Logo
image

বিলাসী হোটেলত অভিযান, বাৰ্থডে পাৰ্টী নামত নিসিদ্ধ কোকেইন!

আমাৰ অসম, ১৪ আগষ্টঃ গুৱাহাটীৰ বিলাসী হোটেলত লতাশিল আৰক্ষীৰ অভিযান। মহানগৰী খাৰঘূলিৰ ৰিভেৰিয়া ভিউত শুকুৰবাৰে নিশা অভিযান চলাই লতাশিল আৰক্ষীয়ে। নিশা ১১.৩০ বজাত বিলাসী হোটেল ৰিভেৰিয়া ভিউত চলিছিল অভিযান। অমৃত বৰুৱা নামৰ এজন ব্যক্তিৰ জন্মদিন উদযাপন কৰিছিল নিশা ৰিভেৰিয়াত। জন্মদিন উদযাপনৰ নামত বহু নিশালৈ হোটেলখনত চলিছিল পাৰ্টী। ড্ৰাগছৰ ঘটনাৰ সৈতে সাঙোৰ খাই পৰিছে হাই প্ৰফাইল পাৰ্টিটো। জন্মদিন উদযাপনৰ নামত চলিছিল নিসিদ্ধ কোকেইনৰ পাৰ্টি। কোকেইন সহ জন্মদিনৰ পাৰ্টীত অংশগ্ৰহণ কৰা প্ৰায় ১৮গৰাকীকৈ পুৰুষ মহিলাক গ্ৰেপ্তাৰ। আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ক্ৰমে, বিকাশ জৈন, নাছিফ আহমেদ, সুমিত কুমাৰ বেৰীয়া,চয়ন শইকীয়া, অমিত পেগু, অমিত বৰুৱা, অশোক বৰ্মন, হিৰেন্দ্ৰ সিনহা, ৰিদিপ বৰুৱা,সিদ্ধাৰ্থ বৰঠাকুৰ,মহম্মদ ফাহাদ ফাৰী আলি ,ৰাকেশ বৰগোহাঁই, দেবযানী হাজৰিকা, জুবী বৰুৱা, নয়নিকা বেৰীয়া, দেৱৰ্ষী বেৰীয়া, নিমিছা ভূঞা। বহু কেইজন ড্ৰাগছ আসক্তৰ লগতে আন কেইবাজনো ড্ৰাগছ যোগান ধৰোতা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কৰ পৰা কোকেইন আহিছিল সেইয়া তদন্ত কৰি থকা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। গুৱাহাটীত কোকেইন জব্দ কৰা এইয়া দ্বিতীয় ঘটনা। কোকেইনৰ উপৰি বিভিন্ন ব্ৰেণ্ডৰ গাঞ্জা পোৱা গৈছে অভিযানকালত।