Logo
image

ডেৰ লক্ষাধিক ছাত্ৰ-ছাত্ৰীয়ে পঢ়াৰ সুযোগ নাপাব

আমাৰ অসম, ২ আগষ্টঃ পৰীক্ষা অবিহনেই অৱশেষত মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিকৰ ফলাফল প্ৰকাশ পালে৷ পৰীক্ষা অবিহনে হোৱা মূল্যায়নৰ বাবেই এইবাৰ মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিকত অভিলেখসংখ্যক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ’ল৷ পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি মেট্ৰিকত  সৰ্বোচ্ছ ৯৩.১০ শতাংশ শিক্ষাৰ্থীক উত্তীৰ্ণ ঘোষণা কৰিলে ছেবাই৷ অৰ্থাৎ মেট্ৰিকত উত্তীৰ্ণ হ’ল ৩,৯৭,১৩২জন ছাত্ৰ-ছাত্ৰী৷ একেদৰে উচ্ছতৰ মাধ্যমিকৰ তিনিওটা শাখাতে উত্তীৰ্ণৰ হাৰ হৈছে ৯৯ শতাংশ৷ ইয়াৰ ভিতৰত কলা শাখাত ১,৮৯,৭৯৩জন শিক্ষাৰ্থীয়ে কৃতকাৰ্যতা লাভ কৰাৰ বিপৰীতে বাণিজ্য শাখাত ১৮,৩৬৪জন আৰু বিজ্ঞান শাখাত ৩৮,০৬৮ জন শিক্ষাৰ্থীক উত্তীৰ্ণ ঘোষণা কৰা হ’ল৷ অৰ্থাৎ উচ্ছতৰ মাধ্যমিকৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত সৰ্বমুঠ ২,৪৬,২২৫জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে৷ অৱশ্যে ক’ভিড পৰিস্থিতিৰ মাজত শিক্ষা বিভাগে ফলাফল প্ৰকাশ কৰিলেও বৃহৎসংখ্যক শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হোৱাত উচ্ছ শিক্ষাৰ আসনক লৈ ভয়ংকৰ সমস্যাৰ সৃষ্টি হৈছে৷ পৰীক্ষা অবিহনে মেট্ৰিকত ৩.৯৭ লাখ আৰু উচ্ছতৰ মাধ্যমিকত ২.৪৬ লাখ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাত এই বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰীৰ এটা অংশই যে উচ্ছ শ্ৰেণীত অধ্যয়নৰ বাবে ৰাজ্যৰ কোনো শিক্ষানুষ্ঠানতে আসন লাভ নকৰিব সেয়া স্পষ্ট হৈ পৰিছে৷ কিয়নো মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিকত উত্তীৰ্ণৰ হাৰৰ বিপৰীতে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত সমসংখ্যক আসন নাই৷ কিন্তু এই শংকাৰ বিপৰীতে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে সকলো ছাত্ৰ-ছাত্ৰীক আসন জোৰা মৰাৰ পৰিৱৰ্তে দায়সৰা অদ্ভুত মন্তব্য দিয়াহে পৰিলক্ষিত হৈছে৷ শিক্ষামন্ত্ৰীৰ ভাষ্যতে স্পষ্ট হৈ পৰিছে যে উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ বাবে আসন লাভ নকৰিব৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি মেট্ৰিকত ৩,৯৭,১৩২জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ’লেও উচ্ছতৰ মাধ্যমিকত নামভৰ্তিৰ বাবে চৰকাৰী আৰু প্ৰাদেশিকৃত শিক্ষানুষ্ঠানত মাত্ৰ ৩,৩৫,২৭২খনহে আসন আছে৷ মন্ত্ৰীৰ তথ্য মতে উত্তীৰ্ণ ৬১,৮৬০জন ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগত তথা ভেঞ্চাৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব লাগিব৷ কিন্তু ৰাজ্যৰ ভেঞ্চাৰ তথা ব্যক্তিগত শিক্ষানুষ্ঠানত উচ্ছতৰ মাধ্যমিকত অধ্যয়নৰ বাবে কিমান আসন আছে সেই বিষয়ে অজ্ঞ খোদ ৰাজ্যৰ দায়িত্বশীল শিক্ষামন্ত্ৰীজন৷ অৱশ্যে শিক্ষা বিভাগৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে ৰাজ্যৰ ভেঞ্চাৰ তথা ব্যক্তিগত শিক্ষানুষ্ঠানত প্ৰায় ১৫-২০ হাজাৰহে আসন আছে৷ অৰ্থাৎ বাকী প্ৰায় ৪০ হাজাৰ শিক্ষাৰ্থীয়ে উচ্ছতৰ মাধ্যমিকত অধ্যয়নৰ সুযোগ লাভ নকৰাটো খাটাং৷ আনহাতে, উচ্ছতৰ মাধ্যমিকৰ তিনিওটা শাখাতে ২.৪৬ লাখ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে যদিও শিক্ষামন্ত্ৰী পেগুৰ মতে চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়ত মাত্ৰ ১.৭০ লাখহে আসন আছে৷ এটা কথা স্পষ্ট যে উত্তীৰ্ণ স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰ বাবে অতি কমেও প্ৰায় ৭৬ হাজাৰ শিক্ষাৰ্থীৰ বাবে কোনো আসনৰ ব্যৱস্থা নাই৷ তদুপৰি স্নাতক পাঠ্যক্ৰমত চিবিএছইৰ পৰাও বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে৷ স্বাভাৱিকতেই উচ্ছ শিক্ষা গ্ৰহণত এইবাৰ অসমৰ ডেৰ লক্ষাধিক ছাত্ৰ-ছাত্ৰী বঞ্চিত হোৱাৰ আশংকা কৰা হৈছে৷ অৱশ্যে ইয়াৰ বিপৰীতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মেট্ৰিক-উচ্ছতৰ মাধ্যমিকত উত্তীৰ্ণ বহুতে বৃত্তিমুখী, অভিযান্ত্ৰিক, মেডিকেল আদি পাঠ্যক্ৰমত নামভৰ্তি কৰিব বুলি মন্তব্য কৰিছে৷ তদুপৰি শিক্ষামন্ত্ৰীজনে উত্তীৰ্ণ একাংশ ছাত্ৰ-ছাত্ৰীয়ে উচ্ছ শিক্ষাত নামভৰ্তি নকৰে [ড্ৰপ আউট] বুলিহে অদ্ভূট যুক্তি দিয়া দেখা গ’ল৷ এক কথাত মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিক মিলাই প্ৰায় ডেৰ লাখ ছাত্ৰ-ছাত্ৰীয়ে উচ্ছ শিক্ষাৰ বাবে আসন লাভ নকৰাটো প্ৰায় নিশ্চিত৷ অৱশ্যে আসন নথকা শিক্ষাৰ্থীৰ বাবে আসনৰ নিশ্চয়তা দিব নোৱাৰিলেও শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ভুৱা শিক্ষানুষ্ঠানত শিক্ষাৰ্থীক নামভৰ্তিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে৷ ইপিনে, দেশৰ উচ্ছ শিক্ষাৰ আন্তঃগাঁথনিৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে চলোৱা শেহতীয়া এটা সমীক্ষাত প্ৰকাশ পোৱা মতে অসমৰ ১৮-২৩ বছৰ বয়সৰ প্ৰতি এক লাখ জনসংখ্যাৰ [ছাত্ৰ-ছাত্ৰী] বিপৰীতে মাত্ৰ ১৫খনহে কলেজ আছে৷ পৰিৱৰ্তনৰ শ্ল’গান আওৰোৱা বিজেপিয়ে অসমত শাসন কৰা পাঁচবছৰ হ’ল যদিও শিক্ষাৰ্থীক অধ্যয়নৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য বুলি অভিহিত কৰিছে এছ এফ আই৷ ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক নিৰংকুশ নাথে কোনো কাৰণতে যাতে অসমৰ ছাত্ৰ-ছাত্ৰী  নামভৰ্তিৰ পৰা বঞ্চিত হ’ব লগা নহয় তাক নিশ্চিত কৰিবলৈ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক দাবী জনাইছে৷