Logo
image

কেতিয়া খুলিব আন্তঃজিলা যাতায়াত? ৰাজ্যত অনিশ্চয়তা

অমাৰ অসম, ২৯ জুলাইঃ ক’ভিড পৰিস্থিতি সামান্য উন্নত হোৱাত ৰাজ্যজুৰি ক’ভিড বিধি বহু শিথিল কৰিছে যদিও এতিয়ালৈ আন্তঃজিলা যাতায়াত খুলি দিয়া নাই৷ যাৰ বাবে বিভিন্ন জিলাত আৱদ্ধ একাংশ লোক ভয়ংকৰ সমস্যাত পৰাই নহয়, চিকিৎসাজনিত কাৰণত আন্তঃজিলা যাতায়াত কৰিবলগীয়া ৰোগীসকলেও দুৰ্যোগৰ মুখামুখি হৈছে৷ অৱশ্যে আন্তঃজিলা যাতায়াত বন্ধ থকাৰ মাজতে একাংশ লোকে ৰে’লেৰে এখন জিলাৰ পৰা আন এখন জিলালৈ বাধাহীনভাৱে যাতায়াত কৰা পৰিলক্ষিত হৈছে৷ তৎস্বত্বেও এই মুহূৰ্তত নাগৰিকৰ এটাই প্ৰশ্ন-কেতিয়া খুলিব আন্তঃজিলা যাতায়াত? কিয়নো আন্তঃজিলা যাতায়ত খোলাৰ ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰস্পৰ বিৰোধী বক্তব্যক লৈও নাগৰিকসকল বিবুধিত পৰিছে৷ মুখ্যমন্ত্ৰীৰ মতে ১৫ আগষ্টৰ পূৰ্বে আন্তঃজিলা যাতায়াত খুলি দিয়া নহয় যদিও স্বাস্থ্যমন্ত্ৰীৰ মতে অহা সপ্তাহৰ পৰা আন্তঃজিলা যাতায়ত খোল খাব৷ এনে বিপৰীত বক্তব্যয়ে ৰাইজক ভবাই তোলে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ কথা আৰু কামৰ কোনো সমন্বয় নাই৷ বহুক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে ওলোটা পদক্ষেপহে লোৱা দেখা যায়৷ বুধবাৰে সাংবাদিকৰ আগত ক’ভিড পৰিস্থিতি অৱগত কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়–‘ৰাজ্যত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পাইছে৷ দৈনিক সংক্ৰমণৰ সংখ্যা ১,৫০০ৰ তললৈ আহিছে৷ মৃত্যুৰ হাৰ হ্ৰাস পাইছে৷ ১ কোটি ড’জৰ ওপৰত ভেকচিন দিয়া হৈছে৷ আশা কৰিছো এসপ্তাহৰ ভিতৰত ৰাজ্যত এটা ভাল পৰিৱেশ পাম৷ এই সপ্তাহত আন্তঃজিলা যাতায়াতৰ কোনো শিথিলতা নাহে৷ অহা সপ্তাহতে আন্তঃজিলা যাতায়াতৰ সিদ্ধান্ত লোৱা হ’ব৷ সেয়া পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব৷’ অৱশ্যে আন্তঃজিলা যাতায়াতক লৈ স্বাস্থ্যমন্ত্ৰীৰ এই বক্তব্যৰ বিপৰীতে ২২ জুলাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৫ আগষ্টৰ পাছতহে আন্তঃজিলা যাতায়াতত খোলা হ’ব বুলি মন্তব্য কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে লগতে ১৫ আগষ্টৰ পাছত সপ্তাহটোৰ এদিন বা দুদিন যাতায়াত খুলি দিয়াৰ কথাও সদৰী কৰিছিল৷ পৰ্যায়ক্ৰমেহে ৩ দিন-৪ দিনকৈ আন্তঃজিলা যাতায়াত মুকলি কৰাৰ কথা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ অৱশ্যে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে যিয়েই মন্তব্য নকৰক লাগে বৰ্তমানৰ এছ অ’ পি অনুসৰি ৩১ জুলাইলৈ আন্তঃজিলা যাতায়াত খোল নাখাব৷ অৱশ্যে আন্তঃজিলা যাতায়াত বন্ধ থকাৰ মাজতে বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ১,২৭৬জন লোক৷ কামৰূপ মহানগৰত ১৬১জন, গোলাঘাটত ৯৮জন, লখিমপুৰত ৯৫জন আৰু নগাঁৱত ৬৬জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ আনহাতে, বুধবাৰৰ দিনটোত ২১জন ক’ভিড ৰোগীৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