৰা গাঁৱত ২৪ঘণ্টাৰ ভিতৰত দুটাকৈ কিশোৰী নিৰ্যাতনৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰথম ঘটনাটো সংঘটিত হৈছে উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ অন্তৰ্গত চিলা গাঁৱত৷ চিলাৰ ৰফিক আলি নামৰ ষাঠিৰ উৰ্ধৰ এজন লোকে এগৰাকী তেৰ বছৰীয়া কিশোৰীক অসৎ উদ্দেশ্য চৰিতাৰ্থৰ উদ্দেশ্যে শাৰীৰিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে, পিতৃ বয়সৰ ৰফিক আলিয়ে ঘৰৰ সমীপৰ নিৰ্জন বাঁহৰ তলত কিশোৰীগৰাকীক অকলশৰে পাই বাঁহনিৰ মাজলৈ টানি নি অসৎ অভিপ্ৰায় পূৰণৰ চেষ্টা চলায়৷ কিশোৰীগৰাকীয়ে ৰফিক আলিৰ সমস্ত কথা পৰিয়ালক জনোৱাৰ আশংকাত ৰফিক আলিয়ে কিশোৰীগৰাকীক আনকি নিৰ্মমভাৱে প্ৰহাৰো কৰে৷ এই নিৰ্লজ কথা নিৰ্যাতিতা কিশোৰীগৰাকীয়ে মাকক বিৱৰি কোৱাৰ পাছতে কিশোৰীৰ মাতৃয়ে উত্তৰ গুৱাহাটী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত উত্তৰ গুৱাহাটী আৰক্ষীয়ে ৩৪৬/২১ আই পি চি ৩২৫/৫০৬ পকছ’ আইনৰ অধীনত ৰফিক আলীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ৷ ইফালে, অভিযুক্ত ৰফিক আলিয়ে এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এইয়া সম্পূৰ্ণ মিছা অপবাদ৷ ৰফিক আলিৰ ঘৰৰ সমীপতে থকা পুখুৰীত কিশোৰীগৰাকীয়ে বৰশী বাইছিল আৰু জীয়াই ৰখা মাছ বৰশীৰে উঠোৱা বাবে কিশোৰীগৰাকীক ৰফিক আলিয়ে খেদি গৈছিল৷ ভয়ত বিতত হৈ কিশোৰীগৰাকী পিছলি পৰি আঘাতপ্ৰাপ্ত হৈছিল৷ ইয়াৰ পাছতে কিশোৰীয়ে ঘৰত ৰফিক আলিয়ে মৰা বুলি মিছাকৈ কোৱাত কিশোৰীৰ পিতৃয়ে ৰফিক আলিক দহ লাখ টকা দাবীৰে ভাবুকি প্ৰদান কৰে৷  ইয়াৰ পাছত ৰফিক আলিয়ে গৌৰীপুৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰে৷ ইতিমধ্যে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীয়ে শনিবাৰৰ নিশাই গোচৰ পঞ্জীয়ন কৰিছে যদিও অভিযুক্তক আটক নকৰাত অঞ্চলটোৰ নাৰী সমাজে আক্ষেপ প্ৰকাশ কৰিছে৷ পৈশাচিক এই নাৰী নিৰ্যাতনৰ ঘটনাৰ এক দণ্ডাধীশ তদন্তৰ জৰিয়তে অপৰাধীক অতিশীঘ্ৰে আটক কৰি শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় দল-সংগঠনে৷ ইফালে, কিশোৰী নিৰ্যাতনৰ দ্বিতীয়টো ঘটনা সংঘটিত হৈছে উত্তৰ গুৱাহাটী চন্দ্ৰা গাঁৱত৷ চন্দ্ৰাৰ এগৰাকী কিশোৰীক ঘৰৰ সমীপৰে বিতুপন দাস নামৰ এজন যুৱকে ধৰ্ষণৰ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ কিশোৰীগৰাকীয়ে নিশা নিকটবৰ্তী যুৱক বিতুপন দাসৰ ঘৰলৈ মোবাইলৰ চাৰ্জাৰ বিচাৰি যাওঁতে যুৱকজনে কিশোৰীগৰাকীক মুখত সোপাদি ধৰ্ষণৰ চেষ্টা চলাইছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পিতৃয়ে ইতিমধ্যে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷  আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত অভিযুক্ত বিতুপন দাসক আটক কৰি আৰম্ভ কৰিছে তদন্ত৷ আৰক্ষীৰ তদন্তৰ পাছতহে সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব৷