Logo
image

নেপালৰ পৰা অহাসকলক বিদেশী গণ্য কৰা নহ’ব!

আমাৰ অসম, ৫ আগষ্টঃ এতিয়াৰ পৰা নেপালৰ কোনো নাগৰিকক বিদেশী বুলি গণ্য কৰা নহ’ব৷ বিদেশী ন্যায়াধিকৰণত গোৰ্খা সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে ৰুজু হৈ থকা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰৰ কেবিনেটে৷ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকতে গোৰ্খাৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত নতুনকৈ কোনো গোচৰ ৰুজু কৰা নহয় বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ তদুপৰি গোৰ্খাৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত বৰ্তমান বিচাৰাধীন গোচৰসমূহ প্ৰত্যাহাৰৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ কেবিনেট সিদ্ধান্তৰ অৰ্থ এয়ে যে অসমত থকা কোনো নেপালী লোকক এতিয়াৰে পৰা বিদেশী বুলি গণ্য কৰা নহ’ব৷ উল্লেখ্য, নেপালৰ পৰা অহা গোৰ্খা সম্প্ৰদায়ৰ বহু লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত গোচৰ ৰুজু হৈ আছে৷ বহু গোৰ্খা লোকক বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰি ডিটেনশ্বন কেম্পলৈও নিক্ষেপ কৰিছে৷ আনকি ন্যায়াধিকৰণত গোচৰ বিচাৰাধীন আৰু প্ৰয়োজনীয় নথি-পত্ৰ যোগান ধৰি নোৱৰা বৃহৎসংখ্যক গোৰ্খা তথা নেপালী লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হোৱা নাছিল৷ এই লৈ উচ্ছতম ন্যায়ালয়তো গোচৰ ৰুজু কৰা হৈছিল৷ অৱশ্যে অসমত বাস কৰা বহু নেপালী লোকৰ নেপালতো ঘৰ তথা নাগৰিকত্ব থকা বুলিও অভিযোগ আছে৷ অসম চৰকাৰৰ কেবিনেটৰ এই সিদ্ধান্তক গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে আনন্দ প্ৰকাশ কৰিছে৷