Logo
image

ভেক্‌চিনৰ বাবে খেদাখেদি

আমাৰ অসম, ২ আগষ্টঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শনিবাৰে ৰাজ্যত ৯ লাখ ভেক্‌চিন মজুত থকা বুলি দাবী কৰাৰ দিনটোতে ৰাজ্যৰ ভিন্ন স্থানত ভেক্‌চিনৰ নাটনিৰ বাবে হাহাকাৰ কৰিব লগা হয় সৰ্বসাধাৰণ নাগৰিকে৷ ক’ভিডৰ পৰা বাচি থকাৰ বাবে দুৰ্ভগীয়া ৰাইজে ভেক্‌চিন কেন্দ্ৰত পুৱাৰে পৰা শাৰী পতাৰ পাছতো শেষ মুহূৰ্তত ভেক্‌চিন লাভ নকৰাত কেইবাটাও স্থানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ তিনিচুকীয়াৰ এটা ভেক্‌চিন কেন্দ্ৰত ভেক্‌চিন লাভ নকৰা উত্তেজিত লোকক আৰক্ষীয়ে খেদাখেদিত লিপ্ত হোৱা বুলিও অভিযোগ উঠিছে৷ তদুপৰি বৰপেটা, ধুবুৰী আৰু হোজাইৰ ভেকচিন কেন্দ্ৰতো ভেকচিনৰ বাবে ৰাইজে হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় শনিবাৰৰ দিনটোত৷ স্বাস্থ্যমন্ত্ৰী তথা স্বাস্থ্য বিভাগে ভেক্‌চিন মজুত থকা বুলি দাবী কৰিলেও কেন্দ্ৰসমূহত চাহিদা অনুপাতে কমসংখ্যক ভেক্‌চিন উপলব্ধ হোৱাত বহু লোক ভেক্‌চিনৰ পৰা বঞ্চিত হয়৷ ফলত এইসকল বঞ্চিত লোকক ক্ষুব্ধ হৈ পৰা দেখা গৈছে৷ অৱশ্যে, স্বাস্থ্যমন্ত্ৰীয়ে দৈনিক তিনি লাখকৈ ড’জ ভেক্‌চিন দিবলৈ স্বাস্থ্য বিভাগৰ আন্তঃগাঁথনি আছে বুলি ফটা ঢোল কোবাই আহিলেও বাস্তৱত অধিকাংশ কেন্দ্ৰত ১০০-১৫০ ড’জতকৈ অধিক ভেক্‌চিন উপলব্ধ নহয়৷ ফলত ভেক্‌চিনৰ ড’জতকৈ মানুহৰ সংখ্যা বৃদ্ধি পালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাটো স্বাভাৱিক৷ ইপিনে, শনিবাৰে নতুন দিল্লীত স্বাস্থ্যমন্ত্ৰী মহন্তই কেন্দ্ৰীয় চৰকাৰে অগ্ৰাধিকাৰ ভিত্তিত অসমলৈ শনিবাৰৰ দিনটোতে অতিৰিক্ত সাত লাখ ড’জ ভেক্‌চিন প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা বুলিও দাবী কৰে৷ ইপিনে, গুৱাহাটী উচ্ছ ন্যায়ালয়ে পৰিচয়-পত্ৰ নথকা লোকক  ৰাজ্য চৰকাৰে কেনেকৈ ভেক্‌চিন দিয়াৰ ব্যৱস্থা কৰিছে সেই সন্দৰ্ভত চৰকাৰৰ পৰা ব্যাখ্যা বিচাৰিছে৷  কাৰাগাৰত বন্দী লোকক ভেক্‌চিন প্ৰদানৰ সন্দৰ্ভতো ৰাজ্য চৰকাৰক উচ্ছ ন্যায়ালয়ে দুসপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছে৷ ইপিনে, নৱেম্বৰৰ পৰা স্কুল-কলেজ খুলিলে সকলো শিক্ষক-কৰ্মচাৰীক ভেকচিন প্ৰদান কৰিব বুলি স্বাস্থ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে৷