Logo
image

নিজৰেই মন্ত্ৰীৰ ভাষ্য খণ্ডন কৰি তত্‌ পোৱা নাই মুখ্যমন্ত্ৰীয়ে

আমাৰ অসম, ৭ আগষ্টঃ চৰকাৰ গঠনৰ পৰা বৰ্তমানলৈ বিগত তিনি মাহত নিজৰ সতীৰ্থ মন্ত্ৰীৰ বিভিন্ন সিদ্ধান্তত হস্তক্ষেপ কৰি ইয়াক নতুনকৈ ঘোষণা কৰিবলগীয়া হৈছে মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই৷ যাৰ ফলত নিজৰে মন্ত্ৰীৰ ভাষ্য খণ্ডন কৰি তত পোৱা নাই মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই৷ বিগত তিনিমহীয়া কাৰ্যকালত মুখ্যমন্ত্ৰী ড॰ শৰ্মা এনে বহু পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে য’ত তেওঁ নিজৰে মন্ত্ৰীসভাৰ সদস্যৰ সিদ্ধান্ত সলনি কৰি নতুনকৈ সিদ্ধান্ত ঘোষণা কৰিবলগীয়া হৈছে৷ দুদিন পূৰ্বে শৰ্মা মন্ত্ৰীসভাৰ অন্যতম মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ সদ্যপ্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ দাসে গুৱাহাটীত এখন সংবাদ মেল অনুষ্ঠিত কৰি ঘোষণা কৰিছিল যে গ্ৰামাঞ্চলত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত পঞ্চায়তৰ অনুমতি ল’ব লাগিব আৰু ইয়াৰ বাবদ কৰ বা মাচুল আদায় দিব লাগিব৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসৰ এই ঘোষণাক কেন্দ্ৰ কৰি ৰাজ্যৰ সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ আনকি বিধানসভাতো এই সিদ্ধান্তৰ প্ৰতিবাদ হয়৷ ছ’চিয়েল মিডিয়াত মন্ত্ৰী দাসৰ এই সিদ্ধান্তক কেন্দ্ৰ কৰি চৰকাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়৷ মন্ত্ৰী দাসে এই ঘোষণা কৰাৰ পাছতে দিল্লী অভিমুখে ৰাওনা হয়৷ তীব্ৰ সমালোচনাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ নিৰ্দেশত বৃহস্পতিবাৰে মন্ত্ৰী দাসৰ এই ঘোষণা বাতিল কৰে ৰাজ্য চৰকাৰে৷ ইয়াৰ পূৰ্বেও বহুবাৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিজৰে সতীৰ্থ মন্ত্ৰীৰ সিদ্ধান্ত বা ঘোষণা সালসলনি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছতে কেশৱ মহন্তৰ ওপৰত সময়ে সময়ে ক’ভিড বিধি ঘোষণাৰ দায়িত্ব পৰিছিল৷ সংবাদ মেল অনুষ্ঠিত কৰি মন্ত্ৰী মহন্তই ঘোষণা কৰিছিল যে প্ৰতিখন জিলাৰ ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰাৰ পাছত তিনি-চাৰিদিনৰ ভিতৰত নতুন এছ অ’ পি ঘোষণা কৰা হ’ব৷ মন্ত্ৰীৰ সংবাদ মেলৰ পাছদিনা স্বাস্থ্যমন্ত্ৰীয়ে ৰাজ্যৰ ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰাৰ কথা আছিল৷ কিন্তু মন্ত্ৰীৰ সংবাদ মেলৰ সন্ধিয়াই ৰাজ্য চৰকাৰৰ মুখ্য সচিবে নতুন এছ অ’ পি ঘোষণা কৰি দিয়ে৷ ঠিক তেনেদৰে স্বাস্থ্যমন্ত্ৰীয়ে আগষ্টৰ প্ৰথম সপ্তাহত আন্তঃজিলা যাতায়াত মুকলি কৰি দিয়াৰ সপক্ষে মত প্ৰকাশ কৰিছিল যদিও মুখ্যমন্ত্ৰীয়ে পাছমুহূৰ্ততে স্বাস্থ্যমন্ত্ৰীৰ এই সিদ্ধান্ত নস্যাৎ কৰি ক’ভিড পৰিস্থিতিৰ ফলত আন্তঃজিলা যাতায়াত আৰম্ভ কৰাটো সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিয়ে৷ এইপৰ্যন্ত ৰাজ্যত আন্তঃজিলা যাতায়াত বন্ধ হৈ আছে৷ হাইস্কুল শিক্ষান্ত আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক কেন্দ্ৰ কৰি ৰাজ্যত সৃষ্টি হোৱা অচলাৱস্থা দূৰ কৰাৰ বাবে শিক্ষামন্ত্ৰীয়ে দুখন উচ্ছ ক্ষমতাসম্পন্ন কমিটী গঠন কৰি দিয়ে৷ এই কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছিল যে এইবাৰৰ হাইস্কুল শিক্ষান্ত আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে যিখন চাৰ্টিফিকেট পাব, সেই চাৰ্টিফিকেটেৰে চৰকাৰী চাকৰিত আৱেদন কৰিব নোৱাৰিব৷ ভৱিষ্যতে তেওঁলোকে চৰকাৰী চাকৰিত আৱেদন কৰিব বিচাৰিলে ইয়াৰ বাবে বিশেষ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব৷ বৰ্তমানৰ এই ফলাফলৰ দ্বাৰা চৰকাৰী চাকৰিৰ বাবে যোগ্য বিবেচিত নহ’ব ছাত্ৰ-ছাত্ৰীসকল৷ মন্ত্ৰীৰ এই ঘোষণাক কেন্দ্ৰ কৰি ৰাজ্যৰ সৰ্বত্ৰ তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ চৰকাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হয় ছাত্ৰ আৰু অভিভাৱক সমাজৰ দ্বাৰা৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰে ছাত্ৰ সংগঠনৰ বৈঠক অনুষ্ঠিত কৰি শিক্ষামন্ত্ৰীৰ এই সিদ্ধান্ত বাতিলৰ নিৰ্দেশ দিয়ে৷  বিশেষজ্ঞ সমিতিয়ে নিজৰ প্ৰতিবেদনৰ প্ত নম্বৰ দফাত এই পৰামৰ্শ সন্নিৱিষ্ট কৰিছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত শেষত বাতিল হয় শিক্ষামন্ত্ৰীৰ সিদ্ধান্ত৷ ইয়াতে শেষ হোৱা নাই নিজৰে মন্ত্ৰীৰ সিদ্ধান্ত খণ্ডনৰ প্ৰক্ৰিয়া৷ শক্তি বিভাগৰ দায়িত্ব গ্ৰহণ কৰিয়ে মন্ত্ৰী বিমল বৰাই অনাদায় বিদ্যুৎ মাচুল আদায়ৰ লক্ষ্যৰে আৰু শক্তি বিভাগৰ লোকচানৰ জোৰা মাৰিবলৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক দৰমহাৰ বিলৰ সৈতে বিদ্যুৎ মাচুল আদায়ৰ ৰচিদ জমা দিবলৈ নিৰ্দেশ দিয়ে৷ মন্ত্ৰী বৰাৰ এই নিৰ্দেশক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠে কৰ্মচাৰী সমাজ৷ মন্ত্ৰী বৰাই জুন মাহৰ দৰমহাৰ বিলৰ সৈতে বিদ্যুৎ মাচুল আদায় দিয়াৰ ৰচিদ জমা দিবলৈ কৰ্মচাৰীসকলক নিৰ্দেশ দিয়ে৷ ইয়াৰ পাছতে সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই সন্দৰ্ভত আপত্তি প্ৰদৰ্শন কৰাত মুখ্যমন্ত্ৰীয়ে বিষয়টোত হস্তক্ষেপ কৰি জুন মাহৰ দৰমহাৰ বিলৰ সৈতে বিদ্যুৎ মাচুল আদায়ৰ ৰচিদ জমা দিয়াৰ ক্ষেত্ৰত শক্তিমন্ত্ৰীৰ নিৰ্দেশ বাতিল কৰে৷ মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক নিৰ্দেশৰ পাছতে এই সিদ্ধান্ত জিলা উপায়ুক্তসকলক ডব্লিউ টি মেছেজযোগে দিছপুৰৰ পৰা অৱগত কৰোৱা হয়৷

