Logo
image

পৰিবহণ বিষয়াক গ্ৰেপ্তাৰ

আমাৰ অসম, ৩১ জুলাইঃ ধুবুৰীত গৰু, ড্ৰাগছ আৰু শিলৰ ছিণ্ডিকেটত জড়িত থকাৰ অভিযোগত শুকুৰবাৰে গুৱাহাটীত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে ধুবুৰীৰ পৰিবহণ বিভাগৰ সহকাৰী এনফ’ৰ্চমেণ্ট বিষয়া আৰিফুল ইছলামক৷ ধৃত বিষয়া আৰিফুল ইছলামৰ বিৰুদ্ধে ধুবুৰীৰ সীমান্তৰে অবৈধ সামগ্ৰী সৰবৰাহত সহযোগ কৰাৰ গুৰুতৰ অভিযোগ আছে৷ শুকুৰবাৰে বিশেষ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে পৰিবহণ বিষয়াজনক৷ উল্লেখ্য, ধুবুৰীত শিল, ড্ৰাগ্‌ছ আৰু গৰুৰ ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰিছে ডি এছ পি যতীন দাসসহ কেবাজনো লোকক৷ অৱশ্যে পৰিবহণ বিষয়াজনক গ্ৰেপ্তাৰ কৰাৰ পিছত উন্মোচিত হৈছে ছিণ্ডিকেটৰ ন ন তথ্য৷ উল্লেখ্য, ২৮ মে’ত ধুবুৰীৰ আৰক্ষীয়ে ছাগলীয়াৰ পৰা ১২২খন শিলভৰ্তি অভাৰলোড  ট্ৰাক জব্দ কৰা পিছত পোহৰলৈ আহে ছিণ্ডিকেটৰ তথ্য৷ তথ্যত প্ৰত্যক্ষভাৱে সাঙোৰ খাই পৰিছে ধুবুৰীস্থ পৰিবহণ বিভাগ৷  বিশেষকৈ ধুবুৰীস্থ পৰিবহণ বিভাগৰ বিষয়া আৰিফুল ইছলাম সম্প্ৰতি বিশেষভাৱে চৰ্চিত হৈছে৷ উল্লেখ্য, ২৮ মে’ৰ নিশা ছাগলীয়াৰ পৰা ১২২খন শিলৰ অভাৰলোড ট্ৰাক ভাৰত-বাংলা সীমান্তৰ সোণাহাট আন্তৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰ অভিমুখে ৰাওনা হৈছিল৷ কিন্তু বিশেষ সূত্ৰে ধুবুৰী আৰক্ষীয়ে গম পাই ছাগলীয়া, হালাকুৰাৰ পৰা জব্দ কৰে শিলৰ উক্ত ট্ৰাকসমূহ৷ ঘটনাস্থলীত উপস্থিত হৈ ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজী ৰাণী শৰ্মাই উক্ত শিলৰ অভাৰলোড ট্ৰাকসমূহ ধুবুৰীস্থ পৰিবহণ বিভাগক গতাই দিছিল৷ পিছত পৰিবহণ বিভাগৰ বিষয়া আৰিফুল ইছলামে ট্ৰাকসমূহ চমজি লৈ ট্ৰাক সমূহৰ অভাৰলোড জুখিবলৈ আৰম্ভ কৰে৷ পৰিবহণ বিষয়া আৰিফুল ইছলামে ট্ৰাকসমূহৰ পৰা মাত্ৰ দুহেজাৰ টকাৰ জৰিমনা বিহি পিছদিনা সোণাহাট আন্তৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰলৈ যাবলৈ অনুমতি দিছিল৷ কিন্তু অভিযোগ অনুসৰি পৰিবহণ বিভাগৰ বিষয়া আৰিফুলে এইক্ষেত্ৰত দুৰ্নীতিৰ আশ্ৰয় লয়৷ অভিযোগমতে প্ৰতিখন ট্ৰাকৰ পৰা সাধাৰণ জৰিমনা ট্ৰাকে প্ৰতি ২০ হেজাৰ আৰু অতিৰিক্ত বোজা কঢ়িওৱাৰ বাবে দুহেজাৰকৈ অৰ্থাৎ প্ৰতিখন ট্ৰাকৰ পৰা জৰিমনা ২২ হেজাৰ টকা হ’ব লাগিছিল৷ অৰ্থাৎ চৰকাৰী ৰাজকোষত জমা হ’ব লাগিছিল ২৬ লাখৰো অধিক ধন৷  কিন্তু পৰিবহণ বিভাগৰ বিষয়া আৰিফুল ইছলামে চৰকাৰী ৰাজভঁৰালত জমা কৰিলে মাত্ৰ ৬ লাখ টকা৷ এইক্ষেত্ৰত পৰিবহণ বিভাগৰ বিষয়াজনে ছাগলীয়াৰ ভাৰত কাটাৰ সৈতে গোপন মিতিৰালি কৰি আন এক অভিসন্দিৰে ডিজিটেলৰ যুগত মেনুৱেল কাগজৰে অভাৰলোড ট্ৰাকক আণ্ডাৰলোড দেখুৱাৰ ঘোৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰনিধানযোগ্য যে, ধুবুৰীৰ শিলৰ ছিণ্ডিকেট কাণ্ডত ডি এছ পি যতীন দাস গ্ৰেপ্তাৰৰ পিছতে বন বিভাগে ঘটনা সন্দৰ্ভত নিজাববীয়া তদন্ত কৰি ছাগলীয়াৰ বন বিষয়া দীপক চক্ৰৱৰ্তীক নিলম্বন কৰিছে৷ আজি অভাৰলোড ট্ৰাকৰ পৰা সামান্য ৬ লাখ টকা জৰিমনা জমা কৰা পৰিবহণ বিভাগৰ বিষয়া আৰিফুল ইছলামক চি আই ডিয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আন বহু কথা পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ জালত পৰিব পাৰে বহু ৰৌ-বৰালি৷