Logo
image

বৰাক উত্তপ্ত

আমাৰ অসম, ৩০ জুলাইঃ অসম মিজোৰাম সীমান্তত বৰ্তমানো অব্যাহত আছে উত্তেজনা৷ মিজোৰ গুলীচালনাত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত বহু আৰক্ষী বৰ্তমানেও চিকিৎসাধীন হৈ আছে৷ লাইলাপুৰৰ সীমান্ত আতংকৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হৈছে অসমৰ সৰ্বসাধাৰণ লোক৷ আনহাতে আজিও লায়লাপুৰৰ বহু স্থানীয় লোক ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ পাছত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অভিভাবক মন্ত্ৰী অশোক সিংঘালে উত্তেজিত লোকৰে আলোচনাত মিলিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনলৈ আনে৷ এই লোকসকলে লাইলাপুৰ আৰক্ষী চকীৰ সন্মুখত আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ আনহাতে  লাইলাপুৰত মিজো আৰক্ষীৰ গুলী চালনা আৰু অসমৰ ৬ জন লোকৰ মৃত্যুৰ ঘটনাৰ প্ৰতিবাদ জনাই শিলচৰৰ সোণাই ৰ’ডৰ মিজোৰাম হাউছ ঘেৰাও কৰি পথ অৱৰোধ কৰে বৰাক যুৱ সমাজে৷ ‘‘এক দেশ এক আইন’ অনুসৰি মিজোৰামৰ ইনাৰ লাইন পাৰমিট বাতিল কৰা,  উগ্ৰপন্থী এক্টৰ অধীনত যি মিজোয়ে গুলীয়াইছে সিহঁতক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা আদি দাবীত লৈ উত্তাল কৰি তোলে মিজোৰাম হাউছ৷  যুৱ সমাজৰ সদস্যই শিলচৰ আইজল ঘাইপথ অৱৰোধ কৰে৷ জিলা প্ৰশাসনৰ তৎপৰতাত এই অৱৰোধ প্ৰত্যাহাৰ হয়৷ অভিযোগ অনুসৰি মিজো দুষ্কৃতিকাৰীৰ তাণ্ডবত ত্ৰিপুৰাৰ পৰা প্ৰায় ২০০০ শৰনাৰ্থী পলায়ন কৰি আহি পাথাৰকান্দিত আশ্ৰয় গ্ৰহণ কৰিছে৷ এই সকল খিলঞ্জীয়া লোক দীৰ্ঘদিন ধৰি ত্ৰিপুৰাত শৰনাৰ্থী হিচাপে আশ্ৰয় লৈ আছে৷ ২৬ জুলাইত মিজো দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে এইসকললোকৰ ঘৰ৷ বিজেপি বিধায়ক কৃষ্ণেন্দু পালৰ উদ্যোগত শৰনাৰ্থীৰূপী খিলঞ্জীয়া লোকসকলক থকাৰ ব্যৱস্থা কৰি দিয়া হৈছে পাথাৰকান্দিত৷  আনহাতে, অসম-মিজোৰামৰ মাজৰ ৰক্তাত্ব সীমা বিবাদৰ ফলত অসমৰ ৰাইজক মিজোৰাম ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰে৷ মিজোৰামত বসবাস কৰা অসমৰ লোক সকলোকো সাৱধানে চলা-ফুৰা কৰিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে৷ উল্লেখ্য, বৃহস্পতিবাৰে লাচিত সেনাই গুৱাহাটীৰ মিজোৰাম হাউচৰ সন্মুখত গামোচা উৰুৱাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ মিজোৰামৰ বিৰুদ্ধে হাইলাকান্দিতো ৰাইজৰ প্ৰতিবাদ অব্যাহত থাকে৷ ক্ষোভিত ৰাইজে মিজোৰামলৈ যোৱা ৰে’লপথ অৱৰোধ কৰাৰ লগতে উঠাই দিয়ে ৰে’ল লাইন৷ ফলত মিজোৰাম-অসমৰ ৰে’ল যোগাযোগ ব্যাহত হৈ পৰে৷

সীমান্তৱৰ্তী অঞ্চলৰ দায়িত্ব লৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অভিভাৱক মন্ত্ৰী অশোক সিংঘল লাইলাপুৰত

