Logo
image

আমি কিয় ফেইল কৰিলোঁ

লখিমপুৰৰ পৰা কোক্‌ৰাঝাৰলৈ তুমুল প্ৰতিবাদ

আমাৰ অসম, ১ আগষ্টঃ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ঘোষিত ফলাফলক কেন্দ্ৰ কৰি লখিমপুৰৰ পৰা কোকৰাঝাৰলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সৃষ্টি হৈছে তীব্ৰ ক্ষোভ প্ৰতিক্ৰিয়া৷ কোকৰাঝাৰ জিলাৰ ছালাকাটিত ফলাফলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰাত উত্তেজনা দুগুণে বৃদ্ধি পায়৷ আন বহু ঠাইতো সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ৷ উল্লেখ্য, এইবাৰ পৰীক্ষাবিহীন মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীত সৰ্বকালৰ সৰ্ব অভিলেখ ভংগ কৰি উত্তীৰ্ণ হ’ল ৰাজ্যৰ মুঠ ৫,৮৬,৪১০ জন ছাত্ৰ-ছাত্ৰী৷ নৰম মনোভাৱ আৰু খোলা হাতেৰে বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীক নম্বৰ দিয়া বুলি চৰ্চা হ’ল৷ আভ্যন্তৰিন মূল্যায়নক কেন্দ্ৰ কৰি ব্যাপক স্বজন তোষণ অনিয়ম, লেনদেন হোৱাৰো অভিযোগ উঠিল৷ ইয়াৰ পাছতো ২০২১ বৰ্ষৰ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অনুত্তীৰ্ণ হৈ ৰ’ল বা আশানুৰূপ ফলাফল লাভ নকৰিলে বুজন সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে৷ উত্তীৰ্ণ তথা নম্বৰ প্ৰাপ্তিৰ উজান উঠাৰ সময়তে একাংশ ছাত্ৰ-ছাত্ৰী কিয় ফেইল কৰিলে বা কিয় উপেক্ষিত হৈ ৰ’ল, কিয় লক্ষ্যত উপনীত হ’ব নোৱাৰিলে এয়া বহুতো শিক্ষাৰ্থীৰ বাবে সাথঁৰ হৈ ৰৈছে৷ বঞ্চিতই পৰীক্ষাবিহীন তথা আভ্যন্তৰিন মূল্যায়ন ভিত্তিক ফলাফলে ছাত্ৰ-ছাত্ৰীসকল শিক্ষাৰ সমমৰ্যাদাৰ পৰা বঞ্চিত হোৱাৰো অভিযোগ তুলিলে৷ ক্ষুব্ধ ছাত্ৰ-ছাক্ৰীয়ে ৰাজপথত টায়াৰ জ্বলাই ধৰ্ণা প্ৰতিবাদ সাব্যস্ত কৰি নিজ বিদ্যালয়ৰ কতৃৰ্পক্ষৰ লগতে ছেবা, সংসদ তথা ৰাজ্য চৰকাৰক প্ৰশ্ন কৰিলে–‘আমি কিয় ফেইল কৰিলো৷’ কোকৰাঝাৰৰ বিদ্যুৎ নগৰী ছালাকাটিত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ছালাকাটি হাইস্কুলৰ ২৮৪ জন পৰীক্ষাৰ্থীৰ ভিতৰত মেট্ৰিকত মাত্ৰ ৪৭ ছাত্ৰ-ছাত্ৰীহে উত্তীৰ্ণ হোৱাত ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলে পথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হয়৷ ফলত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক আহত হয়৷ মেট্ৰিকৰ ফলাফলকলৈ বঙাইগাঁও জিলাৰ চাপৰকাটা-পোপৰাগাঁও উচ্ছ মাধ্যমিক বিদ্যালয়তো আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ছালাকাটিতো সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ৷ বটদ্ৰৱাৰ আইলক্ষ্মী আঞ্চলিক আত্নানন্দদেৱ উচ্ছ মাধ্যমিক বিদ্যালয়তো আজি দেখা গ’ল অনুৰূপ পৰিস্থিতি৷ শিক্ষকে বিচৰা ধন নিদিয়াৰ বাবেই ২৫ জনকৈ ছাত্ৰ-ছাত্ৰী অনুতীৰ্ণ হোৱাৰ অভিযোগ তোলে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক-অভিভাৱিকাই৷ বকো হাইস্কুলতো আজি উত্তপ্ত হয় পৰিস্থিতি৷ চামগুৰিৰ মহম্মদ আলী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত ফলাফলকলৈ ছাত্ৰ অভিভাৱকে ক্ষোভ প্ৰকাশ কৰে৷ তেজপুৰৰ ইমানুৱেল খৃষ্টান স্কুলতো ডিষ্টিংচন নোপোৱাৰ বাবে মেট্ৰিকৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ বকলিয়াঘাটতো মেট্ৰিকত অনুতীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে প্ৰকাশ কৰিলে ক্ষোভ৷ ছয়গাঁৱৰ কুকুৰামাৰৰ ৰোহিনী কুমাৰ উচ্ছ মাধ্যমিক বিদ্যালয়তো মেট্ৰিক অনুতীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে প্ৰতিবাদ৷ এক দুই নম্বৰৰ বাবে তেওঁলোকে মেট্ৰিকত ফেইল কৰাৰ অভিযোগ উত্থাপন কৰে বিদ্যালয়ে কতৃৰ্পক্ষৰ বিৰুদ্ধে৷ ছয়গাঁৱৰ চম্পকনগৰ উচ্ছ মাধ্যমিক বিদ্যালয়তো ধন লৈ শিক্ষকে একাংশক উত্তীৰ্ণ কৰাই দিয়াৰ অভিযোগ তোলে৷ হাইলাকান্দিৰ বাৰ্ডি ৰজেছ ইংলিচ স্কুলত দেখা গ’ল শিক্ষাৰ্থীৰ প্ৰতিবাদ৷ শনিবাৰে ঘোষিত উচ্ছতৰ মাধ্যমিকৰ ফলাফলত ৭গৰাকী ছাত্ৰ-ছাত্ৰী অনুতীৰ্ণ হোৱাৰ বাবেই ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীয়ে কৰে এই প্ৰতিবাদ৷ জাগীৰোডৰ ৰে’লৱে হাইস্কুলতো মেট্ৰিক ফেইল ছাত্ৰ-ছাত্ৰীয়ে কৰিলে প্ৰতিবাদ৷ কোকৰাঝাৰৰ লগতে লখিমপুৰৰ ছোৱালী হাইস্কুলতো মেট্ৰিক ফেইল কৰা ২৪ গৰাকী ছাত্ৰীয়ে শনিবাৰে সাব্যস্ত কৰিলে প্ৰতিবাদ৷ ইয়াৰ ফলত বিদ্যালয়খনত আজি উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়৷ লামডিঙৰ প্ৰণৱ বিদ্যাপীঠতো দেখা গ’ল একেই পৰিস্থিতি৷ গুৱাহাটীৰ মালিগাঁৱৰ তৰুণৰাম ফুকন হাইস্কুলৰ ৭০ জন ছাত্ৰীৰ কেৱল মাত্ৰ ১২ জনহে মেট্ৰিকত উত্তীৰ্ণ হোৱাত বিদ্যালয়খনৰ অনুতীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে আজি প্ৰতিবাদ সাব্যস্ত কৰে৷ তেওঁলোকে উই ৱাণ্ট জাষ্টিছ ধবনি দিয়ে৷ হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলকলৈ ভঙাগড়ৰৰ এঞ্জেলিকা স্কুলতো আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

