Logo
image

চাউল, নেমু, কঁঠাল উৰা মাৰিব অসমৰ পৰা

আমাৰ অসম, ৪ আগষ্টঃ উজনি তথা উত্তৰ-পূবৰ কৃষক ৰাইজৰ বাবে সুখবৰ৷ এতিয়াৰে পৰা কৃষকে নিজ উৎপাদিত খাদ্য-সামগ্ৰী পোনপটীয়াকৈ দেশৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তলৈ মোহনবাৰী বিমানবন্দৰৰ পৰা প্ৰেৰণ কৰিব পাৰিব৷ কাৰণ আজিৰে পৰা স্থানীয় কৃষকৰ দ্বাৰা উৎপাদিত সকলো থলুৱা সামগ্ৰী বহিঃৰাজ্যৰ লগতে বহিঃদেশলৈ ৰপ্তানি কৰাৰ বাবে আজি কাৰ্গো টাৰ্মিনেল নিৰ্মাণৰ শুভাৰম্ভ কৰা হয় ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰৰ পৰা৷ ঘৰুৱা বিমান সেৱাৰ হৈ ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰৰ পৰা ফ্লাই বিগ, এয়াৰ ইণ্ডিয়া, ভিষ্টাৰা আৰু ইণ্ডিগ’ এই চাৰিখন বিমানে দেশৰ ভিন্ন স্থানলৈ কঢিয়াই নিব থলুৱা খাদ্য-সামগ্ৰী৷ বিশেষকৈ ৰাজ্যত উৎপাদিত  চাহপাতৰ গ্ৰীণ টী, হোৱাইট টী, অৰ্থডক্স টিৰ লগতে  কোমল চাউল, বৰা চাউল, ঔ টেঙা, কাজি নেমু মাটি কঁঠাল, কঠাল আদি বিভিন্ন সামগ্ৰী ডিব্ৰুগড়ৰ পৰা প্ৰতিদিনে চাৰিখন বিমানে ১০ পৰা ১৫ টন লৈ উৰা মাৰিব দেশৰ ভিন্ন স্থানলৈ৷ অসমীয়া জলপান তথা অসমৰ খাদ্য-সামগ্ৰী দেশৰ লগতে বিশ্বৰ ভিন্ন স্থানত চিনাকি কৰাই দিয়াৰ চেষ্টা কৰিছে এইদৰে এয়াৰপৰ্ট অথৰিটী অৱ ইণ্ডিয়াই৷ আজি এই উপলক্ষে আয়োজিত এক অনুষ্টুপীয়া অনুষ্ঠানত কেক কাটি টাৰ্মিনেল নিৰ্মাণৰ শুভাৰম্ভ কৰে ডিব্ৰুগড় এয়াৰপ’ৰ্ট অথৰিটীৰ সঞ্চালক ৰামজি অৱস্তি আৰু চিআইএছএফৰ ডেপুটি কমাণ্ডেণ্ট লিমা ইম্বাই৷ উল্লেখ্য যে, এইকাৰ্যৰ জৰিয়তে উত্তৰ-পূবত উৎপাদিত থলুৱা সামগ্ৰী বা খাদ্যবস্তুৰ লগতে অসমৰ চাহ বিশ্বৰ সকলো প্ৰান্তলৈ বিমানৰ জৰিয়তে অনায়াসে প্ৰেৰণ কৰাৰ বাট এতিয়াৰে পৰা মুকলি হৈ পৰিল৷ অতিমাৰী কৰ’না কালত উত্তৰ-পূবৰ সমগ্ৰ কৃষকসকললৈ কঢ়িয়াই অনা এনে সুখবৰে সকলো কৃষককে উল্লাসিত কৰি তুলিছে৷ এয়াৰপৰ্ট অথৰিটী অৱ ইণ্ডিয়াৰ জৰিয়তে দেশৰ ভিন্ন স্থানলৈ ৰাজ্যৰ থলুৱা খাদ্য-সামগ্ৰী ৰপ্তানি কৰাৰ ক্ষেত্ৰত বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰাতো কৃষকৰ বাবে এক ইতিবাচক দিশ হিচাপ পৰিগণিত হৈছে৷ এয়াৰপ’ৰ্ট অথৰিটীৰ তৰফৰ পৰা জনোৱা মতে, কাৰ্গো বিমানৰ [খাদ্য-সামগ্ৰী] জৰিয়তে চলিত মাহৰ শেষভাগৰ পৰা ডিব্ৰুগড়ৰ মোহনবাৰী বিমাবন্দৰৰ পৰা প্ৰতিদিনে চাৰিখনকৈ ঘৰুৱা বিমান উৎপাদিত থলুৱা বিভিন্ন সামগ্ৰী দেশৰ নানান স্থানলৈ যাত্ৰা কৰিব৷ স্বাভাৱিকতেই ৰাজ্যৰ কৃষকসকললৈ এয়া অতি ভাল খবৰ হিচাপে পৰিগণিত হৈছে৷ এতিয়াৰ পৰা নিজৰ উৎপাদিত সামগ্ৰী কৃষকসকলে ডিব্ৰুগড় বিমানবন্দৰৰ পৰা দেশৰ ভিন্ন স্থানৰ লগতে বিদেশলৈকো সামগ্ৰী পোনপটীয়াকৈ পথাব পাৰিব৷

