Logo
image

বাদ পৰিল গোপীনাথ বৰদলৈ, বিমানবন্দৰ আদানিৰ নামত

আমাৰ অসম, ১০ আগষ্টঃ মুম্বাইৰ ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ দৰে দুমাহমান পাছতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম ‘আদানি গুৱাহাটী ইণ্টাৰনেশ্বনেল এয়াৰপ’ৰ্ট’ হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে৷ ইতিমধ্যে দেশৰ আন পাঁচটা বিমানবন্দৰৰ সৈতে গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো অহা ৫০ বছৰৰ বাবে গুজৰাটী ব্যৱসায়ী গৌতম আদানিৰ আদানি গ্ৰুপে লীজত লৈছে৷ সোমবাৰে আদানি গ্ৰুপৰ ৯ জনীয়া সদস্যৰ এটা দলে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ দায়িত্ব গ্ৰহণ কৰে৷ এই ৯ জনীয়া দলটোৱে এতিয়াৰ পৰা অহা দুমাহৰ বাবে গুৱাহাটীৰ বিমানবন্দৰটোত পৰ্যবেক্ষণ পৰ্যায় আৰম্ভ কৰিব৷ দুমাহৰ পাছত পৰ্যবেক্ষণ পৰ্যায়ৰ অন্তত পৰৱৰ্তী পঞ্চাশ বছৰৰ বাবে গুৱাহাটী বিমানবন্দৰৰ দায়িত্ব সম্পূৰ্ণৰূপে হাতলৈ লৈ যাব আদানি গুৱাহাটী ইণ্টাৰনেশ্বনেল এয়াৰপ’ৰ্ট লিমিটেডে৷ ঠিক তেতিয়াৰ পৰাই গুৱাহাটীৰ বিমানবন্দৰটোৰ পৰা গোপীনাথ বৰদলৈৰ নাম বাদ পৰিব বুলি আশংকা কৰা হৈছে৷ ধাৰণা কৰা হৈছে পূৰ্ণ দায়িত্ব হাতত লোৱাৰপাছৰ পৰা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম আদানি গুৱাহাটী ইণ্টাৰনেশ্বনেল এয়াৰপ’ৰ্ট হৈ পৰিব৷ কিয়নো ইতিমধ্যে সম্পূৰ্ণ দায়িত্ব হাতলৈ লোৱাৰ পাছত আদানি গ্ৰুপে গুজৰাট, লক্ষ্মৌ আৰু মুম্বাইৰ বিমানবন্দৰত আদানি ইণ্টাৰনেশ্বনেল বিমানবন্দৰ বুলি চাইনব’ৰ্ড লগাইছে৷ গুজৰাট আৰু লক্ষ্ণৌত সেই সন্দৰ্ভত কোনেও টু শব্দ এটাও নকৰিলেও মুম্বাইত শিৱসেনাই আদানি গ্ৰুপে লগোৱা চাইনব’ৰ্ডখন ভাঙি পেলায়৷ উল্লেখ্য, শিৱসেনাই এই ঘটনা সংঘটিত কৰা বুলি ৰাজহুৱাভাৱে স্বীকাৰ কৰে আৰু কয় যে, ছত্ৰপতি শিৱাজীক আদানি গ্ৰুপে অপমান কৰাৰ বাবেই তেওঁলোকে এই ঘটনা সংঘটিত কৰিছে৷ মুম্বাইৰ বিমানবন্দৰত শিৱসেনাই কেতিয়াও ছত্ৰপতি শিৱাজীৰ বাহিৰে আন কাৰো নাম ব্যৱহাৰ কৰিবলৈ নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে৷ পিছে অসমত গোপীনাথ বৰদলৈৰ নাম আঁতৰাই আদানিৰ নাম ব্যৱহাৰ কৰিলেও অসম চৰকাৰ অথবা অসমৰ বাসিন্দাই গুজৰাট আৰু লক্ষ্ণৌৰ দৰেই মুখ বন্ধ কৰি থাকিব বুলি ধাৰণা কৰা হৈছে৷ শিৱসেনাই উক্ত চাইনব’ৰ্ড ভঙাৰ পাছত ভাৰতীয় অসামৰিক বিমান পৰিবহন বিভাগে এই সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে৷ আদানি গ্ৰুপে চুক্তি উলংঘা কৰি আদানিৰ নাম ব্যৱহাৰ কৰাৰ যি অভিযোগ উঠিছে সেয়া এখন কমিটীয়ে তদন্ত চলাব৷ পিছে আদানি গ্ৰুপৰ দাবী, তেওঁলোকে চুক্তি উলংঘা কৰা নাই৷ কেন্দ্ৰীয় চৰকাৰৰ সৈতে দেশৰ ছটা বিমানবন্দৰ লীজত লোৱাৰ চুক্তি হওতে তাত যিধৰণৰ দফা আছিল সেয়া আখৰে আখৰে মানিয়েই তেওঁলোক আদানিৰ নামত চাইনব’ৰ্ড লগাইছে৷ আদানি গ্ৰুপে একে ধৰণৰ দাবী গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ ক্ষেত্ৰটো কৰিব বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য, গুৱাহাটী বিমানবন্দৰৰ দুমাহৰ পৰ্যবেক্ষণৰ দায়িত্ব লোৱা জ্ঝ জনীয়া দলটোৰ মুৰব্বী হ’ব এজন অসমীয়া প্ৰাঞ্জল বৰুৱা৷ তেওঁ পৰৱৰ্তী সময়তো আদানি গ্ৰুপৰ গুৱাহাটী বিমানবন্দৰৰ চীফ এয়াৰপ’ৰ্ট অফিচাৰ হিচাপে দায়িত্ব নিৰ্বাহ কৰিব৷ ইয়াৰ পূৰ্বে কেৰালাৰ কান্নুড় বিমানবন্দৰৰ চিঅ’অ’ৰ দায়িত্বত থকাৰ উপৰি গোৱা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, হায়দৰাবাদৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ফিলিপাইন্সৰ চেবু বিমানবন্দৰৰ  মুৰব্বী বিষয়া হিচাপে কাম কৰাৰ অভিজ্ঞতা আছে প্ৰাঞ্জল বৰুৱাৰ৷

