Logo
image

নতুন ৰূপত সাহিত্যৰথীৰ ঘৰ

আমাৰ অসম, ৭ আগষ্টঃ নতুন ৰূপত উজ্বলি উঠিছে সুদূৰ ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহই৷ ইণ্ডিয়ান নেশ্যনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ চমুকৈ ইনটেক নামৰ এটা সংস্থাই ওড়িশাৰ সম্বলপুৰৰ মহানদীৰ সমীপত থকা সাহিত্যৰথীৰ পুৰণি বাসগৃহ তথা সাধনা ঘৰটো ধবংস নকৰাকৈ নতুন ৰূপত সজাই তোলা দেখা গৈছে৷ লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি বিজড়িত বাসগৃহটো সংৰক্ষণৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল ওড়িশাৰ দীপক পাণ্ডা নামৰ ব্যক্তিগৰাকীয়ে৷ এই গৰাকী ব্যক্তিৰ প্ৰচেষ্টাতে অসম চৰকাৰে মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ নেতৃত্বাধীন ওড়িশা চৰকাৰক বাসগৃহটোৰ কোনো ক্ষতি নোহোৱাকৈ সংৰক্ষণ কৰাৰ বাবে বাধ্য কৰোৱাইছিল৷ সম্বলপুৰত মহানদী সংযোগী এটা পথ নিৰ্মাণৰ বাবে সাহিত্যৰথীৰ বাসগৃহটোৰ এটা অংশ ওড়িশাৰ গড়কাপ্টানী বিভাগে  ভাঙি পেলোৱাৰ পোষকতা কৰিছিল৷ কিন্তু দীপক পাণ্ডাৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল৷ শুকুৰবাৰে এই সমগ্ৰ কাম কাজৰ নেপথ্য ব্যক্তি দীপক পাণ্ডাই ছ’চিয়েল মেডিয়াৰ জড়িয়তে শ্বেয়াৰ কৰিছে লক্ষ্মীনাথ বেজবৰুৱাৰ নতুন বাসগৃহৰ ফটো৷ হালধীয়া ৰঙেৰে বেজবৰুৱাৰ বাসগৃহটো এতিয়া প্ৰাণ পাই উঠা দেখা গৈছে৷ পাণ্ডাই সাহিত্যৰথীৰ বাসগৃহটো দেশৰ পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰত পৰিণত হ’ব বুলিও আশা প্ৰকাশ কৰিছে৷ দীপক পাণ্ডাই নিজৰ ফেচবুক পোষ্টত উল্লেখ কৰে যে নিজৰ মাতৃভূমিৰ পৰা দূৰৈত থাকিও সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ মাতৃভাষাৰ বুনিয়াদী ভেটি স্থাপন কৰিছিল৷ জন্মভূমিৰ পৰা আঁতৰত থকা প্ৰতিগৰাকী লোকৰ বাবে তেওঁ এগৰাকী আদৰ্শ৷  বাসগৃহটোৱেও অসম আৰু উৰিষ্যাৰ মাজত এক অদৃশ্য সেঁতুৰ কাম কৰিব পাৰে৷ তদুপৰি স্থানীয় লেখক, কবি, সাহিত্যিকসকলৰ বাবেও এয়া বৈঠকৰ স্থান হ’ব পাৰে বুলি তেও প’ষ্টটোৰ জৰিয়তে আশা প্ৰকাশ কৰিছে৷