Logo
image

এই ব্ৰঞ্জ সোণতকৈও দামী

আমাৰ অসম, ৫ আগষ্টঃ অসমৰ ইতিহাসত ৰেনেছাঁৰ সৃষ্টি কৰিলে লাভলীনা বৰগোহাঁয়ে৷ ৰাজ্যৰ ইতিহাসৰ প্ৰথমটো অলিম্পিক পদক কঢ়িয়াই আনি লাভলীনাই সৃষ্টি কৰিলে নৱজাগৰণ৷ কোৱা হয়, ১৪-১৬ শ শতিকাত ইউৰোপত সৃষ্টি হোৱা ৰেনেছাঁই সলনি কৰি পেলাইছিল সমগ্ৰ ধৰাৰ কৃষ্টি-সংস্কৃতি, বিজ্ঞান-অৰ্থনীতি, দৰ্শন আৰু সাহিত্য৷ ৰেনেছাঁ মানেই পুনৰ্জন্ম অথবা নৱজাগৰণ আৰু ইউৰোপৰ এই নৱজাগৰণৰ ভিত্তিত খোপনি লৈয়েই পুনৰ্জন্ম ঘটিল আজিৰ আধুনিক পৃথিৱীৰ৷ ইউৰোপৰ সেই ৰেনেছাঁৰ দৰেই লাভলীনা বৰগোহাঁয়ে টকিঅ’ অলিম্পিকত লাভ কৰা এই ৰাজ্যৰ প্ৰথমটো অলিম্পিকৰ পদকৰ জৰিয়তে আজিৰ পৰা আৰম্ভ হ’ল অসমৰ ৰেনেছাঁ, ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ নৱজাগৰণ আৰু আজিয়েই অসমৰ ক্ৰীড়াক্ষেত্ৰত সূচনা ঘটিল ‘লাভলীনা যুগ’ৰ৷ ১৯৬৬ চনত বেংকক এছিয়াডত সেইদিনালৈকে অখ্যাত হৈ থকা ভোগেশ্বৰ বৰুৱাই ৮০০ মিটাৰ দৌৰত স্বৰ্ণপদক অৰ্জন কৰি অসমৰ ক্ৰীড়াক্ষেত্ৰত ভোগেশ্বৰ বৰুৱা যুগৰ সূচনা কৰিছিল৷ দীৰ্ঘ ৫৫ বছৰ ধৰি অক্ষুণ্ণ হৈ আছিল ‘ভোগেশ্বৰ বৰুৱা যুগ’৷ কিন্তু আজিৰ পৰা অসমত আৰম্ভ হ’ল ‘লাভলীনা যুগ’, কিয়নো ভৱিষ্যত প্ৰজন্মই লাভলীনা বৰগোহাঁইৰ অলিম্পিকৰ ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ অভূতপূৰ্ব ঘটনাটোক কেন্দ্ৰ কৰি ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰক ‘লাভলীনাৰ আগৰ’ আৰু ‘লাভলীনাৰ পাছৰ’  [বিফ’ৰ লাভলীনা, আফটাৰ লাভলীনা] বুলি বৰ্ণনা কৰিব৷ সেয়ে অসমবাসীৰ বাবে লাভলীনাই অনা অলিম্পিকৰ পদকটো সোণতকৈয়ো মূল্যবান৷ সন্দেহ নাই, অহা ৯ আগষ্টত জন্মভূমিলৈ উভটি আহিবলগীয়া লাভলীনা বৰগোহাঁইৰ বাবে অভূতপূৰ্ব আদৰণিৰ অনুষ্ঠানে অপেক্ষা কৰি আছে৷ অসম কন্যা লাভলীনাৰ চূড়ান্ত লক্ষ্য আছিল অলিম্পিকৰ সোণৰ পদক৷ যোৱা ৩০ জুলাইত প্ৰাক্তন বিশ্ব চেম্পিয়ন নিয়েন চিন চেনক অৱলীলাক্ৰমে পৰাজিত কৰি লাভলীনাই অলিম্পিকৰ ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছিল৷ পদকৰ ৰং সোণালী কৰাৰ বাবে সাধনাত ব্ৰতী হোৱা লাভলীনা আজি তেওঁতকৈ বহু শক্তিশালী প্ৰতিদ্বন্দ্বীৰ হাতত পৰাজিত হ’ল৷ অৱধাৰিতভাৱে এয়া লাভলীনাৰ বাবে পথৰ অন্ত নহয়, ২৩ বছৰীয়া তৰুণী আৰু অবিশ্বাস্যভাৱে প্ৰতিভাশালী অসম কন্যাৰ সন্মুখত অলিম্পিকৰ স্বৰ্ণজয়ৰ বাবে পৰি আছে বহুকেইটা প্ৰতিশ্ৰুতিপূৰ্ণ বছৰ৷ আজিৰ দিনটোত তুৰস্কৰ বিশ্ব চেম্পিয়ন বুছেনেজ চুৰ্মেনেলিৰ বিৰুদ্ধে লাভলীনাৰ পৰাজয়ে অসমবাসীক যিমান দুখ দিছে, ততোধিক সুখপ্ৰদ অনুভূতিয়ে ৰাজ্যবাসীৰ অন্তৰত ক্ৰিয়া কৰিছে তেওঁ অসমলৈ কঢ়িয়াই অনা প্ৰথমটো অলিম্পিক পদকে, ব্ৰঞ্জৰ হ’লেও সেয়া আমাৰ বাবে সোণতকৈয়ো মূল্যবান৷ মহিলাৰ ৱেল্টাৰৱেইট