Logo
image

...বাটত আছে পৰিবহণ বিধি

আমাৰ অসম, ১৪ আগষ্টঃ  আধুনিক বিশ্বত দিনে দিনে মানুহৰ পৰিবহণৰ গতি বৃদ্ধি পাইছে আৰু অসমত গাড়ীৰ গতি হ্ৰাস কৰি জনগণৰ অমূল্য জীৱন ৰক্ষা কৰিবলৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পৰিবহণ বিভাগ পথত জপিয়াই পৰিছে৷ পথ দুৰ্ঘটনা শূন্য কৰি যান-বাহনৰ আৰোহীৰ জীৱন ৰক্ষা কৰিবলৈ পাটোৱাৰীৰ পৰিবহণ বিভাগ ইমানেই দায়বদ্ধ হৈ পৰিছে যে, গছ-গছনিৰ আঁৰত চোৰৰ দৰে ৰৈ থাকি তীব্ৰগতিত যোৱা যান-বাহন ধৰা পেলাই বৃহৎ হাৰত জৰিমণা বিহিছে৷  এক্সপ্ৰেছ হাইৱে আৰু নেশ্বনেল হাইৱেত একেখন দেশৰে আন আন ঠাইত য’ত তীব্ৰ গতিৰ বাবে ৪০০টকা জৰিমণা বিহা হয়, অসমত তীব্ৰগতিত গাড়ী চলোৱাসকলক এশিকনি দিবলৈ চন্দ্ৰমোহনৰ পৰিবহণ বিভাগে এবাৰৰ নিয়ম উলংঘাতে ২০০০টকা জৰিমনা বিহিছে৷  অতুৎসাহী এজন গাড়ীৰ চালকে এটা হিচাপ কৰি দেখুৱাইছে– অসমৰ পৰিবহণ বিভাগৰ এই নিয়ম মানি গাড়ী চলালে তিনিচুকীয়াৰ পৰা গুৱাহাটীত উপস্থিত হ’বলৈ এখন ব্যক্তিগত বাহনৰ  দুইৰ পৰা তিনিদিন সময় লাগিব  কিয়নো এজন লোকে একেৰাহে দিনটোত ১২-১৫ ঘণ্টা গাড়ী চলাই থাকিব নোৱাৰে৷ যদিহে তীব্ৰগতিৰ পৰিবহণ বিধি উলংঘা কৰে তেন্তে তেওঁ কমপক্ষেও ১৬-২০ হাজাৰ টকা জৰিমণা ভৰিব লাগিব৷ এই জৰিমনাৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হোৱা পথছোৱা তেওঁ ধৰা নাই, য’ত অবোধ পশুক পথ পাৰাপাৰ হ’বলৈ সুযোগ দি ঘণ্টাত ৪০ কিলোমিটাৰতকৈ কম গতিত গাড়ী চলোৱাতো প্ৰত্যেকৰে অনিবাৰ্য কৰ্তব্য আৰু দায়িত্ব বুলি ধৰি লৈছে৷ তেওঁ তেনেবোৰ স্থানৰ কথা উল্লেখ কৰিছে, য’ত পৰিবহণ বিভাগৰ কৰ্মচাৰী এতিয়া পথৰ কেঁকুৰিত লুকাই থকাৰ দৰে ইণ্টাৰচেপ্টৰ আৰু স্পীড গান লৈ খাপ পিতি থাকে, কিন্তু তাৰ আগে পিছে পথৰ কাষত দেখা-নেদেখাকৈ লগোৱা ‘স্পীড লিমিট’ৰ ছাইনবৰ্ড সাধাৰণতে চালকৰ চকুত ভালকৈ নপৰে৷

আক্ষৰিক অৰ্থতে যোৱা মে’ৰ পৰা অসমৰ পৰিবহণ বিভাগে তীব্ৰগতিত যোৱা গাড়ী ধৰি জৰিমণা বিহাৰ ঘটনা আৰু ৰাষ্ট্ৰীয় ঘাইপথত হকে বিহকে গাড়ীৰ গতি ঘণ্টাত ৩০-৪০ কিলোমিটাৰতকৈ কম কৰাৰ বাবে বিধি বান্ধি দিয়াৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ অতি জৰুৰী প্ৰয়োজনত এঠাইৰ পৰা আন এঠাইত সোনকালে গৈ উপস্থিত হ’বলগীয়া হ’লেও এতিয়া অসমৰ পৰিবহণ বিভাগৰ দায়বদ্ধতাৰ বাবে–‘ভবা কথা নহয় সিদ্ধি, বাটত আছে পৰিবহণ বিধি’ৰ দৰে হৈছে৷