সতীৰ্থ মন্ত্ৰীৰ কেতবোৰ অদ্ভূত ঘোষণাক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মা সততে অস্বস্তিত পৰিবলগীয়া হৈ আছে যদিও নিজৰ দোষ ঢকাৰ শেষ ৰক্ষা হিচাপে সংবাদ মাধ্যমক ইয়াৰ বাবে জগৰীয়া কৰাটো এতিয়া এটা পৰম্পৰা হৈ পৰিছে৷ অধিকাংশ ৰাজনৈতিক নেতাই অভিযোগ কৰে যে সংবাদ মাধ্যমে মন্ত্ৰীসকলৰ ভাষ্য বিকৃত কৰি উপস্থাপন কৰিছে৷ কিন্তু দৃশ্য-শ্ৰাব্য মাধ্যমত যে মন্ত্ৰীৰ প্ৰতিটো ভাষ্যৰ ৰেকৰ্ডিং থাকি যায় সেই কথা হয়তো মন্ত্ৰী-নেতাসকলে পাহৰি গৈ সংবাদ মাধ্যমক এনেদৰে দোষাৰোপ কৰি থাকে৷ ইউডিএফৰ বিধায়ক আমিনুল ইছলামে চৰকাৰৰ এনে কাৰ্যক তীব্ৰ সমালোচনা কৰি শুকুৰবাৰে কয়– আমি এই কথাত আচৰিত হৈছোঁ যে মুখ্যমন্ত্ৰীয়ে চৰকাৰখন কেনেকৈ চলাই আছে? প্ৰতিটো সপ্তাহতে কেবিনেট অনুষ্ঠিত কৰি কি কথা পাতে তেওঁলোকে? বিভাগীয় মন্ত্ৰীয়ে বেলেগ কথা কয়, মুখ্যমন্ত্ৰীয়ে বেলেগ কথা কয়৷ বিত্তমন্ত্ৰীয়ে বাজেট কৰমুক্ত হ’ব বুলি কৈছিল৷ বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে কৰ ল’ব বুলি ক’লে৷ আকৌ মুখ্যমন্ত্ৰীয়ে বেলেগ এটাহে ক’লে৷