কোক্‌ৰাঝাৰৰ ছালাকাটিত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা

পৰীক্ষা অবিহনে ছেবাৰ দ্বাৰা কালি ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ আজিও বিভিন্ন প্ৰান্তত অসন্তুষ্টি, প্ৰতিবাদ, ক্ৰিয়া-প্ৰতিক্ৰিয়া আদি অব্যাহত থকাৰ সময়তে কোক্‌ৰাঝাৰৰ বিদ্যুৎ নগৰী ছালাকাটি হাইস্কুলত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰা মতে, ছালাকাটি হাইস্কুলৰ পৰা ২৮৪জন  মেট্ৰিক পৰীক্ষাৰ্থীৰ ভিতৰত মাথোঁ ৪৭ জন ছাত্ৰ-ছাত্ৰীহে উত্তীৰ্ণ হয়৷ এই বিষয়ত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনত উপস্থিত হৈ বিদ্যালয় কতৃৰ্পক্ষৰ পৰা জানিব বিচৰাত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়৷ যাৰ পৰিণতিত ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলে পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ পৰিস্থিতি এনেপৰ্যায় পাইগৈ যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হোৱাত কেইবাজনো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক আহত হয়৷ আনপিনে ছালাকাটিত আজি সংঘটিত উক্ত ঘটনাক এবিএমছুৰ সহকাৰী কেন্দ্ৰীয় সাধাৰণ সম্পাদক মইন উদ্দিন আলীয়ে কঠোৰ ভাষাৰে গৰিহণা দি দুৰ্ভাগ্যজনক আখ্যা দিছে৷ ছাত্ৰ নেতাজনে কালি ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ হতাশা তথা আশানুৰূপধৰণৰ নোহোৱাৰ পৰিপ্ৰেক্ষিতত আজি বিদ্যালয় কতৃৰ্পক্ষৰ পৰা সৱিশেষ জানিব বিচাৰিবলৈ গৈ কোনোধৰণৰ গ্ৰহণযোগ্য প্ৰত্যুত্তৰ প্ৰদান কৰিব নোৱৰা অৱস্থাত ছালাকাটি আৰক্ষীয়ে ছাত্ৰ-ছাত্ৰীৰ ওপৰত বৰ্বৰভাৱে লাঠিচালনা কৰাটো কেতিয়াও সঠিক পদক্ষেপ হোৱা নাই বুলি ক্ষোভ উজাৰিছে৷ উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰীৰ যোগ্যতা আৰু প্ৰতিভা অনুযায়ী পুনৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ ছাত্ৰ নেতাজনে অসমৰ লগতে বিটিচিৰ শিক্ষা বিভাগলৈ আহ্বান জনাইছে৷

ৰঙিয়াত উচ্ছতৰ মাধ্যমিকৰ ফলাফলত বিসংগতিৰ অভিযোগ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছত আজি ঘোষিত উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলতো ব্যাপক বিসংগতিৰ তথ্য পোহৰলৈ আহিছে৷ ক’ভিডৰ বিশেষ পৰিস্থিতিৰ মাজতে ঘোষণা কৰা ফলাফলক লৈ বিগত বৰ্ষবোৰৰ দৰে এইবছৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ মাজত দেখা নগ’ল বিশেষ উৎসাহ৷ ৰঙিয়াতো বহুকেইখন বিদ্যালয়ত ফলাফলকলৈ ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছে৷ বিশেষকৈ আৰিমত্ত বিদ্যাপীঠ, প্ৰেগমেটিক একাডেমীকে ধৰি কেইবাখনো বিদ্যালয়ত অনুৰূপ ঘটনা ঘটিছে৷ ছাত্ৰ-ছাত্ৰীৰ মেধাৰ ভিত্তিত মূল্যায়ন নোহোৱাৰ অভিযোগ উৎত্থাপন হৈছে৷ অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীয়ে জানিবলৈ দিয়া মতে তেওঁলোকৰ বিগত সময়ত পৰীক্ষাৰ নম্বৰক লৈ আজি ঘোষিত চূড়ান্ত ফলাফলৰ লগত কোনো সামঞ্জস্যই নাই৷ কিয়নো তেওঁলোকে পূৰ্বৰ পৰীক্ষাৰ নম্বৰৰ তুলনাত চূড়ান্ত ফলাফলত বেছি নম্বৰ পাব লাগিছিল৷ লক্ষণীয়ভাৱে বহু ছাত্ৰ-ছাত্ৰীৰ নম্বৰটো নাবাঢ়িলেই, বৰঞ্চ পূৰ্বতকৈ নম্বৰ হ্ৰাস পোৱাহে পৰিলক্ষিত হয়৷ ফলত দুখ আৰু ক্ষোভত ভাগি পৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল৷ 

