Logo
image

‘চুক্তি’ৰ পাছতে পুনৰ চৰমত অসম-মিজো সংঘাত

আমাৰ অসম, ২৯ জুলাইঃ বুজাবুজি চুক্তিৰ পাছতেই উত্তেজনাৰ চৰম পৰ্যায়ত উপনীত হৈছে অসম আৰু মিজোৰামৰ সীমা সংঘাত৷ মিজোৰামৰ অপ্ৰৰোচিত আক্ৰমণত অসম আৰক্ষীৰ কেইবাজনো জোৱানে প্ৰাণ আহুতি দিয়াৰ ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে দুয়োখন ৰাজ্যৰ মুখ্য সচিবৰ মাজত আলোচনাৰ দিহা কৰে৷ বুধবাৰে নতুন দিল্লীত আলোচনা অনুষ্ঠিত হয়, বুজাবুজি চুক্তি স্বাক্ষৰিত হয়৷ কিন্তু ইয়াৰ পাছতে মিজোৰামৰ এজন সাংসদৰ অসম আৰু অসমীয়াবিৰোধী মন্তব্যই গোটেই বিষয়টোৰ নতুন ৰূপ দিলে৷ বুজাবুজি চুক্তিৰ ফলত উত্তেজনা কমক চাৰি বৃদ্ধিহে পালে৷ ইফালে, ক’ভিডৰ অজুহাতত মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া বৈঠকত ভাগ ল’বলৈ অস্বীকাৰ কৰাত সমগ্ৰ ঘটনাৱলীত মিজোৰামৰ প্ৰৰোচনা আৰু ষড়যন্ত্ৰ অধিক স্পষ্ট হৈ পৰে৷ এনে সময়তে অসম আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱা মিজোৰামৰ লোকৰ সম্ভেদ দিওতালৈ পুৰস্কাৰ ঘোষণা কৰিছে অসম আৰক্ষীয়ে৷ কেৱল সেয়েই নহয়, অসমীয়াক পুনৰ গুলীওৱাৰ ভাবুকি দিয়া মিজোৰামৰ এজন ৰাজ্যসভাৰ সাংসদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ উপৰি সাংসদজনক গ্ৰেপ্তাৰ কৰিবলৈ অসম চৰকাৰৰ নিৰ্দেশত অসম আৰক্ষীয়ে নতুন দিল্লীলৈ প্ৰেৰণ কৰিছে চি আই ডিৰ বিশেষ দল৷ অৱশ্যে সংসদৰ অধিৱেশন চলি থকাৰ সময়ত এজন সাংসদক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰিবনে নাই সেয়া এই মুহূৰ্তত বহুমূলীয়া প্ৰশ্ন হৈ পৰিছে৷ উল্লেখ্য, অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ গুলীত অসম আৰক্ষীৰ ছজনকৈ জোৱান নিহত হোৱাৰ লগতে ৩৫জন জোৱানসহ ৬৫জন লোক আহত হোৱা ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ তৎসত্ত্বেও সমগ্ৰ বিষয়টোক লৈ আকোঁৰগোজ হৈ আছে মিজোৰাম চৰকাৰ৷ মিজোৰাম চৰকাৰে গোটেই ঘটনাটোক অন্য ৰূপ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু অসম আৰক্ষীৰ প্ৰৰোচনাৰ বাবে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱা বুলি কোৱাৰ প্ৰয়াস কৰিছে৷ অসম আৰু মিজোৰামৰ শাসক দল নেডাৰ অংশীদাৰ হোৱা সত্ত্বেও অসমৰ প্ৰসংগত মিজোৰামে মিথ্যাচাৰৰ আশ্ৰয় লৈছে৷ সেইবাবেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ-আমন্ত্ৰণ কৌশলেৰে প্ৰত্যাখ্যান কৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই৷ বুধবাৰে নতুন দিল্লীত দুই ৰাজ্যৰ মুখ্য সচিবৰ মাজত আলোচনা অনুষ্ঠিত হয়৷ এই আলোচনাত অসম-মিজোৰাম সীমান্তত নিৰপেক্ষ বাহিনী মোতায়েন কৰাৰ সিদ্ধান্ত লোৱা হয় যদিও সকলোৱে, বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে