Logo
image

এইবাৰ ওলাল ‘ডুপ্লিকেট’ জয়ন্তমল্ল

আমাৰ অসম, ৫ আগষ্টঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত এইবাৰ ওলাল ডুপ্লিকেট বিধায়ক জয়ন্ত মল্ল বুজৰবৰুৱা৷ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বুজৰবৰুৱাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল ডুপ্লিকেট জয়ন্ত মল্ল বুজৰবৰুৱা৷ ধৃত প্ৰৱঞ্চকজন হৈছে গুৱাহাটীৰ সাতগাঁও থানাৰ অন্তৰ্গত বাঘৰবৰীৰ ৪৪৭নং ঘৰৰ বাসিন্দা লোহিত শৰ্মাৰ পুত্ৰ নৱদ্বীপ শৰ্মা৷ ধৃত নৱদ্বীপ শৰ্মাই আনকি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ নামতো ধন দাবী কৰি আহিছিল৷ ডুপ্লিকেট জয়ন্ত মল্ল বুজৰবৰুৱা এলা-পেচা প্ৰৱঞ্চক নহয়, ৱাট্‌ছএপত ইংৰাজীত বাক্য লিখি ধন দাবী কৰা উচ্ছ শিক্ষিত প্ৰৱঞ্চক৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গুৱাহাটীৰ নবীন নগৰৰ বাসিন্দা তথা শ্ব’হাম শ্বপীৰ স্বত্বাধিকাৰী সন্দীপ জালানক ৱাট্‌ছএপ মেছেজযোগে নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বুজৰবৰুৱাৰ ম’বাইল ফোনৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি আৰু অসম-মিজো সীমান্ত সমস্যাৰ বাবে ৩০ লাখ টকা চান্দা দাবী কৰে৷ প্ৰথম অৱস্থাত ব্যৱসায়ী সন্দীপ জালানে বিধায়ক জয়ন্ত মল্ল বুজৰ বৰুৱাই চান্দা বিচৰা বুলি ভাবি লৈছিল৷ কিন্তুপৰৱৰ্তী পৰ্যায়ত ব্যৱসায়ী সন্দীপ জালানৰ সন্দেহ ওপজাত ঘটনা সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা প্ৰাথমিক তদন্তত আচলতে ধন দাবী কৰা লোকজন জয়ন্ত মল্ল বুজৰবৰুৱা নহয়, ডুপ্লিকেট জয়ন্ত মল্ল বুলি ধৰা পেলায়৷ আৰক্ষীৰ অধিক তদন্তত প্ৰৱঞ্চকজনে বহু লোকৰ পৰা ৱাট্‌ছএপ মেছেজযোগে ধন দাবী কৰাৰ তথ্য লাভ কৰে৷ একাংশ নিবনুৱাক চাকৰি দিয়াৰ নামতো প্ৰৱঞ্চাকজনে ৱাট্‌ছএপযোগে মেছেজ দি ধন দাবী কৰাৰ তথ্য লাভ কৰে আৰক্ষীয়ে৷ প্ৰৱঞ্চকজনে ৱাট্‌ছএপ মেছেজযোগে ইংৰাজীত বাক্য লিখি নিবনুৱাক তেওঁৰ একাউণ্টত ধন জমা দিবলৈ কয়৷ নিজকে জয়ন্ত মল্ল বুলি পৰিচয় দিয়া প্ৰৱঞ্চকজনে ৱাট্‌ছএপযোগে তেওঁৰ উলুবাৰীৰ আই চি আই চি আই বেংকৰ ৭৪১৯০৫০০০১৫৯ নম্বৰৰ একাউণ্ট নম্বৰ প্ৰেৰণ কৰি টকা আৰ টি জি এছ কৰিবলৈ কয়৷ আন এটা ৱাট্‌ছএপ মেছেজত বি টি এ ডিৰ ই এম ঘনশ্যাম দাসৰ প্ৰসংগও উল্লেখ কৰে প্ৰৱঞ্চাকজনে৷ তদন্তকাৰী আৰক্ষী বিষয়াজনে পাঁচজন লোকক ৱাট্‌ছএপযোগে ধন দাবী কৰা মেছেজসমূহ সংগ্ৰহ কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়ে৷ কালি নিশা ভঙাগড় আৰক্ষীয়ে সাতগাঁৱৰ বাঘৰবাৰীৰ বাসভৱনৰ পৰা ডুপ্লিকেট জয়ন্ত মল্লক গ্ৰেপ্তাৰ কৰে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪১৯/৪২০/৩৮৭নং ধাৰাৰ অধীনত থানাত ৪৪০/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি প্ৰৱঞ্চক নৱদ্বীপ শৰ্মাক মাৰাথন জেৰা চলাই আছে৷