Logo
image

অখিলৰে জোঁট বান্ধি অসমত সাম্ৰাজ্য বিস্তাৰৰ চেষ্টা মমতাৰ

আমাৰ অসম, ৫ আগষ্টঃ পশ্চিম বংগত বিজেপিৰ প্ৰবল প্ৰত্যাহ্বান হেলাৰঙে ওফৰোৱাৰ পাছত তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীক দেশৰ প্ৰায় সমষ্ট বিৰোধী দলে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান প্ৰতিদ্বন্দ্বী হিচাপে থিয় কৰিবলৈ ৰণনীতি আৰম্ভ কৰিছে৷ ২০২৪চনৰ সাধাৰণ নিৰ্বাচনত সৰ্বভাৰতীয় ক্ষেত্ৰত বৃহৎ ভূমিকা পালনৰ বাবে যুগুত কৰা এই পৰিকল্পনাত ভাগ লোৱাৰ মানসেৰে মমতা বেনাৰ্জীয়ে সমভাবাপন্ন বিভিন্ন ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক স্থাপন কৰি প্ৰথমেই উত্তৰ পূবৰ অসম আৰু ত্ৰিপুৰাত অভিযান আৰম্ভ কৰিছে৷ ত্ৰিপুৰাত ‘ৰাজনৈতিক কৌশলী’ প্ৰশান্ত কিশোৰৰ ‘আই পেক’ সংস্থাৰ জৰিয়তে নিজস্ব অভিযান চলালেও অসমত তৃণমূল কংগ্ৰেছে কৃষক নেতা তথা ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈৰ জৰিয়তে বিৰোধী শক্তিক তৎপৰ কৰাৰ পৰিকল্পনা কৰিছে৷ মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ সেই পৰিকল্পনাত এখোজ আগবঢ়াই দিছে কৃষক নেতাৰ পৰা বিধায়ক হোৱা অখিল গগৈয়ে৷ অশেষ গুৰুত্বপূৰ্ণ এই বিষয়ত ইতিমধ্যে মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ দ্বিতীয় শীৰ্ষ নেতা অভিষেক বেনাৰ্জীৰ সৈতে অখিল গগৈৰ দুবাৰ আলোচনা হৈ গৈছে৷ প্ৰথমবাৰ মমতা বেনাৰ্জীৰ সৈতে আলোচনা সম্পন্ন হোৱাৰ পাছত যোৱা দেওবাৰে অখিল গগৈয়ে অভিষেক বেনাৰ্জীৰ সৈতে দ্বিতীয়লানি আলোচনা সম্পন্ন কৰি গুৱাহাটীলৈ মঙলবাৰে উভতি আহিছে৷ মমতা বেনাৰ্জীৰ সৈতে একেলগ হৈ অখিল গগৈয়ে ২০২৪চনৰ সাধাৰণ নিৰ্বাচন যুঁজত নমাৰ কথা এতিয়া লুকাই থকা নাই আৰু অখিল গগৈক মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰি দলটোৰ অসমৰ দায়িত্ব ল’বলৈ দিয়া প্ৰস্তাৱো এতিয়া তেনেই মুকলি হৈ পৰিছে৷ তৃণমূল কংগ্ৰেছে অসমত তেওঁলোকৰ ৰাজ্যিক কমিটী গঠনৰ বাবে আহ৩ান জনাই অখিল গগৈক সভাপতিৰ দায়িত্ব ল’বলৈ প্ৰস্তাৱ আগবঢ়োৱা বুলি স্বয়ং অখিল গগৈয়ে ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে৷ অখিল গগৈয়ে কৈছে–‘ মমতা দি-ৰ আমন্ত্ৰন অনুসৰি মই ইতিমধ্যে দুবাৰকৈ কলকাতা ভ্ৰমণ কৰিছো৷ মমতা বেনাৰ্জী আৰু দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছো৷ তেওঁলোকে মোক অসমত তৃণমূল কংগ্ৰেছৰ কমিটী গঠন কৰি সভাপতিৰ দায়িত্ব ল’বলৈ প্ৰস্তাব দিছে৷ এই প্ৰস্তাবৰ বিষয়ে আমাৰ দলত আলোচনা, চৰ্চা হৈছে৷ কিন্তু কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই৷’

ইতিমধ্যে অসমৰ সংবাদ মাধ্যমত অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল পশ্চিম বংগৰ শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছৰ সৈতে চামিল হ’ব বুলি প্ৰচাৰ হৈছে৷ অখিল গগৈক তৃণমূল কংগ্ৰেছে ‘বাম্পাৰ অফাৰ’ দিয়া বুলি তাচ্ছিল্যপূৰ্ণ বাতৰিও প্ৰচাৰ হৈছে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দীঘলীয়া সংগ্ৰামৰ পৰা গঠন হোৱা ৰাজনৈতিক দল ৰাইজৰ দল তৃণমূল কংগ্ৰেছত জীন যাব বুলি অসমত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে৷ অখিল গগৈয়ে দাবী কৰা অনুসৰি ৰাইজৰ দল হৈছে গণতান্ত্ৰিক, প্ৰগতিশীল, জাতীয়তাবাদী, আঞ্চলিক দল৷ তেনে এটা লক্ষ্য লৈ গঠন হোৱা ৰাইজৰ দল তৃণমূল কংগ্ৰেছত কিদৰে চামিল হ’ব পাৰে বুলিয়েই ৰাজ্যৰ আঞ্চলিক মনোভাবাপন্ন লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ অখিল গগৈয়ে দাবী কৰা অনুসৰি, ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ বাবে তেওঁ দেশৰ সকলো বিৰোধী আৰু আঞ্চলিক দল একত্ৰিত হৈ শক্তিশালী ভেটি গঢ়াৰ পক্ষপাতী৷ পিছে অখিল গগৈয়ে এনে মন্তব্য কৰিলেও ৰাজনীতিৰ খবৰ ৰখা অনেকৰ মতে, অখিল গগৈৰ ৰাইজৰ দল  তৃণমূল কংগ্ৰেছত চামিল হোৱাটো খাটাং৷ এটা সাক্ষাৎকাৰত অখিল গগৈয়ে কৰা মন্তব্যতে তেওঁৰ মমতা তথা তৃণমূলৰ প্ৰতি থকা দুৰ্বলতা সবল ৰূপত প্ৰকাশিত হৈছে৷ 

সাক্ষাতকাৰটোত অখিল গগৈয়ে কৈছে– ‘মই জে’লত থাকোতেই মমতা দিক ভাল পাবলৈ আৰম্ভ কৰিছিলো৷ তেওঁ আগতেও মোক মাতিছিল৷ মমতা বেনাৰ্জীয়ে সৰ্বভাৰতীয় সকলো সমস্যাতে মাত মাতে৷  অৰবিন্দ কেজৰিৱালো মোৰ বন্ধু৷ কিন্তু তেওঁ নিজ ৰাজ্যৰ বিষয়ক লৈয়েই ব্যস্ত থাকে৷ কিন্তু মমতা বেনাৰ্জীয়ে মোদী চৰকাৰেৰ কৰা সকলো অন্যায়ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে৷ সেয়ে জে’লত থাকোতেই তেওঁৰ প্ৰতি মোৰ ভালপোৱা বাঢ়ি গ’ল৷ কাৰামুক্ত হোৱাৰ পাছতে মমতা বেনাৰ্জীয়ে মোক কলকাতালৈ মাতিলে৷ পিছে বিধানসভাৰ অধিৱেশন থকাৰ বাবে মই দেৰিকৈ কলকাতালৈ গ’লো৷ মই দুবাৰো কলকতালৈ গ’লো৷ মমতা বেনাৰ্জীৰ সৈতে আলোচনা কৰিছো৷ আমি একাধিক বিষয়ত একমত৷ বিজেপি চৰকাৰে ভাৰতৰ ফেডাৰেল বা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ভাঙি পেলাইছে৷ তেওঁলোকে এককেন্দ্ৰিক ব্যৱস্থা স্থাপনৰ চেষ্টা চলাইছে৷ মমতা বেনাৰ্জীয়ে ইয়াৰ প্ৰবল বিৰোধিতা কৰি আহিছে৷ সেয়ে ২০২৪ চনত যাতে নৰেন্দ্ৰ মোদীক খেদিব পাৰো তাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে৷ সৰ্বভাৰতীয় সেই প্ৰক্ৰিয়াত মই জড়িত হৈ পৰিছো৷ মহাৰাষ্ট্ৰত শাৰদ পাৱাৰ, শিবসেনাৰ দ্বাৰা, তামিলনাডুতো বিজেপি বিৰোধী শক্তিশালী স্থিতি তৈয়াৰ  হৈছে৷ ২০২৪ চনত যাতে এগৰাকী নতুন প্ৰধান মন্ত্ৰী পাব পাৰো তাৰ বাবে আৰম্ভ হোৱা প্ৰক্ৰিয়াৰ ময়ো এজন অংশীদাৰ৷’

উপনিৰ্বাচনত আজমলবিহীন বিৰোধী ঐক্যৰ আহ্বান অখিল বাহিনীৰ

অখিল গগৈয়ে ৰাজ্যৰ বিধানসভাৰ উপ-নিৰ্বাচনত এ আই ইউ ডি এফ শূন্য বিৰোধী মহাজোঁটৰ পুনৰ প্ৰস্তাৱ দিলে কংগ্ৰেছক৷ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বুধবাৰে বিধানসভা চৌহদত সাংবাদিকৰে হোৱা বাৰ্তালাপত কংগ্ৰেছক ‘মাইনাছ এ আই ইউ ডি এফ’ প্ৰস্তাৱ দি বিধানসভাৰ নিৰ্বাচনৰ ভুল পুনৰ নকৰিবলৈ আহ্বান জনায়৷ তেওঁ কয়– ‘২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বেও আমি একেই কথাই কৈছিলোঁ৷ কিন্তু তেওঁলোকে আমাৰ কথা নুশুনিলে৷ মোৰ কথা শুনাহেঁতেন আজি অসমত বিজেপিয়ে চৰকাৰ কৰিব নোৱাৰিলেহেঁতেন৷ বিজেপি যেনেকৈ সাম্প্ৰদায়িক দল, এ আই ইউ ডি এফো একেদৰে সাম্প্ৰদায়িক মৌলবাদীৰ দল৷ এই দুই দলক পৰাভূত কৰাৰ স্বাৰ্থত সকলো বিৰোধী একেলগ হ’ব লাগে৷