Logo
image

ভেনলালভেনা ঘৰত নাই, উভতি অহাৰ পথত অসম আৰক্ষী

আমাৰ অসম, ৩১ জুলাইঃ সংবাদ মাধ্যমৰ আগত অসম আৰক্ষীৰ বিৰুদ্ধে উচটনিমূলক বিবৃতি প্ৰদানেৰে অসমবাসীৰ ৰোষত পৰা মিজোৰামৰ সাংসদ কে ভেনলালভেনাক ১ আগষ্ট পুৱা ১১ বজাৰ ভিতৰত কাছাৰ জিলাৰ ধলাই থানাত হাজিৰ হ’বলৈ  জাননী জাৰি কৰা হৈছে৷ জ্যেষ্ঠ আৰক্ষী বিষয়া বিবেকানন্দ দাসৰ নেতৃত্বত দিল্লীত শেহতীয়াকৈ বাহৰ পাতি থকা অসম আৰক্ষীৰ চি আই ডিৰ এটা দলে আজি সাংসদ ভেনলালভেনাৰ বাবে আবণ্টিত দিল্লীৰ ২৮ মীনা বাগৰ চৰকাৰী বাসভৱনৰ প্ৰৱেশদ্বাৰত জাননীখন ওলমাই আহে৷ অসম আৰক্ষীয়ে যেতিয়া গৈ পাইছিল তেতিয়া ভেনলালভেনাৰ বাসভৱন বন্ধ আছিল৷ অসম আৰক্ষীৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত সাংসদ ভেনলালভেনাই বুধবাৰে সংসদ ভৱনৰ চৌহদত পুনৰ সীমান্তলৈ আহিলে অসম আৰক্ষীৰ সকলোকে মাৰি পেলাব বুলি বিস্ফোৰক মন্তব্য কৰিছিল৷ ইয়াৰ পাছত ধলাই আৰক্ষী চকীত সাংসদজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডাবিধিৰ কেবাটাও ধাৰা আৰু অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়৷ আজি দিল্লীস্থিত ভেনালালভেনাৰ চৰকাৰী বাসভৱনত ওলমাই অহা জাননীখনত স্বাক্ষৰ কৰিছে ধলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কল্যাণ কুমাৰ দাসে৷ ইপিনে বাসভৱনত সাংসদজনক নাপাই অসম আৰক্ষীৰ দলটোয়ে দিল্লীস্থিত মিজোৰাম ভৱনলৈ গৈ ৰাজ্যখনৰ আৱাসিক আয়ুক্তৰ ওচৰত জাননীখনৰ এটা প্ৰতিলিপি দাখিল কৰিব বিচাৰিছিল যদিও বিষয়াজনে উক্ত জাননী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে৷ পাছত সাংবাদিকৰ আগত অসম আৰক্ষীৰ দলটোয়ে কেৱল কয় যে সাংসদজনৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে যদিও এই বিষয়ত এই মুহূৰ্তত বিশদকৈ কব লগীয়া একো নাই৷ জাননীখনত সাংসদজনক কেৱল সোধপোছৰ বাবে ধলাই আৰক্ষী চকীত হাজিৰ হবলৈ অনুৰোধহে কৰা হৈছে৷ সাংসদজনক সম্বোধন কৰা হৈছে মাননীয় কে ভেনলালভেনা হিচাপেও৷ ইপিনে অসম-মিজোৰাম সীমান্তৰ শেহতীয়া হিংসাত্মক ঘটনাকলৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰি সংশ্লিষ্ট সকলো পক্ষক সংযমী হবলৈ আজি আহ্বান জনাইছে উত্তৰপূৰ্বাঞ্চলৰ সাংসদসকলৰ উমৈহেতীয়া মঞ্চ নৰ্থ ইষ্ট এমপিজ ফোৰামে৷ ফৰামৰ হৈ অধ্যক্ষ কিৰেণ ৰিজিজু আৰু মহা সচিব ভিনচেণ্ট পালাই জাৰি কৰা এখন প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে সীমান্তৰ শেহতীয়া দুৰ্ভাগ্যজনক ঘটনাৰ পৰা আমাৰ এতিয়া শিকিবলগীয়া বহুতো আছে৷ সংঘাতে কোনো সমস্যাৰ সমাধান নকৰে, সংঘাতে শেষ পৰ্যন্ত মৃত্যুহে মাতি আনে৷ বন্ধুত্বপূৰ্ণভাৱে আলাপ-আলোচনাৰ জৰিয়তে সীমা বিবাদৰ নিষ্পত্তিৰ বাবে নৰ্থ ইষ্ট এমপিজ ফোৰামে আজি সংশ্লিষ্ট সকলো পক্ষক আহ্বান জনায়৷ আনহাতে অসম আৰক্ষীয়ে ২৬ জুলাইত অসম-মিজোৰাম সীমান্তত অসম আৰক্ষীৰ ওপৰত গুলীচালনা কৰি ৬ জন জোৱানক হত্যা কৰা ঘটনাৰ সৈতে জড়িত লোকৰ সম্ভেদ দিয়া জনক ৫ লাখ টকাৰে পুৰষ্কৃত কৰিব অসম আৰক্ষীয়ে৷ ইয়াৰ সমান্তৰালভাৱে উক্ত ঘটনাৰ সৈতে জড়িত মিজোৰাম আৰক্ষীৰ লোক আৰু সাধাৰণ মিজো লোকৰ চিত্ৰ অংকন কৰিছে অসম আৰক্ষীয়ে৷ যাতে এই লোকসকলক আইনৰ আওতালৈ আনি তেওঁলোকক শাস্তি দিব পৰা যায়৷ উল্লেখ্য যে সংসদৰ অধিৱেশন চলি থকাৰ সূত্ৰে মিজোৰামৰ ৰাজ্যসভাৰ সাংসদজনক অসম আৰক্ষীয়ে জেৰা বা গ্ৰেপ্তাৰ কৰিবলৈ হ’লে প্ৰথমে ৰাজ্যসভাৰ সভাপতি তথা উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ আগতীয়া অনুমতি ল’ব লাগিব৷ ৰাজ্যসভাৰ সভাপতিৰ অনুমতি অবিহনে সাংসদজনক গ্ৰেপ্তাৰ বা জেৰা কৰিব নোৱাৰে অসম আৰক্ষীয়ে৷ যিহেতু ১২ আগষ্টলৈ সংসদৰ অধিৱেশন চলিব সেয়ে অসম আৰক্ষীয়ে তেওঁক এই সময়লৈ গ্ৰেপ্তাৰ বা জেৰা কৰিব নোৱাৰে৷ যাৰ ফলত তেওঁক ধলাই থানালৈ তলবৰ জাননী আৰিয়ে অসম আৰক্ষীয়ে নিজৰ দায়িত্ব সামৰি যোৱা বাটেৰে পুনৰ অসমলৈ উভতি অহাৰ যো-জা চলাইছে৷ সাংসদ ভেনলালভেনাক গ্ৰেপ্তাৰ অবিহনে খালী হাতে দিল্লীৰ পৰা হয়তো উভতি আহিব লাগিব অসম আৰক্ষীৰ দলটো৷

ভোনলালভেনাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত পুনৰ অসম আৰক্ষী প্ৰৱেশ কৰিলে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়া মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভেনলালভেনাৰ বিৰুদ্ধে আজি দুৰ্নীতিবিৰোধী যুৱ শক্তি অসমে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য, মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভেনলালভেনাই সংবাদ মাধ্যমৰ আগত ২৮ জুলাইত অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত পুনৰ অসম আৰক্ষী প্ৰৱেশ কৰিলে গুলীয়াই হত্যা কৰা হ’ব বুলি মন্তব্য কৰিছিল৷ এই মন্তব্যৰ পিছতেই সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ উল্লেখ্য, ২৬ জুলাই অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো আৰক্ষীৰ গুলীত ছজন অসম আৰক্ষীৰ জোৱান নিহত হোৱাৰ লগতে শতাধিক লোক গুলীবিদ্ধ হৈছিল৷ ইপিনে, সাংসদ ভানলাল ভেনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দুৰ্নীতিবিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈ আৰু সম্পাদক বিশ্বজিৎ ভাগৱতীয়ে আৰক্ষী-প্ৰশাসনৰ ওচৰত দাবী জনাইছে৷

অসমৰ মাটি মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তি নহয়ঃ অসম জন মৰ্চা

