Logo
image

জোঁট নে চামিলকৰণ? মমতাৰ ৰাজআতিথ্যত কলকাতাত অখিল

আমাৰ অসম, ৮ আগষ্টঃ ‘জোঁট নে চামিলকৰণ’– কি সূত্ৰৰ বাবে ঘনে ঘনে কলকাতালৈ দৌৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ৷ সেয়া এতিয়াও ৰহস্যঘন৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৰাজ আতিথ্যত পুনৰ শুকুৰবাৰে কলকাতাত উপস্থিত হোৱা অখিল গগৈয়ে শনিবাৰে সাক্ষাৎ কৰিলে বংগ নেত্ৰী মমতা বেনাৰ্জীক৷ জে’লৰ পৰা মুক্তি লাভৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে অখিল গগৈয়ে কলকাতালৈ গৈ মমতা বেনাৰ্জী তথা তৃণমূল কংগ্ৰেছৰ নেতৃবৃন্দৰে আলোচনা কৰিলে৷ অখিল গগৈয়ে নিজেই ৰাজহুৱা কৰা অনুসৰি পূৰ্বেও মমতা বেনাৰ্জী তথা তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰ সৈতে তেওঁৰ আলোচনা হৈছে৷ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে অসমত তৃণমূল কংগ্ৰেছৰ সভাপতি পদ গ্ৰহণ কৰিবৰ বাবে অখিল গগৈক অনুৰোধ জনোৱাৰ লগতে ২০২৪ৰ লোকসভাৰ নিৰ্বাচনৰ মমতা বেনাৰ্জী নেতৃত্বাধীন ‘মোদীবিৰোধী’ প্ৰস্তাৱিত জোঁট বন্ধনত চামিল হোৱাৰো আহ্বান জনাইছে৷ অখিল গগৈয়ে সদৰী কৰিছে যে তেওঁ মমতা বেনাৰ্জীক ২০২৪ত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে৷ বিজেপি বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে যদিহে ৰাষ্ট্ৰীয় স্তৰত কোনো এগৰাকী বিৰোধী মুখ্যমন্ত্ৰীয়ে আটাইতকৈ বেছি সৱল ভূমিকা গ্ৰহণ কৰিছে, প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে– তেওঁৱেই হৈছে মমতা বেনাৰ্জী৷ মমতা  বেনাৰ্জীৰ প্ৰতি তেওঁৰ যথেষ্ট সন্মান থকা বুলি সদৰি কৰি অখিল গগৈয়ে ইতিমধ্যে ঘোষণা কৰিছে যে মমতা বেনাৰ্জীৰ প্ৰস্তাৱ সন্দৰ্ভত ৰাইজৰ দলৰ মজিয়াত আলোচনা কৰা হ’ব৷ এনেবোৰ প্ৰসংগ উল্লেখ কৰি শনিবাৰে পুনৰ অখিল গগৈয়ে কলকাতাত সাক্ষাৎ কৰিলে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা  বেনাৰ্জীৰ নিৰ্দেশত পশ্চিম বংগ চৰকাৰৰ বিষয়াই ৰঙা লাইট লগোৱা প্ৰট’কল গাড়ীৰে [ডব্লিউ বি-০২ এ এফ-০০০৯ নম্বৰ] আদৰি-সাদৰি লৈ গ’ল অখিল গগৈক৷ এই আলোচনাৰ প্ৰসংগত কোনো কথা সদৰী নকৰি অখিল গগৈৰ ঘনিষ্ঠই ক’লে– ‘ভাৰতবৰ্ষৰ আঞ্চলিক ৰাজনৈতিক দলসমূহক একত্ৰিত কৰাৰ প্ৰয়াসেৰে কলকাতাত উপস্থিত হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ৷ ভাৰতৰ আঞ্চলিক দলসমূহৰ যুক্ত ফণ্ট গঠনৰ কুচকাৱাজ চলিছে কলকাতাত৷’ ইফালে তৃণমূল কংগ্ৰেছ এক উচ্ছস্তৰীয় সূত্ৰই জনোৱা মতে ২০২৪ৰ লোকসভা নিৰ্বাচনত দেশৰ প্ৰধানমন্ত্ৰীৰ দৌৰত অৱতীৰ্ণ হ’ব পশ্চিমবংগ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী৷ নৰেন্দ্ৰ মোদীক সন্মুখৰ পৰা প্ৰত্যাহ্বান জনাব মমতাই৷ সেয়েহে অসমৰ চাৰি লোকসভা সমষ্টিৰ লগতে ত্ৰিপুৰাৰ দুই লোকসভা সমষ্টি দখলৰ ব্লু-প্ৰিণ্ট তৈয়াৰ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী তথা তেওঁৰ টীমে৷ অসমৰ ধুবুৰী, বৰপেটা, শিলচৰ আৰু কৰিমগঞ্জ সমষ্টি দখল বাবে এক দীৰ্ঘম্যাদী পৰিকল্পনাৰে আগবাঢ়িব বিচাৰিছে মমতা বেনাৰ্জী৷ একেদৰে ত্ৰিপুৰাৰ প্ৰদ্যূত দেৱ বৰ্মনক তৃণমূল কংগ্ৰেছলৈ আনি ত্ৰিপুৰাৰ দুই সমষ্টি দখলৰো অংক কৰিছে মমতা বেনাৰ্জীয়ে৷ ৰাজনৈতিক কৌশলবিদ প্ৰশান্ত কিশোৰৰ লগতে মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জী বিশেষ পৰিকল্পনা অনুসৰিয়েই অখিল গগৈকো এনেদৰে বাৰে বাৰে কলিকতালৈ মাতি পঠাইছে মমতা বেনাৰ্জীয়ে৷ অসমত তৃণমূল কংগ্ৰেছৰ বিশেষ খোপনি পুতিব নোৱাৰা মমতা বেনাৰ্জীয়ে অসমীয়া জাতীয়তাবাদৰ প্ৰতীক হিচাপে অখিল গগৈৰ মাজত প্ৰতিভা আৰু সম্ভাৱনাৰ সন্ধান লাভ কৰিছে৷ সেয়ে তৃণমূল কংগ্ৰেছৰ পৰিৱৰ্তে অসমত ৰাইজৰ দলক খোপনি পোতাত সহায় কৰিবলৈ সন্মত হৈছে মমতা বেনাৰ্জী৷ ইয়াৰ বাবে প্ৰয়োজন হোৱা ধনবলৰ লগতে কৌশলগত স্থিতি প্ৰশান্ত কিশোৰৰ জৰিয়তে মমতা বেনাৰ্জীয়ে প্ৰদান কৰিব অখিল গগৈক৷ বিনিময়ত ২০২৪ৰ লোকসভাৰ নিৰ্বাচনত অখিল গগৈৰ সহায় ল’ব মমতাই৷ 

অখিলৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিলে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক বুজাত জটিল হৈ পৰিছে অখিলৰ খেলা

বুজাত জটিল হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ শেহতীয়া ৰাজনৈতিক খেলখন৷ এবাৰ যদি তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীক লগ ধৰিবলৈ অখিল গগৈ দৌৰিছে কলকাতালৈ, আনপিনে অখিলৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিছে প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিক৷ শুকুৰবাৰে অখিল গগৈ মমতা বেনাৰ্জী সাক্ষাতৰ বাবে কলকাতালৈ উৰা মৰাৰ সময়তে ভাস্কো ডি শইকীয়াৰ নেতৃত্বত ৰাইজৰ দলৰ এটা প্ৰতিনিধি দলে সাক্ষাৎ কৰিলে ভূপেন বৰা আৰু কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীক৷ জানিব পৰা মতে, কংগ্ৰেছৰ ওচৰলৈ মিত্ৰতাৰ প্ৰস্তাৱ লৈ যোৱা অখিল গগৈৰ ৰাইজৰ দলে উপ-নিৰ্বাচন হ’বলগীয়া মৰিয়নি আৰু থাওৰা সমষ্টিৰ ভিতৰৰ যিকোনো এটা কংগ্ৰেছক এৰি দিবলৈ কৈছে৷ কিন্তু বৰ্তমানলৈকে এই সন্দৰ্ভত ৰাজি হোৱা নাই কংগ্ৰেছৰ নেতৃত্ব৷ থাওৰা সমষ্টিৰ পৰা অখিল গগৈয়ে ৰাইজৰ দলৰ নেতা ধৈৰ্য কোঁৱৰক প্ৰাৰ্থিত্ব দিব বিচাৰিছে৷ হয়তো পৰৱৰ্তী পৰ্যায়ত এই সন্দৰ্ভত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত অধিক আলোচনা হ’ব৷ ইফালে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ভূপেন বৰাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে পুনৰ দলটোত উঠিছে পদত্যাগৰ জোৱাৰ৷ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ডায়ান হুছেইনে কালি কংগ্ৰেছ দল ত্যাগ কৰিছে৷