Logo
image

ভোট জলকীয়া বিদেশলৈ! মোদীৰ টুইট

আমাৰ অসম, ৩০ জুলাইঃ উত্তৰ-পূৱৰ ভোট জলকীয়া লণ্ডন পালেগৈ৷ অচিৰেই লণ্ডনবাসীয়ে লাভ কৰিব বিশ্বৰ¸ সবাতোকৈ জ্বলা থকা ভোটজলকীয়াৰ সোৱাদ৷ দেশৰ বাণিজ্য মন্ত্ৰণালয়ে নাগালেণ্ডৰ পৰা ভোট জলকীয়া লণ্ডনলৈ ৰপ্তানি কৰাৰ বিষয়ে সদৰি কৰিছে৷ ইপিনে উত্তৰ-পূৱবাসীৰ এই সুখবৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইটযোগে অভিনন্দন জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে নিজৰ টুইটত কয়–‘এয়া অতি ভাল খবৰ৷ যিসকলে এই জলকীয়া খাই পাইছে, তেওঁলোকে জানে ভোট জলকীয়াৰ জ্বলা কিমান৷’ একেদৰে কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলেও ভোট জলকীয়া লণ্ডনলৈ ৰপ্তানি হোৱাৰ বিষয়ে  উল্লেখ কৰিছে৷ ভোটজলকীয়াক ‘কিং চিলি’, ‘ৰাজা মিৰ্চ’ বা ‘ঘোষ্ট পেপাৰ’ নামেৰেও জনা যায়৷ কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে নাগালেণ্ডৰ পেৰেন জিলাৰ পৰা গুৱাহাটী হৈ লণ্ডনলৈ ৰপ্তানী কৰা হৈছে ভোট জলকীয়া৷ ইয়াৰ বাবে ভোট জলকীয়াসমূহ পেৰেন জিলাৰ তেনিংগ অঞ্চলৰ পৰা আনি গুৱাহাটীত কৃষি তথা খাদ্য প্ৰাধিকৰণৰ সহযোগত বিশেষভাৱে পেকেজিং কৰা হয়৷ স্মতৰ্ব্য যে এইবিধ জলকীয়াক ২০০৮ চনত জি আই টেগ মাৰ্ক প্ৰদান কৰা হৈছিল৷ শেহতীয়াকৈ Scoville Heat unit (SHU)ৰ জৰিয়তে বিশ্বৰ কেইবাখনো দেশৰ জলকীয়াৰ জ্বলা সম্পৰ্কে পৰীক্ষা চলোৱা হৈছিল৷ উক্ত পৰীক্ষাত নাগালেণ্ডৰ ভোট জলকীয়া বিশ্বৰ ভিতৰতে সবাতোকৈ জ্বলা থকা জলকীয়া ৰূপে বিবেচিত হয়৷ জানিব পৰা মতে লণ্ডনৰ পাছতে বিশ্বৰ আন কেইবাখনো দেশত নাগালেণ্ডৰ ভোট জলকীয়া ৰপ্তানি হ’ব৷ ইয়াৰ বাবে ইতিমধ্যে নাগালেণ্ডৰ ৰাজ্যিক কৃষি বিপণন পৰিষদে কাম আৰম্ভ কৰিছে৷