Logo
image

অৱশেষত কথা হ’ল দুই মুখ্যমন্ত্ৰীৰ মাজত

আমাৰ অসম, ৩১ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশৰ পিছতে অসম-মিজোৰামৰ মাজত সৃষ্টি হোৱা সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত মধ্যস্থতাৰ ভূমিকা গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ আনকি অমিত শ্বাহৰ মধ্যস্থতাতে দুয়োখন ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমা সমস্যা বহুদূৰ সমাধান হোৱাৰ পথত৷ ২৬ জুলাইত মিজোৰাম আৰক্ষী আৰু মিজোৰামৰ একাংশ স্থানীয় লোকে অত্যাধুনিক মাৰণাস্ত্ৰৰে অসম আৰক্ষীৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণ কৰে৷ এই আক্ৰমণত অসম আৰক্ষীৰ ৬জনকৈ জোৱান নিহত আৰু গুৰুতৰভাৱে আহত হয়৷ এই ঘটনা বহুলোক সংসদৰ মজিয়াতো উত্থাপিত হয়৷ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে লোকসভাত আৰু সাংসদ ৰিপুণ বৰাই বিষয়টো ৰাজ্যসভাত সজোৰে উত্থাপন কৰাৰ লগতে সভা স্থগিত প্ৰস্তাৱো উত্থাপন কৰে৷ ইয়াৰ পিছতে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সংসদ ভৱনত থকা কাৰ্যালয় কক্ষলৈ মতাই আনি অসম-মিজোৰাম সীমা সমস্যাৰ সবিশেষ বুজ লয়৷ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিষয়টো ৰাজনৈতিক পৰ্যায়ত সমাধান কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক দায়িত্ব দিয়ে৷ এই আলোচনাৰ সময়ত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীও উপস্থিত আছিল৷ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে অসম-মিজোৰামৰ সীমা সমস্যা ৰাজনৈতিক পৰ্যায়ত সমাধান কৰাৰ পদক্ষেপ গ্ৰহণ কৰে অমিত শ্বাহে৷ ইতিমধ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে কেইবালানি টেলিফোনিক বাৰ্তালাপত মিলিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী৷ সমগ্ৰ বিষয়টো মুখামুখিকৈ আলোচনা কৰি ইয়াৰ সমাধান সূত্ৰ উলিয়াবলৈ দুয়োজন মুখ্যমন্ত্ৰীক তেওঁ নতুন দিল্লীলৈ মাতি পঠিয়াইছিল৷ কিন্তু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ কাৰণে এই বৈঠক মূৰকত স্থগিত হয়৷ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অসম-মিজোৰাম সীমান্তৰ বিবদমান এলেকাত নিৰপেক্ষ বাহিনী নিয়োগ কৰি পৰিস্থিতি নিজৰ নিয়ন্ত্ৰণলৈ নিছে৷ অসম-মিজোৰামৰ সীমা সমস্যা ৰাজনৈতিক পৰ্যায়ত সমাধান কৰাৰ ক্ষেত্ৰত অমিত শ্বাহে আৰম্ভ কৰা পদক্ষেপ ইতিমধ্যে বহুদূৰ আগবাঢ়িছে৷ হয়তো শীঘ্ৰে দুয়োজন মুখ্যমন্ত্ৰীৰে মুখামুখি আলোচনাত মিলিত হ’ব অমিত শ্বাহ৷