‘কেন্দ্ৰৰ কথামতে উঠাবহা কৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ, অসমৰ মাটি পৈতৃক সম্পত্তি নহয় যে কেন্দ্ৰই বিচাৰিলেই দি দিব৷ সংবিধানে তেওঁক সেই ক্ষমতা দিয়া নাই৷ ‘এই মন্তব্য আঞ্চলিক ৰাজনৈতিক দল অসম জন মৰ্চাৰ৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম মিজোৰাম সীমান্তত সংঘটিত ঘটনা সন্দৰ্ভত আয়োজিত এক সংবাদমেলত মৰ্চাৰ ৰাজ্যিক সভাপতি চাইফুল ইছলাম চৌধুৰীয়ে এইদৰে কয়৷ সীমান্তত মিজো দুৰ্বৃত্তই অসম আৰক্ষীৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে কৰা এক মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ এইদৰে কয়৷ তেওঁ কয়- ‘সীমা বিবাদত অসমৰ ৬ জনকৈ আৰক্ষী জোৱান শ্বহীদ হ’ল৷ নিজক বচোৱাৰ বাবে শত্ৰুপক্ষৰ আক্ৰমণৰ উত্তৰ দিবলৈ হুকুমৰ বাবে বাট চাই থাকোঁতেই তেওঁলোকে প্ৰাণ বিসৰ্জন দিলে৷ অসমৰ মাজেৰে মিজোৱে ৰাস্তা, পুলিচ পোষ্ট নিৰ্মাণ কৰাৰ পাছতো অসম আৰক্ষী সীমাৰ পৰা আঁতৰি আহিব লগা হ’ল৷ ইমানৰ পিছতো এজন দক্ষ মুখ্যমন্ত্ৰী হৈ ডঃ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে৷ পৰিবৰ্তে ইয়াৰ, তেওঁ কেন্দ্ৰই বিচাৰিলে গুৱাহাটী, নলবাৰী কিয় বৰাক ভেলীও মিজোক দি দিম বুলি কৈছে৷ এইয়া তেওঁৰ দাম্ভিকতা নে কাপুৰুষালি? তেওঁৰ ওপৰত ৰাইজৰ আস্থা থকাৰ বাবেই তেওঁক নিৰ্বাচিত কৰিছিল৷ এতিয়া তেওঁ জাতি- মাটি-ভেটি ৰক্ষাৰ দায়িত্ব লৈ এনেধৰণৰ মন্তব্য কৰিছে৷ আমি ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ৷’

মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত উত্তাল কোক্‌ৰাঝাৰ

বিগত ২৬ জুলাইত কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ অন্তৰ্গত লাইলাপুৰ সংলগ্ন অসম-মিজোৰাম সীমান্তত মিজোৰাম আৰক্ষী আৰু একাংশ মিজো দুষ্কৃতিকাৰীৰ বৰ্বৰ আক্ৰমণত অৰ্ধশতাধিক গুলীবিদ্ধ হোৱাৰ লগতে ৬জন বীৰ জোৱানে মৃত্যুক সাবটি লোৱা ঘটনাৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে কোক্‌ৰাঝাৰ৷ প্ৰকাশ যে, মৃত্যুক সাবটি লোৱা ৬জন বীৰ শ্বহীদ জোৱানসকলক আজি বিটিআৰৰ সদৰ কোক্‌ৰাঝাৰ চহৰত আঠোটাকৈ সংগঠনে একত্ৰিতভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শ্ৰদ্বাঞ্জলি কাৰ্যসূচীত অংশগ্ৰহণকাৰী ছাত্ৰ সংগঠনৰ নেতা-কৰ্মী, জয় আই অসম, মিজো পুলিচ হায় হায়, অসম চৰকাৰ হায় হায় মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক আদি বিভিন্নধৰণৰ শ্লোগানেৰে শ্ৰদ্ধাঞ্জলিথলী উত্তাল কৰি তোলে৷  প্ৰকাশ যে, কোক্‌ৰাঝাৰ চহৰৰ মাজমজিয়াত অৱস্থিত শ্বহীদ বেদী প্ৰাংগণত আয়োজিত উক্ত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ বিটিআৰ সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা, বিটিআৰ চাহ জনগোষ্ঠী ছাত্ৰ সন্থা, জলহা যুৱ ছাত্ৰ সন্থা, কোক্‌ৰাঝাৰ জিলা ছাত্ৰ সন্থা[আছু], কোক্‌ৰাঝাৰ জিলা গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ আৰু কোক্‌ৰাঝাৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে, আজিৰ উক্ত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰা আছাৰ সভাপতি ষ্টিফেন লাক্ৰা আৰু সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে সাংবাদিকৰ আগত মিজো আৰক্ষী আৰু দুবৃৰ্ত্তৰ বৰ্বৰ আক্ৰমণক একেমুখে ধিক্কাৰ দি ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ৩ায়ক ড॰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ মাটি আৰু নাগৰিকৰ জীৱন, সা-সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে৷ লগতে দেহত শেষ বিন্দুত ৰক্ত থকালৈকে অসমৰ এক ইঞ্চিও মাটি মিজোৰামক এৰি দিয়া নহ’ব৷ উল্লেখ্য যে, প্ৰয়োজনত প্ৰাণ দিও অসমভূমিক ৰক্ষা কৰিবলৈ সাজু বুলিও ছাত্ৰ নেতাদ্বয়ে স্পষ্ট কৰি দিয়ে৷