Logo
image

ৰাজ্যৰ এই জনগাঁথনিৰ বাবে ফখৰুদ্দিন, ছাদুল্লা দায়ী! মুখ্যমন্ত্ৰী

আমাৰ অসম, ২৯ জুলাইঃ ‘দেৱকান্ত বৰুৱা, ফখৰুদ্দিন আলী আহমেদ, মইনুল হক চৌধুৰীৰ আগমণত নিস্প্ৰভ হৈছিল বহু জ্যেষ্ঠ কংগ্ৰেছী৷ আনহাতে, অসমৰ তদানীন্তন প্ৰধানমন্ত্ৰী ছৈয়দ ছাদুল্লাৰ বাবেই সলনি হৈছিল অসমৰ মানচিত্ৰ৷ ৰাজ্যৰ বৰ্তমানৰ জনগাঁথনিৰ বাবে ফখৰুদ্দিন আলী আহমেদ আৰু ছৈয়দ ছাদুল্লাই জগৰীয়া৷ ছাদুল্লাৰ দুবছৰীয়া কাৰ্যকালত পমুৱা মুছলমানেৰে ভৰি পৰিছিল অসম৷ ছাদুল্লাই লোৱা সিদ্ধান্তই অসমৰ ক্ষতি কৰিছে৷ তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈয়ে কোৱা কথা আজি আমি ক’লে আমাক সাম্প্ৰদায়িক বুলি কয়৷’– এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ বুধবাৰে গুৱাহাটীৰ ভৰলুমুখস্থিত দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ ‘দেশভক্তি দিৱস’ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অন্যতম কান্দাৰীৰূপে দেশভক্ত তৰুণৰাম ফুকনক স্মৰণ কৰে৷ এই আন্দোলনৰ পটভূমি আছিল কংগ্ৰেছৰ পাণ্ডু অধিৱেশন৷ ভাষণ প্ৰসংগত ফুকনৰ লগতে গোপীনাথ বৰদলৈ, দেৱেশ্বৰ শৰ্মা, পুষ্পলতা দাস, বিষ্ণুৰাম মেধিৰ প্ৰসংগও টানি আনে মুখ্যমন্ত্ৰীয়ে৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন আৰু আদৰ্শৰাজি সম্পৰ্কে জনসাধাৰণক অধিক সজাগ কৰা আৰু ৰাষ্ট্ৰীয়তাবাদী ধাৰণাৰে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে চৰকাৰে প্ৰতি বছৰে ২৮ জুলাই দিনটো ‘দেশভক্তি দিৱস’ হিচাপে পালন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ ‘দেশভক্তি দিৱস’ৰ আয়োজনে ইতিহাসৰ বহু অৱহেলিত অধ্যায় লোকচক্ষুৰ সন্মুখলৈ আনিবলৈ সক্ষম হ’ব৷ দেশভক্ত তৰুণৰাম ফুকন আৰু  কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ৰাজ্যখনত দেশৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম পথিকৃৎ আছিল৷ প্ৰাদেশিক কংগ্ৰেছৰ সভাপতি হিচাপে ৰাজ্যত তৰুণৰাম ফুকনে স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব বহন কৰাৰ লগতে তেওঁ ১৯২১ চনৰ গান্ধীজীৰ অসম ভ্ৰমণ তথা দেশৰ স্বাধীনতা আন্দোলনত বহু দিশৰ পৰা গুৰুত্বপূৰ্ণৰূপে বিবেচিত ১৯২৬ চনৰ কংগ্ৰেছৰ পাণ্ডু অধিৱেশনৰ মূল চালিকা শক্তি আছিল৷ দেশভক্ত তৰুণৰাম ফুকনক এগৰাকী দূৰদৰ্শী নেতা আছিল৷ তেওঁ সদায় ৰাজ্যবাসীৰ স্বাৰ্থৰ হকে থিয় দিছিল৷ কংগ্ৰেছ নেতৃত্বৰ সৈতে হোৱা মত বিৰোধৰ বাবে দল ত্যাগ কৰি ১৯৩৬ চনত তেওঁ ‘অসম জন সংঘ’ গঠন কৰিছিল৷ কংগ্ৰেছ দলে দেশভক্তৰ দূৰদৃষ্টি উপলব্ধি কৰি যদিহে সেই সময়তে প্ৰাদেশিক চৰকাৰত অংশ লোৱাত সন্মতি প্ৰদান কৰিলেহেঁতেন তেন্তে ৰাজ্যৰ ইতিহাস আৰু জনগাঁথনি আজি সম্পূৰ্ণ পৃথক হ’লহেঁতেন৷ দেশভক্তই যোগ্য সন্মানৰ পৰা অতবছৰে বঞ্চিত হৈ ৰ’ল৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজিৰকাই কয় যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত চৰকাৰৰ অষ্টমখন কেবিনেট বৈঠকত প্ৰতিবছৰৰ ২৮ জুলাইত দেশভক্তি দিৱস আয়োজনৰ সিদ্ধান্ত লোৱা হৈছিল যাতে এই দিৱসে দেশভক্তগৰাকীৰ  স্বাধীনতা সংগ্ৰামলৈ আগবঢ়োৱা অৱদান আৰু ৰাজ্যৰ সমাজ জীৱনত তেওঁৰ ভূমিকাৰ বিষয়ে অধিক জন সজাগতা বিয়পোৱাৰ পৰিৱেশ ৰচনা কৰে৷ মন্ত্ৰী হাজৰিকাই কয় যে সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে অনুষ্টুপীয়াকৈ এই বছৰ জনতা ভৱন আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়সমূহৰ লগতে ৰাজ্যিক পৰ্যায়ত গুৱাহাটীৰ ভৰলুমুখত দেশভক্তি দিৱস আয়োজন কৰিছে৷ বুধবাৰৰ অনুষ্ঠানত দেশভক্তৰ নাতি হেমেন্দ্ৰ ৰাম ফুকনে বক্তব্য প্ৰদান কৰি মহান স্বাধীনতা সংগ্ৰামীগৰাকীৰ ঘটনা বহুল জীৱনৰ বহু অদেখা অধ্যায়ৰ কথা উল্লেখ কৰে৷ আনহাতে ‘দেশভক্তি দিৱস’ৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰীয়ে ভৰলুমুখৰ তৰুণৰাম ফুকন উদ্যানত দেশভক্ত গৰাকীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি জ্ঞাপন কৰি শ্ৰদ্ধা নিবেদন কৰে৷ ইপিনে, সমগ্ৰ ৰাজ্যৰ লগতে অসম সচিবালয়তো আদি দেশভক্তি দিৱস পালন কৰা হয়৷ চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে জনতা ভৱন প্ৰাংগণত অনুষ্ঠিত কৰা দেশভক্তি দিৱসত দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত পুষ্পঞ্জলি অৰ্পন কৰে৷ সাধাৰণ প্ৰশাসনৰ বিভাগৰ যুটীয়া সচিব বুবুল লেখাৰুৱে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত সাধাৰণ প্ৰশাসন, গৃহ আদি বিভাগৰ আয়ুক্ত সচিব এম এচ মণিবন্ধন, শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত প্ৰীতম শইকীয়াই [অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া], মুখ্য সচিবৰ তদাৰকী কোষৰ প্ৰধান সচিব আৰিজ আহমেদ প্ৰমুখ্যে ভালেকেইগৰাকী উচ্ছ পৰ্যায়ৰ বিষয়াই দেশভক্তৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে৷