শাখাত [৬৪-৬৯ কেজি] লাভলীনা বৰগোহাঁই ছেমি ফাইনেল মেচত সাম্প্ৰতিক বিশ্ব চেম্পিয়ন, বিশ্বৰ শীৰ্ষ স্থানৰ আৰু টকিঅ’ অলিম্পিকৰ শীৰ্ষ বাছনি লাভ কৰা তুৰস্কৰ বুছেনেজ চুৰ্মেনেলিৰ হাতত ৫ঃ০ পইণ্টৰ ৰেফাৰীৰ সৰ্বসন্মত সিদ্ধান্তত পৰাজিত হ’ল৷ লাভলীনাৰ পৰাজয় আকাংক্ষিত নাছিল কিন্তু বুছেনেজৰ বিজয় প্ৰত্যাশিত আছিল৷ বয়স দুয়োৰে একে হ’লেও বুছেনেজ একাধিক দিশত লাভলীনাতকৈ শক্তিশালী আছিল৷ পূৰ্বে ৭৫ কেজি অৰ্থাৎ মিডলৱেইটত খেলা বুছেনেজ পেশীবহুল শৰীৰৰ অধিকাৰী আছিল আৰু তেওঁ পেছাদাৰ পুৰুষ বক্সাৰৰ দৰে ৯ মিনিটৰ তিনিটা ৰাউণ্ডত বক্সিঙৰ প্ৰতিটো অস্ত্ৰ হুক, জেব, আপাৰকাট, ক্ৰছ ব্যৱহাৰ কৰাত পাৰদৰ্শী আছিল৷ অৱশ্যে আজি তিনিওটা ৰাউণ্ডতে বুছেনেজ ৰক্ষণাত্মক হৈ থাকি লাভলীনাক আক্ৰমণ কৰিবলৈ প্ৰৰোচিত কৰিছিল আৰু নিজৰ স্থানত অটল হৈ থাকি প্ৰত্যাক্ৰমণেৰে লাভলীনাক বশীভূত কৰিছিল৷ সততে আক্ৰমণাত্মক বুছেনেজৰ এই কৌশল অপ্ৰত্যাশিত আছিল আৰু লাভলীনা প্ৰতিপক্ষৰ ফান্দত পৰি পৰাজিত হৈছিল৷ নিজ ৰাজ্য অসমেই নহয়, লাভলীনাৰ আজিৰ পৰাজয়ক দেশবাসীয়ে ব্যৰ্থতা হিচাপে গণ্য কৰা নাই, বৰং ব্ৰঞ্জৰ পদক লৈ অহা লাভলীনাৰ এই অভিযানক সফলতা বুলিহে বৰ্ণনা কৰিছে৷ যি অলিম্পিকত ৬ বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমৰ দৰে তাৰকা বক্সাৰৰ পৰাজয় ঘটিছে, য’ৰ পৰা খালীহাতে উভতি আহিছে ৮ জন ভাৰতীয় বক্সাৰ, সেই স্থানৰ পৰা ৯ বছৰৰ পাছত ভাৰতীয় বক্সিঙলৈ লাভলীনাই পদক কঢ়িয়াই অনাটোও নৱজাগৰণৰে নামান্তৰ, অন্ততঃ দেশৰ বক্সিঙৰ বাবে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেচ শেষ হোৱাৰ লগে লগে লাভলীনাক পদক অৰ্জনৰ কৃতিত্বৰ বাবে অভিনন্দন জনাইছে৷ মোদীয়ে কয়–তেওঁৰ বক্সিঙৰ এই সফলতাই অসংখ্য ভাৰতীয়ক উৎসাহিত কৰিব৷ তেওঁৰ দৃঢ়তা প্ৰশংসাৰ যোগ্য৷ ব্ৰঞ্জৰ পদকৰ বাবে অভিনন্দন আৰু ভৱিষ্যতৰ বাবে থাকিল শুভকামনা৷ লাভলীনাৰ এই সাফল্যত প্ৰশংসাত পঞ্চমুখ হৈছে বলীউডৰ তাৰকা আৰু কৰ্প’ৰেট জগতৰ অনেক ‘বছ’৷ লাভলীনাক প্ৰশংসাৰে ওপচাই পেলাইছে বলীউডৰ কৰীণা কাপুৰ খান, অনুষ্কা শৰ্মা, অভিষেক বচ্ছন, বৰুণ ধাবান, ৰণদীপ হুদা, ভিকি কৌশল, আলিয়া ভাট, তাপসী পান্নুকে ধৰি অনেকে৷ অভিনন্দন জনাইছে দেশৰ কেইবাজনো উদ্যোগপতি আৰু একাধিক ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰীয়ে৷ লাভলীনাৰ এই অভূতপূৰ্ব সাফল্যত অনেকে সাৱধানবাণীও শুনাইছে, যাতে অহেতুক ‘মিডিয়া হাইপ’ আৰু চৰকাৰী অভিনন্দনৰ মাত্ৰাধিক্যত বক্সাৰগৰাকীৰ ভৱিষ্যতৰ পথ কণ্টকময় হৈ নপৰে৷ কিয়নো লাভলীনাৰ জৰিয়তে অসমৰ ক্ৰীড়া বহুদুৰ আগবঢ়াৰ সম্ভাৱনাৰ সোণালী দুৱাৰ মুকলি হৈছে আৰু পেৰিছ অলিম্পিকো এতিয়াৰ পৰা মাথো ৩ বছৰ দূৰত৷ বন ভয়েজ লাভলীনা৷