স্কুল খুলিব, মোবাইল দিয়া নহ’ব
আমাৰ অসম, ১৯ আগষ্টঃ ক’ভিডৰ প্ৰথম ঢৌৰ পাছত দ্বিতীয় ঢৌত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদান বন্ধ হৈ পৰাত শিক্ষা লাভত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে ছাত্ৰ-ছাত্ৰীৰ৷ পৰীক্ষা অবিহনে শিক্ষাৰ্থীসকলক ওপৰৰ শ্ৰেণীলৈ উত্তীৰ্ণ কৰোৱাই দিয়া হ’ল যদিও বাস্তৱত প্ৰকৃত জ্ঞান লাভ আৰু যোগ্যতা নিৰূপণৰ পৰা বঞ্চিত হৈছে শিক্ষাৰ্থী সমাজ৷ ক’ভিডৰ দ্বিতীয় ঢৌত প্ৰায় ৫ মাহ শ্ৰেণীকোঠাত পাঠদানৰ সুযোগ লাভ কৰা নাই ৰাজ্যৰ শিক্ষাৰ্থীসমাজে৷ চৰকাৰে অনলাইন পাঠদানৰ নিৰ্দেশ দিলেও দুখীয়া পৰিয়ালৰ সন্তানে এনড্ৰয়ড মোবাইলৰ অভাৱত অনলাইনত শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে৷ শিক্ষাৰ্থীসকলৰ এই সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে ছাত্ৰ-ছাত্ৰীক অনলাইন ক্লাছৰ বাবে মোবাইল ফোন প্ৰদান কৰিব বুলিও ঘোষণা কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে নিজেই এই কথা ঘোষণা কৰাৰ লগতে পাঠদান সমাপ্ত হ’লে শিক্ষাৰ্থীয়ে মোবাইল ফোনসমূহ চৰকাৰক ঘূৰাই দিব লাগিব বুলিও উল্লেখ কৰিছিল৷ মুখ্যমন্ত্ৰীৰ ঘোষণাত ৰাজ্যৰ শিক্ষাৰ্থীসকলে মোবাইল লাভৰ সপোন দেখিছিল যদিও সেই সপোনত চেঁচা পানী ঢালিলে খোদ মুখ্যমন্ত্ৰীয়ে৷ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পহিলা ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ কথা ঘোষণা কৰে৷ অৱশ্যে প্ৰথম পৰ্যায়ত স্নাতক চূড়ান্ত বৰ্ষ, স্নাতকোত্তৰ চূড়ান্ত বৰ্ষ, দ্বাদশ আৰু দশম শ্ৰেণীৰহে পাঠদান আৰম্ভ হ’ব বুলি সদৰী কৰিছে৷ ক’ভিড বিধবস্ত দেশৰ অন্যান্য প্ৰায়সমূহ ৰাজ্যৰ শিক্ষানুষ্ঠান সম্পূৰ্ণৰূপে খুলি দিয়া হৈছে যদিও অসমত চূড়ান্ত শ্ৰেণীসমূহৰ বিপৰীতে আন শ্ৰেণীসমূহৰ পাঠদান প্ৰক্ৰিয়া শ্ৰেণী কোঠাত কেতিয়া আৰম্ভ কৰিব তাৰ কোনো নি(য়তা নাই৷ কিন্তু চূড়ান্ত শ্ৰেণীসমূহৰ পাঠদান পহিলা ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰাৰ দোহাই দি মুখ্যমন্ত্ৰীয়ে পূৰ্বতে ঘোষণা কৰিলেও ছাত্ৰ-ছাত্ৰীক এতিয়া আৰু মোবাইল দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়– পহিলা ছেপ্টেম্বৰৰ পৰা ক্লাছ আৰম্ভ হ’লে ছাত্ৰ-ছাত্ৰীক মোবাইল দিবলগীয়া নহ’ব৷ এনেয়ে মোবাইল দিলে মানুহে সমালোচনা কৰিব৷ আমাৰ কথা আছিল যদিহে ক’ভিডৰ তৃতীয় ঢৌ আহে, অসমীয়া ল’ৰা-ছোৱালীও যাতে পঢ়াৰ পৰা বঞ্চিত নহয় তাৰ বাবে মোবাইল দিয়া হ’ব৷ যদি ৰ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খুলি দিব পাৰো, তেনেহ’লে মোবাইল দিয়াৰ প্ৰয়োজনো নাথাকিব৷’ অৱশ্যে মুখ্যমন্ত্ৰীয়ে এই যুক্তি দিলেও ৰাজ কোষৰ আৰ্থিক সংকটৰ বাবেহে চৰকাৰে শিক্ষাৰ্থীক মোবাইল উপহাৰ দিয়াৰ সিদ্ধান্তক বাতিলৰ চেষ্টা চলোৱা বুলিও একাংশ শিক্ষাৰ্থীয়ে অভিযোগ কৰিছে৷ নিৰ্বাচনৰ পূৰ্বে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ ভুৱা প্ৰতিশ্ৰুতিৰ দৰে মোবাইল প্ৰদানৰ ঘোষণাও মুখ্যমন্ত্ৰীৰ ভুৱা প্ৰতিশ্ৰুতি বুলিও ছ’চিয়েল মিডিয়াত শিক্ষাৰ্থীয়ে ক্ষোভ ব্যক্ত কৰা দেখা গৈছে৷