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৯ বিমানবন্দৰটো ৫০ বছৰৰ বাবে আদানি গ্ৰুপ চমুকৈ আদানি এণ্টাৰপ্ৰাইজ লিমিটেডক গতাই দি লাভজনক বিমানবন্দৰটো ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে ভি আই পিত বিমান বন্দৰ সংযোগী পথত সাতদিনীয়া গণস্বাক্ষৰ অভিযান কাৰ্যসূচী আৰম্ভ কৰিছে৷ অহা ১৫ আগষ্টলৈকে চলিবলগীয়া গণস্বাক্ষৰ অভিযানত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদকদ্বয় ৰাজীৱ ভট্টাচাৰ্য আৰু প্ৰিন্স ফাইজুল হক, প্ৰচাৰ সম্পাদক দেৱজিৎ অধিকাৰী, কামৰূপ মহানগৰ জিলা কমিটিৰ সভাপতি সঞ্জীৱ বৰা, জাতীয় নাৰী শক্তিৰ কামৰূপ মহানগৰ জিলা কমিটিৰ সভানেত্ৰী দুলুমণি গগৈকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে৷ অৱশ্যে কাৰ্যসূচী চলি থকাৰ মাজতেই মহানগৰ আৰক্ষী আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ আগতীয়া অনুমতি নোলোৱাকৈ গণস্বাক্ষৰ অভিযান আৰম্ভ কৰা বাবে স্থানীয় আজাৰা আৰক্ষীয়ে বাধা প্ৰদান কৰে৷ আজাৰা সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত নন্দিনী কাকতিৰ নেতৃত্বত আজাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন চন্দ্ৰ কলিতা, বৰঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কলিতাসহ এটা আৰক্ষী, চি আৰ পি এফৰ দল কাৰ্যসূচী চলি থকা সময়তে উপস্থিত হয় আৰু যাৱতীয় অনুমতি অবিহনে কাৰ্যসূচী পালন কৰাৰ অভিযোগ তুলি বাধা প্ৰদান কৰে৷ ইয়াৰ পূৰ্বে গণস্বাক্ষৰ কাৰ্যসূচীত ভাগ লোৱা নেতাসকলে দেশৰ অন্যতম লাভজনক বিমানবন্দৰ হিচাপে পৰিগণিত হৈ অহা ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো ব্যক্তিগতকৰণৰ লক্ষ্যৰে আদানি গ্ৰুপক গতাই দিয়াৰ বাবে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি অসমৰ আৱেগ জড়িত থকা বিমানবন্দৰটোৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়৷ বিশেষকৈ ব্যক্তিগতকৰণ হ’লে বিমানবন্দৰৰ কাষৰীয়া অঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ জীৱন আৰু জীৱিকালৈ ভাবুকি আহিব বুলি নেতাসকলে তথ্য সহকাৰে দাঙি ধৰে৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে বিমানবন্দৰৰ সমীপৰ বহু মাটি ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ বাবে আদানি গ্ৰুপক পঞ্চাশ বছৰৰ বাবে লীজত দিছে৷ সেই স্থানত আদানি গ্ৰুপৰ অনুমতিতহে ব্যৱসায়িক কামকাজ সম্পন্ন হ’ব৷  ইফালে অহা ৩১ আগষ্টৰ ভিতৰত বিমানবন্দৰৰ আবাসিক এলেকাৰ সকলো বাসিন্দা আৰু কেবাটাও কাৰ্যালয় খালী কৰি দিয়াৰ বাবে যি জাননী জাৰি কৰা হৈছিল সেই জাননী অদ্যপি প্ৰত্যাহাৰ নকৰাত বিষয়া - কৰ্মচাৰীসকল শংকিত হৈ পৰিছে৷