এই কথা ভালদৰেই জানে যে বিষয়া পৰ্যায়ৰ আলোচনাই অসম-মিজোৰামৰ সীমা সংঘাত সমাধান কৰিব নোৱাৰে৷ ইয়াৰ বাবে প্ৰয়োজন হ’ব ৰাজনৈতিক আলোচনাৰ৷ সেইবাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাক নতুন দিল্লীলৈ মাতি পঠিয়াই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহৰ আমন্ত্ৰণ সাদৰেৰে গ্ৰহণ কৰে যদিও ক’ভিডৰ দোহাই দি অমিত শ্বাহৰ আমন্ত্ৰণ কৌশলেৰে প্ৰত্যাখ্যান কৰে জোৰাম থাংগাই৷ অৰ্থাৎ মিজো সীমান্তত শান্তিৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ ৰূপে জোৰাম থাংগাৰ তৰফৰ পৰা থিয় কৰোৱা হৈছে ক’ভিডক৷ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা টুইটযোগে সদৰী কৰা হৈছে যে ক’ভিডৰ এছ অ’ পি ভংগ কৰি ক’লৈকো নাযায় মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা৷ টুইটটোত লগতে কোৱা হয় যে মুখ্যমন্ত্ৰী জোৰাম থাংগা এজন ক’ভিড পজিটিভৰ সংস্পৰ্শলৈ অহাৰ বাবে কোৱাৰেণ্টিনত আছে৷ গতিকে তেওঁ চৰকাৰী বা বেচৰকাৰী সকলো কাৰ্যসূচী বাতিল কৰিছে৷ ক’ভিডৰ অজুহাতত জোৰাম থাংগাই অমিত শ্বাহৰ নিৰ্দেশ অমান্য কৰি নতুন দিল্লী যাত্ৰা বাতিল কৰা কাৰ্যই স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ অৱশ্যে ৰাজনৈতিক কাৰণতে মিজোৰামৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কথা চিন্তা কৰি কাম কৰিছে৷ ক’ভিডক আশ্ৰয় কৰি জোৰাম থাংগাই গ্ৰহণ কৰা কৌশলী স্থিতিৰ বাবেই নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ মাজত অনুষ্ঠিত হ’বলগীয়া ত্ৰিপাক্ষিক বৈঠক কাৰ্যতঃ বাতিল হ’ল৷ কাৰণ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই ক’ভিডৰ অজুহাতত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ত্ৰিপাক্ষিক বৈঠকত উপস্থিত থাকিবলৈ অস্বীকাৰ কৰিলে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে কাৰ্যতঃ অসম-মিজোৰাম সীমান্তত শান্তি স্থাপনৰ পথ সাময়িকভাৱে স্তব্ধ হৈ পৰিল৷ কাৰণ বিষয়া পৰ্যায়ৰ আলোচনাই সমস্যাৰ সমাধান কৰিব নোৱাৰে৷ সমস্যাৰ সমাধানৰ বাবে ৰাজনৈতিক আলোচনাৰ কোনো বিকল্পও নাই৷ ইফালে, অসম-মিজোৰাম সীমান্তত সংঘটিত ঘটনাক লৈ কঠোৰভাৱে সমালোচিত হৈছে মিজো আৰক্ষী আৰু মিজোৰাম চৰকাৰ৷ মিজোৰামৰ মুখ্যমন্ত্ৰীজনে সমালোচনাৰ ভয়তে নতুন দিল্লীলৈ যাব বিচৰা নাই বুলি চৰ্চিত হৈছে৷ বৰাকৰ পৰিস্থিতি সন্দৰ্ভত অনুধাৱন কৰি গৃহ মন্ত্ৰণালয় নিশ্চিত হয় যে অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত আমোলা পৰ্যায়ত সমস্যা সমাধান কৰিব পৰা হৈ থকা নাই৷ ইয়াৰ পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাক দিল্লীলৈ তলব কৰিছিল৷ এই কথা বুজি পায়েই অমিত শ্বাহৰ মুখামুখি হোৱাৰ ভয়ত ক’ভিডৰ গইনা লৈ দিল্লীলৈ যাবলৈ অস্বীকাৰ কৰিলে মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে৷ ইফালে, অসম-মিজোৰাম সীমান্তত শেহতীয়াভাৱে সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে লাইলাপুৰৰ পৰা ভাইৰেংটে পথৰ চাৰি কিলোমিটাৰত নিৰপেক্ষ নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ উদ্যোগত এই সন্দৰ্ভত অসম-মিজোৰামৰ আমোলা পৰ্যায়ত এখন চুক্তি সম্পাদিত হয়৷ অসম আৰু মিজোৰাম চৰকাৰৰ উপৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ইয়াৰ বাবে সন্মতি প্ৰকাশ কৰিছে৷

অসম-মিজোৰাম সীমান্তৰ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু অসম আৰক্ষীৰ

কাছাৰৰ অসম-মিজোৰাম সীমান্তত সংঘটিত মিজো আৰক্ষীৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে মঙলবাৰে এটা গোচৰ ৰুজু কৰিছে৷ কাছাৰ জিলাৰ ধলাই থানাৰ অন্তৰ্গত লাইলাপুৰত মিজো আৰক্ষীৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৪/১২০ [বি] /১৫৩ [এ]/৪৪৭/৩৩৬/৩৭৯/৩৩৩/৩০৭/৩০২/৪২৭ ধাৰাৰ অধীনত ২৩৬/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে৷ পঞ্চম অসম আৰক্ষী বেটেলিয়নৰ জোৱান পাত্ৰিক ৰংহাঙৰ এজাহাৰৰ ভিত্তিত ৰুজু কৰা হৈছে উক্ত গোচৰ৷ ইতিমধ্যে উক্ত গোচৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ধলাই থানাৰ আৰক্ষীয়ে৷ ৰংহাঙে দাখিল কৰা এজাহাৰত উল্লেখ কৰা হৈছে যে ২৫ জুলাইত শিলচৰৰ ডি এফ অ’ই কাছাৰৰ আৰক্ষী অধীক্ষকক অৱগত কৰিছিল যে অসমৰ বনাঞ্চলত কতৃৰ্ত্বহীনভাৱে পথ নিৰ্মাণ কৰি আছে মিজোৰামে৷ মিজোৰাম আৰক্ষীয়ে অসমৰ বনাঞ্চলত অস্থায়ী আৰক্ষী শিবিৰো পাতিছে৷ এই তথ্য লাভ কৰি কাছাৰ জিলা প্ৰশাসনৰ নেতৃত্বত এটা দল চ্ছ জুলাইত উক্ত স্থানলৈ যায়৷ উক্ত দলটোৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে লগত থাকে  শীৰ্ষ আৰক্ষী বিষয়া অনুৰাগ আগৰৱালা সমন্বিতে এটা বৃহৎ দল৷ এই বিষয়ে পৰ্যৱেক্ষণ কৰিবলৈ যোৱা সময়ত দেখা যায় যে মিজোৰাম আৰক্ষীয়ে উক্ত এলেকাত ৩৫-৪৫ টা শিবিৰ পাতিছে৷ এই সন্দৰ্ভত অসম আৰক্ষী আৰু মিজোৰাম আৰক্ষীৰ আলোচনা চলি থকাৰ সময়ত অসম আৰক্ষীক উদ্দেশ্যি নিৰ্বিচাৰ গুলী চলায় মিজো আৰক্ষীয়ে৷ কাছাৰৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলবাৰে অযথা গুলী চলোৱা বন্ধ কৰিবলৈ বাৰাম্বাৰ অনুৰোধ জনায়৷ তাৰ পাছতো গুলী চলাই যায় মিজো আৰক্ষীয়ে৷ এই গুলীচালনাত অসম আৰক্ষীৰ ৬জন জোৱান নিহত হোৱাৰ লগতে আৰক্ষী জোৱান আৰু সাধাৰণ ৫৩ জন লোক আহত হয়৷ তদুপৰি মিজো আৰক্ষীয়ে কেইবাখনো যান-বাহন ধবংস কৰাৰ লগতে অসম আৰক্ষীৰ শিবিৰৰ সামগ্ৰীসহ বিভিন্ন সম্পত্তি লুট কৰি নিয়ে৷ সন্দেহ কৰা হৈছে যে মিজো আৰক্ষীয়ে ষড়যন্ত্ৰমূলকভাৱে আক্ৰমণ চলাইছে অসম আৰক্ষীৰ ওপৰত৷ অসম-মিজোৰাম সীমান্তৰ শান্তিৰ স্বাৰ্থত উক্ত ঘটনা সন্দৰ্ভ নিৰপেক্ষ তদন্ত কৰা প্ৰয়োজন৷

