Logo
image

ছাৰাৰ গ্লেমাৰে সহায় কৰিব পাৰিবনে অসম পুলিচক

আমাৰ অসম, ১৪ আগষ্টঃ অসম আৰক্ষীৰ ‘বীৰাংগনা’ৰ ৰূপত শীঘ্ৰে আবিৰ্ভাৱ ঘটিব বলীউডৰ অভিনেত্ৰী ছাৰা আলী খানৰ৷ দেশৰ প্ৰথমটো মহিলা আৰক্ষী কামাণ্ডো গোট ‘বীৰাংগনা’ৰ বিষয়ে নিৰ্মাণ কৰা ‘মিছন ফ্ৰণ্টলাইন’ নামৰ তথ্যচিত্ৰখন অহা ১৫ আগষ্টত ডিছক’ভাৰী চেনেল যোগে সম্প্ৰচাৰ হ’ব৷ কিছুদিন পূৰ্বে ক’ভিড পৰিস্থিতিৰ মাজতে তথ্যচিত্ৰখনৰ চিত্ৰগ্ৰহণ সম্পন্ন হৈ যায়৷ তথ্যচিত্ৰখনত অসম আৰক্ষীৰ বীৰাংগনাসকলে প্ৰশিক্ষণ কালত পাৰ হ’ব লগা হোৱা প্ৰতিটো কঠোৰ মুহূৰ্তৰ লগতে কি দৰে অপৰাধীসকলৰ সৈতে মোকাবিলা কৰিব লগা হয় সেয়া প্ৰতিফলিত কৰাৰ চেষ্টা চলোৱা হৈছে৷ তথ্যচিত্ৰখনত ছাৰা আলী খানক বীৰাংগনাৰ প্ৰশিক্ষণ দিয়াৰ কেইবাটাও দৃশ্যত ভাগ লৈছে জাগুনৰ আহোম পথাৰৰ প্ৰদীপ চেত্ৰী নামৰ যুৱক এজনে৷ কিন্তু ‘মিছন ফ্ৰণ্টলাইন’ৰ নিৰ্মাণক কেন্দ্ৰ কৰি স্বাভাৱিকতে ৰাজ্যখনৰ একাংশ মহলত প্ৰশ্নৰ উদ্ৰেক হৈছে যে ছাৰা আলী খানৰ অভিনয়ে অসম আৰক্ষীক কিমান লাভান্বিত কৰিব? ইয়াৰ মাজতে আজি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই তথ্যচিত্ৰখন সন্দৰ্ভত নিজৰ টুইটত ‘a little glamour can't hurt. Specially for a good cause!’ বুলি উল্লেখ কৰে৷ আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীৰ টুইটৰ পাছত বহুতে  ‘মিছন ফ্ৰণ্টলাইন’ নামৰ তথ্যচিত্ৰখনক এক মহৎ কাম ৰূপে অভিহিত কৰিছে৷ ১৫ আগষ্টত তথ্যচিত্ৰখনৰ আনুষ্ঠানিক সম্প্ৰচাৰ হোৱাৰ পূৰ্বে শুকুৰবাৰে ডিছক’ভাৰী প্লাছ চেনেলত ইয়াৰ প্ৰিমিয়াৰ শ্ব’ হয়৷ দৰ্শকসকলে ‘মিছন ফ্ৰণ্টলাইন’ত ছাৰা আলী খানৰ অভিনয়ৰ জৰিয়তে ভাৰতৰ প্ৰথমটো মহিলা আৰক্ষী কামাণ্ডো বাহিনীৰ ‘বীৰাংগনা’সকলে কিদৰে অপৰাধ দমনৰ ক্ষেত্ৰত সংঘাতময় আৰু কঠোৰ পৰিস্থিতিৰ মুখামুখি হ’ব লগা হয় সেই বিষয়ে অৱগত হ’ব৷