Logo
image

ড্ৰপ্‌আউট বাঢ়িব? ডেৰ লাখৰ নামভৰ্তি অনিশ্চিত

আমাৰ অসম, ৭ আগষ্টঃ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ ডেৰ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ক’ত পঢ়িব, পঢ়াৰ কাৰণে আসন ক’ত ওলাব– আজিকোপতি চৰকাৰী পক্ষৰ পৰা নোলাল এই প্ৰশ্নৰ উত্তৰ৷ যদিও শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে যে মেট্ৰিক, হায়াৰছেকেণ্ডাৰীত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে আসনৰ সমস্যা নহয়৷ মহাবিদ্যালয়সমূহত স্নাতক শাখাত ২০ শতাংশ আসন বৃদ্ধি কৰা হ’ব৷ শংকৰদেৱ শিশু নিকেতন, জাতীয় বিদ্যালয় তথা আন ব্যক্তিগত শিক্ষানুষ্ঠানতো চলিত বৰ্ষৰ পৰাই দ্বাদশ শ্ৰেণী আৰম্ভ কৰিবলৈ আহ্বান জনোৱা হৈছে৷ কিন্তু ৰাজ্য চৰকাৰ তথা শিক্ষামন্ত্ৰীয়ে আসনৰ সংকট দূৰ কৰাৰ বাবে ঘোষণা কৰা উপৰিউক্ত পদক্ষেপসমূহে ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক কাকোৱেই আশ্বস্ত কৰিব পৰা নাই৷ উল্লেখ্য, পৰীক্ষাবিহীন আভ্যন্তৰীণ মূল্যায়নভিত্তিক মেট্ৰিক, হায়াৰছেকেণ্ডাৰীৰ ফলাফলত এইবাৰ মুঠ ৬.৫৮ লাখ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাত ৰাজ্যত কোনোকালে নোহোৱা এক অভিলেখ সৃষ্টি হয়৷ মেট্ৰিকত উত্তীৰ্ণ হ’ল ৩,৯৭,১৩২জন ছাত্ৰ-ছাত্ৰী৷ উচ্ছতৰ মাধ্যমিক কলা বিজ্ঞান আৰু বাণিজ্য শাখাত উত্তীৰ্ণ হ’ল মুঠ ২,৪৬,২২৫জন ছাত্ৰ-ছাত্ৰী৷ হাইমাদ্ৰাছা পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিক ভকেচনেল শাখাতো উত্তীৰ্ণ হ’ল বুজন পৰিমাণৰ ছাত্ৰ-ছাত্ৰী৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি মেট্ৰিকত ৩,৯৭,১৩২জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ’লেও উচ্ছতৰ মাধ্যমিক নামভৰ্তিৰ বাবে চৰকাৰী আৰু প্ৰাদেশীকৃত শিক্ষানুষ্ঠানত মাত্ৰ ৩,৩৫,২৭২জন ছাত্ৰ-ছাত্ৰীৰ বাবেহে আসন আছে৷ মন্ত্ৰীয়ে সদৰী কৰা তথ্য মতে মেট্ৰিক উত্তীৰ্ণ ৬১,৮৬০জন ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগত তথা ভেঞ্চাৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব লাগিব৷ লক্ষণীয় ব্যক্তিগত বা ভেঞ্চাৰ শিক্ষানুষ্ঠানত কিমান আসন আছে এই সন্দৰ্ভত বৰ্তমানলৈকে শিক্ষা বিভাগৰ হাতত কোনো সঠিক তথ্য নাই৷ শিক্ষা বিভাগৰ সূত্ৰই জনোৱা মতে, ৰাজ্যৰ ভেঞ্চাৰ তথা ব্যক্তিগত শিক্ষানুষ্ঠানত প্ৰায় ১৫-২০ হাজাৰ আসন আছে৷ অৰ্থাৎ বাকী প্ৰায় ৪০ হাজাৰ শিক্ষাৰ্থীয়ে এইবাৰ উচ্ছতৰ মাধ্যমিকত অধ্যয়নৰ সুযোগ নোপোৱাটো নিশ্চিত৷ আনহাতে, উচ্ছতৰ মাধ্যমিকৰ তিনিওটা শাখাতে ২.৪৬ লাখ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে যদিও শিক্ষামন্ত্ৰী পেগুৰ মতে চৰকাৰী আৰু প্ৰাদেশীকৃত মহাবিদ্যালয়ত মাত্ৰ ১.৭০ লাখহে আসন আছে৷ অৰ্থাৎ স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰ বাবে অতি কমেও ৭৬ হাজাৰ শিক্ষাৰ্থীৰ বাবে কোনো আসনৰ ব্যৱস্থা নাই ৰাজ্যত৷ তদুপৰি স্নাতক পাঠ্যক্ৰমত চিবিএছইৰ পৰাও বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে৷ স্বাভাৱিকতেই উচ্ছ শিক্ষা গ্ৰহণত এইবাৰ অসমৰ ডেৰ লক্ষাধিক ছাত্ৰ- ছাত্ৰী আসন বঞ্চিত হৈ ৰোৱাৰ আশংকা ঘণীভূত হৈ পৰিছে৷ আসনৰ জোৰা মৰাৰ বিষয়টো সমস্যা নহয় বুলি ক’বলৈ গৈ শিক্ষামন্ত্ৰীয়ে কৈছে যে মেট্ৰিক উচ্ছতৰ মাধ্যমিকত উত্তীৰ্ণ বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বৃত্তিমুখী, অভিযান্ত্ৰিক, মেডিকেল আদি পাঠ্যক্ৰমত নামভৰ্তি কৰে৷ উত্তীৰ্ণ একাংশ ছাত্ৰ-ছাত্ৰীয়ে উচ্ছ শিক্ষাত নামভৰ্তি নকৰে [ড্ৰপ আউট] বুলিও শিক্ষামন্ত্ৰীয়ে অদ্ভূত যুক্তি দাঙি ধৰিছে৷

