
আহিব সৰ্বানন্দ, ক’ভিড বিধি উঠাই ৫০ হাজাৰ লোকৰ সমাৱেশৰ প্ৰস্তুতি
আমাৰ অসম, ৬ আগষ্টঃ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণৰ পিছত ১৮ আগষ্টত প্ৰথমবাৰৰ কাৰণে অসমলৈ আহিব সৰ্বানন্দ সোণোৱাল৷ সোণোৱালক বৰঝাৰ বিমান বন্দৰৰ পৰাই বিপুলভাৱে আদৰণি জনাই তিনিদিনীয়া কাৰ্যসূচীৰে অসম বিজেপিয়ে উদযাপন কৰিব ‘জন আশীৰ্বাদ যাত্ৰা’ কাৰ্যসূচী৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান মোদী মন্ত্ৰীসভাৰ সদস্য সোণোৱালক আদৰণি জনাবলৈ ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে৷ কাৰ্যভাৰ গ্ৰহণৰ পিছৰে পৰা দিল্লীতে ব্যস্ত আছে সৰ্বানন্দ সোণোৱাল৷ গুৱাহাটী, নগাঁও আৰু যোৰহাট লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালক আদৰাৰ বাবে অনুষ্ঠিত হ’ব ‘জন আশীৰ্বাদ যাত্ৰা’৷ ১৮ আগষ্টত গুৱাহাটীত ‘জন আশীৰ্বাদ যাত্ৰা’ৰ আৰম্ভণি হ’ব৷ ১৯ আগষ্টত নগাঁও আৰু মৰিগাঁও জিলাত হ’ব আশীৰ্বাদ যাত্ৰা৷ ২০ আগষ্টত যোৰহাটত সামৰণি পৰিব আশীৰ্বাদ যাত্ৰাৰ৷ বিমান বন্দৰৰ লগতে গুৱাহাটীত যাত্ৰাপথত বিভিন্ন স্থানত সোণোৱালক বিপুলভাৱে আদৰণি জনাব বিজেপিৰ কৰ্মীসকলে৷ সেইদিনা তেওঁ বহুকেইটা স্থানলৈ যোৱাৰ কথা৷ ১৯ আগষ্টত নিশা সোণোৱাল কাজিৰঙাত থাকিব৷ এই কাৰ্যসূচীৰ পিছত তেওঁ যোৰহাটৰ পৰা পোনে পোনে ডিব্ৰুগড়লৈ যাব৷ এই আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতি, অসম মন্ত্ৰীসভাৰ সদস্যসকল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আদিৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকি সোণোৱালক সম্বৰ্ধনা জনাব৷ উল্লেখ্য যে নৰেন্দ্ৰ মোদী কেবিনেটৰ সম্প্ৰসাৰণত নতুনকৈ স্থান লাভ কৰা ৪৩জন মন্ত্ৰীক লৈ বিজেপি দলে সমগ্ৰ দেশতে অনুষ্ঠিত কৰিব ‘জন আশীৰ্বাদ যাত্ৰা’৷ নিজৰ লোকসভা সমষ্টিক বাদ দি দুখনকৈ জিলাক সামৰি তিনিটা লোকসভা সমষ্টিত ‘আশীৰ্বাদ যাত্ৰা’ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে বিজেপি দলে৷ ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে গ্ৰহণ কৰিছে এই ‘আশীৰ্বাদ যাত্ৰা’ৰ কাৰ্যসূচী৷ এই জন ‘আশীৰ্বাদ যাত্ৰা’ কাৰ্যসূচীৰ জৰিয়তে প্ৰতিজন কেন্দ্ৰীয় মন্ত্ৰীকে মোদী চৰকাৰৰ সামাজিক, কল্যাণ, স্বাস্থ্য, ভাৰত আত্মনিৰ্ভৰ আদিৰ নিয়োগ গ্ৰহণ কৰা আঁচনিৰ ব্যাপক প্ৰচাৰ চলাব৷ নিৰ্দেশ দিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই৷ এই কাৰ্যসূচীৰ দ্বাৰা অতি কমেও ৩০০-৪০০ কিলোমিটাৰ যাত্ৰাপথ অতিক্ৰম কৰাৰো নিৰ্দেশ দিয়া হৈছে৷ লক্ষ্যণীয়ভাৱে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেন্দ্ৰ কৰি হ’বলগীয়া এই ‘জন আশীৰ্বাদ যাত্ৰা’ৰ প্ৰতিটো কাৰ্যসূচীতে প্ৰায় ৫০ হাজাৰ লোকৰ সমাৱেশ ঘটোৱাৰ পৰিকল্পনা চূড়ান্ত কৰিছে ৰাজ্যিক বিজেপিয়ে৷ যাৰ বাবে ১৫ আগষ্টৰ পিছত ৰাজ্যত ক’ভিড নীতি-নিৰ্দেশনা যথেষ্ট শিথিল কৰি দিয়াৰ সিদ্ধান্ত আগতীয়াকৈ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ ১৫ আগষ্টৰ পিছত ৰাজ্যত ইতিমধ্যে বন্ধ হৈ থকা আন্তঃজিলা যাতায়াত খুলি দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ দিছপুৰৰ সূত্ৰৰ মতে সোণোৱালৰ ‘জন আশীৰ্বাদ যাত্ৰা’ সময়ত কোনো কাৰণতে যাতে ক’ভিড প্ৰটকল ভংগ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে চৰকাৰে ১৮ আগষ্টৰ পূৰ্বে ৰাজ্যত ক’ভিড প্ৰট’কল বহু পৰিমাণে শিথিল কৰাৰ সিদ্ধান্ত লৈছে৷ কেন্দ্ৰীয় নেতাৰ নিৰ্দেশত ‘জন আশীৰ্বাদ যাত্ৰা’ প্ৰতিটো কাৰ্যসূচীত যিহেতু হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটোৱাৰ প্ৰস্তুতি ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে সম্পূৰ্ণ কৰিছে সেয়ে ইয়াৰ পূৰ্বে আন্তঃজিলা যোগাযোগকে ধৰি বহু ক’ভিড বিধি শিথিল কৰি এই কাৰ্যসূচী সফল কৰিবলৈ ৰাজ্য প্ৰশাসন সাজু হৈছে৷