Logo
image

১২ আগষ্টত কলাক্ষেত্ৰত লাভলীনাক সম্বৰ্ধনা

আমাৰ অসম, ১০ আগষ্টঃ ইতিহাস সৃষ্টি কৰি অসমক প্ৰথমটো অলিম্পিকৰ পদকৰ সোৱাদ দিয়া বক্সাৰ লাভলীনা বৰগোহাঁয়ে অহা ১২ আগষ্টত মাতৃভূমিত ভৰি থ’বহি৷ সোমবাৰে টকিঅ’ৰ পৰা আহি দেশৰ ৰাজধানী নতুন দিল্লীত উপস্থিত হোৱা লাভলীনা বৰগোহাঁয়ে দলৰ আন পদক বিজয়ী সদস্যৰ সৈতে দিল্লীৰ হোটেল অশোকত সম্বদ্ধৰ্না লাভ কৰে৷ কাইলৈ মঙলবাৰে ভাৰতীয় বক্সিং ফেডাৰেছনে লাভলীনা বৰগোহাঁইক লৈ নতুন দিল্লীত এখন সংবাদমেল আয়োজন কৰিব৷ উল্লেখ্য, এইবাৰ টকিঅ’ অলিম্পিকত ভাৰতৰ চাৰিগৰাকী মহিলাকে ধৰি মুঠতে ৯ জন বক্সাৰে প্ৰতিদ্বন্দ্বিতা কৰিলেও বক্সিঙৰ একমাত্ৰ পদকটো অসমৰ লাভলীনাইহে আনিবলৈ সক্ষম হ’ল৷ বক্সিং দলটোক ভাৰতীয় মিডিয়াই অলিম্পিকৰ আগৰে পৰা নৱৰত্ন বুলি অভিহিত কৰিছিল আৰু এইবাৰ বক্সিঙত কেইবাটাও পদক আহিব বুলি বক্সিং ফেডাৰেছন আৰু ভাৰতীয় অলিম্পিক সংস্থা তথা কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ে আশা আৰু দাবী কৰিছিল৷ পিছে ছবাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমকে ধৰি আটাইকেইগৰাকী তাৰকা বক্সাৰ টকিঅ’ৰ ৰিঙত ধৰাশায়ী হোৱাৰ পাছত অসমৰ লাভলীনাই অলিম্পিকৰ পৰা একমাত্ৰ পদকটো আনিলে৷ তাৎপৰ্যপূৰ্ণভাৱে ৯ বছৰৰ পাছত দেশলৈ অহা প্ৰথমটো বক্সিঙৰ পদক অসমৰ বাবে হৈ পৰিছে আপুৰুগীয়া৷ কিয়নো ইয়াৰ পূৰ্বে কোনো অসমীয়া খেলুৱৈয়ে অলিম্পিকৰ পদক স্পৰ্শ কৰিব পৰা নাছিল৷ অখণ্ড অসমৰ টালিমেৰণ আওৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত শ্বাটলাৰ দীপংকৰ ভট্টাচাৰ্য, জয়ন্ত তালুকদাৰ আৰু শিৱ থাপাই অলিম্পিকত অসমৰ পৰা ভাগ লোৱাৰ সৌভাগ্য অৰ্জন কৰিছিল৷ ১২ আগষ্টত লাভলীনা বৰগোহাঁই পুৱা ৯ বজাত আহি গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমানবন্দৰত নামিব৷ বিমানবন্দৰৰ পৰাই সমদল কৰি লাভলীনাক আদৰি অনা হ’ব৷ বিমানবন্দৰত নমাৰ পাছৰ পৰা লাভলীনাৰ আদৰণি, সম্বদ্ধৰ্নাকে ধৰি সকলো দায়িত্ব গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে৷ সম্ভৱতঃ দিল্লীৰ পৰাই লাভলীনাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেলগে লৈ আহিব৷ অৱশ্যে সেয়া এতিয়াও চূড়ান্ত হোৱা নাই৷ কিন্তু গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছৰ পৰা লাভলীনাৰ পৰৱৰ্তী কাৰ্যসূচী ৰাজ্য চৰকাৰে চূড়ান্ত কৰিছে৷ সোমবাৰে ক্ৰীড়ামন্ত্ৰী বিমল বৰাই এখন সংবাদমেলত জনায় যে, বিমানবন্দৰৰ পৰা সমদল কৰি চহৰৰ মাজলৈ লৈ অহাৰ পাছত ভাগৰুৱা হৈ থকা লাভলীনাক কিছু সময়ৰ বাবে হোটেল তাজ ভিভাণ্টাত জিৰণি ল’বলৈ দিয়া হ’ব৷ তাৰ পাছত বিয়লি ৩ বজাত শংকৰদেৱ কলাক্ষেত্ৰত এটা বৃহৎ অনুষ্ঠানৰ আয়োজন কৰি লাভলীনাক ৰাজ্যলৈ প্ৰথমটো অলিম্পিকৰ পদক কঢ়িয়াই অনাৰ বাবে সম্বদ্ধৰ্নাজ্ঞাপন কৰা হ’ব৷ ৰাজ্যৰ আন আন যি অনুষ্ঠান আৰু ব্যক্তিয়ে লাভলীনাক সম্বদ্ধৰ্না জনাবলৈ ইচ্ছা কৰি আছে তেওঁলোক এই অনুষ্ঠানতে অংশগ্ৰহণ কৰিব লাগিব৷ ঘাইকৈ ক’ভিড পৰিস্থিতি আৰু দীৰ্ঘদিন জিৰণি নোপোৱাকৈ অনুশীলন আৰু খেলত ভাগ লৈ থকা লাভলীনাই যাতে সম্বদ্ধৰ্নাৰ নামত বিৰক্তি অনুভৱ নকৰে তাৰ বাবেই ৰাজ্য চৰকাৰে এটা অনুষ্ঠানহে আয়োজন কৰাৰ সুযোগ দিব৷ ভিন ভিন সংগঠনে অসংখ্য সম্বদ্ধৰ্না অনুষ্ঠানৰ আয়োজন কৰি যাতে পূৰ্বৰ হিমা দাসৰ ক্ষেত্ৰত কৰাৰ দৰে লাভলীনাৰ মনসংযোগ বিচ্ছিন্ন কৰিব নোৱাৰে সেই বিষয়টোও ৰাজ্য চৰকাৰে কঠোৰভাৱে লক্ষ্য কৰিব৷ গুৱাহাটীৰ পৰাই লাভলীনা ১৩ আগষ্টত পুনৰ দিল্লীলৈ উভতি যাব৷ কিয়নো ১৫ আগষ্টৰ স্বাধীনতা অনুষ্ঠানত দেশৰ আন পদক বিজয়ী অলিম্পিয়ানৰ সৈতে লাভলীনা বৰগোহাঁইকো ভাগ ল’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমন্ত্ৰণ জনাইছে৷ সেই অনুষ্ঠানত ভাগ লোৱাৰ পাছতহে লাভলীনা অসমলৈ উভতি আহি বৰপথাৰৰ নিজ গাঁও বাৰমুখীয়ালৈ যাব পাৰিব৷