Logo
image

যুদ্ধ শেষ? সীমা বিবাদ পালেগৈ ক’ৰ্ট-কাছাৰী

আমাৰ অসম, ২ আগষ্টঃ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহ্বানৰ সিদ্ধান্ত ল’লেও অসম আৰক্ষীৰ একাংশ শীৰ্ষ বিষয়া কাছাৰ জিলাৰ উপায়ুক্ত, বন বিষয়া আৰু অসম আৰক্ষীৰ ২০০ জন অচিনাক্ত জোৱানৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰা নাই মিজোৰাম চৰকাৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে টেলিফোনত বাৰ্তালাপ কৰাৰ পিছতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংখাই অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰেও টেলিফোনত দীঘলীয়া আলোচনাত মিলিত হয় যদিও অসম আৰক্ষীয়ে মিজোৰামৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়লৈ যোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ উল্লেখ্য যে দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে টেলিফোনত বাৰ্তালাপ কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই৷ ইয়াৰ পিছতে তেওঁ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰেও টেলিফোনত কথা পাতে আৰু অসম-মিজোৰাম সীমান্তৰ সমস্যা আলোচনাৰ মাজেদি সমাধান কৰাৰ ক্ষেত্ৰত আশ্বাস প্ৰকাশ কৰে৷ এই আলোচনাৰ পিছতে মিজোৰামৰ লোকসকলক অসমৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত উচতনিমূলক পোষ্ট নিদিবলৈ মুখ্যমন্ত্ৰীজনে আহ্বান জনায়৷ মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নামত দাখিল কৰা এজাহাৰৰ পৰা মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ নাম প্ৰত্যাহাৰৰ বিষয়টো পৰীক্ষা কৰি চাবলৈ ৰাজ্যখনৰ মুখ্য সচিবক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী জোৰা থাংগাই৷ অসমৰ মুখ্যমন্ত্ৰীৰ নাম এজাহাৰত উল্লেখ কৰা বিষয়ে মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে অজ্ঞতা প্ৰকাশ কৰে৷ কিন্তু আজি পুনৰ বাৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই স্পষ্ট কৰি দি কয়–অসম চৰকাৰে মিজোৰামৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়লৈ যাব৷ অধিবক্তাসকলে গোচৰৰ নথিপত্ৰ সাজু কৰি আছে৷ ইয়াৰ বাবে অৱশ্যে মিজোৰামৰ বিৰুদ্ধে অসমে অৰ্থনৈতিক অবৰোধ নকৰে বুলি মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ স্পষ্ট কৰি দিয়ে৷ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই অৱশেষত অসম চৰকাৰৰ ওচৰত সেও মানিবলৈ বাধ্য হ’ল৷ উল্লেখ্য যে অসম-মিজোৰামৰ সীমা সমস্যা ৰাজনৈতিক পৰ্যায়ত সমাধানৰ দায়িত্ব প্ৰধান মন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওপৰত অৰ্পন কৰিছিল৷ সেই অনুসৰি অমিত শ্বাহে এই সীমা সমস্যা ৰাজনৈতিক পৰ্যায়ত সমাধানৰ চেষ্টা চলায় যদিও মিজোৰামৰ মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত আকোৰগোজ স্থিতি গ্ৰহণ কৰে আৰু মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰীসহ শীৰ্ষ আৰক্ষী প্ৰশাসনৰ আমোলা বিষয়াৰ বিৰুদ্ধে গোচৰ তৰে৷ অনুৰূপভাৱে অসম আৰক্ষীও মিজোৰামৰ বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ অসম আৰক্ষীয়ে মিজোৰামৰ ছয় জন প্ৰশাসনিক বিষয়ালৈ জাৰি কৰে চমন৷ ২ আগষ্টৰ পুৱা ১১ বজাত মিজোৰাম চৰকাৰৰ ছয়জন প্ৰশাসনীয় বিষয়াক ধলাই আৰক্ষী থানাত হাজিৰ হ’বলৈ চমন প্ৰেৰণ কৰা হৈছে৷ কাছাৰৰ অতিৰিক্ত উপায়ুক্ত কল্যাণ কুমাৰ দাসে জাৰি কৰিছে এই চমন৷ অসম আৰক্ষীয়ে চমন জাৰি কৰা এই প্ৰশাসনিক বিষয়া কেইজন হৈছে ব্ৰুঞ্চ কিবি, অতিৰিক্ত উপায়ুক্ত থাৰ্টি হাংজচাল, এছ ডি পি অ’ চি লালৰেপুৰীয়া, এছ ডি অ’ ডেভিদ জে বি, অতিৰিক্ত উপায়ুক্ত ডঃ এইচ লালথালাজিলিআনা, উপায়ুক্ত ভেললাল ফাকা৷ ২ আগষ্টৰ পুৱা ১১ বজাত আটাইকেইজন বিষয়াই অসমৰ ঢলা থানাত উপস্থিত হৈ সাক্ষ্য দিব লাগিব৷ কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ পিছত বাধ্য হৈ মিজোৰাম চৰকাৰে যুদ্ধ বিৰতিলৈ যায় যদিও বৰ্তমানো অব্যাহত আছে দুয়োখন ৰাজ্যৰ মাজৰ আইনী যুঁজ৷

