Logo
image

মন্ত্ৰীৰ কনভয়ে মনা নাই স্পীড লিমিট

আমাৰ অসম, ১৬ আগষ্টঃ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পৰিবহন বিভাগে সাধাৰণ লোকৰ গাড়ীৰ ক্ষেত্ৰত যি গতিৰ সীমা বান্ধি দিছে, সেই গতিৰ সীমাৰ ভিতৰত আবদ্ধ হৈ নাথাকে ৰাজ্যৰ মন্ত্ৰী, বিধায়ক, ভিভিআইপি৷ যোৱা মে’ৰ পৰা ৰাজ্যত গাড়ী চলোৱাৰ ক্ষেত্ৰত সৰ্বোচ্ছ গতি কিমান হ’ব সেয়া ঠায়ে ঠায়ে পৰিবহন বিভাগে নিৰ্ধাৰণ কৰি দিছিল৷ তাৎপৰ্যপূৰ্ণভাৱে সাধাৰণ যাত্ৰীৰ বাবে আৰু সাধাৰণ জনতাৰ বাবে বিভিন্ন পথত স্থিৰ কৰি দিয়া গাড়ীৰ গতিবেগ দেশৰ অন্যান্য অংশৰ তুলনাত অতিশয় কম৷ সেই লৈ বিগত কেইদিনত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কেৱল সেয়াই নহয়, গতিৰ নিৰ্দেশ উলংঘা কৰা চালকৰ বিৰুদ্ধে পৰিবহন বিভাগে ন্যূনতম ২০০০ টকাকৈ জৰিমনা সংগ্ৰহ কৰিছে৷ অথচ কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহন আইন অনুসৰি গতিৰ নিৰ্দেশ উলংঘা কৰাৰ ক্ষেত্ৰত জৰিমনা সৰ্বাধিক ৪০০ টকা৷ এই দুটা বিষয়ক লৈ সাধাৰণ নাগৰিকে অসমত সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰক্ৰিয়া প্ৰকাশ কৰি থকাৰ সময়তে দেখা গৈছে, কনভয় লৈ যোৱা মন্ত্ৰী, বিধায়ক আৰু ভিভিআইপিৰ ক্ষেত্ৰত পৰিবহন বিভাগে স্থিৰ কৰি দিয়া গতিৰ নিৰ্দেশ প্ৰযোজ্য নহয়৷ আজিও গুৱাহাটীৰ পৰা উজনিলৈ গৈ থকা কেইবাজনো মন্ত্ৰীৰ দীঘলীয়া কনভয় তেনে গতিৰ নিৰ্দেশ থকা পথেৰেই ঘণ্টাত ১০০-১২০ কিলোমিটাৰ গতিৰে পাৰ হৈ যোৱা দেখা গৈছে৷ ৰাজ্যৰ একাধিক সংবাদ মাধ্যমে তেনে তীব্ৰগতিৰ কনভয়ৰ ভিডিঅ’ ফুটেজ প্ৰকাশ কৰাত অধিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰশ্ন উঠিছে– মন্ত্ৰী, বিধায়ক বা ভিভিআইপিৰ বাবেহে অসমত সময়ৰ মূল্য আছে নেকি? ৰাজ্যৰ সাধাৰণ জনতাৰ বাবে সময়ৰ মূল্য নাই নেকি?