Logo
image

কৰ-কাটলত কঁকাল বেঁকা হৈছে মধ্যবিত্তৰ

২৫ টকা বৃদ্ধি ৰন্ধন গেছৰ

বাঢ়িয়েই আছে পেট্ৰ’ল-ডিজেলৰ দাম

বিভিন্ন ক্ষেত্ৰত পৌনঃপুনিক কৰ

আমাৰ অসম, ১৮ আগষ্টঃ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম হুৰহুৰকৈ নামিছে৷ বিগত এটা সপ্তাহত প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ৬৭.৭৬ ডলাৰলৈ হ্ৰাস পাইছে৷ কিন্তু অসমত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেলৰ মূল্য৷  ৰাজ্যত ৰন্ধন গেছৰ দাম ২৫ টকা বৃদ্ধি পাইছে৷ ১৪.২ কিলোগ্ৰাম ওজনৰ ৰন্ধন গেছৰ দাম  ৮৮৩.৫০ টকাৰ পৰা ৯০৮.৫০ টকা হৈছে৷ একেদৰে বাণিজ্যিক ৰন্ধন গেছৰ দাম ১৭৪৯.৬৯ টকা হৈছে৷ আনকি দুই-এক জিলাত সাধাৰণ ৰন্ধন গেছৰ মূল্যও হাজাৰৰ ঘৰ স্পৰ্শ কৰাৰ উপক্ৰম হৈছে৷ শিলচৰ, কাছাৰ, কৰিমগঞ্জত ৰন্ধন গেছৰ দাম ৯৬৯-৯৮০ টকা হৈছে৷ ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ মূল্যও অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ সাধাৰণ পেট্ৰ’ল-ডিজেলৰ মূল্য শতকৰ ঘৰ স্পৰ্শ কৰাৰ উপক্ৰম হৈছে৷ মাজুলীত সাধাৰণ পেট্ৰ’লৰ দাম লিটাৰত ৯৯.৮৬ টকা, লখিমপুৰত ৯৯.৩৬ টকা, কামৰূপ মহানগৰত ৯৭.৮০ টকা, কামৰূপ জিলাত ৯৭.৮৯  টকা৷ গুৱাহাটীত ডিজেলৰ দাম লিটাৰত ৮৯.২২ টকা হৈছে৷ ৰাজ্যত পৌৰ কৰ ইতিমধ্যে ১০০ শতাংশ বৃদ্ধি পাইছে৷ বিভিন্ন ক্ষেত্ৰত আৰোপ কৰা কৰ পৌনঃপুনিক হাৰত বৃদ্ধি পাইছে৷ এখন ব্যক্তিগত বাহন ক্ৰয় কৰোঁতে ২৮-৩৫ শতাংশ কৰ দিব লাগে৷ পঞ্জীয়ন কৰোঁতে পঞ্জীয়ন কৰ দিব লাগে৷ ১৫ বছৰৰ কাৰণে এবাৰতে পথ কৰ দিব লাগে৷ চালকৰ অনুজ্ঞা-পত্ৰৰ বাবদ মাচুল দিব লাগে৷ নৱীকৰণ কৰিবলৈ দিব লাগে মাচুল৷ বছৰি বীমাৰ নামত দিব লাগে হাজাৰ হাজাৰ টকা মাচুল৷ উক্ত মাচুলৰ বিপৰীতে দিব লাগে জি এছ টি৷ প্ৰদুষণ প্ৰমাণ-পত্ৰৰ বাবে কৰ, যান-বাহন চলাবলৈ তেলত ৫৬ শতাংশ কৰ, ইঞ্জিন অইল, গীয়েৰ অইল, হাইড্ৰলিক অইলত ২৮-৩৫ শতাংশ কৰ, ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলালে ৬০/৮০ কিলোমিটাৰত ১২০-১৪০ টকা টোলফী৷ আৰু শেষত বাহন ঘণ্টাত ৪০ কিলোমিটাৰতকৈ অধিক বেগত চলালে ২০০০ টকাৰ পৰা ১০ হাজাৰ টকাপৰ্যন্ত জৰিমনা৷ ফিটনেছ বোলা এবিধ কৰ নে মাচুল সেয়া আছেই৷ ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেলৰ মূল্য বৃদ্ধিৰ উপৰি বিভিন্ন ক্ষেত্ৰত কৰ কাটলত কঁকাল বেঁকা হৈছে ৰাজ্যৰ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ৷ ইতিমধ্যে চিকিৎসা সামগ্ৰী আৰু ঔষধপাতিৰ দামো অভাৱনীয় হৈ পৰাত সৰিয়হৰ ফুল দেখিবলগীয়া হৈছে সাধাৰণ শ্ৰেণীৰ লোকে৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰ্বসাধাৰণ শ্ৰেণীৰ লোক ক্ষুব্ধ হৈ উঠিছে৷ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰ আছে যদিও সৰ্বসাধাৰণৰ পিনে চকু দিবলৈ যেন তেওঁলোকৰ আহৰি নাই৷ এনে সময়ত একাংশ অতিষ্ঠ লোকে কেৱল ছ’চিয়েল মিডিয়াত উজাৰিছে মাথোঁ ক্ষোভ৷ গুৱাহাটী পৌৰ নিগমে আৰোপ কৰা পৌৰ কৰ সন্দৰ্ভত ব্যাপক প্ৰতিক্ৰিয়া হোৱাৰ পাছত তাৎক্ষণিকভাৱে পৌৰ নিগম কতৃৰ্পক্ষই শেহতীয়াভাৱে আৰোপ কৰা কৰ প্ৰত্যাহাৰ কৰিছে৷ স্মৰ্তব্য যে কংগ্ৰেছৰ শাসনকালত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৰ্তমানে শাসনাধিষ্ঠিত দলটোৰ কেইবাজনো প্ৰতিনিধিয়ে গৰুগাড়ী, ঘোঁৰাগাড়ীত উঠি প্ৰতিবাদ কৰিছিল৷ আলু-পিঁয়াজৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিছিল আলু-পিঁয়াজৰ মালা পিন্ধি৷