Logo
image

বিক্ষোভৰ মাজতে ‘বিশেষ পৰীক্ষা’ ঘোষণা শিক্ষা সংসদৰ

আমাৰ অসম, ৫ আগষ্টঃ ২০২১ বৰ্ষত অনুষ্ঠিত নোহোৱা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল ঘোষণাৰ পাছতে চৌদিশে সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি৷ এই পৰীক্ষাৰ ফলাফলত একাংশই অবিশ্বাস্য নম্বৰ লাভ কৰাৰ বিপৰীতে আন একাংশই প্ৰাপ্য নম্বৰ লাভ নকৰা তথা শিক্ষাৰ সম অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলিলে৷ সেয়েহে পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্টসকলৰ বাবে বিশেষ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ছেবা

আৰু অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে৷ অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে আজি এখন জাননী জাৰি কৰি ৯ আগষ্টৰ পৰা ১৬ আগষ্টলৈ উচ্ছতৰ মাধ্যমিক বিশেষ পৰীক্ষাৰ বাবে অনলাইন আবেদনৰ দিন ঘোষণা কৰিছে৷ বিশেষ পৰীক্ষাত বহিব খোজা উচ্ছতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলে ৯ আগষ্টৰ পৰা সংসদৰ অনলাইন পৰ্টেলত আৱেদন কৰিব পাৰিব৷ সংসদৰ জাননীত উল্লেখ কৰা হৈছে যে বিশেষ পৰীক্ষাত বহিব খোজা ছাত্ৰ-ছাত্ৰীসকলৰ ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰ সালসলনি নহ’ব৷ কেৱল থিয়ৰি বিষয়ৰহে পৰীক্ষা অনুষ্ঠিত হ’ব৷ নিয়মীয়া, বেটাৰমেণ্ট, ৰিপিট, কম্পাৰ্টমেণ্টেল সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়েই এই অনলাইন পৰীক্ষাত বহিব পাৰিব৷ পৰীক্ষাৰ সময়সূচী পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব৷ বিশেষ পৰীক্ষাত অৱতীৰ্ণসকলৰ বহী সঠিকভাৱে মূল্যায়ন কৰি মাৰ্কশ্বিট প্ৰদান কৰা হ’ব৷ বিশেষ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাবিহীন মূল্যায়নভিত্তিক মাৰ্কশ্বিটখন নাকচ হ’ব আৰু এডমিট কাৰ্ড সংগ্ৰহৰ সময়তে পৰীক্ষাকেন্দ্ৰৰ ইনচাৰ্জক ছাত্ৰ-ছাত্ৰীসকলে মূল্যায়নভিত্তিক মাৰ্কশ্বিটৰ মূল ক’পী জমা দিব লাগিব৷ উল্লেখ্য, অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই মূল্যায়নভিত্তিক ফলাফলক লৈ অসন্তুষ্টসকলৰ বাবে বিশেষ পৰীক্ষাৰ পৰ্টেল বৃহস্পতিবাৰৰ [৫ আগষ্ট] পৰা ১২ আগষ্টলৈ মুকলি কৰি দিব৷ বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে ছেবাৰ ৱেবছাইট 'sebaonline.org'ৰ যোগেদি অনলাইন প্ৰ-পত্ৰ পূৰাব লাগিব৷

কলেজত আসন বৃদ্ধিৰ পৰামৰ্শ শিক্ষামন্ত্ৰীৰ

পৰীক্ষাবিহীন মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত এইবাৰ ৰাজ্যত সৰ্বকালৰ সৰ্ব অভিলেখ ভংগ কৰি প্ৰায় ছয় লাখ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ পাছত, এতিয়া চৰকাৰ ব্যস্ত এই বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰীৰ উচ্ছশিক্ষাত আসনৰ জোৰা মৰাত৷ ইতিমধ্যে ৰাজ্যৰ উচ্ছ শিক্ষা সঞ্চালকে জাননী জাৰি কৰি সকলো প্ৰাদেশিকীকৃত কলেজ তথা চৰকাৰী মডেল কলেজত ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ কথা ঘোষণা কৰিছে৷ আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ইয়াতকৈ এখোপ আগুৱাই ছাত্ৰ-ছাত্ৰীৰ আসন লাভৰ সমস্যা দূৰ কৰিবৰ বাবে মহাবিদ্যালয়সমূহত স্নাতক শ্ৰেণীত আসনৰ সংখ্যা ২০ শতাংশ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিলে৷ মহাবিদ্যালয়সমূহত প্ৰয়োজন সাপেক্ষে ডে শ্বিফ্‌ট, ইভিনিং শ্বিফ্‌ট কৰাৰ বাবেও তেওঁ লগতে পৰামৰ্শ দিয়ে৷ বুধবাৰে বিধানসভাৰ চৌহদত সাংবাদিকৰে হোৱা বাৰ্তালাপত এনেদৰে মন্তব্য কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে উচ্ছতৰ মাধ্যমিকৰ আসনৰ সমস্যা দূৰ কৰাৰ বাবে জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতনসহ প্ৰাইভেট আইনৰ অধীনত যিসমূহ স্কুলত দশম শ্ৰেণীলৈকে অনুমতি আছে, সেই স্কুলসমূহত দ্বাদশ শ্ৰেণী আৰম্ভ কৰিবলৈ অনুৰোধ জনায়৷ মন্ত্ৰীজনে কয় যে এইবাৰ কোনেও আসন ব্লক কৰিব নোৱাৰিব৷ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে অনলাইন পৰ্টেলৰ ব্যৱস্থা কৰা হৈছে৷ ছাত্ৰ-ছাত্ৰীসকলে পচন্দৰ পাঁচখন শিক্ষানুষ্ঠানতহে নামভৰ্তিৰ বাবে অপচন দিব পাৰিব৷ নামভৰ্তিৰ বাবে শিক্ষা সংসদৰ ই-প’ৰ্টেলত ৰোল নম্বৰেৰে পঞ্জীয়ন কৰিব লাগিব শিক্ষাৰ্থীয়ে৷ ভেন্সাৰ-ব্যক্তিগত শিক্ষানুষ্ঠানসমূহেও নিৰ্দিষ্ট ই-প’ৰ্টেলৰ যোগেদিহে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ ব্যৱস্থা কৰিব পাৰিব৷

