Logo
image

পৰীক্ষা নহ’ল, অবাধে হৈছে বিক্ষোভ

আমাৰ অসম, ৩ আগষ্টঃ সমগ্ৰ পৰিৱেশ-পৰিস্থিতিয়েই বেদনাদায়ক৷ যি ক’ভিডৰ দোহাই দি পৰীক্ষা অনুষ্ঠিত কৰা নহ’ল, সেই নপতা পৰীক্ষাৰ ফলাফলত বেমেজালিৰ অভিযোগ তুলি প্ৰতিবাদমুখৰ হৈ পৰিছে বহু ছাত্ৰ-ছাত্ৰী৷ পৰীক্ষা নহ’ল যদিও ৰাজ্যৰ বিভিন্ন ঠাইত অবাধে বিক্ষোভত নামি পৰিছে ছাত্ৰ-ছাত্ৰী৷ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰথমতে কেইবাশ আছিল যদিও দিন বাগৰাৰ লগে লগে বিক্ষোভকাৰী শিক্ষাৰ্থীৰ সংখ্যা হৈছেগৈ হাজাৰ হাজাৰ৷ এনে পৰিস্থিতিত স্বাভাৱিকতে সকলোৰে মনত এই প্ৰশ্নৰ উদয় হৈছে যে যদি একেলগে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে আন্দোলন কৰিব পাৰে, তেন্তে পৰীক্ষা পতাই ভাল আছিল নেকি? কোৱা বাহুল্য যে ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে অনুষ্ঠিত নহ’ল ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা৷ বহু বাদ-বিবাদ, আলোচনা-বিলোচনা, তৰ্ক-বিতৰ্কৰ অন্তত চি বি এছ ইৰ দৰে ছেবাৰ অধীনত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত আৰু উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত অনুষ্ঠিত হ’বলগীয়া উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা বাতিল কৰি বিকল্প মূল্যায়নৰ জৰিয়তে ঘোষণা কৰা হ’ল দুয়োটা পৰীক্ষাৰ ফলাফল৷ পিছে এই ফলাফলক লৈ ৰাজ্যজুৰি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷ ছেবা আৰু সংসদৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰ অবাধে হৈছে বিক্ষোভ৷ কি উজনি কি নামনি ৰাজ্যৰ প্ৰায় সকলোতে তীব্ৰ অসন্তুষ্টি দেখা গৈছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাৰ মাজত৷ আনকি একাংশ ছাত্ৰ-ছাত্ৰীয়ে বিকল্প মূল্যায়নত অসন্তুষ্ট হৈ বিদ্যালয়ৰ আচবাব পৰ্যন্ত লণ্ড-ভণ্ড কৰে৷ গুৱাহাটী, কোকৰাঝাৰ, শোণিতপুৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ, নলবাৰী, কাৰ্বি আংলং, হাইলাকান্দি, নগাঁও, মৰিগাঁও আৰু শিৱসাগৰকে ধৰি ৰাজ্যৰ প্ৰায় সকলো জিলাৰ বিভিন্ন ঠাইত মূল্যায়নত বেমেজালি-বিসংগতিৰ অভিযোগ তুলি আন্দোলনত নামিছে হাজাৰ হাজাৰ বঞ্চিত ছাত্ৰ-ছাত্ৰী৷ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত বল প্ৰয়োগ কৰাৰ লগতে লাঠীচালনা কৰাৰ ঘটনাও সংঘটিত হৈছে৷ পৰীক্ষাৰ ফলাফলক লৈ একাংশ ছাত্ৰ-ছাত্ৰীয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি অহাৰ সময়ত সোমবাৰে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ছেবাৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰাৰ লগতে একাংশ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজপথত প্ৰতিবাদী সমদলো উলিয়ায়৷ ৰাজ্যৰ কেইবাখনো শিক্ষানুষ্ঠানৰ অনুত্তীৰ্ণ কেইবাশ ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিকৰ নপতা পৰীক্ষাৰ মূল্যায়ন পুনৰ বিবেচনা কৰাৰ দাবীত ছেবাৰ কাৰ্যালয় ঘেৰাও কৰে৷ প্ৰতিবাদ মুখৰ হৈ পৰা ছাত্ৰ-ছাত্ৰীয়ে বিকল্প মূল্যায়নৰ জৰিয়তে উত্তীৰ্ণ-অনুত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰো দাবী উত্থাপন কৰে৷ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে ‘আমাক ন্যায় দিয়ক’, ‘বিকল্প মূল্যায়নৰ নামত বৈষম্য নচলিব’ আদি শ্লোগান দি উত্তপ্ত  কৰি তোলে ছেবাৰ সদৰৰ চৌহদ৷ উচ্ছতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ একাংশ ছাত্ৰ-ছাত্ৰীয়ে বিকল্প মূল্যায়নক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে৷ বেটাৰমেণ্ট দিবলগীয়া পৰীক্ষাৰ্থীয়ে বিকল্প মূল্যায়নক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে৷ বিশেষজ্ঞ কমিটীয়ে প্ৰস্তুত কৰা এছ অ’ পি অমান্য কৰি মূল্যায়ন কৰাৰ অভিযোগ তোলে এনে ছাত্ৰ-ছাত্ৰীয়ে৷ এনে ছাত্ৰ-ছাত্ৰীৰ অভিযোগ– ‘আমি পূৰ্বে নম্বৰ কম পোৱা বাবে বেটাৰমেণ্ট দিবলৈ প্ৰস্তুতি চলাইছিলোঁ৷ কিন্তু আমাক মূল্যায়নৰ সময়ত মাত্ৰ ৩-৭ শতাংশহে নম্বৰ বঢ়াই দিয়া হৈছে৷’ এইসকল ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্ন– পৰীক্ষাত নবহাকৈ কেনেকৈ তৃতীয় বিভাগত উত্তীৰ্ণ হ’ব লগা ছাত্ৰ-ছাত্ৰীক ৯০ শতাংশ পৰ্যন্ত নম্বৰ দিয়া হৈছে৷ তেওঁলোকৰ মতে মূল্যায়নৰ ক্ষেত্ৰত ত্ৰুটিৰ বাবে ন্যায়ৰ পৰা বঞ্চিত হৈছে একাংশ মেধাবী ছাত্ৰ-ছাত্ৰী৷

‘আমাৰ অসম’ৰ বকোৰ প্ৰতিবেদকঃ অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষা বিহীন ফলাফলত ৰাজ্যজুৰি হোৱা চৰম বিসংগতিয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হোৱা ক্ষোভ আৰু অসন্তষ্টিয়ে নিতৌ বাতৰিৰ শিৰোনামা দখল কৰি অহা মুহূৰ্তত কামৰূপ কামৰূপ জিলাৰ বকোত আজি অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী সমদল আৰু ধৰ্ণাই এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ উল্লেখ্য, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়ণত অনুত্তীৰ্ণ হোৱা বকো হাইস্কুলৰ লগতে বকো ছোৱালী হাইস্কুলৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত নবহাৰ দাবীৰে বকো হাইস্কুল চৌহদৰ লগতে বকোৰ ৰাজপথত ৰূপায়ণ কৰে এই প্ৰতিবাদী সমদল আৰু ধৰ্ণা কাৰ্যসূচী৷ মাধ্যমিক শিক্ষা পৰিষদে বিদ্যালয়সমূহৰ মূল্যায়নৰ ভিত্তিতে ঘোষণা হোৱা ফলাফলত বকো হাইস্কুল কেন্দ্ৰৰ অধীনস্থ একাংশ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে অনাকাংক্ষিতভাৱে অনুতীৰ্ণ হোৱাত এই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এতিয়া সৃষ্টি হৈছে তীব্ৰ ক্ষোভ আৰু হতাশা৷ ইফালে, ছেবাই অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ পৰীক্ষাৰ ব্যৱস্থা কৰিছে যদিও সেই পৰীক্ষাৰ বিৰোধিতা কৰিয়ে ক্ষোভিত ছাত্ৰ-ছাত্ৰীসকলে আজি বকো হাইস্কুল চৌহদত হাতে হাতে ফেষ্টুনলৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এটি প্ৰতিবাদী সমদল উলিয়াই ছেবাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ এই প্ৰতিবাদী সমদল আৰু ধৰ্ণাৰ জৰিয়তে হাইস্কুলৰ পৰীক্ষা সমূহত বহু কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীয়ে শিক্ষান্ত পৰীক্ষাৰ মূল্যায়নত উত্তীৰ্ণ হোৱালৈ চাই এই অনুতীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে কোনো পধ্যেই বিশেষ পৰীক্ষাত অৱত্তীৰ্ণ নহয় বুলি চেবাক সকীয়াই দি পৰীক্ষাত বহিলে উত্তীৰ্ণ - অনুত্তীৰ্ণ সকলোৱে বহিব লাগিব বুলি দাবী তোলে৷ লক্ষণীয়, বকো হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া তথা বকো হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনৰ বিৰুদ্ধে একাংশ ছাত্ৰ- ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্থ কৰাৰ লগতে তেওঁৰ বাসগৃহ ঘেৰাও কাৰ্যসূচীও ৰূপায়ণ কৰিছিল৷ 

‘আমাৰ অসম’ৰ আগিয়াৰ প্ৰতিবেদকঃ সদ্যঘোষিত মেট্টিক পৰীক্ষাৰ ফলাফলক লৈ ছাত্ৰ আৰু অভিভাৱকৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টি এতিয়াও আগিয়াৰ বালিজানা জাতীয় বিদ্যালয়ত শাম কটা নাই৷ আজি একাংশ ছাত্ৰ আৰু অভিভাৱকে বিদ্যালয়খনত উপস্থিত হৈ প্ৰধান শিক্ষক গিৰীন দাস আৰু এছ এম ডি চি’ৰ সম্পাদক হৰকান্ত নাথক উভতি ধৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ তেওঁলোকৰ এটাই অভিযোগ যে– পৰীক্ষাবিহীন ফলাফলত আগিয়াৰ বালিজানা জাতীয় বিদ্যালয়ে একাংশ ছাত্ৰ-ছাত্ৰীৰ মুখ চাই নম্বৰ প্ৰদান কৰাৰ বিপৰীতে আন একাংশ ছাত্ৰ-ছাত্ৰীক শ্ৰেণী পৰীক্ষাত দক্ষতা থকা স্বত্বেও নম্বৰ কমাই দিয়ে৷ ফলত উপযুক্ত নম্বৰ পোৱাৰ পৰা বঞ্চিত হয় কেইগৰাকীমান ভাল ছাত্ৰ-ছাত্ৰী৷ বিদ্যালয়খনত প্ৰথম ৰোল নম্বৰৰ পৰা দশম ৰোল নম্বৰ লৈকে পৰীক্ষাবিহীন ফলাফলত নম্বৰৰ বিসংগতিয়েই ছাত্ৰ আৰু অভিভাৱকৰ মাজত বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু এছ এম ডি চি’ৰ প্ৰতি বিশ্বাসযোগ্য নোহোৱা কৰি তোলে৷ উল্লেখ্য যে-পৰীক্ষাবিহীন ফলাফলত বালিজানা জাতীয় বিদ্যালয়ৰ প্ৰথম ৰোল নম্বৰ পৰা দশম ৰোল নংলৈকে পোৱা নম্বৰৰ তালিকা -প্ৰথম-টাজনুৰ ইছলাম ৮২ শতাংশ, দ্বিতীয় বিশ্বজিৎ দাস ৯১ শতাংশ, তৃতীয় সৌৰভজ্যোতি নাথ ৯১ শতাংশ, চতুৰ্থ জিন্তু ৰাভা ৮১ শতাংশ, পঞ্চম ৰফিকুল ইছলাম ৮০ শতাংশ, ষষ্ঠ গায়ত্ৰী ৰয় ৮৮ শতাংশ, সপ্তম পৰিস্মিতা নাথ ৮০ শতাংশ, অষ্টম ৰূপম কুমাৰ দাস ৮৩ শতাংশ, নবম গৰিমা ৰাভা ৭৮ শতাংশ আৰু দশম গজানন দাস ৮৩ শতাংশ৷ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে অপ্ৰতিৰোধ্যভাৱে প্ৰথম স্থান দখল কৰি অহা ছাত্ৰ গৰাকীক কম নম্বৰ দি দ্বিতীয় আৰু তৃতীয় গৰাকী ছাত্ৰক কি যুক্তিত নব্বৈৰ অধিক নম্বৰ প্ৰদান কৰিছে বুলি প্ৰধান শিক্ষক আৰু এছএম ডি চিক জবাবদিহি কৰে ছাত্ৰ গৰাকীৰ অভিভাৱক মাজিদুল ইছলামে৷ ইছলামে আক্ষেপ কৰি কয় যে-ছাত্ৰ গৰাকীক চূড়ান্তভাৱে অন্যায় কৰা হৈছে৷ ইপিনে বিদ্যালয়খনৰ প্ৰধান শিক্ষক গিৰীন দাসে স্পষ্ট ভাষাৰে কয় যে–বিদ্যালয়খনত কৰ’না মহামাৰীৰ দৰে এক ভয়াবহ পৰিস্থিতিৰ মাজতে প্ৰি-টেষ্ট অনুষ্ঠিত কৰা হৈছিল আৰু সেইমতে ছাত্ৰ-ছাত্ৰীৰ নম্বৰ তালিকা ছেবালৈ পঠিয়াই দিয়া হৈছিল৷ শিক্ষক হিচাপে ছাত্ৰ-ছাত্ৰীক নম্বৰ প্ৰদানৰ ক্ষেত্ৰত কাকো পাৰ্থক্য ৰখা নাছিল৷ যোগ্যতা হিচাপে ছাত্ৰ-ছাত্ৰীয়ে উপযুক্ত নম্বৰ পোৱা বুলি তেওঁ কয়৷ 

নলবাৰীৰ হাইস্কুলত উত্তপ্ত পৰিস্থিতি, প্ৰধান শিক্ষকক ঘেৰাও

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধিঃ পৰীক্ষাবিহীন মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে নলবাৰীতো শেহতীয়াভাৱে মূল্যায়নক লৈ বিসংগতিৰ অভিযোগ তুলি শিক্ষাৰ্থী তথা অভিভাৱকে কৰিছে প্ৰতিবাদ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ জিলাখনৰ এচাম শিক্ষাৰ্থী তথা অভিভাৱকে সন্তুষ্টি লাভ কৰাৰ বিপৰীতে আন একাংশ শিক্ষাৰ্থী কিম্বা তেওঁলোকৰ অভিভাৱকে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ মূল্যায়নত বিসংগতি, খেলিমেলি কিম্বা বৈষম্যৰ অভিযোগক লৈ বহুসংখ্যক শিক্ষাৰ্থী তথা অভিভাৱক ক্ষুব্ধ হৈ থকাৰ মাজতে আজি জিলাখনৰ পানীগাঁওস্থিত মিলন হাইস্কুলত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ জনা মতে, বিদ্যালয়খনৰ পৰা অৱত্তীৰ্ণ ৬১জন শিক্ষাৰ্থীৰ ভিতৰত ১১জনকৈ ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হ’ব লগা হয়৷ মূল্যায়নত বিসংগতিৰ অভিযোগ তুলি ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰমেন্দ্ৰ নাথ শৰ্মাক ঘেৰাও কৰি তেওঁলোকে অনুত্তীৰ্ণ হোৱাৰ কাৰণ জানিবলৈ বিচাৰে৷ ছাত্ৰ-ছাত্ৰীসকলে মূল্যায়নৰ তালিকা চাব বিচৰাত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকজনে বিদ্যালয় মূল্যায়ন সমিতিত তেওঁ নথকা বিষয়টো জনাই গা এৰা দিয়াৰহে প্ৰচেষ্টা চলাই সমিতিখনৰ সদস্য সকললৈহে দোষ ঠেলা পৰিলক্ষিত হয়৷ ইয়াৰ বিপৰীতে অনুত্তীৰ্ণ ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলক পুনৰ পৰীক্ষাত বহিবলৈ পৰামৰ্শ আগবঢ়োৱাত তেওঁলোকে পুনৰ পৰীক্ষাত বহিব লাগিলে বিদ্যালয়খনৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিব লাগিব বুলি কৈ পৰিৱেশ উত্তাল কৰি তোলে৷ উল্লেখ্য, চলিত বছৰটোত এই বিদ্যালয়খনে মধ্যাহ্ন ভোজনৰ চাউল