ৰঞ্জিত দাসৰ ঘোষিত গৃহ কৰ নাকচ মুখ্যমন্ত্ৰীৰ

ৰাজ্যিক কেবিনেট বা মুখ্যমন্ত্ৰীৰ অগোচৰে পঞ্চায়ত কৰ আৰোপ কৰিবলৈ গৈ ঘোৰ সংকটত পৰিছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস৷ শেহতীয়াকৈ ‘সেৱাই পঞ্চায়ত’ শীৰ্ষক নাগৰিক চনদ মুকলি কৰি ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে গাঁও অঞ্চলত বসবাস কৰা লোকসকলেও বাসগৃহৰ নিৰ্মাণৰ বাবে পঞ্চায়তৰ অনুমতি ল’ব লাগিব৷ চহৰত ঘৰ সাজোঁতে যেনেদৰে জি এছ টি দিব লাগে ঠিক তেনেদৰে গাঁৱত ঘৰ সাজোঁতেও পঞ্চায়তক টেক্স দিব লাগিব৷ মন্ত্ৰী ৰঞ্জিত দাসৰ এই ঘোষণাৰ পাছত ৰাজ্যজুৰি তুমুল বিতৰ্কৰ সৃষ্টি  হৈছিল৷ অৱশ্যে সকলো বিতৰ্কক আওকাণ কৰি মন্ত্ৰী দাস নিজৰ স্থিতিত অটুট আছিল৷ কিন্তু চৰকাৰী কাৰ্যসূচী লৈ নতুন দিল্লীত থকাৰ সময়তে যোৱা কালি হঠাৎ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী দাসৰ কথাৰ ভেল্যু নাইকিয়া কৰি সম্পূৰ্ণ বিপৰীত ভাষ্য  জনসংযোগ তথা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ যোগেদি আগবঢ়াই ক’লে– ‘গৃহ নিৰ্মাণৰ ক্ষেত্ৰত পঞ্চায়তত কৰ আৰোপৰ প্ৰশ্নই নুঠে৷ চৰকাৰে গ্ৰামাঞ্চলত গৃহ নিৰ্মাণৰ কৰ আৰোপ কোনো প্ৰস্তাৱ লোৱা নাই৷’ এইখিনিতে প্ৰশ্নৰ অৱতাৰণা হয়– ‘ৰাজ্যত মন্ত্ৰীসকল আৰু মুখ্যমন্ত্ৰীৰ মাজত সমন্বয়ৰ অভাৱ নেকি৷’ উল্লেখ্য, পঞ্চায়তৰ কৰ আৰোপ প্ৰসংগই বৃহস্পতিবাৰে অসম বিধানসভাৰ মজিয়াও উত্তাল কৰিছিল৷ শুকুৰবাৰেও বিধানসভাৰ বাহিৰত বিষয়টোক লৈ একাংশ বিৰোধীয়ে মন্ত্ৰী ৰঞ্জিত দাসক কাট্‌ মাৰিবলৈ নাপাহৰিলে৷ বিৰোধীৰ মতে চৰকাৰৰ মাজত থকা সমন্বয়হীনতাৰ অভাৱ স্পষ্ট৷ শুকুৰবাৰে বিধানসভাৰ বাহিৰত আনকি বিধায়ক অখিল গগৈয়ে মন্ত্ৰীসভাৰ পৰা ৰঞ্জিত দাসক অপসাৰণৰো দাবী তুলিলে৷ চৰকাৰৰ অজ্ঞাতে, মুখ্যমন্ত্ৰীৰ অজ্ঞাতে মন্ত্ৰী ৰঞ্জিত দাসে গাঁৱত কৰ লগোৱাৰ সিদ্ধান্ত লৈছিল নেকি– প্ৰশ্ন তুলিলে অখিল গগৈয়ে৷ একেই প্ৰসংগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি আন কেইবাজনো বিধায়কে আজি মন্ত্ৰী দাসক কটাক্ষ কৰিলে৷ উল্লেখ্য যে প্ৰতি বুধবাৰে ৰাজ্যৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত পিঠা-পনাৰ পৰা কৰ-কাটল আৰোপলৈকে বিভিন্ন বিষয়ৰ আলোচনা হয়৷ কেবিনেটৰ বৈঠকত মন্ত্ৰী ৰঞ্জিত দাসে ঘোষণা কৰা পঞ্চায়ত কৰৰ সন্দৰ্ভত কোনো আলোচনা হোৱা নাছিল বুলি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাই স্থিতি স্পষ্ট কৰাত বিষয়টোত গুৰুত্বহীন হৈ পৰিল মন্ত্ৰী ৰঞ্জিত দাস৷