Logo
image

বাপুজী-২০২০

কাইলৈ তোমাৰ ওপজা দিন

কালি শেষ ৰাতি

বাল্মীকিক মৰাৰ পাছতো

ডিজেল ঢালি 

পুনৰ হত্যা কৰা হ’ল


তেওঁৰ কটা জিভাখনে 

যদি ৰামৰাজ্যৰ স্বৰূপ

নাঙঠ কৰি দেখুৱায়


অন্যায় ভোগ দখলৰ বিৰুদ্ধে

প্ৰভুহঁতৰ দাসে একমুখে

মূৰ তুলি প্ৰশ্ন কৰে বুলি

বন্দুকধাৰী বেৰিকেড নিৰাপত্তা


লৰে বুলি ভেটি

কতনা আয়োগ

বিধে বিধে অনুসন্ধান 

ভেটি ৰক্ষাৰ বেৰা-জাল


নিৰাপত্তাহীন হ’লে

বাল্মীকি সমাজ

নিষ্কণ্টক  হয় 

যুগ যুগৰ ভোগ-দখল


বুকুত ৰত্নাকৰৰ গুলী লৈ 

হাজাৰবাৰ হে ৰাম বুলিলেও

উভতি নাহে ৰাম

স্বৰ্ণখচিত মন্দিৰত যি বন্দী


ভগৱানে সকলোকে

সন্মতি দিয়া হ’লে

কিয় বাৰে বাৰে

মানৱতাৰ অপমান

হাথ্ৰছত কিয় 

মাতৃয়ে বুকু ভুকুয়ায়

অনাকাংক্ষিত চিতাজুয়ে

নমাই অন্ধকাৰ


তাৰ পাছতো তুমি

ওলমি থকা মঞ্চৰ পৰ্দাত

বিজ্ঞাপনৰ বহল পৃষ্ঠাত

প্ৰভু আৰু ডাঙৰীয়াসবৰ

পূৰ্ণাৱয়াব প্ৰতিচ্ছবিৰ

সিটোফালে বৰ অসহায় হৈ...