Logo
image

দুই বিশিষ্ট শিল্পীলৈ অসম চৰকাৰৰ বঁটা

আমাৰ অসম, ১ আগষ্টঃ বিশিষ্ট নাট্যকাৰ-পৰিচালক-অভিনেতা অবিনাশ শৰ্মালৈ ২০২১ চনৰ ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ আৰু বিশিষ্ট অভিনেতা-পৰিচালক উপকূল বৰদলৈলৈ ২০২১ চনৰ ‘অতুল চন্দ্ৰ হাজৰিকা বঁটা’ আগবঢ়োৱা হৈছে৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে শনিবাৰে এই কথা ঘোষণা কৰে৷ উল্লেখ্য, অসম চৰকাৰে প্ৰতিবছৰে ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ আগবঢ়োৱাৰ উপৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ উত্তৰণৰ সৈতে জড়িত শিল্পীলৈ ‘অতুল চন্দ্ৰ হাজৰিকা বঁটা’ আগবঢ়াই আহিছে৷ এই বঁটাত আছে নগদ ২ লাখকৈ টকা, অংগবস্ত্ৰ, প্ৰশস্তি পত্ৰ আদি৷ উল্লেখ্য, বিশিষ্ট নাট্যকাৰ অবিনাশ শৰ্মাই ১৯৫৩ চনত জন্মগ্ৰহণ কৰে৷ অসমীয়া নাট্য সাহিত্যলৈ বিশেষ অৱদান আগবঢ়োৱা নাট্যকাৰ অবিনাশ শৰ্মাই ৭০খনতকৈ অধিক নাট পৰিচালনা কৰিছে৷ তাৰভিতৰত ৩খন হিন্দী নাটকো আছে৷ তেওঁৰ দ্বাৰা পৰিচালিত বহুকেইখন নাটক অসমৰ বিভিন্ন মঞ্চত মঞ্চস্থ কৰাৰ লগতে ত্ৰিপুৰা আৰু হায়দৰাবাদত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নাট্য মহোৎসৱত মঞ্চস্থ কৰা হয়৷ তেওঁ অনাতাঁৰ আৰু টেলিভিছনত নাট পৰিবেশন কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷ তেওঁৰ মঞ্চসজ্জা আদিতো বিশেষ সুনাম আছে৷ তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ‘বি-হাই’ নাট্যশিল্পী৷ তেওঁ বহুকেইখন নাট, টেলিভিছন ধাৰাবাহিক, চলচ্ছিত্ৰত অভিনয় কৰিছে৷ তেওঁ দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ প্ৰথমজন মেকআপ শিল্পী, টেলিফিল্ম পৰিচালক৷ তেওঁ আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ বাবে নাট, দূৰদৰ্শন কেন্দ্ৰ আৰু পি পি চি গুৱাহাটীৰ বাবে নাট পৰিচালনা কৰে৷ ১৯৫৪ চনৰ ৩০ অক্টোবৰত জন্মগ্ৰহণ কৰা বিশিষ্ট অভিনেতা উপকূল বৰদলৈয়ে অসমীয়া নাট্য, চলচ্ছিত্ৰ জগতখনলৈ বিশেষ বৰঙণি আগবঢ়াইছে৷ তেওঁ শৈশৱত নাট্য প্ৰবৰ সাৰদা কান্ত বৰদলৈৰ পৰিচালনাত বিভিন্ন মঞ্চত বিভিন্ন নাটকত অভিনয় কৰে৷ তেওঁ স্কুলীয়া অৱস্থাত পৰা অভিনয় জীৱন আৰম্ভ কৰে৷ তেওঁ ২০১৮ চনত ‘অজানিতে মনে মনে’ নামৰ চলচ্ছিত্ৰ পৰিচালনা কৰে৷ এই চলচ্ছিত্ৰখন ৰাজ্য চৰকাৰৰ স্বচ্ছ ভাৰত মিছন অভিযানৰ প্ৰয়োজনাত নিৰ্মাণ হৈছিল৷ তেওঁ বহু টেলিফিল্ম, তথ্যচিত্ৰ, টেলিভিছনৰ ধাৰাবাহিক আদিত অভিনয় কৰিছে৷ তেওঁ ১৯৯৭ চনত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই পৰিচালনা কৰা ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচ্ছিত্ৰ ‘সন্ধ্যাৰাগ’ত অভিনয় কৰে৷ ২০০৩ চনত ‘জুয়ে পোৰা সোণ’, ২০০৪ চনত ‘দিনবন্ধু’ত অভিনয় কৰাৰ লগতে ‘নয়নমণি’, ‘উত্তৰকাল’, ‘ইতিহাস’, ‘যুগান্তৰৰ তেজাল ঘোঁৰা’ আদিত অভিনয় কৰে৷ তেওঁ ৫০খনতকৈ অধিক টেলিভিছন ধাৰাবাহিক, ভি চি ডি আদিত অভিনয় কৰিছে৷ তেওঁ বহুকেইখন তথ্যচিত্ৰও নিৰ্মাণ কৰিছে৷ তেওঁ বহুকেইখন ভ্ৰাম্যমাণ থিয়েটাৰ ক্ৰমে হেঙুল, আৰাধনা, ইন্দ্ৰধনু আদিত ১৯৮০ চনৰ পৰা ১৯৮৭ চনলৈ অভিনয় কৰে৷ তেওঁ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰিচালনাৰ কাম কৰি বিশেষ সুনাম অৰ্জন কৰে৷ তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ‘এ’ গ্ৰেড নাট্যশিল্পী৷ তেওঁ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত ১৯৮০ চনৰ পৰা নাট, ধাৰাবাহিক অভিনয় কৰাৰ লগতে নাট পৰিচালনা কৰিছে৷ ২০১৯ চনত তেওঁ অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰিবলৈ সক্ষম হয়৷ এই বঁটা প্ৰদানৰ দিন সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা অতি সোনকালে ঘোষণা কৰা হ’ব বুলি বিভাগৰ তৰফৰ পৰা জানিবলৈ পোৱা গৈছে৷

তেজপুৰত নটসূৰ্যক সশ্ৰদ্ধ স্মৰণ

‘১৯৫৭চনত নটসূৰ্য ফণী শৰ্মাই নাগপাশ নাটকৰ বাবে ৰচনা কৰা সংলাপত অসমৰ চাহপাত, অসমৰ সম্পদ বিদেশী বনিয়াই লৈ যোৱাৰ কথা কৈছিল আৰু এই কথা এতিয়াও বহু ৰাজনৈতিক নেতাই সভাই-সমিতিয়ে আওঁৰাই থাকে৷ নটসূৰ্যৰ নাটকৰ সংলাপেই নটসূৰ্যক এজন জাতীয়তাবাদী হিচাপে প্ৰতিষ্ঠা কৰিছে৷ ‘এই মন্তব্য তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ৷ চিৰনমস্য শিল্পী নটসূৰ্য ফণী শৰ্মাৰ ৫১সংখ্যক স্মৃতি দিৱস উপলক্ষে কলিবাৰীৰ নটসূৰ্যৰ সমাধিস্থলত শ্ৰদ্ধাজ্ঞলি অৰ্পণ কৰি এইদৰে কয় বিধায়ক ৰাভাই৷ তেওঁ লগতে কয় যে, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক লগত লৈ নটসূৰ্যই ৰাজ্যত সৃষ্টি কৰা নাট্য আন্দোলন আৰু তেওঁ অসমীয়া চলচ্ছিত্ৰলৈ আগবঢ়োৱা অৱদানক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ কলাগুৰু পুত্ৰ তথা অগপ দলৰ বিধায়কজনে আগষ্টৰ পৰা নটসূৰ্যৰ সমাধিস্থলৰ নিৰ্মাণ আৰম্ভ হ’ব বুলি ঘোষণা কৰি লগতে কয় যে, ইয়াৰ বাবে ইতিমধ্যেই এক কোটি টকা মজুত আছে৷ বিধায়কজনে সমাধিক্ষেত্ৰখন নিৰ্মাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপত শোণিতপুৰৰ উপায়ুক্ত ভূপেশ কুমাৰ দাসে তৎপৰতাৰে সহযোগিতা কৰা বুলিও কয়৷ উল্লেখ্য যে, নাটক, অভিনয় আৰু পৰিচালনাৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখন ঐতিহ্যমণ্ডিত কৰি যোৱা নটসূৰ্যৰ ৫১সংখ্যক স্মৃতি দিৱসৰ দিনটোত তেজপুৰত ক’ভিড