প্ৰধান শিক্ষকৰ বিৰুদ্ধে ধনৰ লেনদেনৰ অভিযোগ, যোগাঘোপাত উত্তেজনা

বঙাইগাঁও জিলাৰ যোগীঘোপা অঞ্চলৰ ঘিলাগুৰীস্থিত ঘিলাগুৰী-কটাশবাৰী উচ্ছ বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীসকলে আজি বিদ্যালয় চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলে প্ৰধান শিক্ষক উমেশ চন্দ্ৰ ৰায় মূৰ্দাবাদ, ফলাফলৰ ক্ষেত্ৰত ধনৰ লেনদেন নচলিব, দুৰ্নীতি পৰায়ণ প্ৰধান শিক্ষকক বৰ্খাস্ত কৰক আদি শ্লোগানেৰে বিদ্যালয় চৌহদ মুখৰিত কৰে৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক উমেশ চন্দ্ৰ ৰায়ে ধনৰ লেনদেনেৰে অনুতীৰ্ণ ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰোৱাৰ বাবেও প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে৷ জানিব পৰামতে, বিদ্যালয়খনৰ পৰা ১১৫ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিশেষ পদ্ধতিত উলিওৱা ফলাফলত ৪৮ জন উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৬৭ জন ছাত্ৰ-ছাত্ৰী অনুতীৰ্ণ হয়৷ এইক্ষেত্ৰত ধনৰ লেনদেন হোৱা বুলি অভিযোগ কৰি ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ সৈতে যোগাযোগ কৰে যদিও সদুত্তৰ লাভৰ পৰা বঞ্চিত হয়৷ 

নগৰবেৰাত ফলাফলৰ বিসংগতিৰ প্ৰতিবাদ

ৰাজ্যত শুকুৰবাৰে ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ সদ্যঘোষিত ফলফলক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উত্থাপন হৈছে ব্যাপক খেলিমেলিৰ অভিযোগ৷ কামৰূপৰ নগৰবেৰাৰ এখন বিদ্যালয়ৰ বিৰুদ্ধে ফলাফল খেলিমেলি কৰাৰ অভিযোগ উত্থাপন হৈছে৷ নগৰবেৰাৰ মালঞ্চাস্থিত শংকৰদেৱ উচ্ছ মাধ্যমিক বিদ্যালয়ৰ ফলাফলক লৈ মুঠেই সন্তুষ্ট নহয় একাংশ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী৷ বিদ্যালয়খনৰ পৰা এইবেলি ৫৫ জন পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল ফলাফল প্ৰক্ৰিয়াত৷ কিন্তু উত্তীৰ্ণ হ’ল কেৱল ২৪ জন ছাত্ৰ-ছাত্ৰী৷ বাকী ৩১জনে কৰিলে ফেইল৷ যাৰ ফলত এতিয়া ক্ষুণ্ণ হৈ পৰিছে বিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল৷ বিদ্যালয়খনত অনুষ্ঠিত হোৱা টেষ্ট পৰীক্ষাত হেনো পৰীক্ষা নিদিয়া ছাত্ৰ-ছাত্ৰীকো পাছ কৰাই দিছে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে৷ এই গুৰুতৰ অভিযোগ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ৷ তেনেক্ষেত্ৰত কি কাৰণত বিদ্যালয়খনৰ ৩১জনকৈ ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হ’বলগা হ’ল তাৰ কাৰণ বিচাৰি শনিবাৰে বিদ্যালয়খনত দলে বলে উপস্থিত হয় একাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক৷ আৰু বিদ্যালয় চৌহদতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে প্ৰধান শিক্ষয়িত্ৰীজনৰ বিৰুদ্ধে বিভিন্ন শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে এই ঘটনাৰ উচিত তদন্তৰ দাবী জনায় এইসকল ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে৷

