Logo
image

মুম্বাইৰ সন্মুখত আজি হায়দৰাবাদ

আমাৰ অসম, ০৪ অক্টোবৰঃ শুকুৰবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে জয়ৰ পাছত আত্মবিশ্বাস বৃদ্ধি পোৱা ছানৰাইজাৰ্ছ  হায়দৰাবাদ কাইলৈ যোবাৱাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব৷ ৰোহিত শৰ্মাৰ দলটো বেটিং আৰু বলিং উভয়তে যথেষ্ট শক্তিশালী আৰু এনে স্থি্‌তিত ডেভিদ ৱাৰ্নাৰ নেতৃত্বাধীন ছানৰাইজাৰ্ছৰো প্ৰদৰ্শন উন্নত হ’ব লাগিব৷ অভিজ্ঞ পেচ বলাৰ ভুৱনেশ্বৰ কুমাৰৰ আঘাত হায়দৰাবাদ শিবিৰৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে শুকুৰবাৰে ১৯ সংখ্যক অভাৰৰ প্ৰথম বলটো কৰাৰ পাছতে মাংসপেশী টানি ধৰাৰ বাবে ভুৱনেশ্বৰে অভাৰটো সম্পূৰ্ণ কৰিব পৰা নাছিল৷ এই আঘাতৰ বাবে তেওঁ দেওবাৰৰ খেলখনত খেলিব পৰাটো অনিশ্চিত হৈ পৰিছে৷ ভুৱনেশ্বৰে দেওবাৰে খেলিব নোৱাৰিলে সেয়া মুম্বাই ইণ্ডিয়ানছৰ বাবে হ’ব উৎসাহৰ বিষয়৷ পইণ্ট তালিকাৰ শীৰ্ষত থকা মুম্বাইৰ অধিনায়ক ৰোহিত শৰ্মাৰ ফৰ্মো ছানৰাইজাৰ্ছৰ বাবে চিন্তাৰ কাৰণ হ’ব পাৰে৷ ৰোহিতে চাৰিখন খেলত সংগ্ৰহ কৰিছে ১৭০ ৰান৷ অ’পেনাৰ কুইণ্টনডেক কক  স্বাভাৱিক ফৰ্মত নাথাকিলেও দলটোৰ বাবে উৎসাহৰ বিষয়টো হৈছে যে মিডল অৰ্ডাৰ বেটছমেন ভাল ফৰ্মত থকাটো৷ যুৱ বেটছমেন ঈশান কিষানে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে  নিজৰ সামৰ্থ্যৰ পৰিচয় দিছিল৷ তেওঁৰ লগতে হাৰ্ডিক পাণ্ডিয়া আৰু কাইৰন পোলাৰ্ডৰ পৰাও বহুখিনি আশা কৰিব পাৰি৷ ইপিনে, কিংছ ইলেভেন পঞ্জাবৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ বলাৰৰ প্ৰদৰ্শনো যথেষ্ট উন্নত মানৰ আছিল৷ তালৈ চাই কাইলৈ দলটোৰ বলিং  বিভাগত সালসলনি ঘটোৱাৰ সম্ভাৱনা কম৷ অভিজ্ঞ পেচ বলাৰসকলে স্পিনাৰদ্বয় ৰাহুল চাহৰ আৰু ক্ৰুনাল পাণ্ডিয়াৰ পৰা যোগ্য সহযোগিতা পাইছে৷

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ  বেটিঙৰ মূল শক্তি হৈছে অধিনায়ক ৱাৰ্নাৰৰ লগতে জনী বেয়াৰষ্টো আৰু মনীষ পাণ্ডে৷ কেন উইলিয়ামছনে মিডল অৰ্ডাৰ বেটিঙক শক্তিশালী কৰিছে৷ ছিনিয়ৰ খেলুৱৈ স্বাভাৱিক খেল প্ৰদৰ্শনত সফল হ’ব পাৰিলে অভিষেক শৰ্মা, প্ৰিয়ম গাৰ্গ আৰু আব্দুল ছামাদৰ দৰে যুৱ খেলুৱৈ চাপমুক্ত হৈ খেলিব পাৰিব৷ ভুৱনেশ্বৰ কুমাৰ দেওবাৰে দলত নাথাকিলে টি নটৰাজন, খলীল আহমেদ আৰু ৰছিদ খানে অতিৰিক্ত চাপৰ বোজা ল’ব লাগিব৷