সঁচাকৈয়ে পৰিবহণ বিভাগে যাত্ৰীৰ জীৱনৰ সুৰক্ষাৰ বাবেই এই পদক্ষেপ লৈছেনে? প্ৰকৃততে ৰাষ্ট্ৰীয় বিধি ভাঙি নিজাকৈ বিধি প্ৰয়োগ কৰা পৰিবহণ বিভাগৰ একাধিক পদক্ষেপৰ বাবে  চন্দ্ৰমোহন পাটোৱাৰীৰ বিভাগটোৰ কাম-কাজত ৰাজ্যবাসীৰ সন্দেহ হৈছে৷ প্ৰথমতে, অসমৰ বিভিন্ন জিলাৰ বিভিন্ন স্থানত গাড়ীৰ গতিবেগ ঘণ্টাত ৩০-৪০ কিলোমিটাৰৰ কম কৰা হৈছে৷ অভিযোগ অনুসৰি তেনে স্থানত ছাইনবৰ্ড লগোৱা হ’লেও বহুস্থানত সেই ছাইনবৰ্ড চালকৰ চকুত নপৰে৷ দ্বিতীয়তে, যিবোৰ স্থানত গতিবেগ ৩০-৪০ কিলোমিটাৰৰ কম কৰিবলৈ কোৱা হৈছে, সাধাৰণ দৃষ্টিত তেনে স্থানত ৩০-৪০ কিলোমিটাৰ বা তাতকৈ কম গতিত গাড়ী চলোৱাৰ কোনো প্ৰয়োজন নাই৷ তৃতীয়তে, দেশৰ আন অংশত এক্সপ্ৰেছ হাইৱেত ড্ৰাইভাৰসহ ৯জন বা তাতকৈ কম যাত্ৰী কঢ়িওৱা গাড়ীৰ সৰ্বোচ্ছ গতিবেগ ঘণ্টাত ১২০ কিলোমিটাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথত ১০০ কিলোমিটাৰ৷ অসমত কেন্দ্ৰীয় চৰকাৰৰ সেই বিধি দেখ-দেখকৈ উলংঘা কৰা হৈছে৷ চতুৰ্থতে, পৰিবহণ বিভাগৰ লোকে প্ৰায় লুকাই থাকি, ‘এম্বুছ’ কৰাৰ দৰে হাইস্পীড গাড়ী ধৰিছে, যাতে সামান্য ইফাল-সিফাল হ’লেই ধৰি জৰিমনা বিহিব পাৰি, চালকক সাৱধান কৰা বা সজাগ কৰাৰ নুন্যতম উদ্দেশ্যও এনে পদক্ষেপত জড়িত হৈ  থকা নাই৷ পঞ্চমতে, ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়ে ভিন ভিন ‘স্পীড লিমিট’, ৪০, ৫০, ৬০, ৭০ ইত্যাদি৷ চালকে সেয়া চাই চাই গাড়ী চলাই যোৱাটো বাস্তবিক ক্ষেত্ৰত অসম্ভৱপ্ৰায়৷ ৰাজহ সংগ্ৰহৰ বাবেই বিজেপি চৰকাৰে চন্দ্ৰমোহনৰ পৰিবহণ বিভাগৰ জৰিয়তে এই ফান্দ পাতিছে৷ এগৰাকী পৰিবহণ বিষয়াই জনাইছে যে, যিকেইখন জিলাত জৰিমনা সংগ্ৰহৰ পৰিমাণ কম হৈছে, তেওঁলোকক শীৰ্ষ বিষয়াই চুই কিলাবলৈহে বাকী আছে৷ প্ৰত্যেকখন জিলাৰ পৰিবহণ বিভাগক জৰিমনাৰ অংক যিমান পাৰি সিমান বৃদ্ধি কৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে৷ ফলত গছ-গছনিৰ আঁৰত চোৰৰ দৰে চোপ লৈ গাড়ী ধৰিবলগীয়া হৈছে বিভাগটোৰ কৰ্মচাৰীয়ে৷ বিভিন্ন শিতানৰ পৰা সংগৃহীত ৰাজহ অতিমাৰীৰ পৰিস্থিতিত হ্ৰাস হোৱাৰ ফলত কৰ নহয়, জৰিমনা বিহি নাগৰিকক হাৰাশাস্তি কৰিছে চৰকাৰে৷ প্ৰাচীন কালত দেশত কৰতলীয়া ৰজা আছিল, ‘মোদীৰ জমানা’ত এতিয়া  কৰতোলা ৰজাৰ পয়োভৰ৷ কল্যাণকামী চৰকাৰ নহয়, জৰিমনাকামী চৰকাৰৰ শাসনত এতিয়া ৰাজ্যবাসী৷