নৱম শ্ৰেণীৰ মাৰ্কশ্বিট জমা নিদিলে স্কুল কৰ্তৃপক্ষই

সদ্যঘোষিত উচ্ছ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ মূল্যাংকনৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ বৰবৰুৱা শিক্ষা খণ্ডৰ অন্তৰ্গত বাৰঘৰীয়াৰ পূৰ্বোদয় জাতীয় বিদ্যালয়ে শিক্ষা বিভাগে বান্ধি দিয়া নিয়ম অমান্য কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ফলত বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম নহ’ল বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, যোৱা ৩০ জুলাইত প্ৰকাশিত উচ্ছ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে আশানুৰূপধৰণে লাভ নকৰাত তথা নৱম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাতকৈ প্ৰায় ২০-২৫ শতাংশ নম্বৰ কমকৈ লাভ কৰাত চুবুৰীয়া দুখনমান গাঁৱৰ ছাত্ৰ-ছাত্ৰীসহিতে আত্মীয়-অভিভাৱকৰ বৃহৎ দল এটাই বিদ্যালয়খনলৈ গৈ বাৰঘৰীয়াৰ পূৰ্বোদয় জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বাণীকান্ত দলেক ঘেৰাও কৰি প্ৰশ্ন উত্থাপন কৰে৷ তেতিয়া অধ্যক্ষজনে সকলো ছাত্ৰ-ছাত্ৰীৰেই নম্বৰ সঠিকভাৱে পঠাইছোঁ বুলি প্ৰকাশ কৰে৷ ৰাইজে বিদ্যালয়খনৰ পৰা পঠোৱা নম্বৰৰ তালিকাখন চাবলৈ বিচাৰত তেওঁ এই নম্বৰৰ তালিকা দেখুওৱাৰ নিয়ম নাই তথা উৰ্ধতন কৰ্তৃপক্ষৰ বিনা অনুমতিত দেখুৱাব নোৱাৰিম বুলি কয়৷ ফলত ৰাইজে বিদ্যালয়খনৰ ত্ৰুটি নহয় বুলি গুচি আহে৷ পাছৰ দিনাও স্থানীয় বহুসংখ্যক যুৱক-অভিভাৱকে গৈ বিদ্যালয়খনৰ ত্ৰুটিপূৰ্ণ ফলাফলৰ দায়িত্ব অধ্যক্ষজনে গ্ৰহণ কৰিবনে নকৰে বুলি প্ৰশ্ন কৰে৷ সেই সময়ত বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থা আৰু গৰুধৰীয়া-বিনৈগুটীয়া আঞ্চলিক মটক সন্মিলনৰ দুই-এক নেতাও উপস্থিত আছিল বিদ্যালয়খনত৷ যোৱা ৩ আগষ্টত পৰিয়ালৰ তৰফৰ পৰা পূৰ্বোদয় জাতীয় বিদ্যালয়ৰ কেন্দ্ৰ বিদ্যালয় ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰস্থিত মহাত্মা সেৱাগ্ৰাম উচ্ছ মাধ্যমিক বিদ্যালয়ত খবৰ কৰাত জানিব পৰা গ’ল যে, মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ বাবে প্ৰয়োজনীয় ছাত্ৰ-ছাত্ৰীৰ নৱম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ মাৰ্কশ্বিটখনেই জমা নকৰিলে৷ উল্লেখ্য যে, উচ্ছ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যাংকনৰ বাবে শিক্ষা বিভাগে নিৰ্ধাৰণ কৰা ৪০:৪০:২০ নিয়ম অনুসৰি নৱম শ্ৰেণীৰ মাৰ্কশ্বিটৰ পৰা ৪০ শতাংশ আৰু প্ৰি-টেষ্ট অনুষ্ঠিত নকৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৭০ শতাংশ নম্বৰেই নৱম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ মাৰ্কশ্বিটৰ পৰা প্ৰদান কৰিব লাগে৷ আ(ৰ্যজনক খবৰ যে বাৰঘৰীয়াস্থিত পূৰ্বোদয় জাতীয় বিদ্যালয়ৰ অধ্যক্ষ  বাণীকান্ত দলে কোনো ছাত্ৰ-ছাত্ৰীৰ নৱম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ মাৰ্কশ্বিট উল্লিখিত কেন্দ্ৰ বিদ্যালয়খনত জমা নিদিলে৷ বৰঞ্চ কেন্দ্ৰ বিদ্যালয়খনৰ তৰফৰ পৰা ম’বাইলযোগে বাৰাম্বাৰ যোগাযোগ কৰাৰ পাছতো পূৰ্বোদয় জাতীয় বিদ্যালয়ৰ স্বত্বাধিকাৰী তথা অধ্যক্ষজনে একো পদক্ষেপ গ্ৰহণ নকৰাত সেৱাগ্ৰাম উচ্ছ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই বিনা মাৰ্কশ্বিটেৰেই ১৯ জন ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত নিৰূপণকাৰী মেট্ৰিক পৰীক্ষাৰ মূল্যাংকন কৰিব লগা হয়৷ মূল্যাংকনৰ ক্ষেত্ৰত আটাইতকৈ বেছি ক্ষতি হোৱা ছাত্ৰজন হ’ল গৰুধৰীয়াৰ শান্তনু চেতিয়া৷ নৱম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত তেওঁ লাভ কৰিছিল ৮৪.৬৬ শতাংশ নম্বৰ পোৱাৰ বিপৰীতে মেট্ৰিকত তেওঁক নম্বৰ প্ৰদান কৰা হয় ৫৯.৬৬ শতাংশ৷ গতিকে বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে স্থানীয় দুজন ব্যক্তিয়ে আজি ডিব্ৰুগড় জিলা উপায়ুক্তক সাক্ষাৎ কৰি এক আবেদন জমা দিয়ে আৰু উপায়ুক্তজনে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে৷ পূৰ্বোদয় জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষৰ চৰম হেমাহি তথা চৰকাৰী বিধি-ব্যৱস্থাক ভেঙুচালি কৰাৰ কথা স্থানীয় দল-সংগঠনৰ নেতৃত্বই জানিও নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰাৰ বাবে স্থানীয় দুজন সচেতন ব্যক্তিয়ে আজি বিষয়টো জিলা উপায়ুক্তক অৱগত কৰে৷ লগতে ইয়াৰ প্ৰতিলিপি স্থানীয় মৰাণ বিধানসভা সমষ্টিৰ বিধায়কলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷

চৰাইদেউৰ বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, আত্মহত্যাৰ ভাবুকি শিক্ষাৰ্থীৰ

