পুনৰ নতুন SOP জাৰি
আমাৰ অসম, ৯ আগষ্টঃ আজি পুনৰ ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে নতুন SOP। ৰাজ্যত শেহতীয়াকৈ ক'ভিড পৰিস্থিতি যথেষ্ট উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ১০আগষ্টৰ পৰা প্ৰযোজ্য হোৱাকৈ জাৰি কৰা নতুন এছঅ'পি(SOP)ৰ নিয়মাৱলী সমুহ এনেধৰণৰ---
◾সকলো জিলাতে সন্ধিয়া ৬.০০ বজাৰ পৰা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন।
◾সকলো জিলাতে সন্ধিয়া ৫.০০ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব'ৰোম, গেলামালৰ দোকান, ফলমূল, আৰু পাচলিৰ দোকান।
◾জিলাসমূহত কোনো এটা এলেকাত এসপ্তাহত ১০গৰাকীতকৈ অধিক লোক ক'ভিডত আক্ৰান্ত হ'লে উপায়ুক্তই সেই এলেকাক কনটেইনমেণ্ট জ'ন ঘোষণা কৰিব।
◾আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল।
◾অন্তঃ জিলা যাত্ৰী পৰিবাহী বাছ তথা আন বাহনৰ ক্ষেত্ৰত মুঠ আসনৰ ৫০ শতাংশ আসনত সামাজিক দূৰত্ব, মাস্ক আদি ক'ভিড বিধি মানি চলাচলৰ অনুমতি।
◾বিবাহ, অন্তিম সৎকাৰ আদিৰ ক্ষেত্ৰত সৰ্বাধিক দহ গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি।
◾ৰাজহুৱা স্থানত মাস্ক পিন্ধাতো বাধ্যতামূলক।
◾বঙাইগাঁৱত নতুন SOP ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।