বিধানসভাতো ড্ৰপ্‌আউটৰ প্ৰসংগ

আধাতে স্কুল এৰা বা ‘ড্ৰপ আউট’– এতিয়াও ৰাজ্যৰ শিক্ষাখণ্ডৰ এক ভয়াৱহ সমস্যা৷ শুকুৰবাৰে অসম বিধানসভাত শিক্ষা বিভাগৰ কৰ্তন প্ৰস্তাৱৰ বিতৰ্কত অংশগ্ৰহণ কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ২০২১ বৰ্ষৰ প্ৰকাশিত ২০১৯-২০ বৰ্ষৰ ইউনিফাইড ডিষ্ট্ৰিক এডুকেশ্বন ছিষ্টেম ফৰ এডুকেশ্বনৰ তথ্যৰ উদ্ধৃতি দি সদনত অখিল গগৈয়ে কয়– ‘মাধ্যমিক স্তৰত নৱম, দশম শ্ৰেণীক সামৰি সৰ্বভাৰতীয় ড্ৰপ আউট ১৬.২ শতাংশ হোৱাৰ বিপৰীতে অসমত ড্ৰপ আউটৰ হাৰ হৈছে ৩২.৩ শতাংশ৷ তালিকাৰ তলৰ পৰা অৰুণাচলৰ পাছতেই অসমৰ স্থান৷ উচ্ছ প্ৰাথমিকৰ ক্ষেত্ৰত [৬-৮ শ্ৰেণী পৰ্যন্ত] সৰ্বভাৰতীয় ড্ৰপ আউট হ’ল ২.৩ আমাৰ ড্ৰপ আউট হ’ল ৩.৪৷ আমি ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত তলৰ পৰা ১২ নম্বৰত আছো৷ নিম্ন প্ৰাথমিকত সৰ্বভাৰতীয় ড্ৰপ আউট ১.৫ শতাংশ হোৱাৰ বিপৰীতে অসমত এই ড্ৰপ আউট হৈছে ৪৩ শতাংশ৷ আমি এইক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত তলৰ পৰা ছয় নম্বৰত আছো৷’ উল্লেখ্য, অখিল গগৈয়ে চলিত বৰ্ষৰ মেট্ৰিক আৰু হায়াৰছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ সকলোৰে আসন সুনিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনায় পুনৰ যাতে ড্ৰপ আউট নহয় এই বিষয়ত লক্ষ্য দিব লাগে বুলি আঙুলিয়াই দিয়ে৷ নতুন শিক্ষানীতিৰ সন্দৰ্ভত বিশেষভাৱে আলোচনাৰ বাবে অসম বিধানসভাৰ এখন বিশেষ অধিৱেশনৰো দাবী তোলে অখিল গগৈয়ে৷ উল্লেখ্য, আজি সদনত শিক্ষা বিভাগৰ কৰ্তন প্ৰস্তাৱৰ বিতৰ্কত কংগ্ৰেছৰ ভৰত চন্দ্ৰ নৰহ, এ আই ইউ ডি এফৰ ড॰ হাফিছ ৰফিকুল ইছলাম, বিজেপিৰ মৃণাল শইকীয়াকে ধৰি কেইবাগৰাকী বিধায়কে অংশগ্ৰহণ কৰে৷