মিজো আৰক্ষীৰ গুলীত আহত ৫ আৰক্ষীৰ জি এম চি এইচত খবৰ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

কাছাৰৰ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো আৰক্ষীৰ গুলীত আহত প্ত আৰক্ষীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱাৰ পাছত বুধবাৰে জি এম চি এইচত উপস্থিত হৈ তেওঁলোকৰ স্বাস্থ্যৰ খবৰ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ মিজোৰাম সীমান্তৱৰ্তী কাচাৰ জিলাৰ লাইলাপুৰত সংঘটিত গুলীচালনাৰ ঘটনাত আহত অসম আৰক্ষীৰ পাঁচগৰাকী বীৰ জোৱানক উন্নত চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত শিলচৰৰ পৰা এয়াৰ এম্বুলেন্সৰে গুৱাহাটীলৈ আনি জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল৷ তেওঁলোকৰ মাজৰে দুগৰাকী গোপেশ্বৰ সিনহা আৰু অচিত কান্তি দাসক যোৱা নিশাই জিএমচিএইচত ভৰ্তি কৰোৱাৰ পাছত আজি বিয়লি নগেন মেচ, দীপাংকৰ বৰা আৰু ৰামজী চৌহানকো ৰাজ্যৰ অগ্ৰণী চিকিৎসালয়খনলৈ স্থানান্তৰ কৰা হয়৷ জিএম চিএইচত ইতিমধ্যে বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত তেওঁলোকৰ জৰুৰী চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বুধবাৰে পুৱাৰ ভাগত জিএমচিএইচলৈ গৈ মিজোৰাম সীমান্তত আহত অসম আৰক্ষীৰ সাহসী জোৱানকেইগৰাকীৰ চিকিৎসাৰ বাবে জিএমচিএইচৰ ফালৰ পৰা গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ লোৱাৰ লগতে যোৱা নিশাই চিকিৎসালয়খনত ভৰ্তি কৰা গোপেশ্বৰ সিনহা আৰু অচিত কান্তি দাসক দেখা কৰি দুয়োগৰাকী আহত জোৱানৰ খবৰ লয়৷ চিকিৎসাধীন আহত জোৱান দুগৰাকীক দেখা কৰাৰ সময়ত স্বাস্থ্যমন্ত্ৰীজনৰ সৈতে আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য আৰু জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাও৷ এই বীৰ জোৱানসকলৰ বাবে প্ৰয়োজনীয় জৰুৰী চিকিৎসা সেৱা আগবঢ়াবলৈ মন্ত্ৰী মহন্তই চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু জিএম চিএইচৰ অধীক্ষকক নিৰ্দেশ দিয়ে৷ ইফালে,  শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা অসম আৰক্ষীৰ এই বীৰ জোৱান কেইগৰাকীক পুনৰ সুস্থ কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো ধৰণৰ জৰুৰী চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত লোৱাৰ বিষয়ে স্বাস্থ্যমন্ত্ৰী মহন্তই সদৰি কৰিছে৷ মিজোৰাম সীমান্তৰ গুলীচালনাৰ ঘটনাত আহত অসম আৰক্ষীৰ বিষয়া-জোৱানসকলৰ সাহস আৰু কৰ্তব্যনিষ্ঠাৰ শলাগ লৈ মন্ত্ৰীজনে তেওঁলোকৰ দ্ৰুত আশু আৰোগ্য কামনা কৰিছে৷