চৰাইদেউ জিলাত শিক্ষকতাৰ দৰে মহান দায়িত্ব পালন কৰা এজন শিক্ষকৰ এক লজ্জাজনক কাণ্ড পোহৰলৈ আহিছে৷ বিচৰা ধন নিদিয়াৰ বাবেই এজন প্ৰধান শিক্ষকে নিজ বিদ্যালয়ৰে ১৯জন শিক্ষাৰ্থীক উত্তীৰ্ণৰ বাবে পাবলগীয়া নম্বৰ দিয়া নাছিল৷ শিৱসাগৰ জিলা পৰিদৰ্শকৰ কাৰ্যালয়ৰ অন্তৰ্গত ভজো উচ্ছ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে এই কাণ্ড সংঘটিত কৰা বুলি বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে৷ উত্থাপিত অভিযোগ মতে, ভজো উচ্ছ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নোমল গগৈয়ে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ পূৰ্বে পৰীক্ষাত উত্তীৰ্ণ হ’ব জোখাৰে বিভাগলৈ নম্বৰ প্ৰেৰণ কৰিবৰ বাবে শিক্ষাৰ্থীসকলৰ পৰা এক হাজাৰ টকাকৈ উপঢৌকন বিচাৰিছিল৷ টকা দিলেহে উত্তীৰ্ণৰ নম্বৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ’ব বুলি শিক্ষাৰ্থীসকলক স্পষ্টকৈ জনাই দিছিল৷ কিন্তু প্ৰধান শিক্ষকজনৰ এই দাবীক নস্যাৎ কৰি শিক্ষাৰ্থীসকলে দাবীকৃত ধন দিবলৈ অপাৰগতা প্ৰকাশ কৰিছিল৷ ইয়াতে ক্ষুব্ধ হৈ প্ৰধান শিক্ষক নোমল গগৈয়ে বিদ্যালয়খনৰ ১৯জন শিক্ষাৰ্থীক একেটা বিষয়তে  ৰনম্বৰৰ পৰা ১৩নম্বৰপৰ্যন্ত কমকৈ নম্বৰ দি পৰীক্ষাত অনুত্তীৰ্ণ কৰাইছিল৷ আনহাতে, এই লৈ আজি বিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অনুত্তীৰ্ণ শিক্ষাৰ্থী আৰু অভিভাৱসকলে প্ৰধান শিক্ষকজনৰ পৰা এই সন্দৰ্ভত এক স্পষ্টীকৰণ বিচাৰি প্ৰধান শিক্ষকজনক লগ কৰিব বিচাৰিছিল যদিও প্ৰধান শিক্ষকজনে কৌশলেৰে তেওঁলোকক লগ কৰা নাছিল ৷ আনহাতে, আজি পুৱা ৮.৩০ বজাতে ক্ষুব্ধ শিক্ষক-অভিভাৱকলে বিদ্যালয়লৈ আহি দুপৰীয়াপৰ্যন্ত প্ৰধান শিক্ষকজনক বিদ্যালয়ত লগ কৰিব নোৱাৰি বিদ্যালয়তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰধান শিক্ষকজনৰ এই অন্যায় মানি লোৱা নহ’ব বুলি প্ৰতিবাদী শিক্ষক-অভিভাৱকসকলে স্পষ্টভাৱে জানিবলৈ দিয়ে৷ শিক্ষাৰ্থীসকলে এইক্ষেত্ৰত অচিৰেই ন্যায় নাপালে আত্মহত্যা কৰাৰো ভাবুকি দিয়ে৷

