Logo
image

ৰক্তাক্ত সীমান্তত সূচাগ্ৰ মেদিনী নিদিয়াৰ হুংকাৰ

আমাৰ অসম, ২৮ জুলাইঃ কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ অন্তৰ্গত লাইলাপুৰৰ সংলগ্ন অসম-মিজোৰাম সীমান্তত মঙলবাৰেও অব্যাহত আছে উত্তেজনা৷ সোমবাৰে অসম-মিজোৰাম সীমান্তত উদ্ভব হোৱা ৰক্তাক্ত পৰিস্থিতিৰ বুজ ল’বলৈ আজি পুৱাই শিলচৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ চহৰখনত উপস্থিত হোৱাৰ পিছতে তেওঁ শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ গৈ লাইলাপুৰত মিজোৰাম আৰক্ষী, ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন আৰু একাংশ মিজো দুষ্কৃতিকাৰীৰ নিৰ্বিচাৰ আক্ৰমণ আৰু গুলীচালনাত গুৰুতৰভাৱে আহত অসম আৰক্ষীৰ জোৱান তথা কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকৰক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়৷ মুখ্যমন্ত্ৰীয়ে চিকিৎসক সকলৰ সৈতেও মত বিনিময় কৰি আহত সকলৰ সুচিকিৎসা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে৷ গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হোৱাসকলক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সৰ জৰিয়তে অন্য স্থানলৈ অগ্ৰাধিকাৰৰ ভিত্তিত প্ৰেৰণৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড॰ শৰ্মা কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ লাইলাপুৰৰ ঘটনাত নিহত অসম আৰক্ষীৰ প্ত জন জোৱানৰ নশ্বৰ দেহত মাল্যাৰ্পণেৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ লক্ষণীয়ভাৱে অসম-মিজোৰাম সীমান্তৰ লায়লাপুৰ আৰু ভাইৰেংণ্টিৰ মাজত সীমা নিৰ্ধাৰণৰ যি পোষ্ট আছে তাৰ পৰা মিজোৰামৰ আৰক্ষী এতিয়াও আতৰি যোৱা নাই৷ মিজোৰ আক্ৰমণত গুৰুতৰভাৱে আহত অন্য এজন লোকৰ মঙলবাৰে মৃত্যু হয়৷ অৱশ্যে মৃত লোকজনৰ পৰিচয় বৰ্তমানলৈ চিনাক্ত হোৱা নাই৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মা আহত সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ পিছত শিলচৰ আবৰ্ত ভৱনত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, আইন শৃংখলা শাখাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰে এক বৈঠকত মিলিত হৈ পৰিস্থিতিৰ বুজ লয়৷ উল্লেখ্য যে শিলচৰ জিলা কংগ্ৰেছ কমিটীয়ে শিলচৰৰ শ্বহীদ ক্ষুধিৰামৰ মূৰ্তিৰ তলত সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ কাছাৰ সীমান্তত হোৱা আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ জনাই হাইলাকান্দিত আজি পথ অবৰোধ কাৰ্যসূচী পালন কৰে একাংশ ক্ষুব্ধ লোকে৷ মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণৰ ভাবুকি দিছে বিভিন্ন দল-সংগঠনে৷ কাছাৰৰ কাবুলগঞ্জ আৰু ধলাইৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথো অৱৰোধ কৰে বিভিন্ন দল-সংগঠনে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে শনিবাৰে নিশাই কাছাৰত উপস্থিত হয় দুই মন্ত্ৰী ক্ৰমে পীয়ূষ হাজৰিকা আৰু পৰিমল শুক্লবৈদ্য৷ দুয়োজন মন্ত্ৰীয়ে লায়লাপুৰৰ ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ চৰজমিন বুজ লয়৷ আনহাতে শিলচৰত সংবাদ মাধ্যমৰ আহত হুংকাৰ দি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– প্ৰাণ দিম, কিন্তু মাটি নিদিও৷ নতুনকৈ এক ইঞ্চি মাটিও এৰি নিদিও৷ মিজোৰামৰ আগ্ৰাসনৰ দৃশ্য চেটেলাইটত ধৰা পৰিছে৷ যোৱা ৬ মাহৰ পৰা