বটদ্ৰৱাত শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, উত্তপ্ত পৰিস্থিতি

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্ছ মাধ্যমিক বিদ্যালয়ত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ কালি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্ছ মাধ্যমিক বিদ্যালয়ৰ ২৫ জন ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হোৱাৰ পাছত এই পৰিস্থিতিৰ সৃষ্টি হয়৷ আজি বিদ্যালয়খনৰ চৌহদত উপস্থিত হৈ বিদ্যালয়খনত অধ্যয়নৰত কেইবাজনো মেধা ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক-অভিভাৱিকাই প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ-ছাত্ৰীসকলে ‘আমাক ন্যায় লাগে’, ‘ঘোঁচখোৰ শিক্ষকক জেলত ভৰাব লাগে’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ আজি প্ৰতিবাদস্থলীৰ পৰা কেইবাজনো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাই শিক্ষকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰে৷ তেওঁলোকৰ অভিযোগ মতে, শিক্ষকে বিচৰা ধন নিদিয়াৰ বাবেই ২৫জনকৈ ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হৈছে৷ সেয়ে শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীয়ে ওলাই আহি আজি বিদ্যালয়খনৰ গেটৰ সন্মুখত ঘোচখোৰ শিক্ষকক গ্ৰেপ্তাৰৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে৷ ছাত্ৰ-ছাত্ৰীৰ দাবী, আমাৰ মূল্যবান এটা বছৰ নষ্ট কৰা এই বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক৷ 