ছাত্ৰ-ছাত্ৰীক মাত্ৰ এদিন বিতৰণ কৰাক লৈও দুদিন পূৰ্বে শিক্ষাৰ্থী তথা অভিভাৱকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ বিদ্যালয়খনত মধ্যাহ্ন ভোজনৰ চাউল বিতৰণ নকৰি দীৰ্ঘদিনৰ বাবে মজুত কৰি ৰখাত চাউলৰ বস্তাত পোকৰ সৃষ্টি হৈছিল৷ লক্ষণীয়ভাৱে জিলাখনত মধ্যাহ্ন ভোজন আঁচনি ৰূপায়ণৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত হৈ আহিছে বুলি ২আগষ্টৰ ‘আমাৰ অসম’ত এক বাতৰি প্ৰকাশ হৈছিল৷ আনহাতে, আন এক অভিযোগ অনুসৰি, প্ৰায় এবছৰ পূৰ্বে বিদ্যালয়ত কম্পিউটাৰ আৰু প্ৰিণ্টাৰ ক্ৰয়ৰ বাবে ৩৬ হাজাৰ টকা আবণ্টন দিয়া হৈছিল যদিও আজিপৰ্যন্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকজনে ক্ৰয় নকৰিলে এনে কম্পিউটাৰ৷ ইয়াকে লৈ বিদ্যালয়খনৰ একাংশ শিক্ষক আৰু কৰ্মচাৰী ক্ষুণ্ণ হৈ পৰা বুলি জনা গৈছে৷

উচ্ছতৰ মাধ্যমিকৰ ফলাফলক লৈ বৰপেটাত ক্ষোভ

‘আমাৰ অসম’ৰ সৰুক্ষেত্ৰীৰ প্ৰতিবেদকঃ সদ্যঘোষিত উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি বৰপেটাস্থিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আম্বেদকাৰ একাডেমীত আজি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ বৰপেটাৰ ব্যক্তিগত শিক্ষানুষ্ঠান আম্বেদকাৰ একাডেমী উচ্ছতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়নত যথেষ্ট খেলিমেলি হোৱাৰ অভিযোগ তুলি একাংশ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষানুষ্ঠানখনত বিক্ষোভ প্ৰদৰ্শন কৰি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ একাডেমীখনৰ ছাত্ৰ-ছাত্ৰীসকলে উক্ত একাডেমীখনৰ অধ্যক্ষক ঘেৰাও কৰি মূল্যায়নৰ উচিত তদন্ত বিচৰাৰ লগতে উপাধ্যক্ষ ল’বৰাম পাঠকে নিজৰ মইমতালিৰে খেলি-মেলি কৰাৰো অভিযোগ কৰে৷ মেধাবী ছাত্ৰ-ছাত্ৰী একাংশই প্ৰাপ্য স্থান আৰু নম্বৰৰ পৰা বঞ্চিত হ’বলগীয়া হোৱাৰ ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে৷ একাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে অভিযোগ কৰা মতে, উপাধ্যক্ষ ল’বৰাম পাঠকে পূৰ্বৰে পৰা একাডেমিখনত ৰাজত্ব চলাই আহিছে৷ শিক্ষাৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত কৰি অহাৰো অভিযোগ উঠাৰ বাবে আজি আম্বেদকাৰ একাডেমিখনৰ অধ্যক্ষই শিক্ষকসকলৰ লগত গোটেই ঘটনা কিদৰে মোকাবিলা কৰিব পাৰি সেই লৈ পুৱা ৯.৩০ বজাত এখন সভা আহ্বান কৰিছিল৷  সভাখন অনুষ্ঠিত হয় যদিও তাত আহ্বায়িত অধ্যক্ষজন উপস্থিত নোহোৱা ঘটনাই এক তাৎপৰ্য বহন কৰিছে৷ আনপিনে, উপাধ্যক্ষ ল’বৰাম পাঠকেও ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ৰোষত পৰাৰ ভয়ত উপস্থিত হোৱা নাছিল সভাখনত৷ এনে ঘটনাই একাডেমীখনৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক চিন্তাণ্বিত কৰি তুলিছে৷