লাইলাপুৰ সীমান্তৰ পৰা গৌতম তালুকদাৰঃ চীন আৰু ম্যানমাৰৰ সহায়ত মিজোৰামে অসম-মিজোৰাম আন্তঃৰাজ্যিক কাছাৰ জিলাৰ সীমান্তত উত্তেজনা অব্যাহত৷ সমগ্ৰ লায়লাপুৰ এলেকাত উত্তেজনা বিৰাজ কৰিছে৷ ৰাস্তালৈ ওলাই আহিছে হাজাৰ হাজাৰ ৰাইজ৷ আজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অভিভাৱক মন্ত্ৰী অশোক সিংঘল, বিশেষ ডিজিপি [আইন-শৃঙ্খলা] জি পি সিং সহ এটা প্ৰতিনিধি দল শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয়, বিধায়ক কৌশিক ৰয় লাইলাপুৰলৈ আহে ৷ তেওঁলোকে লাইলাপুৰ পুলিচ পেট্ৰোল পোষ্টত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ  কৰ্মকৰ্তাৰ সৈতে আলোচনাত মিলিত হয়৷ তেওঁলোকে লায়লাপুৰ আৰক্ষী চকীৰ নিলগত উত্তেজিত ৰাইজৰ সৈতেও মত বিনিময় কৰে৷ মন্ত্ৰী অশোক সিংঘলে কয়, আমি অসমৰ এক ইঞ্চি ভূমি এৰি নিদিওঁ৷  আমাৰ সীমা লৈ আমি সচেতন আৰু ইয়াৰ বাবে বিবাদ হ’ব নোৱাৰে৷ অসমে প্ৰতিবেশী ৰাজ্যৰ সৈতে সাংবিধানিক সীমা লৈ কোনো বিবাদ নিবিচাৰে৷  অসমৰ সাংবিধানিক সীমানা সন্দৰ্ভত দ্বিতীয় মত নাই৷ অসমে সীমা সমস্যা শান্তিপূৰ্ণ ও আলোচনাৰ মাজেৰে সমাধান কৰিব বিচাৰে৷  ৰাজ্য চৰকাৰে সীমান্ত সমস্যা লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে সঘনে যোগাযোগ কৰিছে আৰু এই সমস্যা শীঘ্ৰেই সমাধান হ’ব বুলি আশাবাদী৷ আইন -শৃঙখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী কমাণ্ডো বাহিনীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব৷ মিজোৰামৰ কোনো লোকে অসমৰ ভূমিত প্ৰবেশ কৰি যাতে শান্তি বিঘ্নিত কৰিব নোৱাৰে ইয়াৰ বাবে আৰক্ষীয়ে কঠোৰ৷ ইপিনে, অসম-মিজোৰাম বিবদমান সীমান্তৱৰ্তী অঞ্চলৰ দায়িত্ব গ্ৰহণ কৰিছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে৷ চি আৰ পি এফৰ মহাপৰিদৰ্শক চৰবজিত সিং আৰু আৰু সহকাৰী অধিনায়ক এছ কে বাসু সীমান্তৱৰ্তী অঞ্চলত উপস্থিত হৈ কালি এই অঞ্চলটোৰ দায়িত্ব গ্ৰহণ কৰে৷ ইয়াৰ ফলত দুয়োখন ৰাজ্যৰ বিবদমান অঞ্চলৰ পৰা ৰাজ্যৰ আৰক্ষী বাহিনী আতৰাঁই পঠোৱা হয়৷ চি আৰ পি এফে এই অঞ্চলটো সম্পূৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰণত ৰাখিছে৷ মিজোৰামৰ সীমান্তৱৰ্তী কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ অন্তৰ্গত এই বিবদমান অঞ্চলৰ পৰা সীমান্ত নিৰাপত্তা চকী সমূহ উঠাই দিয়া হৈছে৷ উল্লেখ্য যে, হাইলাকান্দিত ১০০০ হেক্টৰ, কাছাৰত ৪০০ হেক্টৰ কৰিমগঞ্জত ৩৭৭ হেক্টৰ অসমৰ ভূমি ইতিমধ্যে মিজোৰামে দখল কৰিছে৷ উল্লেখ্য, গুৰুতৰ ৰূপ ধাৰণ কৰা অসম–মিজোৰামৰ আন্তঃৰজ্যিক সীমা বিবাদ নিৰসনৰ হকে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ অসমৰ লাইলাপুৰ আৰু মিজোৰামৰ ভাইৰেংটিৰ মাজত থকা বিবদমান চাৰি কিলোমিটাৰ এলেকা এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব৷ ইপিনে, অসম আৰু মিজোৰাম সংযোগকাৰী ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিবদমান এলেকাত নিৰপেক্ষ নিৰাপত্তা বাহিনী মোতায়েন কৰা হ’ব৷ নিৰপেক্ষ নিৰাপত্তা বাহিনী মানে চুক্তিখনত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কথা কোৱা হৈছে৷ বিবদমান অঞ্চলটোৰ নিৰাপত্তাৰ দায়িত্বত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ এজন জ্যেষ্ঠ বিষয়াক নিয়োজিত কৰা হ’ব৷ লাইলাপুৰত অনিৰ্দিষ্টকালৰ বাবে অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বিভিন্ন দল সংগঠনে৷

