Logo
image

গাদী ধৰি ৰাখোঁতেই আধা সময় গ’ল!

আমাৰ অসম, ৫ আগষ্টঃ পাঁচটা বছৰ সভাপতি হিচাপে যুঁজিব লাগিছিল বিজেপিৰ লগত, কিন্তু যুঁজিব লগা হৈছিল নিজৰ চকীখন ৰক্ষা কৰিবৰ কাৰণেও৷ মোৰ আধা সময় গাদী ৰক্ষা কৰোঁতেই গৈছিল৷ সেই পৰিস্থিতি যাতে ভূপেন কুমাৰ বৰাৰ ক্ষেত্ৰত নহয়৷’ – এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিদায়ী সভাপতি ৰিপুন বৰাৰ৷ বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা নৱনিযুক্ত সভাপতি ভূপেন কুমাৰ বৰা, কাৰ্যকৰ্ৰী সভাপতি ৰাণা গোস্বামী, কমলাক্ষ দে’ পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰে দায়িত্বভাৰ গ্ৰহণ কৰা সভাত এইদৰে কয় বিদায়ী সভাপতি ৰিপুণ বৰাই৷ তেওঁ কয়– বুৰঞ্জী পুনৰাবৃত্তি৷ কেতিয়াবা বুৰঞ্জী পুনৰাবৃত্তি হোৱাটো ভাল কথা, কিন্তু কেতিয়াবা বুৰঞ্জী পুনৰাবৃত্তি হোৱাটো ভাল কথা নহয়৷ মোৰ ক্ষেত্ৰত বুৰঞ্জী পুনৰাবৃত্তি৷ ভূপেন কুমাৰ বৰাৰ ক্ষেত্ৰত মোৰ ধৰণৰ বুৰঞ্জী যাতে পুনৰাবৃত্তি নহয় তাক মই অনুৰোধ কৰিছো৷  অসমৰ মানুহে ২০২১ চনত বিজেপিৰ বিৰুদ্ধে ভোট দিছিল৷ কিন্তু তথাপি চৰকাৰ গঠন কৰিব নোৱাৰিলো৷ বিজেপি মিত্ৰ জোঁটে ভোট পাইছিল ৯১লাখ৷ কংগ্ৰেছ মহাজোঁটে ভোট পাইছিল ৮৮.৬৯ লাখ৷ বাকী অন্য দলে ভোট পাইছিল ১৯ লাখ ৮২ হাজাৰ৷ বিজেপিৰ বিৰুদ্ধে ভোট দিছিল ১ কোটি ৮ লাখ মানুহৰ ভোট৷ প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে ফিনিক্স  পখী হওক৷ ইন্দিৰা গান্ধী, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈৰ আদৰ্শৰে অনাগত  দিনত কাম কৰিলে জয় হম৷ ২০১৬ চনত মই কাৰ্যভাৰ লোৱা সভাত ১০০-১৫০জন মানুহ হৈছিল৷  আজি ইয়াত হাজাৰতকৈ অধিক মানুহ উপস্থিত আছে৷ মই বিধায়ক ক্ষণত সকলো কৰ্মীলৈ এখন চিঠি লিখিছিলো৷ সেই চিঠিত স্পষ্টভাৱে কৈছিলো যদি কিবা সফল হৈছো বা বিফল হৈছো তাৰ মূল্যায়ন আপোনলোকে কৰিব৷ আৰু সামান্যতমো কিবা  সফল হৈছো, তেতিয়া হ’লে তাৰ কৃতিত্ব আপোনালোক সকলোৰে আমাৰ কৰ্মীসকলৰ আপোনোলোকৰ দৰে সৈনিকসকলৰ৷ ২০১৬-২০২১চনলৈ ৫টা বছৰ আমি সাংঘাতিক দুৰ্যোগ প্ৰত্যাহ্বানৰ মাজেদি যুঁজিছো৷