বকোত কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ

শুকুৰবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়নবিহীন ফলাফলত ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে কামৰূপৰ বকোতো এই ফলাফলত সৃষ্টি হোৱা চৰম বিসংগতিয়ে ছাত্ৰ-ছাত্ৰীক ক্ষোভিত কৰি তুলিছে৷ উল্লেখ্য, বকো হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ অধীনস্থ একাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আশা কৰাধৰণে নম্বৰ নোপোৱাক কেন্দ্ৰ কৰি এতিয়া উত্তাল কৰি তুলিছে বকোৰ ৰাজপথ৷ ঘেৰাও কৰে প্ৰধান শিক্ষকৰ বাসগৃহ৷ কৰ’না মহামাৰীৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল কৰি মাধ্যমিক শিক্ষা পৰিষদে বিদ্যালয়সমূহক পৰীক্ষাৰ্থীৰ মূল্যায়নৰ দায়িত্ব অৰ্পণ কৰিছিল৷ সেই মূল্যায়নৰ ভিত্তিতে কালি ঘোষণা হোৱা ফলাফলত বকো হাইস্কুল কেন্দ্ৰৰ অধীনস্থ একাংশ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে নৱম-দশম শ্ৰেণীত ৮৫ শতাংশ নম্বৰ পোৱাৰ পাছতো এই মূল্যায়নত তৃতীয় বিভাগ লাভ কৰা আৰু ৮০ শতাংশ নম্বৰ পাই অহা ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হৈছে৷ ফলত ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিসংগতিমূলক মূল্যায়নকলৈ সৃষ্টি হৈছে তীব্ৰ ক্ষোভ আৰু হতাশা৷ ক্ষোভিত ছাত্ৰ-ছাত্ৰীসকলে আজি বকো হাইস্কুল চৌহদত হাতে হাতে বেনাৰ-ফেষ্টুন লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে বকোৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এটা প্ৰতিবাদী সমদলো উলিয়ায়৷ সমদলত অংশগ্ৰহণ কৰা ছাত্ৰ -ছাত্ৰীসকলে এই বিসংগতিমূলক মূল্যায়নৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলেও অংশগ্ৰহণ কৰে৷ পাছত ক্ষোভিত ছাত্ৰ-ছাত্ৰীসকলে বকো হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বকো পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ বৰ্মনৰ বাসগৃহলৈ সমদল কৰি যায় যদিও প্ৰধান শিক্ষকজনৰ বাসগৃহ তলাবদ্ধ অৱস্থাত প্ৰত্যক্ষ কৰি উভতি আহে৷ ইপিনে, বকো অঞ্চলৰ সোতৰখন বিদ্যালয়ৰ দ্বাৰা গঠিত বকো হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া তথা বকো হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনক শুকুৰবাৰে ফলাফল ঘোষণাৰ পাছতে একাংশ নম্বৰ বঞ্চিত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে বিদ্যালয় চৌহদ ঘেৰাও কৰে৷ তেনে অৱস্থাত অতিকে কম নম্বৰ লাভ কৰি তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা জাতীয় বিদ্যালয়ৰ ছাত্ৰী ৰিংকুমণি দাস আৰু নিকিতা দাসে বকো হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনৰ ভতিজী অনামিকা বৰ্মনে ৪০ শতাংশ নম্বৰ পাই আহি এই মূল্যায়নত কিদৰে ডিষ্ট্ৰিংচনসহ প্ৰথম বিভাগত উত্তীৰ্ণ হ’ব পাৰিলে তাৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ তদুপৰি, কেন্দ্ৰটোৰ নিশিতা কৈৱৰ্তৰ নিচিনা ৭০/৮০ শতাংশকৈ নম্বৰ পোৱা প্ৰায় কুৰিজন ছাত্ৰ-ছাত্ৰী  এই মূল্যায়নত ফেইল কৰাত বাৰুকৈয়ে হতাশাগ্ৰস্ত হৈ পৰিছে এইসমূহ ছাত্ৰ-ছাত্ৰীৰ লগতে পৰিয়ালৰ লোকসকল৷ মন কৰিবলগীয়া ৰাজ্যৰ পৰীক্ষাবিহীন এই মেট্ৰিকৰ মূল্যায়নৰ নামত কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰী পৰীক্ষা কেন্দ্ৰকে ধৰি বকো সমষ্টিৰো একাংশ কেন্দ্ৰত যে অধিক নম্বৰ দিয়াৰ বাবে পৰীক্ষাৰ্থীৰ সৈতে ধনৰ লেন-দেন আৰু সৃজনপ্ৰীতি সংঘটিত হৈছে সেয়া এই নম্বৰ বিসংগতিয়ে স্পষ্টৰূপত প্ৰতীয়মান কৰিছে৷

মেট্ৰিকৰ ফলাফলক লৈ লামডিঙত উত্তেজনা

লামডিঙৰ প্ৰণৱ বিদ্যাপীঠ উচ্ছ মাধ্যমিক বিদ্যালয়ত আজি একাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে৷ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট একাংশ শিক্ষাৰ্থীয়ে আজি শিক্ষানুষ্ঠানখনৰ পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে অভিযোগ কৰা মতে, বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ১০৩জন শিক্ষাৰ্থীৰ বিপৰীতে মাত্ৰ ২১জন শিক্ষাৰ্থীহে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷  বিদ্যালয়খনৰ অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থী আৰু অভিভাৱকসকলে পৰীক্ষাৰ ফলাফলত বিসংগতি হোৱাৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলে অভিযোগ কৰা মতে, বিদ্যালয়খনৰ কতৃৰ্পক্ষৰ গাফিলতিৰ বাবেহে পৰীক্ষাৰ ফলাফলত এনেধৰণৰ বিসংগতি হৈছে৷ সেয়েহে বিদ্যালয় কতৃৰ্পক্ষৰ পৰা এই সন্দৰ্ভত তেওঁলোকে স্পষ্টীকৰণ বিচাৰে৷ লামডিং ৰে’লৱে স্কুল, ইষ্ট লামডিং স্কুলসহ বহু বিদ্যালয়ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷ কিন্তু প্ৰণৱ বিদ্যাপীঠৰ বহু মেধাৱী ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হোৱাত আশ্চৰ্য প্ৰকাশ কৰে অভিভাৱকসকলে৷