মুখ্যমন্ত্ৰী, চৰকাৰক প্ৰশংসা প্ৰদেশ বিজেপিৰ

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ অসম আৰু মিজোৰামৰ সীমা সংঘাতৰ ক্ষেত্ৰত সংযম, বিচক্ষণতা আৰু দূৰদৰ্শিতাৰে শক্তিশালী পদক্ষেপ লৈ পৰিস্থিতি অসমৰ অনুকূলে অনাৰ লগতে সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশে৷ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই কয়– চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমাৰ সমস্যা কংগ্ৰেছৰ সৃষ্টি৷ এই ক্ষেত্ৰত মূলতঃ কংগ্ৰেছৰ শাসনকালত চৰকাৰ পলায়নবাদী মনোভাৱৰ বাবেই চুবুৰীয়া ৰাজ্যকেইখনৰ বহুলোকে আগ্ৰাসীভাৱে আমাৰ ৰাজ্যৰ হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি আহিছিল৷ মেৰাপানীকে প্ৰমুখ্য কৰি অসম সীমান্তৰ বহু ঠাইত সৰ্বসাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তি হানি হোৱাৰ অলেখ উদাহৰণ ৰাইজে জানে৷ কিন্তু ইয়াৰ বিপৰীতে শাসনভাৰ গ্ৰহণ কৰিয়েই ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে আলাপ-আলোচনাৰ সমান্তৰালভাৱে চৰজমিন প্ৰত্যক্ষ পদক্ষেপৰ জৰিয়তে এই বেদখল মুক্ত কৰি নিজৰ ভূমি ঘূৰাই আনিবলৈ সক্ষম হৈছে৷ বৰ্তমান অসম-মিজোৰামৰ সীমা পূৰ্বৰ স্থিতাৱস্থাত আছে আৰু এক ইঞ্চি মাটিও বেদখলকাৰীয়ে দখল কৰিবলৈ সক্ষম হোৱা নাই৷ কেন্দ্ৰীয় চৰকাৰৰ তদাৰকীত হোৱা দুয়োখন ৰাজ্য চৰকাৰৰ উচ্ছস্তৰীয় বুজাবুজিৰ চুক্তিৰ খচৰাখনতেই প্ৰথমে মিজোৰামে স্বাক্ষৰ কৰিব বিচৰা নাছিল যদিও অৱশেষত ২৮ জুলাইত মিজোৰাম চৰকাৰে এই চুক্তিত স্বাক্ষৰ কৰিবলৈ বাধ্য হ’ল৷ উল্লেখ্য, মিজোৰামে বিবদমান স্থানত স্থাপন কৰা কেম্প, চকী আদিতো তেওঁলোকৰ অধিকাৰ নাথাকিব৷ মিজোৰামৰ গুলীচালনাত প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জনাই মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই লগতে কয়– যি সময়ত অসম আৰক্ষীয়ে সৰ্বোচ্ছ ত্যাগ কৰি সীমা সুৰক্ষিত কৰি আছে, সেই সময়ত তেওঁলোকক সাহস দিয়াৰ পৰিৱৰ্তে কংগ্ৰেছ আৰু বাঁওপন্থীয়ে তুচ্ছ তাচ্ছিল্য কৰাটো অত্যন্ত দুখজনক আৰু ধিক্কাৰজনক৷ কংগ্ৰেছৰ খোদ ৰাজ্যিক সভাপতিয়ে ৰাজহুৱাভাৱে কৈছে যে সৰু সৰু ড্ৰাগ্‌ মাফিয়া, গৰুৰ চোৰাং ব্যৱসায়ীক অসম আৰক্ষীয়ে গুলীয়াব পাৰে, কিন্তু সীমান্তত অসম আৰক্ষীৰ কিয় গুলী নুফুটিল৷ কংগ্ৰেছ দলৰ সভাপতিয়ে মনত ৰখা ভাল যে বাতৰি কাকতত শিৰোনাম পাবলৈ এনে উদ্ভত বক্তব্য দিয়াটো সহজ, কিন্তু চুবুৰীয়া