টংলাৰ অক্সজিলিয়াম কনভেণ্টত শিক্ষাৰ্থীৰ প্ৰতিবাদ

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ  ফলাফলত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি বুধবাৰে ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাস্থিত অক্সজিলিয়াম কনভেণ্ট হাইস্কুল চৌহদত প্ৰচণ্ড গৰমকো নেওচি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে আমাক ন্যায় লাগে, শিক্ষাৰ সঠিক মূল্যায়ন হোৱা নাই, অক্সজিলিয়াম কনভেণ্ট হায় হায় ইত্যাদি শ্লোগানেৰে হাতে হাতে প্লে-কাৰ্ড লৈ পৰিৱেশ উত্তাল কৰি তোলে৷ বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱত্তীৰ্ণ হৈ মাত্ৰ এক নম্বৰৰ বাবে গণিত বিষয়ত অনুত্তীৰ্ণ ১৬জন ছাত্ৰ- ছাত্ৰীয়ে বিদ্যালয় কতৃৰ্পক্ষ, শিক্ষা বিভাগ তথা ক’ভিডকালীন পৰিস্থিতিৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা পাতিবলৈ সক্ষম নোহোৱা শিক্ষা বিভাগে যি পদ্ধতিৰে পৰীক্ষাৰ মূল্যাংকন কৰিলে তাৰ ওপৰত আমি ধিক্কাৰ দিয়াৰ উদ্দেশ্য আজি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছোঁ বুলি সাংবাদিকক শিক্ষাৰ্থী কেইকেইজনে জানিবলৈ দিয়ে৷ ছাত্ৰ-ছাত্ৰীসকলে কয় আমাক ন্যায় প্ৰদান কৰিব লাগিব৷ আমাক যি মানসিক অত্যাচাৰ কৰিছে তাৰ বাবে বিদ্যালয় কতৃৰ্পক্ষ আৰু শিক্ষা বিভাগ জগৰীয়া হ’ব৷ আনহাতে, অভিভাৱকসকলেও কয়– এই মেধাবী ছাত্ৰ বা ছাত্ৰীসকলক অন্যায়ভাৱে মাত্ৰ এক নম্বৰৰ বাবে অনুত্তীৰ্ণ কৰাই দিয়াকাৰ্যক আমি সহজভাৱে মানি ল’ব পৰা নাই৷ তেওঁলোকৰ হকে আমি ন্যায় বিচাৰিছোঁ৷ আমাক ন্যায় প্ৰদান কৰক৷ বিদ্যালয় কতৃৰ্পক্ষই অভিভাৱকসকলৰ সৈতে আলোচনা বা কথা পাতিব নিবিচাৰে৷ বৰ দুৰ্ভাগ্যজনক বিষয়টো৷ শিক্ষা বিভাগ নতুবা বিদ্যালয় কতৃৰ্পক্ষই কি প্ৰত্যুত্তৰ দিয়ে, ন্যায় প্ৰদান কৰিবনে ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলক আজিৰ তাৰিখত লক্ষণীয় হৈ পৰিছে৷ সচেতন নাগৰিকসকলেও বিদ্যালয় কতৃৰ্পক্ষক উচিত বিচাৰ কৰিবলৈ দাবী জনাইছে৷

তেজপুৰত প্ৰতিবাদ অল ইণ্ডিয়া ডিএছঅ’ৰ

আজি দিনৰ প্ৰায় ১১বজাত ছাত্ৰ সংগঠন অল ইণ্ডিয়া ডি এছ অ’ৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত তেজপুৰ চহৰৰ আদালত চাৰিআলিত একধিক শৈক্ষিক দাবীৰ ভিত্তিত দাবী দিৱস পালন কৰা হয়৷ এইবাৰ উচ্ছ মাধ্যমিক আৰু উচ্ছতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বৰ্ধিত হাৰক কেন্দ্ৰ কৰি নামভৰ্তিৰ ক্ষেত্ৰত সমস্যা সৃষ্টি হ’ব পাৰে বুলি কৰা আশংকাৰ বিপৰীতে নামভৰ্তিৰ ক্ষেত্ৰত যাতে এজনো ছাত্ৰ-ছাত্ৰী বঞ্চিত নহয় সেই দিশটো লক্ষ্য ৰাখি নামভৰ্তিৰ সুযোগ সুনিশ্চিত কৰাৰ বাবে স্কুল-কলেজৰ আসনৰ সংখ্যা বৃদ্ধি কৰা আৰু স্কুল-কলেজৰ শিক্ষকৰ খালী পদসমূহ অতিশীঘ্ৰে পূৰণ কৰাৰ বাবে দাবী জনাই আজিৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ সংগঠনৰ বহুকেইজন সদস্য তথা বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড ফেষ্টুন লৈ দাবীৰ সপক্ষে শ্ল’গানেৰে আদালত চাৰিআলি উত্তাল কৰি তোলে৷ এই কাৰ্যসূচীত সংগঠনটোৰ জিলা সভাপতি আৰু সম্পাদক ক্ৰমে নয়নমনি চৌধুৰী আৰু মাধুৰ্য গগৈয়েও অংশগ্ৰহণ কৰে৷