মিজোৰামৰ কিছু লোক আৰু আৰক্ষীয়ে অসমৰ সীমা অধিগ্ৰহণ কৰাৰ বাবে ৫টা চেক্টৰত চেষ্টা চলাই আহিছে৷ শপত গ্ৰহণৰ পিছতে মই মিজোৰামৰ মুখ্যমন্ত্ৰীক ফোন কৰিছিলো৷ ৭ জুনত দিল্লীত দুয়োখন ৰাজ্যৰ মুখ্য সচিব পৰ্যায়ত বৈঠক হৈছিল৷ কিন্তু মিজোৰামৰ মুখ্য সচিবে অসমৰ প্ৰস্তাব বিৰোধিতা কৰে৷ পৰৱৰ্তী পৰ্যায়ত হাইলাকান্দি, কৰিমগঞ্জ, শিলচৰৰ বিভিন্ন ঠাইত মিজোৰামৰ পৰা নতুনকৈ আগ্ৰাসন হয়৷ আধা ঘণ্টাৰো বেছি সময় কালি অসম আৰক্ষীৰ ওপৰত নিৰ্বিচাৰে এল এম জিৰে গুলীবৰ্ষণ কৰা হয় মিজোৰামৰ ফালৰ পৰা৷ ৪২ জন লোক আহত হয় এই ঘটনাত৷ প্ত জন জেৱান নিহত হয়৷ কালি মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত মই ৬ বাৰ কথা পাতিছো৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীও দুই-তিনিবাৰকৈ কথা পাতিছে৷ নতুনকৈ অসমৰ এক ইঞ্চি মাটিও কোনেও নিব নোৱাৰে৷ আমাৰ পৰা কোনেও মাটি ল’ব পৰা নাই৷ আমাৰ সীমা সম্পূৰ্ণৰূপে সুৰক্ষিত৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত মিজোৰামে নিৰ্মাণ কৰা পোষ্ট চি আৰ পি এফক হস্তান্তৰ কৰা হৈছে৷ মিজোৰাম আৰক্ষী কিন্তু আতৰি যোৱা নাই৷ কালিৰ ঘটনা অতি দুৰ্ভাগ্যজনক৷ নিজৰ দেশৰ মানুহক এল এম জিৰে আক্ৰমণ কৰি হত্যা কৰাৰ পিছত ফূৰ্তি কৰা কাৰ্য কোনেও ভাল পোৱা নাই৷ অসমৰ মানুহক এই ঘটনাই ক্ষোভিত কৰিছে৷ যিকোনো মূল্যৰ বিনিময়ত অসমে নিজৰ সীমা সুৰক্ষিত কৰিব৷ উপগ্ৰহৰ ছবিত বাৰে বাৰে ধৰা পৰিছে যে মিজোৰামে ঘৰ বনাইছে৷ ৰাস্তা বনাইছে৷ গছ কাটিছে৷ শিবিৰ পাতিছে৷ সংৰক্ষিত বনাঞ্চলত এই বেদখল চলাই আছে৷ অসম চৰকাৰে উচ্ছতম ন্যায়ালয়লৈও যোৱাৰ সিদ্ধান্ত লৈছে যাতে সংৰক্ষিত বনাঞ্চলৰ এক ইঞ্চি মাটিও কোনেও বেদখল কৰিব নোৱাৰে৷ অমিত শ্বাহৰ উপস্থিতিত শ্বিলঙতো আলোচনা হৈছে সীমা সমস্যাকলৈ৷ সংৰক্ষিত বনাঞ্চলক কেন্দ্ৰ কৰি এই সংঘাট হৈছে৷ ভূমিক লৈ হোৱা নাই৷ অৰ্থনৈতিক অবৰোধৰ প্ৰশ্নই নুঠে অসমৰ ফালৰ পৰা৷ কিন্তু আমি আমাৰ ভূমি নিদিও৷ অসমীয়া আৰু মিজোৰ মাজৰ এইটো সংঘাট নহয়৷ এই সংঘাত চীন আৰু ভাৰতৰ মাজৰ সীমা সংঘাট নহয় এইটো৷ আমি মৰিব পাৰো, কিন্তু নিজৰ ভূমি এৰি নিদিও৷ অসমৰ সীমাত গুলীয়া গুলীৰ ঘটনা হৈছে৷ গুলীয়াগুলীৰ ঘটনাত মিজোৰামৰ বহু সাধাৰণ লোক জড়িত আছে৷ তেওঁলোকে বন্দুক কৰ পৰা পালে৷ বিষয়টো অসম চৰকাৰে তদন্ত কৰিব৷ সেই সংৰক্ষিত বনাঞ্চলত কোনো ধৰণৰ বাংলাদেশী নাগৰিক নাই৷ মিজোৰামত মানুহ একত্ৰিত৷ অসমৰ মানুহো ঐক্যবদ্ধ হোৱা উচিত৷ আমি ইয়াক লৈ ৰাজনীতি কৰা উচিত নহয়৷ কালি দিনৰ ১১.৩০ৰ পৰা বিয়লি ৪.৩০ বজালৈ মই মিজোৰামৰ মুখ্যমন্ত্ৰীৰসৈতে কথা পাতিয়ে আছো৷ আমাৰ মানুহে মৰিব পাৰে কিন্তু আমাৰ সাংবিধানিক সীমা আমি ৰক্ষা কৰিমেই৷ ম্যানমাৰৰ পৰা অহা বহু শৰণাৰ্থী ডিমা হাচাও জিলাত সোমাব বিচাৰছিল৷ আমি বাধা দিছো৷ মিজোৰামৰ পৰা বৰাক উপত্যাকা হৈ অসমলৈ ড্ৰাগছ আহে৷ এই ড্ৰাগছ পাঞ্জাবলৈ যায়৷ এইটো বন্ধ কৰি দিছো৷ শেহতীয়াভাৱে আমি গৰুৰ সৰবৰাহ বন্ধ কৰি আইন আনিছো৷ এনে ঘটনাই বহুতৰে মনত ক্ষোভৰ সৃষ্টি কৰিব পাৰে৷ কিন্তু আমাৰ মাটি কাকো ল’ব নিদিও৷ উচ্ছতম ন্যায়ালয়ত মিজোৰামে উত্তৰ দিব লাগিব৷ অসমে প্ৰতি আক্ৰমণ নকৰে৷ আমি আমাৰ সীমাত থাকিম৷ উল্লেখ্য, ধলাই সমষ্টিৰ বিধায়ক তথা বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই দাবী কৰিছে যে মিজোৰাম আৰক্ষীয়ে আমাৰ আৰক্ষীলৈ লক্ষ্য কৰি আধা ঘণ্টা গুলী চলালে৷ আমি শিলগুটি এটাও মাৰি নাপালোঁ৷