বাংলাদেশলৈ অসমৰ মাকৈ

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ বিগত সময়চোৱাত ৰাজ্যখনৰ কৃষিখণ্ডৰ আটাইতকৈ উল্লেখযোগ্য সফলতা কি বুলি যদি কোনোবাই প্ৰশ্ন কৰে তেন্তে আমি কম যে, কৃষিখত যুৱ শক্তিৰ অংশগ্ৰহণেই হ’ল অসমৰ কৃষিখণ্ডৰ আটাইতকৈ ডাঙৰ সফলতা৷ আজি ৰাজ্যখনৰ কৃষিভিত্তিক অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাৰ ক্ষেত্ৰতেও যুৱশক্তিয়েই উল্লেখযোগ্য ভূমিকা পালন কৰিছে৷ এই মন্তব্য ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ৷ আজি গুৱাহাটীৰ খানাপাৰাৰ অসম চুক্তি ৰূপায়ণ বিভাগ চৌহদত কৃষি বিভাগ আৰু কেন্দ্ৰীয় চৰকাৰৰ সংস্থা নেৰামেকৰ জৰিয়তে অসমৰ পৰা বাংলাদেশলৈ ৰপ্তানি কৰা পঞ্চাশ মেট্ৰিকটন মাকৈৰ যাত্ৰাৰ ফ্লেগ অফ্‌ কৰি কৃষি মন্ত্ৰী বৰাই পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ অসম চৰকাৰে ৰাজ্যখনত উৎপাদন হোৱা বিভিন্ন মানসম্পন্ন, ঔদ্যোগীক মূল্য থকা শস্যৰ ৰপ্তানিত অগ্ৰাধিকাৰভিত্তিত গুৰুত্ব আৰোপ কৰিছে৷ আনহাতে বিগত পাঁচটা বছৰত কৃষি বিভাগে কৃষিখণ্ডৰ বিকাশৰ বাবে বিভিন্ন বাস্তৱসম্মত ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত আজি কৃষক ৰাইজৰ জীৱনধাৰণৰ মান পূৰ্বতকৈ যথেষ্ট উন্নীত হৈছে৷ মন্ত্ৰী বৰাই কয় যে, বাংলাদেশৰ প্ৰতি বছৰে ২৫ লাখ মেট্ৰিকটন মাকৈৰ প্ৰয়োজন৷ এই চাহিদা পূৰণ কৰাৰ বাবে আমি সুনিৰ্দিষ্ট পৰিকল্পনাৰে আগবাঢ়িব লাগিব৷ ২০১৫-১৬ বৰ্ষৰ তুলনাত ২০২৯-২০ বৰ্ষত অসমত মাকৈৰ উৎপাদন ৪৭ শতাংশ বৃদ্ধি পাইছে বুলিও কৃষিমন্ত্ৰীজনে উল্লেখ কৰে৷ শেহতীয়াকৈ অসমৰ পৰা নেমু টেঙা, আনাৰস, কল, বিভিন্ন শাক-পাছলি আদি বিদেশলৈ ৰপ্তানি হৈ থকাৰ প্ৰসংগ উত্থাপন কৰি এইক্ষেত্ৰত এপেড়া, এপাৰ্ট, নেৰামেক আদিৰ দৰে সংস্থাসমূহে গ্ৰহণ কৰা ভূমিকাৰ শলাগ লয়৷ কৃষিমন্ত্ৰীজনে কৃষি ৰপ্তানিৰ সৈতে জড়িত কিগা এক্সিমছ প্ৰাইভেট লিমিটেড, পাণবাৰী বডোফা এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড, তেতেলিয়া এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড আদিৰ দৰে সংস্থাসমূহক ধন্যবাদ জানায়৷ কৃষি মন্ত্ৰী বৰাই কয় যে, পি এম কিষাণ আঁচনিত অযোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্তিৰ সন্দৰ্ভত কৃষি বিভাগেই প্ৰথমে তদন্ত আৰম্ভ কৰিছিল আৰু এনে অযোগ্য হিতাধিকাৰীৰ নামো কৃষি বিভাগেই তালিকাৰ পৰা প্ৰথমে কৰ্তন কৰিছিল৷ পি এম কিষাণ আঁচনিৰ ধন লাভ কৰা অযোগ্য হিতাধিকাৰীয়ে ধন ওভোটাই নিদিলে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্ত্ৰী বৰাই উল্লেখ কৰে৷ এই আঁচনিখনৰ অধীনত হিতাধিকাৰীৰ নাম অন্তৰ্ভূক্তিৰ ক্ষেত্ৰত অসম চৰকাৰে লোৱা শেহতীয়া সিদ্ধান্তৰ বিষয়েও কৃষিমন্ত্ৰী বৰাই উল্লেখ কৰে৷ ফ্লেগ অফ অনুষ্ঠানত নেডফিৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক পি ভি এছ এল এন মূৰ্তি, নেৰামেকৰ পৰিচালন সঞ্চালক মনোজ দাস, প্লেণ্ট কোৱাৰেণ্টাইন বিষয়া ড॰ ভি পাণ্ডে এন ই এইচ এইচ ডি চিৰ পৰিচালন সঞ্চালক ব্ৰিগেডিয়াৰ [অৱসৰপ্ৰাপ্ত] ৰাজীৱ কুমাৰ সিং, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, বাংলাদেশৰ ছিমুৰা ইণ্ডাষ্ট্ৰিয়েল এণ্ড মাৰ্কেণ্টাইল কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক মুছতাক হুছেইন আদি উপস্থিত থাকে৷