প্ৰট’কল মানি নটসূৰ্যক স্মৰণ কৰিলে বহুজনে৷ আনহাতে, কলিবাৰীৰ নটসূৰ্যৰ পৰিয়ালে দান কৰা পাঁচবিঘা মাটিত দীৰ্ঘকালৰ পৰাই নটসূৰ্যৰ সমাধিক্ষেত্ৰ সুপৰিকল্পিতভাৱে গঢ়ি উঠাৰ সপোন এইবাৰ বাস্তৱায়িত হ’ব বুলি আশা প্ৰকাশ কৰে নটসূৰ্যৰ পুত্ৰ অজিত শৰ্মাই৷ তেওঁ কয় যে, দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত তেজপুৰৰ বিধায়কৰ উপস্থিতিত প্ৰায় এসপ্তাহ পূৰ্বে এক সভা অনুষ্ঠিত হৈছিল আৰু এইবাৰ সমাধিক্ষেত্ৰ নিৰ্মাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপত এক আশাৰ ৰেঙণি দেখা পোৱা গৈছে৷ আজি, কলিবাৰীৰ এই সমাধীস্থলত বাণ থিয়েটাৰৰ বিষয়ববীয়াসকলে নটসূৰ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে নটসূৰ্যৰ নাতি নৱজিৎ শৰ্মাই নটসূৰ্যৰ নাটকৰ এক সংলাপ পৰিৱেশন কৰে৷ ইপিনে নটসূৰ্যৰ প্ৰতি তেজপুৰ সাহিত্য সভায়ো শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷ বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, প্ৰবীণ নাট্যকাৰ পৰিচালক ঐশ্বৰ্য কাকতি, নটসূৰ্যৰ অভিনেতা পুত্ৰ সুজিত শৰ্মা, বিশিষ্ট অভিনেতা মৃগেন বড়া, অধ্যাপক তথা এজন সাংস্কৃতিককৰ্মী হেমন্ত কুমাৰ বৰুৱা, কল্পনা কলিতাই অংশ লোৱা এই অনুষ্ঠানত প্ৰবীণ অভিনেতা পৰিচালক বড়াই নটসূৰ্যৰ এমুঠি চাউল নাটকৰ এক সংলাপ পৰিৱেশন কৰে৷ আনহাতে, নটসূৰ্যৰ কৰ্মৰাজিৰ  বিষয়ে বহুল আলোচনাৰ প্ৰয়োজনীয়তা দোহাৰি প্ৰবীণ নাট্যশিল্পী ঐশ্বৰ্য কাকতিয়ে কেৱল ৩১জুলাইত নটসূৰ্যক স্মৰণ কৰাৰ বিপৰীতে বাকী দিনসমূহত এইবিষয়ে চৰ্চা নোহোৱাত আক্ষেপ প্ৰকাশ কৰি কয় যে, চৰকাৰী বা বেচৰকাৰীভাৱে হ’লেও নটসূৰ্যৰ নাটকৰ সন্দৰ্ভত এখন আলোচনাচক্ৰ অনুষ্ঠিত কৰিব লাগে৷ এই স্মৃতিচাৰণ সভাত ভোগজৰা নাটকৰ ৰূপা পাগলীৰ অভিনয়েৰে বৰেণ্য শিল্পীজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে শিল্পী কল্পনা কলিতাই৷ নটসূৰ্যৰ অৱদানৰ বিষয়ে স্মৰণ কৰি অধ্যাপক তথা সাংস্কৃতিককৰ্মী হেমন্ত কুমাৰ বৰুৱাই নটসূৰ্যই পৰিচালনা কৰা পাঁচখন অসমীয়া ছবিৰ প্ৰসংগ উল্লেখ কৰে৷ তেজপুৰ সাহিত্য সভা ভৱন চৌহদত থকা নটসূৰ্যৰ আবক্ষ মূতিৰ্ত উপস্থিত সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই ৰাজ্যৰ অভিনয় কিংবদন্তিজনৰ বিষয়ে ভৱিষ্যত প্ৰজন্মক অধিক জনোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় নাট্যকৰ্মী তথা সাংবাদিক পুলক কুমাৰ ডেকাই৷ উল্লেখ্য যে, বৰেণ্য শিল্পীজনৰ প্ৰতি তেওঁৰ স্মৃতিবিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰতো গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়৷