Logo
image

দখলদাৰী চুবুৰীয়াৰে বিবাদ নিষ্পত্তিৰ পৰামৰ্শ মোদীৰ

আমাৰ অসম, ১০ আগষ্টঃ ৰাজনৈতিক পৰ্যায়ত আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক পৰামৰ্শ প্ৰদান কৰিছে৷ দখলদাৰী চুবুৰীয়াৰে আলাপ-আলোচনাৰ মাজেৰে বিবাদ নিষ্পত্তি কৰিবলৈ মুখ্যমন্ত্ৰী শৰ্মাক পৰামৰ্শ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ মূলতঃ অসম-মিজোৰাম সীমা বিবাদৰ শেহতীয়া পৰিস্থিতিক লৈ আলোচনাৰ বাবেই মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সোমবাৰে সংসদ ভৱনত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত মোদীক সাক্ষাৎ কৰে৷ দিনৰ ১১.১৫ বজাত হোৱা বৈঠকত সীমান্তৰ শেহতীয়া উত্তেজনা প্ৰশমনৰ বাবে অসমে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা মুখ্যমন্ত্ৰীজনে প্ৰধানমন্ত্ৰীৰ সন্মুখত সবিস্তাৰে ব্যাখ্যা কৰে৷ আইজলত দুয়োখন ৰাজ্যৰ মন্ত্ৰীসকলৰ মাজত হোৱা আলোচনাৰ বিষয়তো তেওঁ মোদীক অৱগত কৰে৷ বিশেষ সূত্ৰত জানিব পৰা মতে, ৰাজনৈতিক পৰ্যায়ত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৈতে থকা সীমা বিবাদ নিষ্পত্তিৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ সন্মুখত গুৰুত্ব আৰোপ কৰিছে৷ লক্ষণীয়ভাৱে অসম-মিজোৰাম সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ উপৰি অৰুণাচলপ্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডৰ সৈতে থকা সীমা বিবাদৰ প্ৰসংগও মুখ্যমন্ত্ৰীজনে প্ৰধানমন্ত্ৰীৰ সন্মুখত উত্থাপন কৰাৰ কথা সূত্ৰত প্ৰকাশ পাইছে যদিও মোদীক সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰীজনে কৰা টুইটত তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে আন কেইবাটাও প্ৰসংগৰ অৱতাৰণা কৰা বুলি প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শন কৰা পথত অসমে কেনেদৰে উন্নয়নমূলক কাম-কাজ আগবঢ়াই নিছে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ সমুখত দাঙি ধৰা বুলি টুইটাৰত ড॰ শৰ্মাই প্ৰকাশ কৰিছে৷ লগতে বড়ো শান্তি প্ৰক্ৰিয়াৰ অগ্ৰগতি আৰু ড্ৰাগ্‌ মাফিয়াৰ বিৰুদ্ধে অসমে চলাই থকা অভিযান সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰীক অৱগত কৰে৷ আনহাতে, কেন্দ্ৰীয় আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লৈ থকা পদক্ষেপৰ কথাও মুখ্যমন্ত্ৰীজনে প্ৰধানমন্ত্ৰীৰ সন্মুখত দাঙি ধৰে৷ মন কৰিবলগীয়া যে, পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ৰাজ্যৰ দলীয় সাংসদসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা আছিল যদিও শেষ মুহূৰ্তত মুখ্যমন্ত্ৰীজনে অকলেই মোদীক সাক্ষাৎ কৰে৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পূৰ্বে সীমান্তৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীজনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও আলোচনাত মিলিত হোৱাৰ কথা জানিব পৰা গৈছে৷ তদুপৰি, প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰীজনে সংসদভৱনত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনছুখ মাণ্ডাভাইয়া আৰু ড’নাৰমন্ত্ৰী জি কিষান ৰেড্ডিক সাক্ষাৎ কৰি বিভাগীয় বিভিন্ন বিষয়ত আলোচনা কৰে৷ ইয়াৰ পাছত সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰীজনে কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথমন্ত্ৰী নীতিন গাডকাৰীকো সাক্ষাৎ কৰে৷ লক্ষণীয়ভাৱে গাডকাৰীক সাক্ষাতৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে এক চমু  আলোচনাত মিলিত হয়৷ ৰাজ্য মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ শেহতীয়াকৈ অসমত চলি থকা জল্পনা-কল্পনাৰ মাজত নাড্ডাৰ চৰকাৰী বাসভৱনত হোৱা এই বৈঠকখন আছিল যথেষ্ট তাৎপৰ্যপূৰ্ণ৷ পিছে মুখ্যমন্ত্ৰীজনে আজি সমগ্ৰ দিনটো সংবাদ মাধ্যমক এৰাই চলা পৰিলক্ষিত হয়৷ আনকি ৰাজ্যৰ বিজেপি সাংসদসকলেও মুখ্যমন্ত্ৰীৰ দিল্লী ভ্ৰমণকলৈ সাংবাদিকৰ আগত কোনোধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকে৷ উল্লেখ্য যে, দেওবাৰে পুৱাৰ ভাগৰ পৰা সোমবাৰে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ আগলৈকে ৰাজ্যৰ দলীয় সাংসদসকলে মুখ্যমন্ত্ৰী ড॰ শৰ্মাক নিৰৱচ্ছিন্নভাৱে সংগদান কৰি থকা পৰিলক্ষিত হৈছিল৷