ৰাজ্যৰ সীমান্ততে আক্ৰমণৰ বলি হ’ব বুলি কোনেও নভবা অৱস্থাত, পাহাৰৰ ওপৰৰ পৰা অপ্ৰত্যাশিতভাৱে নিৰ্বিচাৰ গুলীচালনাৰ সন্মুখীন হোৱা অসম আৰক্ষীৰ জোৱানসকলৰ দৰে যুঁজ দিয়াটো সহজ নহয়৷ ড্ৰাগ্‌ বেপাৰীৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰা আৰক্ষী প্ৰশাসন তথা মুখ্যমন্ত্ৰীক অপমান কৰা আদি উদ্ভৎ আচৰণ কৰা কংগ্ৰেছ দল আৰু নৱনিযুক্ত সভাপতিজনে মিজোৰাম প্ৰদেশ কংগ্ৰেছৰ তেওঁলোকৰ সতীৰ্থসকলৰ সৈতে কথা পাতি প্ৰথমে অসমৰ বিৰুদ্ধে কৰা কুৎসা ৰটনা বন্ধ কৰক৷ ২৮ জুলাইত মিজোৰামৰ এক শক্তিশালী চক্ৰই আন্তঃৰাষ্ট্ৰীয় শক্তিৰ লগ লাগি Shame on Assam শীৰ্ষক হেশ্বটেগ তথা শ্ল’গানেৰে ছ’চিয়েল মিডিয়াৰ যোগেদি সমগ্ৰ দেশ তথা বিদেশতো অসমৰ বিৰুদ্ধে চলোৱা মিছা প্ৰচাৰৰ অন্যতম পৃষ্ঠপোষক মিজোৰামৰ কংগ্ৰেছ দলৰ নেতাসকল৷ ভূপেন বৰাই কংগ্ৰেছ দলৰ হৈ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰক৷ প্ৰতিটো নিৰ্বাচনত পৰাজয়বৰণ কৰি অভিলেখ গঢ়া ভূপেন বৰাক কংগ্ৰেছ দলে সভাপতি নিযুক্ত কৰি ইতিমধ্যে গণভিত্তি হেৰুৱাই পেলোৱা দলটো নোহোৱা হৈ যোৱাৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িলে বুলি মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই বক্তব্য প্ৰদান কৰে৷

অসম আৰক্ষীৰ ৬ শ্বহীদ জোৱানলৈ প্ৰদেশ কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশত বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত মিজোৰাম আৰক্ষীৰ গুলীত প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ ৬ জোৱানলৈ শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে অনুষ্ঠিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মৃত জোৱানসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি চাকি, ধূপ প্ৰজ্বলনেৰে এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়৷ অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰ, মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা শৰ্মা, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাজু প্ৰসাদ শৰ্মা আৰু সম্পাদক বালিকা পেগু, মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মীৰা বৰঠাকুৰ, গোপাল শৰ্মা, মনজিৎ মহন্ত প্ৰমুখ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়া তথা মহানগৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