শিঙিমাৰীত তীব্ৰ প্ৰতিবাদ আৰু ব্যাপক দুৰ্নীতিৰ অভিযোগ

বহুপ্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি শিক্ষাৰ্থীসকল যদি ক’ৰবাত উৎফুল্ল হৈছে ক’ৰবাত আকৌ বিতৰ্কৰ সূত্ৰপাত ঘটিছে৷ পৰীক্ষা বিহীন হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ শিঙিমাৰী মহম্মদ আলী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ফলাফল ঘোষণাৰ পাছতে মূল্যায়নত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ কৰি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ যোগ্য শিক্ষাৰ্থীক বঞ্চিত কৰি অযোগ্য প্ৰাৰ্থীক উৎকোচৰ বিনিময়ত উত্তীৰ্ণ কৰাই দিয়াৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ শিঙিমাৰী মহম্মদ আলী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ শৰ্মাৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ আনিছে ক্ষুব্ধ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে৷ বিদ্যালয়খনৰ পৰা ৬৭২জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে মাত্ৰ ৫৮২জন ছাত্ৰ-ছাত্ৰী৷ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে মূল্যায়নত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ অধ্যক্ষ দিলীপ শৰ্মাই এখন জাতীয় বিদ্যালয়ৰ ভাল ফলাফল কৰি দিয়াৰ আন এক অভিযোগ উঠিছে৷ জ্ঞান বিকাশ সংকল্পনাৰ অধ্যক্ষ মমিনৰ বিৰুদ্ধেও শিক্ষাৰ্থীসকলৰ পৰা ফলাফলৰ নামত ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোক এক উচিত তদন্তৰ আহ৩ান জনাইছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে৷ ইপিনে অধ্যক্ষ দিলীপ শৰ্মাই উক্ত ঘটনাত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া৷ অধ্যক্ষজনে একাংশ লোকে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ পোনপটীয়াকৈ নাকচ কৰিছে৷ অধ্যক্ষজনে এইবুলি প্ৰকাশ কৰিছে যে, একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে ফলাফলত আপত্তি দৰ্শাইছে৷ সংশ্লিষ্ট ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে মূল্যায়নৰ নম্বৰ তেওঁৰ কাৰ্যালয়ত দাখিল কৰিছিল আৰু সেই মূল্যায়নৰ তালিকাই উৰ্ধতম কতৃৰ্পক্ষলৈ প্ৰেৰণ কৰিছিল৷ মূল্যায়নৰ তালিকাত তেওঁ কোনোধৰণৰ হস্তক্ষেপ কৰা নাই বুলি অধ্যক্ষজনে স্পষ্ট কৰি দি সমস্ত অভিযোগ ভিত্তিহীন বুলি আখ্যা দিয়ে৷

বঙাইগাঁৱৰ বিদ্যালয়ত উত্তপ্ত পৰিৱেশ

মেট্ৰিক পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি বঙাইগাঁও জিলাৰ চাপৰাকাটা-পোপৰাগাঁও উচ্ছ মাধ্যমিক বিদ্যালয়ত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ একাংশ অযোগ্যজনক পাছ কৰাই যোগ্যজনক ফেইল কৰাই দিয়াৰ অভিযোগ আনি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে অহেতুক পৰিস্থিতিৰ সৃষ্টি কৰে৷ উল্লেখ্য, এইবেলি বিদ্যালয়খনত সৰ্বমুঠ ১৫৭জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১২২ জন উত্তীৰ্ণ হৈছে৷ অভিযোগকাৰীৰ অভিযোগ কাৰোবাক কোলাৰ, কাৰোবাক বোকাৰ কৰা হৈছে৷ অন্যহাতে, পুনৰ পৰীক্ষাত নবহাৰ সিদ্ধান্ত লয় ছাত্ৰ-ছাত্ৰীসকলে৷ পাছ কৰিলে সকলোৱে পাছ কৰিব লাগিব বা পৰীক্ষা দিয়ে যদি সকলোৱে দিব লাগিব বুলিও ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীয়ে দাবী উত্থাপন কৰিছে৷