অসমৰ মুখ্যমন্ত্ৰীক ভাবুকি দিয়া মিজো ষ্টুডেণ্টছ্‌ ইউনিয়নৰ নামেই শুনা নাই আছুৱে

উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ অংশীদাৰ নহয়৷ মুখ্যমন্ত্ৰীক ভাবুকি দিয়া ‘মিজো ষ্টুডেণ্টছ্‌ ইউনিয়ন৷ আমি আগতে এই সংগঠনৰ নাম কেতিয়াও শুনা নাই৷’ এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ৷ দেওবাৰে গুৱাহাটীৰ এক অনুষ্ঠানত ‘মিজো ষ্টুডেণ্টছ্‌ ইউনিয়ন’ৰ বিষয়ে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ এনেদৰে কয়৷ এই সংগঠনটোৰ অস্তিত্বৰ সম্পৰ্কে তেওঁ জ্ঞাত নহয় বুলি উল্লেখ কৰি লগতে কয়–‘মুখ্যমন্ত্ৰীক ভাবুকি দিয়া ‘মিজো ষ্টুডেণ্টছ্‌ ইউনিয়ন’ উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন, ‘নেছ’ৰ অংশীদাৰ সংগঠন নহয়৷ নেছ’ৰ লগত সাতখন ৰাজ্যৰ আঠটা ছাত্ৰ সংগঠন আছে৷ আমি এই সংগঠনটোৰ নাম আগতে কেতিয়াও শুনা নাই৷  থাকিব পাৰে এনে সংগঠন কিন্তু আমি জ্ঞাত নহয়৷ মিজোৰামৰ ছাত্ৰ সংগঠন ‘মিজো জিৰলাই পল’ নেছ’ৰ লগত প্ৰথমৰ পৰাই আছে৷ সদৌ অসম ছাত্ৰ সন্থাসহ মুঠ আঠটা ছাত্ৰ সংগঠনে এটা ছাতিৰ তলত ‘উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন’ নামেৰে এটা সংগঠন বহু বছৰ ধৰি চলাই আছো৷ প্ৰতিটো সংগঠনে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাক লৈ মাত মাতি আহিছো৷ ‘মিজো ষ্টুডেণ্টছ্‌ ইউনিয়ন’ নামেৰে যিটো সংগঠনে, মুখ্যমন্ত্ৰী ভাবুকি দিছে সেইটো সংগঠন এই উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ অংশীদাৰ নহয়৷ আমি ‘মিজো জিৰলাই পল’ৰ লগত যোগাযোগত আছো৷ তেওঁলোকেও অসম মিজোৰাম সীমান্তত সংঘটিত হোৱা উক্ত ঘটনাটোক গৰিহণা দিছে৷ তদুপৰি অসমৰ যিসকল লোক মিজোৰামত আছে তথা মিজোৰামৰ যিসকল লোক অসমত আছে, আমি তেওঁলোকৰ জীৱনৰ নিৰাপত্তাৰ বিষয়টো নিশ্চিত কৰাৰ বাবে অহৰহ ‘মিজো জিৰলাই পল’ৰ নেতৃত্বৰ সৈতে যোগাযোগত আছো৷ তেওঁলোকে কৈছে–মিজোৰামত থকা অসমৰ লোকসকলে শংকাত ভুগিলে আমাৰ লগত যোগাযোগ কৰিব৷ কিয়নো এই সমস্ত কথাটো ৰাজনৈতিক৷ সীমা সমস্যা বিষয়টো কেন্দ্ৰীয় চৰকাৰে আৰু অসম চৰকাৰে সমাধান কৰাৰ দায়িত্ব লোৱা উচিত৷ তেনেকৈহে ইয়াৰ সমাধান হ’ব৷ অসমৰ খিলঞ্জীয়া মানুহ আৰু মিজোৰামৰ খিলঞ্জীয়া মানুহৰ মাজত এই যুঁজ নহয়৷ এই যুঁজ সীমাৰ যুঁজ৷ সীমাৰ সমস্যা সমাধান কৰাৰ দায়িত্ব চৰকাৰৰ৷’ ইপিনে ঘটনাস্থলীলৈ আছু’ৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত এটা প্ৰতিনিধি দল দেওবাৰে ৰাওনা  হোৱা বুলি আছুৰ সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে৷ তেওঁ কয়– ‘হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ সময়ত আমি প্ৰত্যেকে সচেতন হৈ থাকিব লগা হয়৷ কিয়নো যিকোনো মুহূৰ্তত ছাত্ৰ-ছাত্ৰীৰ ক্ষতি হ’ব পৰা ধৰণৰ ঘটনা সংঘটিত হ’ব পাৰে৷ যাৰ বাবে আমি গুৱাহাটীতে আছিলো৷ সেই বাবে আজিহে আমাৰ প্ৰতিনিধি দল এটা বৰাক ভেলীলৈ ৰাওনা হৈছে৷’ উল্লেখ্য ২৮ জুলাইত ‘মিজো ষ্টুডেণ্টছ্‌ ইউনিয়ন’ নামৰ এটা সংগঠনে অসমৰ মুখ্যমন্ত্ৰীক উদ্দে্যশি এক ভাবুকি ভৰা পত্ৰ সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল৷