ছয়গাঁৱৰ এগৰাকী ছাত্ৰীয়ে নাপালে ফলাফল

উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফলৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল ছয়গাঁও মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী৷ জানিব পৰা মতে, ছয়গাঁও মহাবিদ্যালয় কতৃৰ্পক্ষৰ চূড়ান্ত গাফিলতিৰ বাবেই বালাপুখুৰী গাঁৱৰ প্ৰীতি সাউদ নামৰ ছাত্ৰীগৰাকী বঞ্চিত হ’ল আজি ঘোষিত উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ পৰা৷ উল্লেখ্য যে, উক্ত ছাত্ৰীগৰাকীয়ে মহাবিদ্যালয়ে নিৰ্ধাৰণ কৰি দিয়া সময় মতে পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিছিল৷ প্ৰ-পত্ৰ পূৰণৰ সময়ত দিবলগীয়া ১,২০০ টকা আদায় দি তাৰ ৰচিদো মহাবিদ্যালয়ৰ পৰা সংগ্ৰহ কৰিছিল৷ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগদিনা অৰ্থাৎ শুকুৰবাৰে মহাবিদ্যালয়ত দিয়া হৈছিল এডমিট কাৰ্ড৷ কিন্তু ছাত্ৰীগৰাকীয়ে কালি মহাবিদ্যালয়লৈ এডমিট কাৰ্ড সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত তেওঁৰ এডমিট কাৰ্ডখন মহাবিদ্যালয়ৰ সংশ্লিষ্ট কৰ্মচাৰীয়ে দিব নোৱাৰিলে৷ ছাত্ৰীগৰাকীয়ে এডমিটখন কিয় নাপাম বুলি কোৱাত কৰ্মচাৰীজনে প্ৰ-পত্ৰ পূৰণ কৰা নাই বুলি কয়৷ কিন্তু ছাত্ৰীগৰাকীয়ে প্ৰ-পত্ৰ পূৰণ কৰাৰ লগতে তাৰ বাবে আদায় দিয়া ১,২০০ টকাৰ ৰচিদখনো দেখুৱাই দিয়াত কৰ্মচাৰীজনে ছাত্ৰীগৰাকীয়ে নথি-পত্ৰবোৰ জমা দিয়া নাই বুলি কয়৷ উপায়হীন ছাত্ৰীগৰাকীয়ে এই সন্দৰ্ভত অধ্যক্ষক অৱগত কৰাত অধ্যক্ষই প্ৰ-পত্ৰ পূৰণৰ সময়ত আদায় দিয়া ৰচিদখন ফটো কৰি ৰাখি ফলাফলৰ বাবে পোন্ধৰদিনমান অপেক্ষা কৰিব লাগিব বুলি কয়৷ ইফালে পৰীক্ষাৰ ফলাফল লাভ নকৰা ছাত্ৰীগৰাকী হতাশ হৈ পৰাৰ লগতে এই সন্দৰ্ভত এক উচিত ব্যৱস্থা কৰাৰ বাবে আজি ছয়গাঁও ৰাজহ চক্ৰ বিষয়াক এখন লিখিত আৱেদন-পত্ৰ দিয়ে৷ মহাবিদ্যালয় কতৃৰ্পক্ষৰ লগতে যিসকল বিষয়া কৰ্মচাৰীৰ বাবে ছাত্ৰীগৰাকীয়ে আজি হতাশাত ভুগিবলগীয়া হৈছে সেইসকল ব্যক্তিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক উচিত ব্যৱস্থা গ্ৰহণৰ বাবে ছয়গাঁৱৰ সচেতন মহলে দাবী জনাইছে৷